আতৈৰ বিলৈ – নীতুমণি দেৱী
সৰুৰেপৰা মামাৰ ঘৰলৈ যাবলৈ বৰ হেঁপাহ। ককা-আইতাক দেখাই নাপালোঁ যদিও মামা আৰু মামীৰ মৰমৰ বাবে খুউব মামাৰ ঘৰলৈ যাবলৈ মন যায়। মা যাবলৈ ওলালে মই আৰু ভাইটি লগতে ওলাওঁ। কোনেও ৰাখিব নোৱাৰে। যেতিয়া ডাঙৰ হ’লোঁ, তেতিয়া লগ নালাগেই। সুবিধা পালেই অকলে মাৰি পঠিয়াওঁ। মামাৰ ঘৰ আমাৰ ঘৰৰ পৰা ১২ কিঃমিঃমান দূৰৰ আন এখন গাঁৱত আছিল। গাঁওখন সেউজীয়া গছ-গছনিৰে বৰ সুন্দৰ আছিল। মানুহবোৰো সহজ-সৰল, হোজা, মৰমীয়াল আছিল। তাত কোছ, কলিতা, নাথ সম্প্ৰদায়ৰ মানুহ বেছি আছিল। ব্ৰাহ্মণ বুলিবলৈ কেৱল মামাহঁতৰ ঘৰখনহে। তথাপিও
Read more