ফটাঢোল

বজাৰ: অলকেশ ভাগৱতী

কেইটামান বস্তু কিনিবলৈ ৰাতিপুৱাই পানবজাৰলৈ আহিছিলোঁ৷ কি বস্তু এতিয়া পাহৰিলোঁ, তেতিয়া মনত আছিল…… পানী টেংকিৰ ওচৰত চিটি বাছৰ পৰা নামি খোজকাঢ়ি কিছুদূৰ অহাৰ পিছতেই ভাগৰ লাগিল৷ ইমান গৰম! পিয়াহত অণ্ঠকণ্ঠ শুকাই যোৱাত বাটতে ৰৈ কুঁহিয়াৰৰ ৰস এগিলাছ খাই ল’লোঁ৷ আস! এতিয়াহে ভাল লাগিছে৷ “সঁচাকৈয়ে প্ৰাকৃতিক বস্তুবোৰৰ সমান একো হ’ব নোৱাৰে৷ না Pepsi না Coca cola কুঁহিয়াৰৰ ৰস ইজ দা বেষ্ট৷” বেপাৰীটোক দহ টকা দি লাহে লাহে আগুৱাই আহিলোঁ৷ এশ মিটাৰমান আহিছোঁহে মাত্ৰ, আকৌ পিয়াহ লাগিল৷ ৰ’দটোৱে খাওঁ খাওঁ মূৰ্তি ধৰিছে৷

Read more

বিহুৰ ফিটা কাটা – ড° ঘনশ্যাম ডেকা

কলেজত পঢ়ি থকাৰে কথা৷ গাঁৱৰে মহাজনে বিহুত টকা এহেজাৰ দিলে আৰু ক’লে বিহুৰ ফিটা মইহে কাটিম৷ আমি ল’ৰা মখাই হয়ভৰ দিওঁ৷ টকা হেজাৰ শ্মশানৰ কাষৰ বানেশ্বৰৰ পঁজাত পাৰ্টি কৰি উৰুৱাই দিলোঁ টিলিকতে৷ বিহুৰ দিনা সন্ধিয়া যেতিয়া বিহু ফাংছন উদ্বোধনী হ’বৰ হয় তেতিয়াহে লেঠা লাগিল৷ মহাজনৰ বাবে ৰঙা ফিটা অনাই নহ’ল৷ এইফালে তেলীয়া সাৰেং যেন হৈ মহাজন আহি মঞ্চৰ প্ৰথম শাৰীতে বহি আছিল৷ আমি প্ৰথমবাৰৰ বাবে বিহু পাতিছিলোঁ৷ বিহু মানে কোনো ইচপিচেল আৰ্টিষ্ট নাই৷ আমাৰ গাঁৱৰে শিল্পী, আৰু আমাৰ গাঁৱৰে দৰ্শক৷

Read more

টকা দুহেজাৰ – হেমন্ত কাকতি

নব্বৈৰ দশকৰ কাহিনী৷ মই তেতিয়া বৰাক ভেলীৰ পাঞ্চগ্ৰামত কৰ্মৰত৷ সেই সময়ত এটিএম অসমলৈ অহাই নাই৷ বেঙ্কলৈ গৈ লাইন ধৰি পইছা উলিয়াব লাগে৷ লাইফ ইনচিউৰেঞ্চৰ বছৰেকীয়া প্ৰিমিয়াম এটা দিবলৈ বেঙ্কৰপৰা উলিয়াই আনিছিলো দুহেজাৰ টকা৷ কাউণ্টাৰৰপৰা উলিয়াই অনা গৰম গৰম এশটকীয়া নোটকেইখন গণি গণিয়েই পাঞ্চগ্ৰাম চেণ্ট্ৰেল বেঙ্কৰ চিৰিয়েদি ফাৰ্ষ্ট ফ্ল’ৰৰপৰা তললৈ নামি আহিছোঁ৷ তেতিয়াৰ এশটকীয়া মানে আজিৰ হাজাৰটকীয়াৰ সমান বুলি ধৰকচোন৷ খমখমীয়া নোটকেইখন হাতত আৰু গোন্ধটো নাকত লাগিয়েই আছিল৷ “আৰে কাকতি দেখোন! ভাল নে? বাপৰে! আপোনাক যেন ভগৱানেহে পঠিয়াইছে মোৰ ওচৰলৈ!” –

Read more

ৰামজীচাচা আৰু কলডিলৰ ভাজি – ৰঞ্জু শৰ্মা

হঠাৎ কালি ৰামজীচাচালৈ মনত পৰিছিল। মোৰ বিয়াৰ ঠিক পিছতেই কইনা চাবলৈ আহি চাচীয়ে বনোৱা এবটল ৰঙা জলকীয়াৰ আচাৰ  উপহাৰ দিয়া ৰামজীচাচা। ৰামলাল ওৰফে ৰামজীচাচা জন্মসূত্রে বিহাৰী হ’লেও হাড়ে হিমজুৱে অসমীয়া। এতিয়া বুঢ়া হ’ল। বয়সো প্রায় আশীৰ ওচৰা-ওচৰি হ’ব। বিহাৰৰ কোনোবা এখন অখ্যাত গাঁৱৰ পৰা প্রকৃততে কোন চনত ৰামলাল আহি অসম মুলুক ওলাইছিলহি সেই কথাবোৰ জনাৰ কোনো উপায় নাই। এতিয়া হয়তো তেওঁৰ নিজৰো মনত নাই। মাথো মনত আছে যিদিনা তেওঁ সেই গাঁৱলীয়া সৰু হল্টটোৰ (আগতে বিহাৰৰ মাজত ষ্টেচন নোহোৱাকৈয়ো কিছুমান ট্রেইন

Read more

মোৰ ক্ষেত্ৰত এনে হৈছিল – নিপুল ভট্টাচাৰ্য্য

দুবছৰৰ আগৰ কথা৷ মই ৰৈ আছিলোঁ আৰ্য বিদ্যাপীঠ কলেজৰ সমুখত বন্ধু এজনৰ অপেক্ষাত৷ কলেজৰ ল’ৰা ছোৱালীৰে ভৰি আছিল ঠাই টুকুৰা৷ এনেতে তিনিজন কলেজীয়া ল’ৰা আহি মোক মাত লগালে, : দাদা অলপ সহায় লাগিছিল আপোনাৰ পৰা৷ মই ল’ৰা তিনিজনৰ মুখলৈ চালোঁ, সৰু ল’ৰা৷ মুখ কেইখন চাই অমায়িক যেনেই লাগিল৷ মই সুুধিলোঁ, : কি সহায় লাগে কোৱা পাৰিলে নিশ্চয় কৰিম৷ তেতিয়া এজনে ক’লে, : দাদা আজি আমাৰ ফাইনেল পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন, কিন্তু প্ৰব্লেম হৈছে ইয়াক লৈ৷ ওখ ল’ৰাজনলৈ দেখুৱাই এজনে ক’লে৷

Read more

অভিনয় আৰু ট্ৰেজেদি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

জালুকবাৰীত পঢ়ি থাকোঁতে আমি ছজন হোষ্টেলীয়াৰ মনত এবাৰ একেসুৰৰ অনুৰণন বাজিল৷ ‘কলেজ-উইক’ৰ নাট প্ৰতিযোগিতাত ভাগ লৈ আমাৰ অভিনয় দক্ষতাৰে আকাশ-বতাহ কঁপাই দিয়াৰ তীব্ৰাকাংক্ষাই আমাক ব্যাকুল কৰি তুলিলে৷ কথাতেই কয়- মন গ’লেই চন, বাকৰি মাটিতেই ধন৷ আমিও আমাৰ ইপ্সিত লক্ষ পূৰণাৰ্থে চিধাই গৈ স্বনামধন্য নাট্যকাৰ, পৰিচালক নৰেন পাটগিৰিৰ ঘৰ ওলালোঁগৈ৷ আমাৰ ভিতৰত লুকাই থকা একো-একোজন ‘চাৰ্লি চেপলিন’ৰ উমান পায়েই হওক বা আমাৰ উৎসাহ দেখিয়েই হওক তেখেত নাটক শিকাবলৈ আমাৰ হোষ্টেললৈ আহিবলৈ সন্মত হ’ল৷ কলেজ উইকলৈ বুলি কম দিন থকা সময়তহে এনে

Read more

আকাশীযানেৰে ভ্ৰমণ – কমলা দাস

২০০৪ চনৰ কথা৷ মোৰ প্ৰথম আকাশীযানেৰে ভ্ৰমণ। সেইটো চনত মই National Micro Entrepreneur Award লাভ কৰিছিলোঁ। চৰকাৰে এৱাৰ্ডটো আনিবলৈ দিল্লীলৈ মাতিলে৷ লগতে থকা-খোৱা পাঁচ তাৰকা হোটেল আৰু অহা-যোৱা আকাশীযানৰ সুবিধাৰ সৈতে। জীৱনত প্ৰথম বাৰ আকাশীযানেৰে ভ্ৰমণ, তাকো অকলে অকলে। ভয় ভয় ভাবেৰে (যদিও লোকক দেখুওৱা নাছিলোঁ) বৰঝাৰ বিমানবন্দৰলৈ গৈ, সকলো ফৰ্মেলিটি পাৰ হৈ কোনোমতে প্লেনত বহিলোঁগৈ। গপচত বহি আছোঁ। চৰকাৰী খৰচত গৈছোঁ বুলি অহং ভাৱ এটাও মনলৈ আহিছে। যিহেতু চৰকাৰৰ আলহী হৈ আহিছোঁ গতিকে প্লেনত মোক যি যি লাগে সকলো

Read more

এপাত চেণ্ডেল – মৃদুলা গগৈ

জাগীৰোডত পাঁচ মিনিট মান ৰ’লেই প্ৰায়েই শিৱসাগৰলৈ যাবলৈ গাড়ী পাই যাওঁ। মানে ভালকৈ বহি যাবলৈ পোৱা গাড়ী। সেইদিনানো কাৰ মুখ দেখি আহিলোঁ নাজানো। নাই, ঘণ্টা পাৰ হ’ল ছীট থকা গাড়ী নাই। হাত দাঙি দাঙি ভাগৰি গৈছোঁ। যিমানে সময়বোৰ পাৰ হৈছে মোৰো সিমানে চাটি-ফুটি লাগিছে। বাৰটা বাজিবৰে হ’ল। অকল ঘৰলৈ গৈ পালেই হ’ল বুলিলেও একো নাছিল। মই গৈ পাবগৈ লাগিব এখন বিয়া, তাকো দৰাই কইনা আনিবলৈ যোৱাৰ আগত। একে ঠাইতে ৰৈ থাকিব পৰা নাই যি গাড়ী দেখিছোঁ তাতে হাত দাঙিছোঁ। ভুলতে

Read more

ফ্ৰী ৰিচাৰ্জ – ৰাজু কুমাৰ নাথ

কেইবছৰমানৰ আগৰ কথা। গুৱাহাটীৰ পৰা আবেলি তেজপুৰ অভিমুখী “মেঘা” বাছখনত আহি আছোঁ। তিনিদিনকৈ একেৰাহে জি এম চি এইচত বেমাৰী ৰখীয়া হৈ ঘৰলৈ মোৰ উভতনি যাত্ৰা। দূৰযাত্ৰাত গাড়ীত উঠিলেই মোৰ শুৱাৰ অভ্যাস। ঘৰলৈ আহি আছোঁ বুলি খবৰটো দি মোবাইলটো চুইছ অফ কৰি ল’লোঁ। কাষৰ ছীটৰ যাত্ৰী মোৰ মাজু খুড়া। খুড়া আকৌ “নমো নমো পাৰিজাত”, পুৱাই তেজপুৰৰ পৰা বেমাৰীৰ খবৰ ল’বলৈ আহিছিল। ‘ভকত মানুহ’ ক’তো একো বাহিৰা বস্তু নাখায়। খুড়ীয়ে দি পঠোৱা ভিজোৱা বুট আৰু কলকে খাই মাজে মাজে অধোবায়ু এৰি পৰিবেশটো

Read more

ফটাঢোলৰ জ্বালা – সদানন্দ ভূঞা

ৰাইজসকল,  আজি মোৰ জীৱনৰ লটিঘটিৰ বিষয়ে ক’ব খোজা নাই । আজি মই ক’ব বিচৰা লটিঘটি সমূহ হ’ল ফটাঢোল প্ৰীতি সন্মিলনীৰ লটিঘটি। আই ঐ, কি যে লটিঘটি হ’ল ঐ। কওঁনো কি স’তে বাৰু ? নাপায় দেই নাপায়, কাৰো জীৱনত এনেকুৱা লটিঘটি হ’ব নাপায়। নক’লেনো আপোনালোকে কেনেকৈ জানিব? সেয়ে জনায়ে দিওঁ আৰু ন? তেন্তে মোৰ দুখৰ লটিঘটিখিনি শুনক আৰু৷ বিগত ৩০ চেপ্তেম্বৰ’ ২০১৮ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত ফটাঢোল প্ৰীতি সন্মিলনখনি অনুষ্ঠিত হৈ গ’ল। ময়ো যাম বুলি সিদ্ধান্ত লৈ যোৱা বিছ চেপ্তেম্বৰত লিডুলৈ গৈ

Read more
1 53 54 55 56 57 70