ফটাঢোল

ভ্ৰম ৰংগ-ডা° ভূপেন শইকীয়া

যোৱা বুধবাৰে ক্লিনিকৰ ফিলিপিনো নাৰ্চ এজনীয়ে সবিনয়ে ক’লেহি,  : ছাৰ, কাইলৈ নিশা ৯ বজাত বিন মামুদৰ জলিবি (Jollibee) ৰেষ্টোৰালৈ এবাৰ আহি দেখা দিলে ভাল পাম৷ আমাৰ বেবীটোৰ এবছৰ হ’ল৷ কথাষাৰ শুনি মই মনতে জুকিয়াই চালোঁ- এৰা হয়তো৷ যোৱা বছৰ তাই বিয়া পতাৰ কথা মই পাহৰা নাই৷ ডিউটি শেষ কৰি লুলু ডিপাৰ্টমেণ্টেল ষ্ট’ৰলৈ গ’লোঁ৷  উদ্দেশ্য এটা উপহাৰ কিনাৰ৷ পোনতে বগা, বেঙুনীয়া আৰু সেউজীয়া ৰঙ থকা এখন কোমল টাৱেল বাচি ল’লোঁ৷ ইয়াৰ পিছত শিশুৰ কাপোৰৰ বিপনীত প্ৰবেশ কৰিলোঁ৷ টাৱেলৰ ৰঙৰ সৈতে মিলা

Read more

ভোটদানৰ স্মৃতি-অনুৰূপ মহন্ত।

২০১৬ চনত অসমত বিজেপি দলৰ বতাহ বাৰুকৈয়ে বলিছিল। সকলো ফালে মাত্ৰ বিজেপিয়েই বিজেপি। মোডী ডাঙৰীয়া দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমত সৰ্বানন্দ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ’লে দেশ আৰু ৰাজ্যৰ সকলো ফালেই জয়-জয়, ময়-ময় অৱস্থা হ’ব বুলি সকলোৱেই আশা কৰিছিল। গাঁৱে-ভূয়ে ডেকা-বুঢ়া সকলোৰে মুখতে বিজেপি দলৰেই জয় গান আছিল।  আমাৰ পুৰণি ঘৰখনত আকৌ আগৰ পৰাই অগপ দলৰ চাব এটা নিজেই নিজেই লাগি আছিল। সকলোৱেই আমাক অগপ দলৰ মানুহ বুলিয়েই ভাবে, সেইয়া লাগিলে কোনো দলৰ মানুহেই হওক নাইবা সাধাৰণ গাঁৱৰ চুবুৰীয়াই হওক। অগপ আৰু

Read more

আনৰিজাৰ্ভড্চ-চবিনা ইয়াছমিন

ফুৰিবলৈ গৈ লটিঘটি হোৱা ঘটনা এটা প্ৰায়ে মনত পৰে৷ আৰু মনত পৰিলেই ছবিবোৰ চকুত ভাঁহি উঠে৷ দেউতাই সেইবাৰ LTC পোৱাৰ পিছত কন্যাকুমাৰীলৈ ফুৰিবলৈ যোৱাটো ঠিক কৰিলোঁ৷ নিৰ্দিষ্ট সময়ত টিকট কাটি সকলো সুবিধা কৰি ঠিক-থাক কৰা হ’ল৷ জানুৱাৰী মাহ আছিল৷ মা-দেউতা, আমি ভাই-ভনী চাৰিটা আৰু মামা এজনৰ স’তে আটাইবোৰ যাম৷ কন্যাকুমাৰী ফুৰিম, তিৰুৱনন্তপুৰম ফুৰিম, ক’বালাম বিট্‌চত কিছু সময় কটাম আৰু তাৰ পৰাই উলটি অহাৰ প্লেন৷ সেই মতেই গ’লোঁঁ৷ বুক কৰি থোৱা হোটেলত সুন্দৰকৈ গা-পা ধুই আগতেই সিদ্ধান্ত কৰি থোৱা মতে ঠাইবোৰ

Read more

কিংকৰ্তব্যবিমূঢ়-পার্থ প্ৰতীম শৰ্মা

মই ঘূৰি-ফুৰি ভাল পাওঁ। অলপতে ফুৰিবলৈ বুলি হিমাচল প্ৰদেশলৈ গৈছিলোঁ। হিমাচল প্ৰদেশৰ ধৰমশালা আৰু মেক্লিউডগঞ্জ নামৰ ঠাই দুখন আছিল লক্ষ্যস্থান। পৰিকল্পনা মতেই ২৬ জানুৱাৰীত মেক্লিউডগঞ্জত উপস্থিত হ’লোগৈ। কি যে ঠাণ্ডা! তাতে আকৌ বৰষুণ। মোৰ একপ্ৰকাৰ দুৰৱস্থা বুলিলেও অত্যুক্তি কৰা নহ’ব। ৰাতিৰ আহাৰ গ্ৰহণ কৰি হোটেলখনৰ ওচৰতে জুই একুৰা ধৰিলোঁ। অলপ পিছতে একে বয়সৰে কেইজনমান ল’ৰা গোট খালে। ঠাণ্ডাত জুই আৰু গৰমত নেমু টেঙাৰ চৰ্বত আওকাণ কৰাটো এনেও সহজ নহয়। কথা চলি আছে। কথাৰ মাজতে কোনোবা এজনে ক’লে- “য়হা পে তোহ

Read more

উলট-পালট-ভাস্বতী দেৱী

কেতিয়াবা আপোনালোকৰ এনেকুৱা হয়নে যে চাহত চেনীৰ সলনি নিমখ দিছে বা আঞ্জাত নিমখ বুলি চেনী দিছে? এনেকুৱা ‘উলট-পালট’ সৰু সৰু ৰসাল ঘটনা দুটামান ঘটিছিল মোৰ জীৱনত ১/ এবাৰ দেউতাৰ অসুখৰ সময়ত মেডিকেলত থকা সময়ৰ কথা। সিদিনা দেউতাক ৰিলিজ দিব। ৰাতিপুৱা আমি গ’লোঁ ইয়াৰ পৰা আনিবলৈ। দেউতাৰ লগত মেডিকেলত মা আছিল। ৰাতিপুৱাই গৈ পালোঁ আমি।মায়ে শুই উঠি ব্ৰাছ হাতত লৈছে। কথা পাতি পাতি বেগৰ পৰা টুথপেষ্ট লৈ ব্ৰাছ কৰিবলৈ ধৰিলে। মই বোলো হাৰে…টুথপেষ্টটোৰ দেখোন ফেন উঠা নাই।মায়েও বোলো কলগেটটো কিবা কিবি

Read more

চিনেমাৰ পোক-তবিবৰ ৰহমান

মোৰ বন্ধু এজনৰ সৰুৰ পৰাই চিনেমা চোৱা, গান শুনাত খুউব নিচা আছিল। সেই সময়ত চিনেমা চাবলৈ বা গান শুনিবলৈ এতিয়াৰ দৰে  সকলো সময়তে উপলব্ধ  ডিচ, কেবল, ইউ টিউব বা আন আন সুবিধাসমূহ সহজলভ্য নাছিল। টিভিত চিনেমা চাবলৈ হ’লে শুক্ৰবাৰ, শনিবাৰলৈ অপেক্ষা কৰিব লাগে নতুবা ক’ৰবাত বোলছবি আমন্ত্ৰণ কৰালৈ ৰৈ থাকিব লাগে বা গাঁৱৰ আশে পাশে কোনোবাই ভিচিপিৰ সৈতে কেছেট ভাড়া কৰি আনালৈ মুখ মেলি চাই থাকিব লাগে। কোন ঠাইত বোলছবি আমন্ত্ৰণ কৰিছে, কোন ঠাইত কিমান তাৰিখে ফাংচন আছে, কোনে ভিচিপি

Read more

অথন্তৰ-দাদুল কুমাৰ

মানুহজনে পাহাৰত চাকৰি কৰে। মাহেকে-পষেকে ভৈয়ামত থকা পৰিয়ালৰ কাষলৈ আহে। কিন্তু এইবাৰ হঠাৎ দিয়া লকডাউনৰ বাবে সময়ত ঘৰলৈ আহিব নোৱাৰিলে। লকডাউন খোলাৰ পিছত যেতিয়া ঘৰলৈ আহিল, পত্নীয়ে দেখিয়েই চিঞৰ-বাখৰ লগালে বোলে, মানুহটোৰ হ’ল কি, দুদিন নাহোঁতেই চেহেৰাটোচোন কেনেবা হ’ল। নিশ্চয় কিবা বেমাৰে পালে। মানুহটোৱে বোলে, :নহয় অ’। মই এনেকুৱাই। আগতে ঘৰলৈ আহোঁতে দাঢ়ি-চুলি কাটি, ৰং তেল ঘঁহি অহাৰ বাবেহে আচল ৰূপটো ধৰিব নোৱাৰা। লকডাউনত চেলুন তেলুনবোৰ বন্ধ নহয় জানো? এনেকৈয়ে গুচি আহিলোঁ। তাতে দোকান বজাৰ বন্ধ, পাহাৰীয়া আলু কচু খাই

Read more

দৰ্জীয়ে বনোৱা কুৰ্টি-পৰী শ্যামলী ভূঞা

ট্ৰাইলৰূমত গৈ দীঘল ফ্ৰকটো ট্ৰাই কৰিবলৈ আইনাৰ আগত থিয় হওঁতেই চিঞৰ এটা ভাঁহি আহিল, “নিপিন্ধিবি ঔ, নিপিন্ধিবি তই শকতজনীৰ গাত এইবোৰে নুশুৱায়, এইবোৰ কাপোৰ তোৰ কাৰণে নহয় ছোৱালী মানুহকহে শুৱায়।” কথাষাৰ শুনি মই ইফালে সিফালে চালোঁ মাতষাৰ ক’ৰপৰা আহিল? এনেকুৱা কথাষাৰচোন মোৰ এখেতেই কয়। তেওঁৰ মাতটো ইয়াত ট্ৰাইলৰূমৰ ভিতৰত কেনেকৈ বাজিল? বাৰে বাৰে ফ্ৰকটো ট্ৰাই কৰিবলৈ লওঁ বাৰে বাৰে বাজি আহে একেষাৰ কথা। ফ্ৰকটো ট্ৰায়ো নকৰোঁ নিকিনোও বুলি দুখে খঙে ওলাই আহিলোঁ। হে ভগৱান কিয় বাৰু এইডাল হাতী যেন দেহা

Read more

বিহুৰ খানা- শ্ৰুতিমালা মিশ্র

জীৱনযুদ্ধৰ অভিজ্ঞতা বহুত বেছি সমৃদ্ধিশালী নহ’লেও এনেকুৱা কিছুমান অদ্ভুত কমেডী ঘটনাৰ ভাণ্ডাৰ নিজৰ মেমৰীত চেভ কৰি ৰাখিছোঁ যিবোৰ মনত পৰিলেই হাঁহি হাঁহি পেট বিষাই যায়। তেনেকুৱা এটা মজাৰ ঘটনা এটাই আপোনালোকৰ মাজত বিলাই দিওঁ। ঘটনাটো ২০১০ নে ২০১১ চন মানৰ হ’ব। মই কটন কলেজত ডিগ্রী পঢ়ি আছোঁ। মোৰ অলপ দূৰসম্পৰ্কীয় আত্মীয় পেহীৰ ঘৰত আছিলোঁ৷ পেহীৰ এজনী ছোৱালী অৰ্থাৎ মোৰ বাক বিয়া দিছে শিৱসাগৰলৈ৷ উজনিৰ মানুহখিনি ‘ডাক লাভাৰ’ মানে হাঁহপ্ৰেমী বুলি ক’লেও ভুল কোৱা নহ’ব। আমি হ’লোঁ নামনি অসমৰ মানুহ। আমাৰফালে

Read more

স্বামী বিভ্ৰাট- উৰ্বশী ভাগৱতী

“দা কুইন অৱ হিলছ্‌” এই উপনামেই হয়তো যথেষ্ট ঠাইডোখৰৰ নামটো জানিবলৈ। সৰুতে ‘চাজন’ চিনেমাখন চাওঁতেই শপত খাইছিলোঁঁ, এদিন নহয় এদিন ঠাইডোখৰলৈ যামেই যাম। হয় বহুদিনীয়া অপেক্ষাৰ অন্তত আৰু মানুহজনক দিয়া ৰাম কামোৰৰ ফলাফল হিচাপে ২০১৮ চনৰ শেষৰ ফাললৈ তামিলনাডুৰ বিখ্যাত পাহাৰীয়া চহৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ ভড়াল উটিলৈ বুলি ওলালোঁ। লগতে বাংগালোৰ আৰু মহীশুৰো ফুৰিম। মানুহজনে যাম বুলি খাটাং কৰি দিয়াৰ পিছৰে পৰা গাত তত নোহোৱা হ’ল। প্ৰায় তিনিমাহ আগৰ পৰাই আৰম্ভ কৰি দিলোঁ তৈয়াৰী। যিহেতু ছোৱালী আমাৰ অকণমান ডাঙৰ হৈছে। গতিকে

Read more
1 22 23 24 25 26 70