ফটাঢোল

গৃহস্থ নে চোৰ – মন্মী দত্ত

মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে, যিবোৰ পাছত মনত পৰিলে বহুত হাঁহি উঠে। কেতিয়াবা একেঘেমীয়া জীৱনত হঠাৎ মনত পৰা এনে ঘটনাই বাৰুকৈয়ে আমোদ দি যায়। মোৰ আকৌ যেতিয়া কোনো চিৰিয়াছ বিষয়ত আলোচনা হৈ থাকে তেতিয়াহে এনেবোৰ কাহিনী বেছিকৈ মনত পৰে।

তেনে এটা ঘটনা কওঁ, আমি তেতিয়া সৰু, প্ৰাইমেৰী স্কুল গৰকি মই হাইস্কুলৰ পঞ্চম মানত আৰু ভন্তী তৃতীয় মানত। দেউতাৰ চাকৰি সূত্ৰে আমি কোৱাৰ্টাৰত থাকোঁ। সেইদিনা দেউতাৰ ইভিনিং ডিউটি আছিল যদিও সহকৰ্মীৰ কিছু অসুবিধা হেতু আৰু দুঘণ্টা বেছি ডিউটি কৰিব লগাত পৰে। সেয়েহে ডিউটি শেষ কৰি অহা সহকৰ্মীৰ ওচৰত দেউতা অহা দেৰী হ’ব বুলি খবৰ পঠিয়ালে। মায়েও খবৰ পাই আমাৰ দুজনিক ৯.৩০ মান বজাত ভাত খুৱাই নিজেও খালে। দেউতাৰ হাতত ঘৰৰ চাবি আছিল কাৰণে মায়েও হটকেচত দেউতালৈ থৈ আমাৰ লগতে শুলেহি। অলপ দেৰী শোৱাৰ পাছত ১১.৩০ মানত আহিল নহয় ভূমিকম্প এটা। আহিল মানে জোকাৰণি ডাঙৰেই। মাৰ আকৌ বৰ ভয় ভূমিকম্পলৈ। জোকাৰণি পাই মা একেজাপে বিচনাৰ পৰা উঠি দুৱাৰ খুলিব গ’ল। মাৰ পিছতে ভন্তী। তাইও ভয়তে মাৰ পিছফালে মেখেলা খোচা পেটিকোটৰ ৰচীডালত খামুচি ধৰিলে। ভন্তীৰ পিছতে মই। এতিয়া কথা হ’ল দুৱাৰখন খুলিবলৈ মা আগবাঢ়ে আৰু ভন্তীয়ে পিছলৈ টানে। যিহেতু কঁকালত ধৰি টানে মায়েও জোৰ পোৱা নাই। মই ইফালে সকলো ঘটনা দেখি আছোঁ। দেখি শুনি মইও action ত নামি গ’লোঁ আৰু এইবাৰ মই ভন্তীক টানি দিলোঁ। আমাৰ দুজনীৰ টানত মায়ে তৎ নাপাই আমি তিনিজনী মজিয়াত চুঁচৰি পৰিলোঁহি। আনহাতে দেউতাও সেই সময়তে ঘৰ পাইছেহি। ভূমিকম্পৰ জোকাৰণি পাইও দুৱাৰ বন্ধ দেখি দেউতাই নিজেই বাহিৰৰ পৰা চাবিৰে দুৱাৰ খুলি দেখে আমি তিনিজনী মজিয়াত। দেখিয়েই দেউতাই আমাক উঠাবলৈ আগবাঢ়ি আহিল আৰু আমি পাহৰি গলোঁ সেই সময়ত দেউতা যে ঘৰত নাই। সন্মুখত দেউতাক দেখি এইবাৰ মায়ে দিয়ক নহয় চিঞৰি চোৰ চোৰ বুলি আৰু মা দিলে ভিতৰলৈ দৌৰ। মাৰ পিছে পিছে আমি দুজনী। একেদৌৰে বেডৰূমত সোমাই দুৱাৰৰ হুক লগাই তিনিও জনীৰ চিঞৰ চোৰ চোৰ বুলি আৰু ড্ৰয়িং ৰূমত দেউতা আৰু কলনীৰ মানুহ ভৰ্ত্তি। অলপ পিছত যেতিয়া আমাৰ চিঞৰ কমিল দেউতা আহি মাক মাত দিলে। দেউতাৰ মাত শুনি দুৱাৰ খুলি ওলাই অহা মায়ে তেতিয়াহে আচল কথাটো গম পালে।

বিয়াৰ পাছত মোৰো তেনেকুৱা এটা ঘটনা হ’ল। মই আৰু মোৰ হাজবেণ্ড তেতিয়া বাংগালোৰত আছিলোঁ। ৰাতি ভাত খাই উঠি মই টিভিটো চাই চাই ড্ৰয়িং ৰূমৰ বিচনাতে আউজি আছিলোঁ। ওচৰৰ ফ্লেটত অসমৰ ল’ৰা তিনিটা আছিল, হাজবেণ্ড তালৈ এনেই কথা পাতিবলৈ গৈছিল। এক অৰ্থত আড্ডা মাৰিবলৈ গৈছিল। ইফালে ময়ো টিভি চাই চাই কেতিয়া টোপনি আহিল গমেই নাপালোঁ। হাজবেণ্ডেও ল’ৰাকেইটাৰ ঘৰৰ পৰা আহি আমাৰ ফ্লেটৰ দুৱাৰখন খুলি মোক ড্ৰয়িং ৰূমতে দেখি সুধিলে, “মন্মী, তুমি ইয়াতে শুলা নেকি?” ইফালে টোপনিৰ জালত চকু মেলি দুৱাৰ মুখত মই কোন মানুহ চিনি নাপাই চিঞৰিব ধৰিলোঁ আৰু যিমানেই এওঁ মইহে মইহে কৈছে মই সিমানেই টেঁটু ফালিছোঁ। মোৰ চিঞৰ শুনি কাষৰ ফ্লেটৰ ল’ৰাকেইটাৰ লগতে ফ্লৰটোত থকা সকলো ওলাই আহিল। আহি মোৰ অৱস্থাটোৰ কথা শুনি যি হাঁহিলে সকলোৱে। মই যে এসপ্তাহমানৰ পিছতহে ফ্লেটৰ পৰা ওলাব পাৰিছিলোঁ লাজতে ।

এইবাৰ এইটো ক’ব ওলাইছোঁ আজিৰ পৰা প্ৰায় ১১ বছৰ মানৰ আগৰ কথা। তেতিয়া মই গুৱাহাটীতে এটা প্ৰতিস্থানত কৰ্মৰত। মোৰ কলেজৰ দিনৰ এগৰাকী বান্ধবী আছিল। আছিল নহয় এতিয়াও আছে। তাইও গুৱাহাটীৰে। তাই সেই সময়ত এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভক ভাল পাইছিল। দুয়োৰে ঠিকেই চলি আছিল। কিন্তু ল’ৰাজনে নতুনকৈ এজন সাধকৰ ওচৰলৈ যোৱা কৰিছিল। বহুত মানিছিলেও তেওঁৰ কথা। এদিন ল’ৰাজনে তাইক ক’ব ধৰিলে যে, তাইৰ লগত ব্ৰেকআপ বিচাৰে। তাই সুধিলে কাৰণটো। সি নকয়। তাই তাক ঘৰলৈ মাতিলে। মইও আছিলোঁ সেইদিনা তাইৰ ঘৰত। ইফালে ঘৰত গৈও একেই কথা। কিন্তু তাইৰ নেৰানেপেৰাকৈ লাগি থকাৰ কাৰণে সি অৱশেষত ক’লে যে, তাৰ সাধকজনক সিহঁত দুটাৰ ভৱিষ্যত দেখুৱাইছিল। সাধকে তাক তাইৰ লগত অতি শীঘ্ৰে ব্ৰেকআপ কৰিবলৈ কৈছে। সাধকৰ মতে তাই হেনো মিছলীয়া। তাই বোলে বহুত মিছা কথা কয়। নিজৰ প্ৰেমিকৰ মুখত এই কথা শুনি তাইৰ ইমানেই খং উঠিল আৰু তাক যিটোহে হুদু খেদা দিলে, মোৰ আজিও মনত পৰিলে অকলে অকলে হাঁহি উঠে। সেইদিনা তাইৰ বায়েকে ৰাখিলেহি বাবেহে সি বাছিলে। নহ’লে চেতেপেই হ’লহেঁতেন সি। মোৰটো অৱস্থা বেয়া হাঁহি হাঁহি, কাৰণ এইটো কাৰণত ব্ৰেকআপ মই হয় বুলি নাজানিছিলোঁ।

সঁচাকৈ ক’ব হ’লে জীৱনটো এই হাঁহি ধেমালিৰ মাজেৰেই আগুৱাই নিব লাগে এটা ধনাত্মক দৃষ্টিভংগীৰে। সমস্যাটো সকলোৰে জীৱনত থাকে কিন্তু ধনাত্মক চিন্তাধাৰাৰে আগুৱাই যাব লাগে। শেষত কওঁ–
“আনেৱালা কল যানে ৱালা হে
হ’ চকে টো ইছমে
জিন্দেগী বিটা ল’
পল য়ে জ’ যানেৱালা হে”।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *