আতৈৰ বিলৈ – নীতুমণি দেৱী
সৰুৰেপৰা মামাৰ ঘৰলৈ যাবলৈ বৰ হেঁপাহ। ককা-আইতাক দেখাই নাপালোঁ যদিও মামা আৰু মামীৰ মৰমৰ বাবে খুউব মামাৰ ঘৰলৈ যাবলৈ মন যায়। মা যাবলৈ ওলালে মই আৰু ভাইটি লগতে ওলাওঁ। কোনেও ৰাখিব নোৱাৰে। যেতিয়া ডাঙৰ হ’লোঁ, তেতিয়া লগ নালাগেই। সুবিধা পালেই অকলে মাৰি পঠিয়াওঁ।
মামাৰ ঘৰ আমাৰ ঘৰৰ পৰা ১২ কিঃমিঃমান দূৰৰ আন এখন গাঁৱত আছিল। গাঁওখন সেউজীয়া গছ-গছনিৰে বৰ সুন্দৰ আছিল। মানুহবোৰো সহজ-সৰল, হোজা, মৰমীয়াল আছিল। তাত কোছ, কলিতা, নাথ সম্প্ৰদায়ৰ মানুহ বেছি আছিল। ব্ৰাহ্মণ বুলিবলৈ কেৱল মামাহঁতৰ ঘৰখনহে। তথাপিও সকলো মানুহেই খুউব মিলি-জুলি বাস কৰিছিল আৰু কাৰোবাৰ বিপদ-আপদত নিজেই আগবাঢ়ি আহি সহায় কৰিছিল। মামা ঢুকোৱাৰ পিছত মামী আৰু ল’ৰা-ছোৱালীকেইটাক গাঁৱৰ মানুহখিনিয়েই মৰমৰে আৱৰি ৰাখিছিল। মামীও বৰ হোজা আৰু সহজ-সৰল আছিল।
সেইখন গাঁৱতে মামীহঁতৰ ঘৰৰ ওচৰৰ ৫০ৰ উৰ্দ্ধৰ মানুহ এজন আছিল। নাম কি নাজানো, সকলোৱে আতৈ বুলি মাতিছিল কাৰণে আমিও আতৈয়ে বুলিছিলোঁ। মামীহঁতৰ ঘৰলৈ তেওঁৰ প্ৰায়ে আহ-যাহ আছিল। আতৈ দেখিবলৈ ক্ষীণ-মীণ, ডিঙিলৈকে পৰা চুলি কেইডালৰ সৈতে কোনোবা সত্ৰৰ ভকত যেন লাগিছিল। আতৈৰ আকৌ এটা স্বভাৱ আছিল যে কোনো ছোৱালীকে নাচাইচিল আৰু নামাতিছিল।
যদিও তেখেতে দেখুৱাই কোনো ছোৱালীক নামাতিছিল কিন্তু লুকাই-চুৰকৈ যে চাইছিল, সেইটো মোৰ চকুত পৰিছিল। মই যদি আতৈক কিবা এটা সোধোঁ তেওঁ হাতৰ আঙুলি দুটাৰে কপালখন পিহি চকুকেইটা জপাইহে উত্তৰ দিছিল।
সেই গাঁৱৰে আকৌ ধুৰন্ধৰ ল’ৰাকেইটামানে আতৈক জোকাবলৈকে আতৈৰ ওচৰত তেখেতৰ বিয়াৰ কথা উলিয়ালে। সিহঁতেও জানিছিল যে আতৈয়ে বিয়া নকৰাওঁ বুলি কেতিয়াবাই প্ৰতিজ্ঞা কৰিছিল হেনো। সেয়েহে সিহঁতে আতৈক জোকাবলৈকে জোৰ কৰি আতৈৰ মনটো সলনি কৰিলে। আতৈয়েও সিহঁতৰ কথামতে বিয়াত বহাৰ মন মেলিলে।
যদিও সিহঁতে আতৈক বিয়াৰ কথা ক’লে, কিন্তু এতিয়া সেইজনৰ কাৰণে ছোৱালী পাই ক’ত? সেয়ে বহুত ভাবি-চিন্তি এটা বুদ্ধি উলিয়ালে আৰু গাঁৱৰে যোগেশ নামৰ ওঠৰ বছৰীয়া ল’ৰাজনক কইনা সজাই বিয়াত বহুৱালে। অত বছৰৰ মূৰত এজনী কইনা পাই আতৈৰ মন উলাহে নধৰা হ’ল। দৰা সাজত আহি সেইদিনা ৰাতি আতৈয়ে যোগেশকে বিয়া পাতি ঘৰলৈ লৈ যাবলৈ ওলাল।
ইফালে কইনা উলিয়াই দিয়াৰ সময়তে ল’ৰাজাকৰ লগতে কাইনাৰ যি হায়ৈ বিয়ৈ কৈ কান্দোন যেন সঁচা কইনা এজনীহে সিহঁতে উলিয়াই দিছে। কান্দোন-কাটোনৰ মাজেৰে ল’ৰাজাকে গৈ কইনাক দৰাৰ ঘৰত থৈ আহিল।
আতৈৰ আকৌ ঘৰটো বাঁহৰে সজোৱা আৰু খেৰৰ চালি। কোঠা বুলিবলৈ এটাই আৰু পাকঘৰ বুলি চাৰিদিশ খোলা মাত্ৰ এখন চালিৰে ঢকা ঠাই অকণমান। গাঁৱৰ ল’ৰাহঁতেহে পতা বিয়া গতিকে খোৱাৰ যোগাৰটো বিশেষ নাছিল। সেয়ে আতৈয়ে কইনা লৈ গৈ অৱশিষ্ট কোঠাটোতে সুমুৱাই নিজেই ভাত ৰন্ধাৰ কামত লাগিল। ইফালে কইনাৰ কান্দোন কমক চাৰি বাঢ়িছেহে। আতৈয়ে আন্ধাৰে-মুন্ধাৰে টিপ চাকিটো জ্বলাই লৈ এফালে কইনাক বুজাইছে, আনফালে ভাতৰ যা-যোগাৰ চলাইছে। ভাত ৰান্ধি ৰান্ধিয়েই আতৈয়ে কইনাক বুজাইছে যে আজিৰ পৰা এইখন তোমাৰ ঘৰ, ভাত বাৰু আজি মইয়ে ৰান্ধিছোঁ। কাইলৈৰ পৰা তুমি লাগিব পাৰিবা। দিনটো মই নাথাকিলেও চিন্তা নকৰিবা, বেয়া লাগিলে আইৰ ওচৰলৈকে যাবা।’ আই মানে আমাৰ মামীৰ কথা কৈছিল।
আতৈয়ে ভাত ৰান্ধি থাকোঁতেই হঠাতে বিজুলী ঢেৰেকণি আহিল। ইফালে আতৈৰ টেণ্ডেচী আহিছে বাহিৰলৈ যোৱাৰ। সেয়েহে আতৈয়ে বৰষুণতে পিছফাল পালেগৈ। আতৈৰ বাহিৰলৈ যোৱাৰ সুযোগতে ইফালে কইনাই মেখেলা-চাদৰ খুলি তলত পিন্ধি থকা লংপেণ্ট, চাৰ্টৰে আতৈৰ ঘৰৰ পৰা উধাও। ইফালে আতৈয়ে ভিতৰলৈ আহি কইনাক নেদেখি চিঞৰ-বাখৰ লগাই মামীহঁতৰ ঘৰ পালেহি। আতৈৰ অৱস্থা দেখি মামীৰ খুউব বেয়া লাগিল। সেয়ে সঁচা কথাটোকে কৈ দিলে যে তেওঁ প্ৰকৃততে কাক বিয়া পাতি আনিছিল। মামীৰ কথা শুনি যে আতৈয়ে অন্তৰত খুউব দুখ পাইছিল সেই কথাটো নক’লেও চেহেৰাৰ বৰণতে গম পোৱা গৈছিল। ল’ৰাহঁতক নানান ধৰণৰ গালি-গালাজ পাৰি ৰাতিটো শুই পুৱাতেই টালি-টোপোলা বান্ধি আতৈ যাবলৈ ওলাল। মামীয়ে হাজাৰবাৰ সোধাৰ পিছতো আতৈয়ে ক’ত যাব সেই কথা নক’লে। আতৈ যি গ’ল গ’লেই আৰু সেই ঠাইলৈ ঘূৰি নাহিল। আতৈ ক’ত গ’ল, কি কৰিলে কোনোৱে গম নাপালে। ল’ৰাহঁতৰ এটা ধেমালিয়ে আতৈৰ এই অৱস্থা কৰাত গাঁৱৰ মানুহবোৰৰো বহুত দিনলৈ দুখ লাগি থাকিল। আজিও মাজে মাজে আতৈৰ বিলৈৰ কথা ওলায়।
☆★☆★☆
2:16 pm
বৰ বেয়া কথা
2:29 pm
আতৈৰ বিলৈ পঢ়ি দুখ লাগিল
2:35 pm
মানুহজনে মনত বৰ আঘাত পালে।
3:55 pm
বেড জ’ক ৷
তথাপিও উপস্থাপন ধুনীয়া ৷