ফটাঢোল

বিহুৰ সাংস্কৃতিক অনুষ্ঠানত অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰভু দেৱা- বিপ্লৱ বৰা

তেতিয়া মই ক্লাছ টেনত। তেতিয়াৰ দিনত মাঘ বিহুৰ, বিশেষকৈ সৰস্বতী পূজাৰ পিছৰে পৰা বহাগ বিহুৰ সময়লৈকে নগাঁও টাউনত বিভিন্ন ক্লাৱ, অনুষ্ঠান আৰু বিহু সমিতিবোৰে খুব কুইজ প্ৰতিযোগিতা পাতিছিল৷ বছৰৰ অন্য সময়ত এনে কুইজ প্ৰতিযোগিতাৰ ইমান উজান দেখা নগৈছিল। আজিকালি তেনেকৈ কুইজ প্ৰতিযোগিতা পাতে নে নাপাতে, সবিশেষ নাজানো৷ সাধাৰণতে এই কুইজ প্ৰতিযোগিতাবোৰ মুকলি কুইজ প্ৰতিযোগিতা আছিল আৰু এই প্ৰতিযোগিতাসমূহত ভাগ লোৱা প্ৰতিযোগীসকলৰ বয়সৰ কোনো উৰ্ধতম সীমা নাছিল। সেয়ে এনে প্ৰতিযোগিতাসমূত স্কুলীয়া ছাত্ৰৰ পৰা স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰলৈকে, বিভিন্ন বয়সৰ ছাত্ৰৰ সমাহাৰ দেখা

Read more

চেলাউৰিৰ বাহাদু্ৰী- মনজিত

: হেৰা কি কৰি আছানো? চাওঁ এইফালে আহা। : তুমিয়েইতো কৈছিলা ফেনকেইখন চাফা কৰা বুলি। তাকেই চাফা কৰি আছিলো আকৌ। : এহ হ’ব হ’ব ইমান  explanation দি থাকিব নালাগে।  চাফা কৰি হ’লে মোৰ ওচৰলৈ অাহিবা, কাম আছে। : হৈ গ’ল কোৱা। কি কৰিব লাগে? : চোৱাচোন চোৱা, মোৰ চেলাউৰিখিনিয়ে কেনে বীভৎস ৰূপ লৈছে। মই নিজকে আইনাত চাব নোৱাৰা হৈছোঁ। কিবা এটা কৰা না। : মইনো কি কৰিব পাৰো। মইতো নাজানোৱেই থ্ৰেডিং কৰিবলৈ। ইফালে পাৰ্লাৰো বন্ধ। : মই সেইবোৰ নাজানো। কেনেকৈ

Read more

জীৱনৰ ৰং- ৰূপম ঠাকুৰীয়া

মানুহজনীৰ লগত প্ৰেম হোৱাৰ কেইমাহমান পিছৰ ঘটনা। এদিন মনতে ভাবিলোঁ মানুহজনীক ‘চাৰপ্ৰাইজ’ এটা দিওঁ। হঠাতে এদিন একো খবৰ নিদিয়াকৈ ঘৰ গৈ ওলাওঁ। যৌৱনৰ প্ৰেম। যিকোনো সিদ্ধান্ত ল’ব পৰাকৈ ডেকা তেজৰ পিৰপিৰণি। সেইমতে মামাক (মামা এজনে এ.এছ.টি.চিত কাম কৰে) গাড়ীৰ টিকট এটা কৰিবলৈ দিলোঁ শুকুৰবাৰে ৰাতি যাব পৰাকৈ। শনিবাৰ আৰু ৰবিবাৰ বন্ধ মিলাই ল’লোঁ। মানুজনীক ক’লোঁ যে শুক্ৰবাৰে আমাৰ সম্বন্ধীয় বাইদেউ এজনীৰ বিয়া আছে। মই তাত ব্যস্ত থাকিম। আৰু সেয়ে সিদিনা গধূলিৰ পৰা পিছদিনা ৰাতি পুৱালৈকে ফোন কৰিব নালাগে। সেইমতে শুক্ৰবাৰে

Read more

পিতৃ বিভ্ৰাট- ৰীতা লীনা সোণোৱাল

আমাৰ ডাঙৰ ছোৱালীজনী গান শিকা চাৰিবছৰ মান হ’ল। স্বভাৱ চৰিত্ৰত অলপ হেবাঙেই। প্ৰথম যিদিনা তাইক গানৰ ক্লাছলৈ লৈ গৈছিলোঁ, তাইক ঘৰতে শিকাই লৈ গৈছিলোঁ যে গান শিকোৱা মেমে যি কয় ভালকৈ মন দি শুনিবা। গানৰ মেমগৰাকী কলকতাৰ বঙালী সম্প্ৰদায়ৰ মানুহ। অসমীয়া ভালকৈ বুজি পাই কিন্তু কোৱাৰ অৱস্থা তথৈবচ। মেমগৰাকীয়ে ঘৰতে গান শিকায়। তেওঁলোকৰ বৈঠকখানাৰ মজিয়াত মেৰুণ ৰঙৰ দলিচা এখন পাৰি থোৱা থাকে তাৰ ওপৰতে বহি শিকাই। এনেকৈয়ে দিনবোৰ গৈ আছে ছোৱালীয়েও গান শিকি আছে। এদিন মই ছোৱালীয়েনো কিমান শিকিছে শুনোচোন

Read more

লকডাউন ডায়েৰী- প্ৰাঞ্জল প্ৰতীম গোস্বামী

দৃশ্যপট – ১ চাকৰিসূত্ৰে শ্ৰীমতী আৰু মই শ কিলোমিটাৰ দূৰে দূৰে থাকোঁ। তেওঁ যেতিয়া নামচাইলৈ আহে, সন্ধিয়া কৰ্মস্থলীৰপৰা কোবা কোবিকৈ আহো। আচলতে সন্ধ্যা বেলিকা একেলগে বহি শ্ৰীমতীৰ হাতৰ চাহ কাপৰ জুতি লোৱাৰ আমেজেই সুকীয়া। তেওঁ থাকিলে সুদা হাতেৰে আহিবলৈ মন নাযায়। গতিকে প্ৰায়ে কিবা কিবি এটা লৈ আনো। পিছে এইবেলি বেছ দীঘলীয়া দিন ধৰি তেওঁ নামচাইলৈ আহিব পৰা নাই। লকডাউনৰ বাবে তেওঁ নাহৰকটীয়াতে থাকিল। আমি ছুটী পালিছোঁ যদিও তেওঁৰ লেথাৰি নিচিগা কাম। ঘৰৰপৰাই অফিচিয়েল কাম কাজসমূহ কৰি আছে। গতিকে বেছ

Read more

লকডাউনৰ এদিন- দুদু কুমাৰ দাদুল

লকডাউনৰ প্ৰথম পৰ্যায় আৰম্ভ হৈ তিনিদিনমান গৈছে আৰু! ৰাতিপুৱা শুই উঠি মুখখন ধুই বাৰন্দাতে চকী এখন লৈ বহিছোঁ। হাতত সৰু আইনাখন লৈ মুখখন চাই চাই ভাবিছোঁ, লকডাউন আৰু অলপ দীঘলীয়া হ’লে ভালেই হ’ব৷ মোৰ দাঢ়িকেইডাল অন্ততঃ কিবা এটা ৰূপ দিব পৰা যাব। তেনেকুৱাতে চাহ একাপ আগবঢ়াই শ্ৰীমতীয়ে বোলে : এনেকৈ শুই বহিয়ে দিনবোৰ পাৰ কৰিব নে? মই বোলো, : কি কোৱাহে? লকডাউন বুলি তুমি নাজানা নি? : জানো, লকডাউন বুলি কিবা নোখোৱাকৈ আছেনে? মই বোলো, : দস্তুৰমত খাম। মোনাই মোনাই

Read more

অতিথি দেৱঃ ভৱঃ- মানৱেন্দ্ৰ কুমাৰ শৰ্মা

কলিং বেলৰ মাতত বাহিৰলৈ আহি দেখোঁ সন্ধ্যাৰ মাক, লগত অচিনাকি এজনীও৷ ক্ষীণ-মীন সন্ধ্যাৰ মাকৰ তুলনাত গায়ে-গাৰিয়ে প্ৰকাণ্ড মানুহজনী৷ ‘সন্ধ্যাক তোমালোকৰ কাষৰ গানৰ স্কুলখনত এডমিচন দিলোঁ নহয়৷’ সন্ধ্যাৰ মাকে ক’লে৷ আৰু তেখেতৰ লগত অহা মানুহজনীৰ ফালে ইংগিত কৰি আমাক ক’লে, ‘এখেতৰ ল’ৰাজনকো ইয়াতেই এডমিচন দিছে৷’ আমি তেখেতলৈ চাই দুই হাত যোৰ কৰি ওপৰলৈ উঠালোঁ৷ পিছে আমাৰ সেই কাৰ্যৰ প্ৰতি ভ্ৰুক্ষেপহীন হৈ থাকিয়েই পাহাৰসম সেই মহিলাই ছোফাত বহিল আৰু বহিয়েই হাতত লৈ থকা চাবিৰ ৰিঙটো তৰ্জনী আঙুলিত ভৰাই এক বিশেষ কায়দাত ঘূৰাব

Read more

খা বাপ্পেকে ভীমকলটো- নিভা কাকতি 

দুহিতাই নতুনকৈ হিন্দী ক’বলৈ আৰম্ভ কৰিছে। য’ৰ ত’ৰ পৰা শব্দবোৰ বুটলি কিবাকৈ চলি আছে তায়ো। জোৰা-টাপলি মাৰিব পৰাকৈ মগজ অকণ আহিছে বুলি আমি মাক-বাপেকহালো সুখী। নিজে হিন্দী শিকাৰ উপৰিও দুটামানক অসমীয়া ভাষাৰ জ্ঞানো দিছে। কথাবোৰ ক’বহে শিকিছে কিন্তু ক’ত কি ক’ব লাগে সেয়া নাজানে। বৰ্তমান থকা ঠাইৰ মানুহখিনিয়ে অসমীয়া বুজি নাপায়; ৰক্ষা পৰোঁ আমি। কিন্তু আমাৰ মুখৰ সলনি হোৱা ৰঙ দেখি আলহীৰ বুজিবলৈ বাকী নাথাকে আচলতে তাই কৈছে কি আৰু আমি ভাঙনি কৰিছোঁ কি। ওচৰৰে বন্ধু এজন এদিন নিমন্ত্ৰণ ৰক্ষাৰ

Read more

পাহৰা বেমাৰ- কমল তালুকদাৰ

পাহৰা বেমাৰ নাই , কিন্তু পাহৰিছিলোঁ এবাৰ !  কি পাহৰিছিলোঁ আৰু কেনেকৈ ?  হে হৰি! লিখিবলৈ লৈ চন তাৰিখ সকলো  পাহৰিলোঁ । সম্ভৱ ৯৬ বা ৯৭ চনৰ কথা , বন্ধু এজনৰ লগত কিবা কামত নলবাৰীলৈ গৈছিলোঁ । বন্ধুৰ দিনতে  DC অফিচত কাম আছিল । কাম শেষ কৰি যাবলৈ লওঁ  মানে সন্ধিয়া হৈছিল । আমি  অফিচৰ কাম শেষ কৰাৰ পিছতো নলবাৰী চহৰত প্ৰায় সাত মান বজালৈ অনাই বনাই ঘুৰি ফুৰিছিলোঁ ।  শেষত গুৱাহাটীলৈ ঘুৰি অহাৰ প্লেন নাকচ কৰি গোপাল বজাৰৰ পৰা

Read more

জীয়া মাছৰ জোল- মৃদুল নাথ

“হেৰা, যাওঁতে ৰাস্তাত পালে পাচলি কেইবিধমান আৰু জীয়া মাছ অলপ লৈ ল’ম দিয়া, কি কোৱা?” মোৰ কথাত মানুহজনীয়ে হাঁহি এটা মাৰি কয়, “সেয়া জানো নতুন কথা কিবা? সদায়চোন ৰাস্তাত বজাৰ বহা দেখিলেই গাড়ীখন ৰখাই নামি যায়। নতুনকৈ কিবা শুনিছোঁ বুলি মনে ধৰা নাই।” দেওবাৰৰ দিনাখন গুৱাহাটীৰ পৰা নুমলীগড়লৈ আহোতে ৰাস্তাৰ কাষতে কেইবাঠাইতো বজাৰ পোৱা যায়। সোণাপুৰ-ক্ষেত্ৰী, জাগীৰোড আদি ঠাইত ডাঙৰ বজাৰে বহে। এই বজাৰবোৰৰ মূল আকৰ্ষণ হৈছে জনজাতীয় মানুহখিনিয়ে বিকিবলৈ অনা ঘৰতে হোৱা বিধে বিধে সতেজ পাচলি আৰু ফল-মূলবোৰ। পাহাৰীয়া

Read more
1 26 27 28 29 30 70