ফটাঢোল

ন-কইনাৰ বিলৈ – গায়ত্ৰী গোস্বামী অধ্যাপক

ন-কইনা তেতিয়া। মাছে মঙহে দকচি খাই ভাল পালেও সেই কেইদিন বিয়াৰ আগৰে পৰা নিমন্ত্রণ ৰক্ষা কৰি খাই খাই আমনি লাগি গৈছিল৷ তাতে কইনাক নিমন্ত্রণ কৰি খুউৱা বুলিলে আটায়ে ছাপন্ন বিধমান আইটেমৰ যোগাৰ কৰেই। আগবেলা এঘৰত, পিছবেলা আন এঘৰত। ‘আৰু নোৱাৰিছো খাবলৈ’ বুলিলেও মৰমৰ অত্যাচাৰ বাঢ়িহে যায়। এতিয়া মনত পৰিলে সেইবোৰ আকৌ খাওঁ-খাওঁ লাগে। কিন্তু চান্সবোৰ এবাৰেই আহে তাকো একেলগে। ঘোৰ বিড়ম্বনা !! তেনে এটা দিনতে গৃহস্থৰ লগত ভাত খাবলৈ গৈছোঁ এওঁলোকৰ ফালৰ মিতিৰ এঘৰত। দুৰ সমন্ধীয় বায়েক ভিনিহিয়েকে বৰ আথে-বেথে

Read more

ৰিক্সা, বুঢ়ী আৰু মই – তাবিবৰ ৰহমান

সৰুতে বৰ শান্ত স্বভাৱৰ আছিলোঁ কাৰণে খটাসুৰ, বকাসুৰ ধৰণৰ কেইবাটাও উপাধি পাই থৈছিলোঁ। তাকো সম্পূৰ্ণ নিজা প্ৰচেষ্টাত। দেউতাই দুপৰীয়া চাইকেলখন থৈ ঘৰ সোমাই কি নোসোমাই মই চাইকেল লৈ ফায়া। চাইকেল লৈ সময়ত আহিলে বাৰু একো নকয়। কিন্তু যাবলৈ ৰৈ থাকিব লগা হলে কেতিয়াবা কেতিয়াবা চাইকেলৰ ওপৰতে থলামুৰি নোখোৱা নহয়। ঘৰলৈ আলহী অতিথি চাইকেল লৈ আহিলেও একে কাৰবাৰ। আলহীক সোধ পোছ নাই চিধাই চাইকেল লৈ নোহোৱা হওঁ। কিমান আলহীয়ে চাইকেল ঠেলি ঠেলি নিব লগা হৈছিল তাৰ লেখ জোখ দিয়াটো কঠিন হ’ব।

Read more

ফাইভ ষ্টাৰ হোটেলত মই – কমলা দাস

ইণ্ডিয়ান এয়াৰ লাইঞ্চৰ পৰা ফ্ৰি কম্বলখন আনিব নোৱাৰি মনৰ দুখত লাহে লাহে নামি আহিলোঁ। মনতে অলপ চিন্তাও কৰিছোঁ। মৰসাহ কৰি অকলে অকলে আহিছোঁ ৰ চোন! এতিয়া বা ক’লৈ যাওঁ! ভয় কৰাটো কিন্তু কাকো দেখুওৱা নাই কাৰণ অচিনাকি ঠাইত কোনোবাই সুবিধা ল’ব পাৰেতো! বিন্দাচ লাগেজ সংগ্ৰহ কৰি গপচত লাউঞ্জৰ বাহিৰ ওলালোঁ। বাহিৰ ওলাই দেখি কলিজা শুকাই গ’ল। হে ভগৱান! বিশাল দুনিয়াচোন! আগুৱাই যাওঁ নে পিছুৱাই যাওঁ বাৰু! কি কৰোঁ, ক’লৈ যাওঁ, পিছুৱাই গৈয়ো লাভ নহ’ব গতিকে ভাবিলোঁ যি হয় হ’ব আগুৱাই

Read more

মোৰ আনকমন বিয়া খন -পঞ্চী প্ৰিয়া দাস

মোৰ জীৱনত পাহৰিব নোৱাৰা অন্যতম এটা লটিঘটি, যিটো মোৰ জীৱনত সদায় স্মৰণীয় হৈ থাকিব। সকলো ছোৱালীয়ে নিজৰ বিয়াৰ সপোন দেখে। শুকুলা ঘোঁৰাত উঠি ৰাজকুমাৰ আহিব বিয়া কৰাবলৈ। ফুল লগা বাগিত (আজিকালি অত্যাধুনিক মডেলৰ গাড়ীত উঠে দেই, মই পিছে আইটেন(i10)ত ঘৰলৈকে আকৌ ঘূৰি আহিছিলোঁ দৰাৰ লগতে আকৌ) উঠি দৰাৰ হাতত ধৰি দৰাঘৰলৈ যাব। মইও ভাবিছিলোঁ দৰাৰ লগত গাড়ীত নাযাওঁ। এওঁৰ মোক ফুৰাবলৈকে কিনা স্কুটি খনতে জাষ্ট মেৰিদ বুলি ফুললগা দিল এটা লগাই ফুৰি মেলি ঘৰলৈ আহিম। কিন্তু বিধিৰ বিপাক! যিহেতু এওঁৰ

Read more

আতৈৰ মোছ কোছা উৰিল – অতুল নাথ

যোৰহাটৰ কলেজত পঢ়া দিনৰ কথা। আমি একে ঠাইৰ সাতটা ল’ৰা একে মেছত থাকোঁ। একে স্কুলৰ পৰাই যোৱা আমি আটাইবোৰ। মই হায়াৰ চেকেণ্ডাৰী ফাইনেল দিম, মোৰ দাদা ডিগ্ৰী ফাইনেলৰ। বাকী পাঁচটা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ। দাদাৰ বাদে আমি আটাইবোৰ সমনীয়া সেয়ে ইটোৱে সিটোক তই মইকৈয়ে মাতোঁ। আমি ছটা মেছত থাকোঁ, এটা মালিকৰ বাহিৰৰ ৰূমটোত থাকে যদিও আটাইবোৰে একেলগে খোৱা বোৱা কৰোঁ। দুদিনমান ক্লাছ হোৱাৰ পিছত আৰু এটা ল’ৰা আহিল, মালিকৰ ঘৰৰ লগত থকা ৰূমটোলৈ। সি মাজুলীৰে যদিও চিনাকি নাই। কোনোবা এখন সত্ৰৰ

Read more

“জান” মানেই বিপদ – চবিনা ইয়াছমিন

কি যে দিন কাল আহিল হেৰৌ! আমাৰ প্ৰেচৰ পৰা ওলায়ে ৰাস্তাটো৷ কাষতে পাচলি বিক্ৰী কৰা দদাইদেউ দুজনমান বহে৷ মই আকৌ ঘৰলৈ ঘূৰি আহোঁতে তাৰ পৰাই পাচলি কিনি আনো৷ কালিও কিনি আছোঁ কিবা কিবি৷ হঠাতে হৈ চৈ লগাত উভতি চাই দেখিলোঁ চেঙেলীয়া ডেকা এজনক উৰাই ঘূৰাই মানুহ এগৰাকীয়ে নিজৰ কান্ধত ওলোমাই নিয়া বেগটোৰে কোবাইছে৷ মই একে দৌৰে কাষ পালোঁগৈ৷ মানে মই প্ৰেচৰ পৰা ওলাই আহোঁতে ল’ৰাজনে ফুটপাথটোতে ভৰিৰ ওপৰত ভৰ দি বহি ফোনত কথা পাতি আছিল৷ মোৰ হাতৰ পৰা টকা পাঁচশ

Read more

খাৰখোৱাৰ ইংৰাজী জ্ঞান – অমৰজ্যোতি বৰা

ফৰ্ ফৰ্কৈ ইংৰাজী ক’ব পৰা মানুহক আমি সৰুৰেপৰা চোকা মানুহ বুলিয়েই ভাবি আহিছিলোঁ। আখৈফুটাদি ভুলে শুদ্ধই ইংৰাজী কৈ আমাৰ নিচিনা অজলা গঞা কেইটাৰ আগত তাহানিখনতেই কেইবাটাইও বৰমানুহ চেলাইছিল। আমিও তেওঁলোকক বৰ সমীহ কৰি চলিছিলোঁ। এটা আশা তেতিয়াই মনত বাহ লৈছিল, ময়ো এদিন আখৈফুটাদি ইংলিছ মাতিম। কিন্তু লেঠা এটা আছিল। ইংৰাজী শিকিবলৈ আৰম্ভ কৰিছিলোঁ ক্লাছ ফাইভত, খাৰখোৱা জিভাত ইংলিছ ফুটিবই নোখোজে, বুজি পোৱাটো তাতোকৈও দূৰৈত। ক্লাছ টেনত যেনিবা এজন শিক্ষকৰ কৃপাত যেনে তেনে সহজ ভাবে লিখিব পৰাকৈ ইংৰাজীৰ সামান্য জ্ঞান আহিলগৈ।

Read more

বৌ ভাতৰ লটিঘটি – চুইটলেনা দাস

২০১১ চনৰ জুলাই মাহৰে কোনোবা এটা দিনৰ কথা। বাক বেংগলী সম্পদায়ৰ লৰালৈ বিয়া দিয়া হৈছিল আৰু তেওঁলোকৰ নিয়ম অনুসৰি বিয়াৰ তিনিদিনৰ পিছত বৌ ভাত খাবৰ বাবে আমাৰ নগাওঁৰ পৰা বোকাখাত অভিমুখে দুখন গাড়ী ৰাওনা হল। আমি যোৱা খন আছিল উইংগাৰ। ড্ৰাইভাৰে একেবাৰে গুলি যোৱাদি গৈছে স্পীদত। বোকাখাত গৈ পালো 12:00 মান বজাত। নতুন আলহী যোৱাত ভিনদেউৰ ঘৰৰ মানুহৰ আলহ-উদহৰ অন্ত নাছিল। 1:30 মান বজাত নগাঁও ৰ পৰা যোৱা সকলক ভাত খাবলৈ দিলে। মইও গৈ খাবলৈ বহিলোঁ। খুলশালী বুলি জানি মোক

Read more

চিঙা চেণ্ডেল – গীতাঞ্জলী বৰা

ঘটনা ১: যোৱা বছৰৰ কথা, পৰীক্ষা এটাৰ সূত্ৰে দেউতাৰ লগত গুৱাহাটীলৈ গৈছিলোঁ। পিছদিনা পৰীক্ষা সেয়ে আগদিনাই গৈছোঁ। নতুন বাটাৰ চেণ্ডেল পিন্ধি জীনছ্ আৰু টপ লগত ছানগ্লাছ লগাই পুৰা সাজি কাচি গৈছোঁ। সব ঠিকেই আছিল তেনেতে খানাপাৰাত বাছৰ পৰা নামিব লৈছোঁহে দিলে নহয় আহল বহল চেহেৰাৰ এজনে মোৰ চেণ্ডেলত গচকি। উফ্…. যিটোহে গচক দিলে সেইপাটৰ ফিটা একে কোবেই ওলাই লৰ মাৰিলে। মই বোলোঁ, খা এতিয়া সুখেৰে। যেনে তেনে বাছৰ পৰা নামি ইফাল সিফালে চাই দেখোঁ মোৰ ফুটা কপাল এজনো মুচি নাই।

Read more

দোষ কাৰ? – ৰিতন বৰা

কলেজীয়া দিনৰ কথা। তেতিয়া মই চফল ডেকা। কাপোৰত ষ্টাইল, জোতাত ষ্টাইল, চুলিত ষ্টাইল, উফ ষ্টাইলেই ষ্টাইল। ঘৰৰ পৰা কলেজলৈ প্ৰায় ২০ – ২২ কিমি মান বাট। আজিকালিৰ দৰে বিভিন্ন ধৰণৰ সৰু গাড়ী নাছিল। আছিল কেইখনমান ঘেৰঘেৰীয়া দীঘল দীঘল বাছ। নিদিৰ্ষ্ট সময়ত লাইনমতে অহা যোৱা কৰে। ৰাতিপুৱা সময়ত গাড়ীত মানুহ ওপৰা ওপৰিকৈ উঠে। স্কুল কলেজ, অফিচ কাছাৰী আদিৰ মানুহ পাণ জপাদি জাপি নিয়ে। কাজেই তেতিয়া, কাপোৰ কানি জোতা মোজা, চুলি তাৰিৰ ধং নাইকিয়া হয়।শেষত উপায় একমাত্ৰ নগৰৰ চেলুনখন। সদায় বাছৰ পৰা

Read more
1 52 53 54 55 56 70