ফটাঢোল

চাইকেল ঠেলি ঠেলি – লোনা বৰা

কেতিয়াবা মানে মনলৈ কিবা আহিলে বা কিবা কৰিবলৈ মন গ’লে, নভবা নিচিন্তাকৈয়ে কৰি দিওঁ। ডাঙৰজনী ছোৱালী স্কুলত দিলোঁ, প্ৰাৰম্ভিকত। ঘৰৰ পৰা পোন্ধৰ মিনিটমান দূৰৰ এখন স্কুলত। ৰাতিপুৱা থ’বলৈ দেউতাকৰ সৈতে যাওঁ, অনাৰ বেলিকা দ্বায়িত্বটো অকল মোৰ। যাওঁতে সহজ হয়, অনাৰ সময়তহে লাগে লেথা। যেতিয়া ছোৱালীয়ে ৰাস্তাৰ নলা, কাষৰ পিটনি, আনৰ ঘৰৰ গেট, ৰাস্তাৰ কুকুৰ, মেকুৰী, চিপচৰ পেকেট, দোকানৰ বস্তু সৱ নিৰীক্ষণ, পৰ্যবেক্ষণ কৰি পোন্ধৰ মিনিটৰ ৰাস্তাটো আধা ঘণ্টা লগায়। ৰিক্সা পালেটো ঠিকেই, নাপালে সেয়াই আৰু!

থিৰাং কৰিলোঁ, অনা কামটোৰ বাবে ৰিক্সা এখন ঠিক কৰি ল’ম। ভবা মতেই বিচাৰি বিচাৰি ৰিক্সা এখন ঠিক কৰিলোঁ। দুমাহ মান ঠিকে চলিল, তাৰপাছতে এডভাঞ্চ অলপ লৈ ৰিক্সা গায়ব। দুদিন মান বিছাৰিলোঁ, নাই নাপাওঁ। সৱৰে কথা শুনিলোঁ, বোলে মোক বুৰ্বক বনালে। মনে মনে খং উঠিছিল নিজৰ ওপৰত।

এইবাৰ থিৰাং কৰিলোঁ মাৰ ঘৰৰ পৰা চাইকেলখন আনি সেইখনেৰেই কাম চলাম। বচ, ভাবিলোঁ যেতিয়া হ’ল আৰু! আনিলোঁ এদিন চাইকেলখন। ছোৱালীক স্কুলৰ পৰা আনিবলৈও চাইকেল লৈ স্কুল পালোঁগৈ। এইবাৰ হে এইবাৰ…..। ছোৱালী কেৰিয়াৰত নবহে, চিটত হে বহে। বুজাইছোঁ হে বুজাইছোঁ, তাই নামানে। তাইক হাতত ধৰি, চাইকেল ঠেলি অনাটোও সহজ নহয়, আৰু তাইক চিটত বহুৱাই, কেৰিয়াৰত বহি চলাই অনাটোও সহজ নহয়! গতিকে আৰম্ভ হ’ল তাইক চিটত বহুৱাই চাইকেল ঠেলি অনাৰ যাত্ৰা। অলপ দূৰ আহিয়েই গলী এটাৰ টাৰ্ণিঙত স্কুললৈ ঠিক কৰা ৰিক্সাখন দেখা যেন লাগিল। ধৰোঁগৈ বুলি ভাবোঁতেই নিজৰ অৱস্থাটোলৈ মনত পৰিল। মনতে ভাবিলোঁ, এইয়াই মোৰ ভাগ্য। মুখেৰে ভোৰভোৰাই আহি থাকোঁতেই, ঘৰৰ ওচৰৰ দাদা এজন পালোঁ, গাড়ীত। মোক দেখি হাঁহিবলৈ ধৰিলে। তেওঁক ৰখাই ছোৱালী ঘৰত থ’বলৈ তেওঁক গতালোঁ আৰু বস্তু এটা থাকি আহিল বুলি কৈ মই ৰিক্সা বিচাৰি ওলালোঁ।

ৰিক্সা দেখা গলিটোৰ ভিতৰলৈ সোমাই চালোঁগৈ। ইমুৰ-সিমুৰ হৈ, বাই লেন, সকলো চালোঁ, নাই, ৰিক্সাখন নাই! দুখে-বেজাৰে ঘুৰিলোঁ। এনেনো হ’ব লাগেনে! তাকে ভাবি থাকোঁতে, স্কুটাৰ এখনৰ সৈতে আগা-ভেটা হৈ গলিটোৰ মুখতে বালিৰ দ’ম এটাৰ ওপৰত মই চাইকেলে- টাইকেলে, ধুপুচ । স্কুটাৰ চালকে ধৰি মেলি উঠালে মোক। লাজো পালোঁ। খৰ-ধৰকৈ ঘৰলৈ চাইকেল মাৰিলোঁ।

ইফালে ঘৰত চিন্তা, ছোৱালী পঠিয়াই মাক গায়ব। তাকো বিয়াৰ পিছত শহুৰৰ ঘৰৰ পৰা প্ৰথম চাইকেলত। গতিকে….
দূৰৈৰ পৰাই দেখিলোঁ, শাহু মা ঘৰৰ গেটৰ মুখত। মোক দেখি স্বস্তিৰ নিশ্বাস পেলালে। ওচৰৰ বৰমা এগৰাকীয়ে সোধা শুনিলোঁ,
“এই দুপৰীয়া গেটৰ মুখত ৰৈ কি কৰিছে অ’!”
“আমাৰ ডেকাটো অহা নাছিল, তাকে চাই আছোঁ। পালেহি সেইয়া……।”
আৰু কি লাগে আৰু সেই দিনটোত হ’বলৈ……

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    লটিঘটি হৈছিল কিছু ৷ ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *