দোষ কাৰ? – ৰিতন বৰা
কলেজীয়া দিনৰ কথা। তেতিয়া মই চফল ডেকা। কাপোৰত ষ্টাইল, জোতাত ষ্টাইল, চুলিত ষ্টাইল, উফ ষ্টাইলেই ষ্টাইল।
ঘৰৰ পৰা কলেজলৈ প্ৰায় ২০ – ২২ কিমি মান বাট। আজিকালিৰ দৰে বিভিন্ন ধৰণৰ সৰু গাড়ী নাছিল। আছিল কেইখনমান ঘেৰঘেৰীয়া দীঘল দীঘল বাছ। নিদিৰ্ষ্ট সময়ত লাইনমতে অহা যোৱা কৰে। ৰাতিপুৱা সময়ত গাড়ীত মানুহ ওপৰা ওপৰিকৈ উঠে। স্কুল কলেজ, অফিচ কাছাৰী আদিৰ মানুহ পাণ জপাদি জাপি নিয়ে।
কাজেই তেতিয়া, কাপোৰ কানি জোতা মোজা, চুলি তাৰিৰ ধং নাইকিয়া হয়।শেষত উপায় একমাত্ৰ নগৰৰ চেলুনখন। সদায় বাছৰ পৰা নামিয়েই চেলুনখনলৈ যাব লাগে। তাতেই সকলো ঠিক ঠাক কৰি পুনৰ কলেজলৈ বুলি খোজ লওঁ। চেলুনখনত চাৰিজনে চুলি দাড়ি কাটিব পৰাকৈ চাৰিখন চকী তাত আৰু দুজনমান বেছিকৈ সোমাই দিলে ঠাই নাইকিয়া হয়।
এদিনৰ কথা চেলুনখনত চাৰিজনে চুলি দাড়ি কাটি আছে, মইও সোমাই মোৰ কাম বিলাক মানে কাপোৰ কানি, চুলি আদি ঠিক কৰি আছোঁ, তেনেতে কোনোবা পাকত মোৰ হাতখন কাষৰ নাপিতজনে গ্ৰাহক এজনৰ দাড়ি কাটি থকা হাতখনতে লাগিল।
কিন্তু কি এয়া!
মানুহজনৰ মোছ কোচাৰ এফাল দেখোন ক্ষুৰে উৰুৱাই লৈ গ’ল। হায় বিধি! মানুহজনে খঙতে দপদপাই উঠিল নাপিতজনক। নাপিতজনেও চাৰিওফালে ঘূৰি ঘূৰি চালে, কিন্তু কাটি থাকোতে কাৰনো গাত লাগি তেনে হ’ল একো পাত্তা নাপালে।
সেই সময়ত আজি কালিৰ দৰে ব্লেড লগোৱা ক্ষুৰ নাছিল, লোহাৰ চেপেটা কৰি ধাৰ দিয়া ক্ষুৰ আছিল। নহ’লে হয়তো থুতৰিও কাটি নিলে হয়। নাপিতজনক গ্ৰাহকজনে গালি পাৰিলেতো পাৰিলেই চেলুনৰ মালিকেও গালি পাৰিলে। পৰিবেশ টোৰ ৰেহৰূপ চাই ময়ো একান্ত মনে প্ৰভুক চিন্তি কলেজলৈ বাট বুলিলোঁ আৰু।
☆★☆★☆