ৰাম বিলাচ পাছোৱান – অমিতাভ মহন্ত
: ডাক্তৰ মোৰ সমস্যাটো এয়াই যে মই ৰাতি যিয়েই সপোন দেখোঁ, পিছদিনা সেয়া সঁচাকৈ ঘটে৷
: মানে?
: মানে কালি মই সপোন দেখিছিলোঁ যে মই এজন চাইকিয়াট্ৰিষ্টৰ তালৈ গৈছোঁ আৰু চাওক, আজি মই ইয়াতে৷
চাইকিয়াট্ৰিষ্ট সমুদ্ৰই সন্মুখত বহা ল’ৰাটোলৈ মন দি চালে৷ মধ্যমীয়া গঢ়ৰ এক যুৱক৷ চুলি সামান্য কম৷ দেখিবলৈ আকৰ্ষণীয়৷ সমুদ্ৰই আগন্তুকক প্ৰশ্ন কৰিলে৷
: আপোনাৰ নামটো?
: বাসৱী, বাসৱী বৰুৱা৷
: হোৱাট! এয়াতো ছোৱালীৰ নাম৷ আপুনিতো ল’ৰা৷
: নামেৰে কিনো হয় ডাক্তৰ চাহাব৷ আপুনি নাম বাদ দিয়ক৷ সমস্যাত গুৰুত্ব দিয়ক৷
সমুদ্ৰৰ লাহেকৈ মূৰটো বেয়া হৈছিলেই কিন্তু উপায় নাই৷ এনেই ডাক্তৰ, তাতে আকৌ……
: বাৰু৷ তাৰমানে আপুনি যি সপোন দেখে সেইবোৰ পাছদিনা সঁচা হৈ যায়৷
: একদম৷ মানে কালি মই সপোন দেখিছিলোঁ যে মই এজন চাইকিয়াট্ৰিষ্টৰ তালৈ গৈছোঁ আৰু চাওক, আজি মই ইয়াতে…
: এইটো উদাহৰণ মই শুনিলোঁৱেই আৰু তেনেকুৱা কিবা?
: নাই তেনেকুৱা আৰু বিশেষ নাই কিন্তু কালি ৰাতি মই দেখিছিলোঁ যে মই এজন চাইকিয়াট্ৰিষ্টৰ তালৈ গৈছোঁ৷ আৰু চাওক, আজি মই ইয়াতে…৷ কওক এতিয়া কি ক’ব? ইজ নট ইট এমেজিং!
সমুদ্ৰৰ মুখেৰে এটা মা বিষয়ক গালি বাহিৰ হ’ব খুজিছিল৷ কোনোমতে নিজকে ৰখালে৷ ডাক্তৰ মানুহৰ মুখখন অশ্লীল হ’লে পৃথিৱী নচলে, বিশেষকৈ চাইকিয়াট্ৰিষ্টৰ৷ যথেষ্ট শান্ত স্বৰত সমুদ্ৰই আৰম্ভ কৰিলে,
: চাওক মিষ্টাৰ বাসৱী বৰুৱা, আজি আপুনি ইয়াত নাহিলেই হ’লহেঁতেন৷ তেতিয়া আপোনাৰ সপোনো সঁচা ন’হলহেঁতেন৷ হয়নে?
: কিন্তু সেয়া নহ’ল, মই আহি গ’লোঁ৷ তাৰমানে কি? মোৰ সপোন সঁচা হ’ল৷
মহা বিপদ! এই অহৌবলীয়াটোক লৈ কি কৰা যায়৷ উপায় নাপায় সমুদ্ৰই প্ৰেচক্ৰিপশ্যনত এটা শ্লিপিং টেবলেট লিখি দিলে৷
: এইটো প্ৰতিদিনে টোপনিৰ আগত খাব৷ প্ৰব্লেম ঠিক নহ’লে এসপ্তাহৰ পাছত দেখা কৰিব৷
বাসৱী এসপ্তাহ পাছত নাহিল কিন্তু তাৰ সলনি চেম্বাৰলৈ আহিল এগৰাকী যুৱতী৷
ডাক্তৰ, মোৰ সমস্যাটো হ’ল যে মই যি সপোন দেখোঁ সেইবোৰ কোনোদিনেই দিঠকত সঁচা নহয়৷
: যেনে?
: ধৰক কালি মই সপোনত এজন ইঞ্জিনিয়াৰৰ কাষলৈ গৈছিলোঁ কিন্তু দেখিলেনে বাস্তৱত কি হ’ল? মই ডাক্তৰৰ চেম্বাৰত বহি আছোঁ৷
সমুদ্ৰই ছোৱালীজনীলৈ মন দি চালে৷ বয়স খুব বেছি পচিশমান হ’ব৷ দেখাত ধুনীয়াৰ শাৰীত নপৰে৷ গালদুখন গোলাপী, টনা টনা চকু, বগা মেদৰহিত শৰীৰ, হাঁহিলে গালত ডিম্পল পৰে৷
প্ৰেচক্ৰিপশ্যন লিখিবলৈ ৰৈ সমুদ্ৰই প্ৰশ্ন কৰিলে,
: আপোনাৰ নাম?
: অতনু চৌধুৰী৷
: কিন্তু এয়াতো ল’ৰাৰ নাম? আপোনাক দেখি কোনোফালৰপৰা ল’ৰা যেন নালাগে৷
: তাতে কি হ’ল? আপোনাক দেখি জানো হোটেলৰ ৰান্ধনি যেন লাগে৷
ধেই পাগলসোপা! সমুদ্ৰৰ যোৱা সপ্তাহৰ সেই বাসৱী বৰুৱালৈ মনত পৰিল৷ এইসোপাৰ লগত কথা বঢ়াই লাভ নাই৷
: বাৰু! আপুনি সপোনত দেখিলে যে আপুনি ইঞ্জিনিয়াৰৰ কাষলৈ গৈছে অথচ আপুনি বহি আছে ডাক্তৰৰ চেম্বাৰত৷ ঠিক?
: একদম৷
: আচ্ছা, মোক এটা কথা কওক, আপুনি কিয় ইঞ্জিনিয়াৰৰ কাষলৈ যাব? আপুনি ডাক্তৰৰ কাষতেই আহিব৷ ইঞ্জিনিয়াৰৰ কাষলৈ মানুহ যায় নেকি? নে কি কয়?
: কিয় নাযাব? ময়েই প্ৰায় সদায় যাওঁ৷
: কিয়?
: কাৰণ ইঞ্জিনিয়াৰজন মোৰ বয়ফ্রেন্ড৷
সমুদ্ৰই কিছু সময় তলমূৰ কৰি কিবা ভাবিলে৷
: যদি মোৰ কোনো ভুল হোৱা নাই তেন্তে আপোনাৰ ইঞ্জিনিয়াৰ বয়ফ্ৰে’ণ্ডৰ নাম বাসৱী বৰুৱা?
: ৱাও! আপুনি কেনেকৈ জানিলে?
এসপ্তাহৰ শ্লিপিং টেবলেটৰ চেম্পল দি সমুদ্ৰই অতনুক বিদায় দিলে৷ মূৰটো বিষাইছে, জিৰণিৰ খুবেই প্ৰয়োজন৷
ঠিক এসপ্তাহ পাছত বাসৱী আৰু অতনু একেলগে চেম্বাৰত হাজিৰ৷ সমুদ্ৰই পলাবলৈ কোনো সুৰুঙাই নাপালে৷ বাসৱীয়ে আৰম্ভ কৰিলে৷
: ডাক্তৰ! এইবাৰৰ সমস্যা আৰু জটিল৷ মই যি সপোন দেখোঁ সেয়া মোৰ প্ৰেমিকাই নেদেখে৷ তাই বেলেগ সপোন দেখে৷
সমুদ্ৰই পেপাৰৱেইটটো তুলি লৈছিল৷ বহুত কিবাকিবি ভাবি সেইটো আকৌ ঠাইত থৈ দিলে৷
: চাওক বাসৱী, এয়া খুবেই স্বাভাৱিক৷ আপুনি যি সপোন দেখিব সেয়া আপোনাৰ প্ৰেমিকাই নেদেখে৷ কোনোমতেই নেদেখে৷ ইন ফেক্ট দেখাৰ দৰকাৰো নাই৷ তেখেতে বেলেগ সপোনেই দেখিব৷
: কিন্তু মোৰ সপোন দিঠকত হৈছে৷ প্ৰেমিকাই দেখা সপোন দিঠকত হোৱা নাই৷
: যেনে?
: মই আপোনাৰ তালৈ অহা সপোন দেখিছিলোঁ৷ সেয়া দিঠকত পৰিণত হ’ল৷ তাই দেখিছিল গাড়ীৰ শ্ব’ৰূমলৈ যোৱাৰ৷ আপুনিয়েই কওক, এইটো জানো গাড়ীৰ শ্ব’ৰূম?
পইণ্ট! সমুদ্ৰই মানিবলৈ বাধ্য হ’ল যে এয়া সঁচাকৈ কোনো গাড়ীৰ শ্ব’ৰূম নহয়৷ বাসৱীয়ে খিলখিলাই হাঁহিলে,
: চাওক ডাক্তৰ, তাই গাড়ীৰ শ্ব’ৰূমলৈ নগৈ আপোনাৰ কাষলৈ আহিছে৷ তাৰমানে কি? তাইৰ সপোনবোৰ বাস্তৱ নহয়৷
সমুদ্ৰই এইবাৰ একেলগে দুটামান সেপ ঢুকিলে৷ কি কোৱা উচিত? সমুদ্ৰই চুপচাপ থকা দেখি অতনুৱে মাত লগালে,
: ছাৰ মই বাসৱীক কৈছিলোঁ গাড়ীৰ শ্ব’ৰূমলৈ যোৱাৰ কথা৷ নামানিলে৷ জোৰ জবৰদস্তি আপোনাৰ কাষলৈ মোক লৈ আহিছে৷
সমুদ্ৰৰ বিশেষ কথা আগবঢ়াবলৈ মন নগ’ল৷
: মই যে টোপনি অহা ঔষধ দিছিলোঁ, দুয়ো সময় মতে খাইছেনে?
: হয় সদায় পুৱা এটাকৈ খাইছোঁ কিন্তু তাৰ পাছত গোটেই ৰাতি টোপনি ধৰি থাকে৷ একো কামতেই মন নবহে৷ দুদিন অফিচৰ মিটিঙতেই শুই গৈছিলোঁ৷ কোনোমতেহে চাকৰি যোৱাৰপৰা বাচিছোঁ৷
এইবাৰ কাষৰপৰা মিচ অতনু চৌধুৰীয়ে মাত দিলে,
: হয় ছাৰ, মোৰো একেই সমস্যা৷ গোটেই ৰাতি টোপনি ধৰি থাকে৷
: কিন্তু মইতো প্ৰেচকিপশ্যনত স্পষ্টকৈ লিখিছোঁ ৰাতি খোৱাৰ পাছত খাবলৈ৷ ভালকৈ পঢ়ক, তাত 0-0-1 বুলি লেখা আছে।
: উহুঁ, ভুল।
: মানে?
: মানে ওলোটাকৈ ধৰিলেই এয়া 1-0-0 বুলি দেখোৱাই৷ তাৰমানে কি? ৰাতিপুৱাই খাব লাগিল ন?
: আৰে! ওলোটাকৈ কিয় ধৰিব আকৌ?
: আপুনি জানো কৈছে প্ৰেচকিপশ্যন কেনেকৈ ধৰিম৷ যিহেতু কোৱা নাই, গতিকে আমি নিজৰ মতে ধৰিছোঁ৷
সমুদ্ৰই একেবাৰতে স্বীকাৰ কৰিলে যে তেওঁ কোৱা নাই৷ ইনফেক্ট আজিলৈ কোনো ডাক্টৰেই চাগে ৰোগীক কোৱা নাই যে প্ৰেচক্ৰিপশ্যনখন কেনেকৈ ধৰিব লাগে৷ সমুদ্ৰ মানসিক ৰোগৰ ডাক্তৰ৷ জীৱনত বহুত ৰোগী চালে, কিন্তু এইৰকমৰ ৰোগী ক’তো পোৱা নাই৷ যিমান পাৰে শান্ত স্বৰত সমুদ্ৰই ক’লে,
: ঔষধবোৰ ৰাতি খাব দেই!
আকৌ এসপ্তাহ পাছত৷
: ডাক্তৰ আমি দুয়ো সপোন দেখিছোঁ, একেই সপোন৷ কিন্তু সপোনবোৰ সঁচা হোৱা নাই৷
: মানে?
: মানে সপোনৰ মতে আজি আমাৰ মন্দিৰত বিয়া৷ কিন্তু আমি মন্দিৰৰ সলনি আপোনাৰ চেম্বাৰত বহি আছোঁ৷
: দুইজনে একেই সপোন দেখিছে?
: হয়৷
: শ্লিপিং টেবলেট সময়ত খাইছেনে?
: খাইছোঁ৷
: কালি খাইছে?
: খাইছোঁ৷ কিন্তু কাম দিয়া নাই৷ গোটেই দিনটো টোপনি লাগি থাকে৷ পৰহি ক্লায়েণ্টৰ বুকুৰ মাজত কুচিমুচি শুই আছিলোঁ৷ বৰ্তমান মই বেকাৰ৷ চাকৰি বিচাৰি আছোঁ৷
: আৰে! মই দেখোন ক’লোঁ ৰাতি খোৱাৰ পাছত খাবলৈ৷
: একদম৷ মই আমেৰিকাৰ সময়মতে ৰাতি খাইছোঁ, ঘড়ীৰ কাটা মিলাই৷
: কি? কিয়?
: আপুনিতো আমাক কোৱা নাই কোন দেশৰ ঘড়ীমতে খাম৷
কেশ বিষয়ক অশ্লীল গালি এটা পাৰি সমুদ্ৰই দুয়োৰেফালে চোঁচা ল’লে৷ সেই গালিটোৰ আঁত ধৰি মুখেৰে বাহিৰ হৈ আছে ব্যাকৰণ বৰ্হিভূত এসোপা গালি৷ সমুদ্ৰৰ চিঞৰ বাখৰ শুনি তেখেতৰ পতি দৌৰ মাৰি আহিল৷
: কি হৈছে? আকৌ সপোন দেখিছা?
: উফ! হয়, আকৌ!
বেডচুইচ টিপি লাইটটো জ্বলাই ল’লে৷ ঘামি জামি হাঁহাকাৰ পৰিস্থিতি৷ তেখেতৰ পতিয়ে চিন্তিত স্বৰত ক’লে৷
: কাইলৈ এবাৰ এজন নতুন চাইকিয়াট্ৰিষ্টৰ তালৈ যাব লাগিব৷ মই চুটি ল’ম কাইলৈ৷
: মই দেখোন নিজেই চাইকিয়াট্ৰিষ্ট!
: ৰ’বাহে৷ ক’ৰ চাইকিয়াট্ৰিষ্ট৷ তুমি উকীলহে৷
: কিন্তু সপোনততো মই চাইকিয়াট্ৰিষ্ট৷
: তাতে কি হ’ল? বাস্তৱত তুমি উকীলেই৷ কাইলৈ আমি যাম৷ মই এপইণ্টমেণ্ট লৈ ল’ম
পাছদিনা-
: ডাক্টৰ মই পাগল হৈ যাম৷ মই সপোনত সিহঁতক দেখোঁ৷ সিহঁতে মোক নিজৰ সপোনৰ কথা কয়৷ মই নোৱাৰিছোঁ৷
চাইকিয়াট্ৰিষ্ট অঙ্গদে সন্মুখত বহি থকা মধ্যবয়সীয়া মহিলাগৰাকীক মন দি চালে৷
: আপোনাৰ নাম?
: সমুদ্ৰ দুৱৰা৷
: হোৱাট? এয়াটো পুৰুষৰ নাম৷
: মইতো পুৰুষেই!
: নাহ৷ আপুনি এগৰাকী মহিলা৷
: সেয়া বাস্তৱ জীৱনতহে৷ সপোনত মই এজন পুৰুষ৷ আপোনাতকৈ বেছি বিখ্যাত এজন চাইকিয়াট্ৰিষ্ট৷
চাইকিয়াট্ৰিষ্টে খঙ কৰিলে বেয়া দেখি৷ অঙ্গদে আকৌ আৰম্ভ কৰিলে৷
: বাস্তৱত আপোনাৰ নামটো কি তাকে কওক৷
: ক’লোঁ দেখোন৷ সমুদ্ৰ দুৱৰা৷
: মই বাস্তৱৰ নামটো সুধিছোঁ৷
: আৰে সপোনত এয়াই বাস্তৱ৷
: চুপ, আকৌ উল্টাপাল্টা ক’লে পুলিচ মাতিম কিন্তু৷
: মোক ধমকি দিছে? মই আপোনাৰ বিৰুদ্ধে ক’ৰ্টলৈ যাম৷ আপুনি জানেনে মই এজন উকীল?
: গুড! আপুনি বাস্তৱলৈ আহিছে৷ পটাপট নাম আৰু বয়স কওক৷
: ৬০ বছৰ৷
: কি? আপোনাক দেখি ৪৫ৰ বেছি যেন একদম লগা নাই৷
: কিন্তু সপোনত মোৰ বয়স ৬০য়েই৷
প্ৰচণ্ড জোৰে চিৎকাৰ কৰি বাগৰি পৰিল অঙ্গদ৷ শব্দ শুনি সিটো কোঠাৰপৰা মাক দৌৰি আহিল৷
: কি হ’ল জোন? আকৌ সপোন দেখিছা৷
: অ’ মা৷ মই চাইকিয়াট্ৰিষ্ট৷ মোৰ নাম অঙ্গদ৷
জোনৰ মূৰত হাত বুলাই দিলে মাকে৷
: এতিয়া শুই যোৱা জোন৷ বেছিকৈ ম’বাইলত ভিডিঅ’ চোৱা বাবে হৈছে চাগে৷
: না মা, শুলেই আকৌ সপোন দেখিম৷ মই নুশুও আজি৷
: একো নহয় জোন৷ মই আছোঁ নহয়৷
@#₹%&*-+)(#/”/”-₹?!#/#
সকলোবোৰ কিবা খেলিমেলি৷ একোৱেই ভাল লগা নাই অতনুৰ৷ বাৰাণ্ডাখনত অক’লে বহি আছে অতনু৷ ঘড়ীটোলৈ চালে, ৰাতি দুটা বাজিছে৷ ইমান সময়ে বাসৱী চাগে শুইছে৷ তথাপি কিবা এটা ভাবি ফোন লগালে অতনুৱে৷
: অতনু কোৱা৷ ইমান ৰাতি? এনী প্ৰব্লেম?
: তুমি দুদিনমানৰ চুটি লৈ আঁহানা৷
: বিহুত যামেই দেখোন৷
: নহয় তুমি এতিয়াই আঁহা৷ বিহুলৈ বহু দিন আছে৷
: অতনু কি হৈছে খুলি কোৱা মোক৷
: কিনো ক’ম৷ সেই একেই সমস্যা৷ জোনে সদায় সপোনবোৰ দেখি শুব নোৱাৰে৷ মই মাকজনীয়ে অ’কলে কিমান চম্ভালিম৷ মই নোৱাৰিছোঁ বাসৱী! তুমি এবাৰ আহি যোৱানা প্লিজ!
☆ ★ ☆ ★ ☆
11:51 am
মূৰটো হে ঘূৰাই গল । মইও যাব লাগিব ডাক্তৰৰ তাত
8:37 pm
ময়ো যাব লাগিব এতিয়া! আচলতে কোন কি আৰু ক’ত??????
12:11 pm
এজন ভাল চাইকিয়াট্ৰিষ্টৰ নাম ক’বচোন। ময়ো যাব লাগিব।
1:34 pm
ভাল লাগিল
6:51 pm
কি সাংঘাতিক গল্প হে। ময়ো যাব লাগিব যেনহে পাইছোঁ চাইক্ৰাটিষ্ট বিচাৰি।
বঢ়িয়া লাগিল।
10:45 pm
সাংঘাতিক
9:06 am
কিহত সোমালোঁ যেন লাগি গ’ল! কি সাংঘাতিক গল্প!
11:42 am
কেশ বিষয়ক গালি এটাহে দিলো আৰু৷
1:02 pm
মজা লাগিল