চিঙা চেণ্ডেল – গীতাঞ্জলী বৰা
ঘটনা ১:
যোৱা বছৰৰ কথা, পৰীক্ষা এটাৰ সূত্ৰে দেউতাৰ লগত গুৱাহাটীলৈ গৈছিলোঁ। পিছদিনা পৰীক্ষা সেয়ে আগদিনাই গৈছোঁ। নতুন বাটাৰ চেণ্ডেল পিন্ধি জীনছ্ আৰু টপ লগত ছানগ্লাছ লগাই পুৰা সাজি কাচি গৈছোঁ।
সব ঠিকেই আছিল তেনেতে খানাপাৰাত বাছৰ পৰা নামিব লৈছোঁহে দিলে নহয় আহল বহল চেহেৰাৰ এজনে মোৰ চেণ্ডেলত গচকি।
উফ্…. যিটোহে গচক দিলে সেইপাটৰ ফিটা একে কোবেই ওলাই লৰ মাৰিলে। মই বোলোঁ, খা এতিয়া সুখেৰে।
যেনে তেনে বাছৰ পৰা নামি ইফাল সিফালে চাই দেখোঁ মোৰ ফুটা কপাল এজনো মুচি নাই। উপায় বিহীন হৈ দেউতাৰ ৯ নম্বৰী হাৱাই যোৰকে উলিয়াই পিন্ধি চিটী বাছলৈ বুলি খোজ ল’লোঁ। ৰাস্তাত যিমানে আগুৱাই গৈ আছোঁ সিমানে মানুহে মোলৈ চাই ফিচিকা ফিচিং কৰিছে। তেনে হাঁহিবোৰ সৰকি পালোঁগৈ যেনে তেনে হোটেল।
ঘটনা ২:
দুৰ্গা পূজাৰ দিন। মহা অষ্টমী পূজা। নতুন খাদিমৰ চেণ্ডেল এযোৰ কিনি ঠিকচে মেক আপ কৰি ওলালোঁ পূজা চাবলৈ। ঠিক আধা কিল’মিটাৰ মান গৈছোঁ হে বাওঁ ভৰিখনত দেখোন কিবা গধুৰ গধুৰ ফিলিংচ এটা আহিছে।
মনতে ভাবিছোঁ মইতো কোনো গোৱৰ গচকি অহা নাই, তেন্তে ইমান গধুৰ কিয় লাগিছে??
ভৰিখন জুমি চাই যি অৱস্থা দেখিলোঁ মোৰ চকুৰে চৌধ্য ভূবন দেখি গ’ লোগৈ। মোৰ চেণ্ডেলৰ তলিখনৰ অকণমান চুক এটাহে কোনোৰকম লাগি আছে বাকী খিনি ভাবক আৰু !!
উপায় নাই ওচৰৰে দোকান এখনৰ পৰা আঠা এটা কিনি এলেপা লগাই লৈ ধোদ মানুহৰ দৰে ভৰি চোচৰাই গৈ আছো ।
তেনেতে আহিল গেলাতে টেঙা দিবলৈ ধাৰাষাৰ বৰষুণ। সকলো দৌৰিছে দোকানবোৰৰ চালিৰ তললৈ, আৰু সেই সময়ত মই একমাত্ৰ যিয়ে ৰাজহংসৰ খোজেৰে দোকানৰ চালিলৈ বুলি গহীন খোজেৰে গৈ আছোঁ। মোৰ এই খোজ দেখি দুই একে চিঞৰিছে,
:মডেলজনীৰ গৰম উঠিছে সেয়ে বৰষুণ এনজয় কৰিছে ।
বিদ্যাশপত ইমান খং উঠিছে পিছে উপায়ো নাই, সেয়ে খঙে দুখে গৈ আছোঁ।
চিঙা ছেণ্ডেলে মোক কম লটিঘটি খুওৱা নাই কিন্তু দেই।
☆★☆★☆