ফটাঢোল

বৌ ভাতৰ লটিঘটি – চুইটলেনা দাস

২০১১ চনৰ জুলাই মাহৰে কোনোবা এটা দিনৰ কথা। বাক বেংগলী সম্পদায়ৰ লৰালৈ বিয়া দিয়া হৈছিল আৰু তেওঁলোকৰ নিয়ম অনুসৰি বিয়াৰ তিনিদিনৰ পিছত বৌ ভাত খাবৰ বাবে আমাৰ নগাওঁৰ পৰা বোকাখাত অভিমুখে দুখন গাড়ী ৰাওনা হল।

আমি যোৱা খন আছিল উইংগাৰ। ড্ৰাইভাৰে একেবাৰে গুলি যোৱাদি গৈছে স্পীদত। বোকাখাত গৈ পালো 12:00 মান বজাত। নতুন আলহী যোৱাত ভিনদেউৰ ঘৰৰ মানুহৰ আলহ-উদহৰ অন্ত নাছিল।

1:30 মান বজাত নগাঁও ৰ পৰা যোৱা সকলক ভাত খাবলৈ দিলে। মইও গৈ খাবলৈ বহিলোঁ। খুলশালী বুলি জানি মোক সকলোৱে মৰমতে সকলো বস্তু সৰহকৈ দিছে। সিফালে মই বাৰ বাৰ মানা কৰি আছোঁ যে মই ইমানবোৰ খাব নোৱাৰোঁ, তেওঁলোকো নেৰানেপেৰাকৈ লাগিছে নতুন ভনী আমাৰ কিয় নাখাবা তুমি খাবই লাগিব। উপায়বিহীন হৈ মইও যিমান পাৰোঁ খালো খায়ে ৰোৱা নাই ভিনদেউ হতৰ ঘৰৰ বিছনা এখন বিচাৰি লৈ উপৰমুৱা হৈ শুই আছোঁ। না ইকাটি হব পাৰোঁ না সিকাটি। পেট খোৱাৰ ভৰত টনটনীয়া হৈ গৈছে। তাতে এঘুমুটি গলো। তথাপি পেটৰ ভৰ নকমিল। ঘৰ আহিবৰ সময়ত মোক বিচাৰি বিচাৰি বিছনা খনত পাই পৰিয়ালৰ বা এজনীয়ে উঠাই আনিলে গাড়ীলৈ।

বোকাখাতৰ পৰা আকৌ নগাওঁলৈ আমাৰ ঘৰমুৱা যাত্ৰা। পিছে মোৰ দুৰ্ভাগ্য, বাগৰি পাৰ হলোঁ কি নাই পেটত খদম দম লগাবলৈ ধৰিলে নহয় মোৰ খাদ্য বোৰে। কলৈ যাওঁ কি কৰোঁ ভাৱি তত নোপোৱা অৱস্থা। ভগৱানক ইমান কাকূটি কৰিছোঁ যে, প্ৰভু মোক শক্তি দিয়া এটা যে মই ক’ৰবাত নামি সিবিধ কৰিব পাৰোঁ । নাইবা এই যন্ত্ৰণাৰ পৰা মুক্ত দিয়া। কিন্তু ঈশ্বৰে মোৰ একো কথাই নুশুনিলে। ইফালে মোৰ পেটত তাল,খোল,নেগেৰা লৈ যিখন হে নাচ দিব লাগিছে মই গাড়ীতে কেৰমেটা কেৰমেটি কৰি আহিছোঁ । মোৰ অৱস্থা দেখি গাড়ীৰ বাকী সকলোৱে গম পালে যদিও মোক একো উপায় দিব নোৱাৰিলে। তেনেকৈয়ে শাস্তি খাই খাই নগাওঁ পালোঁ আহি। এনে লাগিছে যে নগাওঁ ৰ পৰা 45 মিনিটৰ বাট মই উৰি আহি ঘৰ পাম। কিন্তু সেইদিনা গাড়ীখন যে আহি নাপায় হে নাপায়। ড্ৰাইভাৰ দাদাজনক কওঁ মাজে মাজে দাদা অ স্পীদ দিওঁকণা অলপ।

ঘৰৰ পদূলিত গাড়ী খন আহি পোৱা ৰ লগে লগে ড্ৰাইভাৰ গাড়ীখন ঘৰলৈ নিবলৈ ঘূৰাব খুজিছিল ইফালে মোৰ দৌৰা দৌৰি। তাৰ আকৌ গাড়ীখন হে ঘূৰোৱা সময়, সেয়ে যি হে কলো গাড়ী পিছত ঘূৰাব ৰব মোৰ লেট্ৰিন লাগিছে গাড়ী ৰাখক। সিও থতমত খাই গাড়ী ৰখালে আৰু মই একেদৌৰে লেট্ৰিনত।

মই গা ধুই ৰুম পাওঁ মানে মানুহবোৰ আহিছে আৰু নামি গাড়ী পৰা। পিছত আকৌ ড্ৰাইভাৰজনে মোৰ মামাক কৈছে “দাদা মোৰ আপোনালোকৰ ছোৱালী এজনী খুব পছন্দ হ’ল”। মামায়ে সুধিলে কোনজনী? সি হেনো কৈছিল গাড়ীৰ পৰা নামি হাগিবলৈ দৌৰ মৰাজনী।

☆★☆★☆

3 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি ভনী, লিখি থাকিবি

    Reply
  • হেমন্ত কাকতি

    লাষ্টৰ বাক্যটোতে হাঁহিত বাগৰি গলো৷ কিমান যে শান্তি পালা ছাগে সেইদিনা৷

    Reply
  • তোমাৰ লৰালৰি দেখি আৰু গাড়ী ৰখাবলৈ দিয়আ হুমকিতে পচন্দ হ’ল— হাঃ হা‍ঃ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *