ফটাঢোল

পতি, পত্নী ঔৰ ৱহ – সঞ্জীৱ মজুমদাৰ

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্ ‘পতি, পত্নী ঔৰ ৱহ’ চিত্ৰনাট্য আৰু পৰিচালনাঃ সঞ্জীৱ মজুমদাৰ। প্ৰযোজিকাঃ ৰাজশ্ৰী শৰ্ম্মা। অভিনয়তঃ হেমন্ত কাকতি ৰিন্টুমণি দত্ত ভাস্কৰ বৰডেকা গীতিকা দত্ত উৎপলা শ‌ইকীয়া ধৰিত্ৰী শৰণীয়া মিতালী চহৰীয়া পৰীস্মিতা দাস চিনেমাখনৰ সময়কালঃ মুঠ তিনি ঘন্টা চৰিত্ৰ সমূহৰ পৰিচয়ঃ ১. ৰিন্টুমণি দত্ত : চাকৰিয়াল। অফিচৰ মহিলা সহকর্মী সকলৰ ফোন আহিলে পত্নীয়ে অযথা সন্দেহ কৰে। ২. জয়া: ৰিন্টুমণিৰ পত্নী, গৃহিণী, পতিক খুব ভাল পায়, কিন্তু কোনোবা মহিলাৰ সতে প্রেমত পৰিব পাৰে বুলি খুব সন্দেহ কৰে। ৩. মালবিকা: ৰিন্টুমণিৰ অফিচৰ সহকর্মী,

Read more

“দি টুইনচ” – ৰাজশ্ৰী শৰ্মা

ফটা ফ্লিমছৰ শেহতীয়া নিবেদন যঁজা – দি টুইনচ প্ৰযোজনা: গীথিকা এছ কাহিনী, চিত্ৰনাট্য, পৰিচালনা: নৱাগতা ৰাজশ্ৰী শৰ্মা কেমেৰা: ৰাজীৱ ৰিয়ান কাষ্টিং ডাইৰেক্টৰ: মহাজন ভাস্ক দা গ্ৰেট ইনট্ৰ’ডিউচিং দীপাংকৰ চৌধুৰী ইন এণ্ড এজ দীপু এণ্ড কুমাৰ ববিতা বৰুৱা এজ সাগৰিকা, নিৰ্মালী মুদৈ এজ পাহি। টেক ওৱান: গুৱাহাটীৰ শিল্পগ্ৰাম। তোৰণখনৰ ওপৰত ‘সদৌ উত্তৰ-পূৰ্বাঞ্চল আন্তঃমহাবিদ্যালয় সপ্তাহ’ বুলি বেনাৰ লগোৱা আছে। ভিতৰত চৌদিশে সেউজীয়া বৰণৰ ঘাঁহনিৰ মাজে মাজে ঘৰবোৰ সিঁচৰতি হৈ আছে। পৰিষ্কাৰ চৌহদ যদিও ৱালবোৰৰ তলৰ অংশ তামোলৰ পিকেৰে ফুলাম। দুখনমান বিপনী, উত্তৰ

Read more

প্ৰলয়ঃ ড্যা বানানা বুলেট – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

এখন চিনেমাৰ এয়া শেষৰ ফাইটিং চিন। লোকেশ্যন: এটা পৰিত্যক্ত ষ্টেচনৰ বাহিৰফালটো। গুণ্ডাবাহিনী এটাই এখন ট্ৰেইনৰ এটা ডবাৰ ভিতৰত হিৰো’ৰ মাক,গাৰ্লফ্ৰেইণ্ড আৰু পৰিয়ালৰ সদস্যকেইটামানক বান্ধি লৈ ট্ৰেইনখন চলাই দিছে। বাকীবোৰ ডবাত কোনো পেচেঞ্জাৰ নাই,ট্ৰেইনখনৰ ড্ৰাইভাৰো নাই আৰু স্পীড অটো’মেটিক কৰি ট্ৰেইনখন এনেকুৱা এটা ট্ৰেকত চলিব দিছে যিটো ট্ৰেক কেইকিলোমিটাৰমান আগৰ পৰা আৰু নাই।ৰেল বিভাগৰ লগত কিবা বুজা বুজি কৰিয়েই এনেকুৱা ট্ৰেইনৰ ট্ৰেকৰ ব্যৱস্থা কৰিলে নে কিবা যাদুৱে কৰিলে সেই বিষয়থ মোৰ তাত সঠিক তথ্য নাই। স্পীড চিনেমাখনৰ দৰে মাথোঁ ট্ৰেইনখন এটা

Read more

চক্ৰবেহু – ৰাজীৱ শৰ্মা

ফটা পোষ্টাৰ বেনাৰ প্ৰেজেণ্ট্চ চক্ৰবেহু প্ৰযোজনাঃ গীথিকা এছ পৰিচালনাঃ ৰাজীৱ শৰ্মা আৱহ সংগীতঃ ৰাজীৱ শৰ্মা দৃশ্য সংযোজনঃ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য এডিটিং এণ্ড গ্ৰাফীক্চঃ উৎপলা শইকীয়া দৃশ্য (১) কেমেৰা শ্লৌ’ লী ঘূৰিব…..পুৱতি নিশাৰ শ্বট থাকিব….লাহে লাহে কেমেৰা আহি আহি ঘৰ এটাৰ ভিতৰৰ দৃশ্যত দেখা যাব…বেডৰুমত এখন কিং চাইজৰ বিছনাত শুই থকা অৱস্থাত দুটি সন্তান, পতি-পত্নীৰ সৈতে এটি পৰিয়াল। শুই থকাৰ পৰা লাহে লাহে মানুহজন উঠি বহে। হাতত সাৰে ভৰিত সাৰে মানুহজন, মূল চৰিত্ৰ অভিমন্যু শোৱাৰ পৰা উঠি টোপনিত লালকাল ল’ৰা-ছোৱালী দুটা

Read more

জীৱনৰ সৌৰভ – সৌৰভ শৰ্মা

দৃশ্য-১ টিঙৰ চালিৰ আছাম টাইপৰ এটা ঘৰ, চালিৰ অ’ত ত’ত লাগি থকা বগা কোমোৰাৰ সৈতে গছজোপা। কেমেৰাই ৱাইড এংগোলৰ পৰা গোটেই ঘৰটো তথা চালিত লাগি থকা কোমোৰাবোৰ ফ’কাছত আনি লাহে লাহে কেমেৰা ঘূৰাই আনি চোতাললৈ আহে। এখন পৰিষ্কাৰ, চিকুন চোতাল দেখুওৱা হয়। চোতালত এখন চকীত বহি আছে প্ৰধান শিক্ষক দেৱেন তামূলী (ৰোলটো হেকাদাই কৰিব দেই!) কেমেৰাৰ জৰিয়তেই ছবিখনৰ কাহিনীটোৰ চৰিত্ৰখিনিক চিনাকি কৰাই দিয়া হ’ব। কৃতী শিক্ষক তামূলীৰ অৱসৰ পাবলৈ মাত্ৰ ৬মাহ আছে। কিন্তু কৰ্মজীৱনত কৃতি শিক্ষকৰ ৰাষ্ট্ৰপতিৰ বটাঁ পোৱা তামূলী

Read more

ভাইজানৰ দিৱালী – শংকৰ জ্যোতি বৰা

ড্ৰোন ভিউ‘ত অলপ দুৰৰ পৰা পাহাৰৰ নামনিত এটা বিশাল অট্টালিকা৷ ভিউ‘টো লাহে লাহে অট্টালিকাক কেন্দ্ৰ কৰি ওচৰ চাপি আহি থাকিব৷ দৃশ্যমান হৈ আহি থাকিব অট্টালিকাৰ চৌপাশ৷ ওখ দেৱালেৰে আৱৰা এটা বিশাল চৌহদ৷ পিছৰ ফালে ডিজাইন ডিজাইন ফুলেৰে ভৰা এখন বিশাল আৰু আবুৰ থকা ল’ন৷ সংলগ্ন এটা চুইমিঙ পুল আৰু মুকলি জিম৷ এইখিনি ঠাইত সকলোৰে প্ৰবেশ নিষেধ৷ কেমেৰা এইবাৰ অট্টালিকাৰ সমুখৰ ফালে গতি কৰিছে৷ আগফালেও এখন বিশাল বাগিছা৷ বাগিছাৰ একোণৰ মুকলি আখৰাত অনুশীলনত ব্যস্ত এগাল ডিজাইন ডিজাইন পেহেলৱান৷ গোটেই চৌহদটোত ঠায়ে

Read more

চুবি মস্তান – মানস শইকীয়া

ফটাঢোল চিনে প্ৰডাকচনৰ বেনাৰত ফিলিমঃ “চুবি মস্তান” পৰিচালনাঃ ভাস্কো মহাজন কাহিনী, চিত্ৰনাট্য আৰু কাষ্টিং- বৰচকীয়া সংগীতঃ ওস্তাদ শেখৰুল্লাহ খান কথাঃ অনুভৱ আকাশ এদিটিং -মনজিত চাউণ্ডঃ হৃষিকেশ ডেকা আৰু প্ৰযোজনাঃ গীতিকা শইকীয়া [চিনেমাখন বহুভাষিক মানে অসমীয়া, বাংলা, হিন্দী, তামিল, কান্নাড়া, মালায়ালম আৰু মাৰাঠী ভাষাত ৰিলিজোৱা হ’ব৷ সেয়েহে, “ফটা-ঢোল”ৰ অভিনেতা-অভিনেত্ৰীৰ লগতে হিন্দী আৰু দক্ষিণ ভাৰতীয় আৰ্টিষ্টো লোৱা হ’ব৷] “কটা নিধক৷ কাণ-সমনীয়া গাভৰু থকাতো পৰৰ তিৰীৰ ওপৰত চকু! এই দুখুনী মানুহজনীক বোলো তহঁতে জীয়াই থাকিবলৈ নিদিবি নেকি?” ফিলিমৰ আৰম্ভণিতে এগৰাকী মহিলা তৰুলতা (এইটো

Read more

ইস্ক, মোহব্বত, ইত্যাদি… – ধ্ৰুৱজ্যোতি অৰ্জুন

প্ৰথম দৃশ্যঃ এখন দামী গাড়ীৰ সন্মুখত এদল মস্তান যেন মানুহ দেখা যায়। মস্তান দলৰ লিডাৰ চাওমিন। কেমেৰাই লাহে লাহে মুখত জুইশলাৰ কাঠি কামুৰি চাওমিনক দেখুৱায়। কেমেৰাই চাওমিনৰ মুখৰ খঙাল ৰূপটো দেখুৱাই ভিউ ৱাইদ এংগোলত নি গাড়ীখনক দেখুৱাব লয়। লাহে লাহে গাড়ীৰ পৰা লাহে লাহে নামি আহিছে গুলপীয়া জিনচ আৰু টি চাৰ্ট পিন্ধা উত্তৰা। চহৰৰ জানি মানি “গুলাবী গেঙৰ” চদাৰৰ্ণী উত্তৰা। চানগ্লাছ খুলি দলিয়াই এক কিক মাৰে সন্মুখত ৰৈ থকা খিনিৰ এটাক। চশমা শূণ্যতে থপিয়াই ধৰি সামৰি ডিঙিৰ পাছফালে ৰাখি পুনৰ

Read more

গোলাৱী দৰ্দ – উত্তৰা শৰ্মা বৰুৱা

“বক্ৰতুন্দ মহাকালে সূৰ্য্যাকৌটি সমপ্ৰভঃ, নিৰ্ভিঘ্নে কুৰ্মে গৌৰী নাৰায়ণে নমো নমঃ” –পৰ্দাত গণেশৰ মূৰ্তি দেখুওৱাৰ লগে লগে বাজি উঠিল গণেশ বন্দনা….. (তাৰ পিছতেই পৰ্দাত দেখা যাব…) “ফটাঢোল” ক্ৰিয়েচনৰ নিবেদন ….   “গোলাৱী দৰ্দ“   প্ৰথম দৃশ্যঃ এগছি বন্তিত নিবদ্ধ কেমেৰা লাহে লাহে ৱাইদ এংগোলত যায়.. কেমেৰা ফ’কাছ হয় এক বৃহৎ কালী মূৰ্তিৰ মুখখনত… বেকগ্ৰাউণ্ডত বাজি আছে,- “য়া দেৱী সৰ্ব্ব ভূতেস্যু শক্তি ৰূপেনঃ সংস্থিতা……..“ কালী মূৰ্তিৰ পৰা কেমেৰা এইবাৰ ঘূৰে, দৃষ্টিগোচৰ হ’ল লাল শাড়ী পিন্ধি ওৰণিৰে মূৰ ঢাকি তললৈ মূৰ কৰি ধ্যানত

Read more

দ্যা এভেঞ্জাৰছ: মিউটেন্টচ্-ইউনাইটেড (কল্প কাহিনী) – ভাস্কৰজ্যোতি দাস

চিন ১: পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৪লাইট ইয়েৰ আঁতৰৰ তৰা প্ৰক্সিমা চেন্টাউৰিৰ আগ্নেয়গিৰিৰ দৃশ্য৷ কিছুসময়ৰ পাছতে আগ্নেয়গিৰিৰ লাভাৰ মাজৰ পৰা দুটা মিউটেন্ট ওলাই আহে৷ এটা শকত-আৱত আৰু মধ্যপ্ৰদেশ বিকশিত৷ আনটো চালিয়া৷নাম পৰশমণি শৰ্মা৷ কিছুদূৰ ওপৰলৈ উৰি দুয়োটা হিৰো আলম টাইপ মাটিত লেণ্ডিং কৰে৷ পৰশঃ মহাজন দেউ, বহুদিন ভিতৰত সোমাই থাকি আপোনাৰ এতিয়া ভোক লগাটো স্বাভাৱিক৷ কি খাব কওক?  ভিতৰত ইমান গৰম৷ ক’ল্ড ড্ৰিংক্চ্ খাব নেকি? মহাজনঃ গৰমেহে গৰম কাটে৷ আজি প্ৰায় দহ হাজাৰ বছৰ ধৰি মই এই চ’লাৰ চিষ্টেমটোৰ মালিক

Read more
1 5 6 7 8