শ্ৰদ্ধাঞ্জলি – দিগন্ত কুমাৰ ভট্টাচাৰ্য
: বুজিছ নে, বৰ্মন দা যদি ফে’চবুকত থাকিলেহেঁতেন, ফালি দিলেহেঁতেন গুটখাৰ পেকেটটো ফালি গুটখাখিনি মুখত ঢালি সংঘৰ এজনে লগৰজনক ক’লে। : কৈছ হে নে, নাৰীৰ লাইন লাগি গ’লহেঁতেন। কবিতা লিখা মানুহ ভাই! আনজনে এইবাৰ সৰু সৰুকৈ কথাখিনি কৈ ফিচিককৈ হাঁহিলে। গুটখাই মুখখন ভৰাই ৰখা বাবে সেইজনে সশব্দে হাঁহিব নোৱাৰিলে যদিও সি মুখৰ অংগী-ভংগীৰেই বুজালে যে কথাষাৰ শুনি সি হাঁহিত ফাটি পৰিছে। অলপ আঁতৰত বহি থকা বৰ্মন পত্নী হৰবালাই সিহঁতে কিয় হাঁহিলে, বুজি নাপালে, নুশুনিলে। নৃপতি বৰ্মন ঢুকোৱাৰ দুদিন হৈ গ’ল।
Read more