ফটাঢোল

ব’লা – ভাস্কৰ জ্যোতি বৰুৱা

চেগুনৰ পাহাৰটোৰ দাঁতিৰে উঠি-নামি একা-বেঁকাকৈ আগবঢ়া ৰঙচুৱা কেচা ৰাস্তাটোৰে গৈ গৈ তুমি হঠাৎ ৰৈ দিলা। সন্মুখত বাঁহৰ বেৰ আৰু খেৰৰ চালেৰে কুটীৰ বুলিব পৰা সৰু ঘৰটো। ৰাস্তা আৰু পাহাৰৰ আৰম্ভ হোৱা হেলনীয়াখিনিৰ মাজৰ তাকৰীয়া সমতলভাগত অবৈধ অধিগ্ৰহণেৰে নতুনকৈ ঠিয় হোৱাৰ সকলো লক্ষণেই সেই কুটীৰৰ গাত প্ৰকট। দুৱাৰখন বন্ধ। বাঁহৰ বেৰ এখন এজনে লেপি আছে। এইটোৱেইতো হ’ব লাগে। তথাপি অধিক প্ৰমাণৰ বাবে তুমি চকু ঘূৰালা৷

চাকৰিৰ বাবে প্ৰতিযোগিতামূলক লিখিত পৰীক্ষা দিবলৈ অচিনাকি পৰীক্ষা কেন্দ্ৰ বিচাৰি গৈ গৈ সেই স্থানৰ কাষত অন্য পৰীক্ষাৰ্থীক দেখি এদিন যেনেকৈ তুমি সকাহ পাইছিলা, সেইদিনাও তাইক অনতি দূৰত ঠিয় হৈ থকা দেখি স্বস্তিৰ নিশ্বাস পেলালা – হয়, সঠিক স্থানতে আহি তুমি উপস্থিত হৈছাহি কিন্তু কেইটামান অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত আনৰ হাতত এডিমিট কাৰ্ড দেখিহে যেনেকৈ তোমাৰ মনত পৰিছিল – নিজৰখন আনিবলৈ পাহৰিলা, সেই দিনাও তাইৰ হাতত থকা এখন কাঁহীত কেইপাহমান ফুল, সস্তীয়া ধূপৰ এটা পেকেট, এগছ নজলোৱা চাকি আৰু জুইশলাৰ বাহটো দেখিহে তোমাৰ উপলব্ধি হ’ল – তুমি কি ভুল কৰিলা। কাষত এনে কোনো দোকানো নাই যে তাৎক্ষণিকভাৱে বস্তুকেইপদ তুমি যোগাৰ কৰি ল’বা। অৱশ্যে তুমি তাহানি পৰীক্ষা নিদি উভতি অহাৰ দৰে সিদ্ধান্ত সেই দিনা নল’লা। কাৰণ অভিজ্ঞতাই তোমাক অধিক নিলাজ আৰু ৰিস্ক ল’ব পৰা কৰি নি আছিল। ঠিক যিদৰে আনে দিয়া বিয়াৰ উপহাৰৰ কাষত ৰৈ এক সাৰ্থক অভিনয়ৰে সেই উপহাৰত তোমাৰো অৰিহণা আছে ধৰণৰ বাৰ্তা এটা বিয়পাই দিবলৈ সক্ষম হৈছিলা, সেৱা লওঁতেও একে পৰ্যায়ৰ অভিব্যক্তিৰে সমস্যাটো সমাধান কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হ’লা।

বাটৰ কাষৰ এজোপা ওখ চেগুনৰ তলত ৰৈ থকা তাইক নীলা কুৰ্তা, বগা ৰঙৰ লেগিঞ্চ আৰু দুপাত্তাত প্ৰথমে তোমাৰ কোনো মহাবিদ্যালয়ৰ ছাত্ৰী যেন লাগিছিল কিন্তু শালমনৰ দাগ থকা মিঠা বৰণীয়া মুখখনত চকু থৈ তুমি নিশ্চিত হ’লা – সেই বয়স তাই কাহানিবাই অতিক্ৰম কৰিছে (কোনোবা ডিষ্টেন্স এডুকেচন প্ৰগেমত নাম ভৰাই থোৱাটো বেলেগ কথা৷) চাকৰি এটা থকা বুলি জানিলে সাধাৰণতে তুমি এনে ছোৱালীকো ধুনীয়াই দেখা কিন্তু সেই স্থানত তেনেদৰে ৰ’বলৈ বাধ্য হোৱা তাইক ইমান ভাগ্যৱতী বুলি ভাবিবলৈ তোমাৰ মন নগ’ল।

: দুৱাৰ খোলাৰ টাইম হোৱা নাই নেকি?

প্ৰশ্ন এটাৰে তুমি চিনাকি হোৱাৰ চেষ্টা চলালা। জিন্স পেণ্টটোৰ বাওঁ পকেটৰপৰা ম’বাইলটো উলিয়াই চকুৰ আগলৈ আনিলা।

: খুলিব, অলপ ৰ’বলৈ কৈছে৷

তাই ক’লে। ৱাও! মাতটো দেখোন বৈদ্য মিঠা। তুমি নিজক ক’লা।

: সেইখনৰ লগতে আমাৰ ভাগ্যৰ দুৱাৰো মুকলি হ’লেই হয় আৰু৷

এইষাৰ আছিল সচেতনভাৱে তাইলৈ। তুমি আশা কৰাৰ দৰেই তাই হাঁহিলে। সেই হাঁহিৰ তৰংগই আহি তোমাৰ বুকু খুন্দিয়ালে। নিশ্চিত হ’লা – কুটীৰৰ দুৱাৰ খোলাত দেৰি হ’লেও আমনি নালাগিব। কৃত্ৰিম বিৰক্তি প্ৰকাশ কৰি দুষাৰ কথা পাতিবলৈ সুযোগহে ওলাব৷

সুযোগ নাপালা। এটা কেৰকেৰণিৰে তোমালোকৰ দৃষ্টি আকৰ্ষণ কৰি বাঁহৰ দুৱাৰখন খোল খালে। বগা ধুতি আৰু ৰঙা কামিজ পৰিহিত পুৰোহিত যেন লগা সুঠাম ব্যক্তি এজন ওলাই আহিল৷ চেহেৰাই কয় – চল্লিছ অতিক্ৰম কৰিছে। কি আচৰিত, বাহিৰত কাম কৰি থকা মানুহজনৰ লগত ইমান মিল! সহোদৰ নহয়তো? নাভাবি নোৱাৰিলা।

: আপোনালোক আহিব পাৰে৷

 ব্যক্তিজনে ক’লে।

তুমি সুমাই গ’লা তাইৰ পাচে পাচে। গোবৰ মাটিৰে লেপা কেচা গোন্ধটো সমগ্ৰ কোঠাটোতে বিয়পি আছে। ব্যক্তিজনে দুৱাৰখন জপাই দিলে। এখন মাত্ৰ সৰু খিৰিকী আৰু লেপিবলৈ বাকী থকা বেৰৰ জলঙাৰে সুমাই অহা পোহৰত কোঠাটোৰ ভিতৰখন আৱিষ্কাৰ কৰিবলৈ তোমাক কেইটামান অতিৰিক্ত মুহূৰ্তৰ আৱশ্যক হ’ল। কোঠাটোৰ ভিতৰত বিগ্ৰহৰ বাবে ৰখা ঠাইখিনি খালী। বিগ্ৰহশূণ্য বেদীটোৰ সন্মুখত পাৰি থোৱা কঁঠ দুখনত বহিবৰ বাবে তোমালোকলৈ ইংগিত আহিল ব্যক্তিজনৰপৰা। তেওঁ বহিল বেদীটোৰ কাষতে ৰখা এখন ফুলাম কঁঠত। কাৰবাৰটো তোমাৰ ক্লাইণ্টলৈ প্লাষ্টিকৰ চকী ৰাখি টেবুলৰ সিপাৰে নিজৰ বাবে দামী ৰিভলভিং একজিউকেটিভ শ্বেয়াৰ ৰখা যেন লাগিল৷

: বাহিৰত বেৰ লেপি থকা মানুহজনৰ লগত আপোনাৰ চেহেৰাৰ….

তুমি বাক্য সম্পূৰ্ণ কৰিব নোৱাৰিলা।

: সেইজনো ময়েই৷

তেওঁ ক’লে। তুমি হাঁহিলা। ভাবিলা – এইজনা দেখোন ভাল জমনি।

: বিশ্বাস হোৱা নাই? মাল্টি টাস্কিং, অৱতাৰ৷

তেওঁ ক’লে। তোমাৰ অবিশ্বাসী চাৱনিৰ প্ৰত্যুত্তৰ হিচাপে পুনৰ ক’লে,

: সপোনত দেখা ঠিকনাটোৰ মতে বিচাৰিবলৈ অসুবিধা হোৱা নাছিলতো আপোনালোকৰ?

তুমি আৰু তাই তেওঁলৈ অবাক চাৱনি নিক্ষেপ কৰি পৰস্পৰলৈ চালা।

: সেই যে ফেইচ বুকৰ স্পনচৰ্ড প’ষ্ট, ঠিক তেনেকুৱাই কথাটো। ড্ৰিম মাৰ্কেটিং হাঃ হাঃ হাঃ!

: আপুনি গডমেন নেকি?

তাই সুধিলে।

: নহয় অ’, এক প্ৰকাৰৰ গডেই বুলি ধৰক। মানে দেৱতা। বৰ, আশীৰ্বাদ দিয়াৰ শেষ পৰীক্ষা কোন কাহানিবাতেই পাছ কৰিলোঁ। এতিয়া মৰ্ত্যত নিজক প্ৰতিষ্ঠা কৰিব খোজো বেটাৰ চাৰ্ভিছেৰে৷

ব্যক্তিজনে অৰ্থাৎ দেৱপুৰুষে উত্তৰ দিলে।

: ভক্তইহে দেৱতাক প্ৰতিষ্ঠা কৰে। আপুনি নিজে লাগিল যে?

তুমি ক’লা।

: চেল্ফ প্ৰমোচন আকৌ। নহ’লে পাৰফৰ্মেন্স দেখুৱাবলৈ এইটো লাইনত নতুনৰ চান্স ক’ত?

দেৱপুৰুষে ক’লে।

: মূৰ্তি বা ফটো নাই ৰখা যে ইয়াত?

বেদীটোলৈ আঙুলিয়াই তাই ক’লে।

: নিজক নিজে কিডাল পূজা কৰিব? ভেনচাৰটো চাকচেছ হ’লে পাছত কাৰোবাক এপইণ্ট কৰিম। তেতিয়া মোৰ মূৰ্তি এটা ইয়াত নিশ্চয় থাকিব।

: বৰ ভাল ঠাই নিৰ্বাচন নকৰিলে কিন্তু৷

তুমি ক’লা। চকুত প্ৰশ্নবোধক লৈ দেৱপুৰুষে তোমাৰ চকুলৈ চালে।

: এইখিনি সংৰক্ষিত বনাঞ্চলৰ অংশ। এইবোৰ ৰোৱা চেগুন। এভেকচন হৈ যাব পাৰে যেতিয়া তেতিয়াই৷

তুমি ক’লা।

: ইলেকচন আহি আছে। এভেকচন চেভেকচন এইবোৰ এতিয়া নহয়। পাছত মেনেজ হৈ যাব। সেইবোৰ হ’ব বাৰু, আপোনালোকে মনোবাঞ্ছাবোৰ কওকচোন৷

দেৱপুৰুষে ক’লে।

স্বঘোষিত দেৱপুৰুষৰ পৰিচয়ত সন্দেহ আৰু তাইৰ ওচৰত সংকোচ হ’লেও সপোন দেখিব পৰা চাকৰি এটাৰ তোমাক ইমানেই প্ৰয়োজন হৈ উঠিছিল যে তুমি আবেদন কৰি থোৱা চৰকাৰী চাকৰিটোৰ বাবে কম খৰচী ডাইৰেক্ট লিংক এটা পাবলৈ থকা তোমাৰ প্ৰবল হাবিয়াস নকৈ নোৱাৰিলা। আনহাতে অলপো সংকোচ নোহোৱাকৈ তাই ক’লে,

: ধাৰ-ধুৰ নকৰাকৈ এই মহানগৰত নিজাকৈ ধুনীয়া ঘৰ এখন কৰিবলৈ সামৰ্থ আহৰণ কৰা এজন চৰকাৰী চাকৰিয়ালক পতি হিচাপে পাবলৈ কৰা আকাংক্ষাৰ কথা।

: দুয়োৰে নীতি বৰ্হিভূত আকাংক্ষা দেখোন৷

দেৱপুৰুষে ক’লে।

: সমাজত কিন্তু গ্ৰহণযোগ্য৷

তাই ক’লে।

মূৰ তল কৰি মৌন হৈ পৰা দেৱপুৰুষে প্ৰয়োজনতকৈ কিছু দীঘলীয়া সময়ৰ বাবে মূৰ দুপিয়াই থাকিল। হঠাৎ মূৰ তুলিলে তেওঁ।

: তিনি পাহকৈ ফুল আনিব লাগিব আপোলোকে। দুদিন। দ্বিতীয়বাৰ প্ৰথমবাৰৰ এসপ্তাহৰ পাছত। পাৰিব?

দেৱপুৰুষে চকু ঘূৰালে দুয়োৰে মুখ মণ্ডলত।

: বঢ়িয়া, বষ্টাৰ ড’জ ৰাখিছে ন? হ’ব, পাৰিম৷

তুমি ক’লা।

: তাকে, নহ’লে খুব কম দিনৰ ভিতৰতে প্ৰথম উছৰ্গা প্ৰভাবহীন হৈ পৰে। মোৰ কামবোৰ সম্পূৰ্ণ চাইণ্টিফিক হ’ব। ফুল কিন্তু আপোনালোকে নিজেই চিঙিব লাগিব দেই।

দেৱপূৰুষৰ ব্যাখ্যা আৰু চৰ্ত।

: ভাৰাঘৰত থকা মানুহ। ক’ৰ পৰা চিঙি আনিম? চুৰ কৰিলেহে হ’ব৷

তুমি ক’লা।

: একজেক্টলি, গৃহস্থই নেদেখাকৈ নহয় কিন্তু। আপোনালোকক গালি পাৰিব লাগিব। মাৰিবলৈ খেদি আহিলে আৰু ভাল।

: ফুল ক’ত আৰু চুৰি মাল হৈ থাকিল?

তুমি ক’লা৷

: ফিউজন – চুৰি আৰু ডকাইটিৰ। ভাল ৰিজাল্ট পাবলৈ অলপ কষ্ট কৰিবই লাগিব দিয়কচোন৷

ৰুণজুন হাজৰিকা। অৱন্তী পথৰ নিহাৰিকা পি জিত থাকে। বাহিৰলৈ ওলাই আহি তাইৰ সৈতে চিনাকি হ’লা। “অনুভৱ, অনুভৱ ফুকন।” নিজৰ পৰিচয় দিলা। নবোদয় পথত তুমি থকা ৰূমটোৰ ঠিকনা জনালা। ৰূমটো যে কাৰো লগত ভাগ-বতৰা কৰা নাই, তুমি অকলে আহল-বহলকৈ থাকি ভাল পোৱা সেই কথা প্ৰসংগ নিৰ্মাণ কৰি জনাবলৈ নাপাহৰিলা। এটাচড লেট্ৰিন-বাথৰূমৰ তথ্যটোও গুৰুত্বসহকাৰে উল্লেখ হ’ল। ইমান ওচৰতে থকা স্বত্বেও আজিৰ আগলৈকে দেখা দেখি নোহোৱা কথাটোক লৈ তুমি আচৰ্য্য প্ৰকাশৰ সুযোগটোও নেৰিলা৷ ঠিক হ’ল – ফুলৰ সন্ধান তোমালোকে একেলগে কৰিবা। প্ৰাতঃভ্ৰমণ। খোজ কাঢ়ি। মালিকে খেদি আহিলে জগিং অথবা ক্ষিপ্ৰ দৌৰ। প্ৰয়োজন অনুযায়ী।

****

কলাক্ষেত্ৰৰ মূল গেটৰ সন্মুখত তোমালোক পাছদিনা লগ হওঁতে সময় হৈছিল ৰতিপুৱা পাঁচ বাজি ত্ৰিশ মিনিট৷ নবেম্বৰৰ এই দেওবৰীয়া ৰাতিপুৱা মহানাগৰিক গৃহস্থসকল শুই নুঠিব বুলি আশংকা কৰি মূল প্ৰাতঃভ্ৰমণৰ কাৰ্যসূচী আধাঘণ্টা পিছলৈ ঠেলিলা। তুমি কাষৰ অস্থায়ী চাহৰ দোকানখনত কেটলীৰ মুখত দিয়া পিঠাৰ সৈতে একাপ লাল চাহ খাই লোৱাৰ প্ৰস্তাব দিলা। মনোবাঞ্ছা পূৰণৰ বাবে কৰিবলৈ ওলোৱা পবিত্ৰ কামটোৰ পূৰ্বে খোৱাবোৱা কৰিবলৈ ৰুণজুনে চিধা অস্বীকাৰ কৰিলে। ৰুনজুনৰ ইচ্ছাক সন্মান জনাই তুমিও ডিঙি তিয়োৱাৰ লোভ ইমানতে সামৰিলা৷ দেবদাৰু পথ, হাউছ নম্বৰ -১৫। চৌহদৰ দেৱালৰ ৰেলিঙত ওলমি আছে গুলপীয়া বাগান বিলাস ফুলবোৰ। ক’লা গেটখনৰ আনটোফালে কৰবীজোপা। সেউজীয়া পাতৰ মাজে মাজে অ‘ত ত’ত সেৰেঙাকৈ কেইপাহমান হালধীয়া ফুল এতিয়াও আছেগৈ। বাৰাণ্ডাত ঠিয় হৈ আছে মহিলা এগৰাকী৷

তোমালোক সাজু হ’লা। পৰীক্ষামূলকভাৱে বাগান বিলাস ফুল এপাহ চিঙি তুমি মহিলাগৰাকীলৈ চালা। নাই, প্ৰতিক্ৰিয়া নাই। ৰুণজুনে বেঙা মেলি কৰবী ফুল এপাহ চিঙিবলৈ চেষ্টা কৰিছে। মহিলাগৰাকী বাৰাণ্ডাৰপৰা নামি তোমালোকৰফালে আগুৱাই আহিল। আশাৰ সঞ্চাৰ। গালি শুনিবলৈ তুমি মানসিক প্ৰস্তুতি সম্পূৰ্ণ কৰিলা৷

: পূজাৰ বাবে লাগে? ৰ’ব, এইফালৰপৰা ময়ে চিঙি দিছোঁ৷

মহিলাগৰাকীয়ে ক’লে। তিনি পাহমান কৰবী ফুল চিঙি ৰুণজুনৰফালে আগুৱাই দিলে। ফুলকেইপাহ হাতত লৈ ৰুণজুনে সেমেকা হাঁহি এটাৰে মহিলাগৰাকীক কৃতজ্ঞতা প্ৰকাশ কৰা যেন দেখুৱাই তোমাৰফালে চালে। মহিলাগৰাকীক তুমি শব্দৰে ধন্যবাদ জনালা আৰু ফুলকেইপাহ পলিথিনৰ বেগটোত ভৰাই তোমালোক আঁতৰি আহিলা।

: কি মানুহ! ইমান কষ্টৰে পতা ফুলনীৰ ফুল এনেকৈ আনক দিয়েনে?

ৰুণজুনে ক’লে।

: অল্প সন্তোষী আৰু পৰোপকাৰী মানুহবোৰক লৈ এয়ে বিপদ৷

তুমি ক’লা৷

এটা দূৰত্ব অতিক্ৰম কৰাৰ পাছত পলিথিনৰ বেগটোৰপৰা ফুলকেইপাহ ৰাস্তাৰ কাষৰ নৰ্দমাত পেলাই দিলা। কাম নাই এনে ফুলৰ। ত্ৰিনয়ণ পথ। হাউচ নং ৫। শ্লিপিং গাউন পিন্ধা বয়সস্থ মানুহ এজনে মুখত ব্ৰাছ লৈ আগ চোতালত। গেটৰ কাষতে থকা মালতীজোপাত ৰঙা ফুলবোৰ ওলমি আছে। একে সময়তে দুটা থোপাত তোমালোক দুয়োটাই হাত দিলা। ঘোপা চকুৰে তোমালোকৰ কাৰ্যকলাপ চাই থাকিলেও বৃদ্ধই একো নামাতিলে।

: কি আচৰিত! একো নামাতে যে!

ৰুণজুনে ফিচফিচাই তোমাক ক’লে।

: মুখত টুথ পেষ্টৰ ফেনেৰে ভৰি আছে হয়তো। পেলাইতো ল’ব পাৰে। এলেহুৱা বুঢ়া৷

তুমি ক’লা।

ফুল চিঙি হোৱাৰ পাছতো কেইটামান অতিৰিক্ত মুহূৰ্ত তোমালোকে ৰৈ দিলা এষাৰ পৰম আকাংক্ষিত গালি শুনাৰ আশাত কিন্তু নাই, বৃদ্ধজনে একো নকলে। হতাশ হৈ তোমালোক আঁতৰি আহিলা।

: মুখৰ ভাত কাঢ়ি খালেও কিজানি বুঢ়া এইটো এক্সপ্ৰেছনতে ৰৈ যাব৷

তুমি ক’লা।

: সহি সহি মানুহবোৰৰ মুখৰ মাত নোহোৱা হৈ আহিছে৷

ৰুণজুনে ক’লে।

: হোৱাট নেক্সট?

বাইলেনটোৰ পৰা ওলাই মূল ৰাস্তাটোত ভৰি থৈয়ে ৰুণজুনে সুধিলে।

: অন্য এঘৰ। নহ’লে অপচন কি?

তুমি ক’লা।

সম্প্ৰীতি পথৰ বাওঁফালৰ তৃতীয় ঘৰটোৰ চৌহদৰ ভিতৰত কেইবাজোপা উইণ্টাৰ জেচমিন ফুলি আছে। ৰাস্তাৰপৰা ৱালৰ ওপৰেৰে হাত মেলিলেই চিঙিবপৰা অৱস্থাতে আছে যথেষ্ট সংখ্যক হালধীয়া ফুল। চুলি চুটিকৈ কটা বয়সস্থ ক্ষীণ মহিলাগৰাকীক বাৰাণ্ডাত বহি থকা দেখি তোমালোকৰ মনত প্ৰথমে আশাৰ সঞ্চাৰ হ’লেও তেওঁ তোমালোকলৈ এবাৰ চাই পুনৰ পঢ়ি থকা বাতৰি কাকতখনত চকু গোজাত তোমালোক হতাশ হ’লা। এটা গলখেকাৰী মাৰি ৰুণজুনে ৱালৰ ওপৰেৰে হাত আগবঢ়ালে।

: হেই কি কৰিছা?

বাতৰি কাগজখন আঁতৰাই চিঞৰি উঠিল বৃদ্ধ মহিলাগৰাকী। তোমাৰ মুখ আনন্দত উজ্জ্বল হৈ উঠিল। তুমিও হাত মেলি দেৱালৰ ভিতৰৰ ফুল এপাহ এপাহকৈ চিঙিবলৈ ধৰিলা।

: অসভ্য নেকি?

মহিলাগৰাকীয়ে ক’লে। জীৱনত প্ৰথম বাৰলৈ গালিক উপভোগ কৰিলা তুমি।

: পূজাৰ বাবে লাগে৷

তুমি ক’লা।

: গৰাকীক মনোকষ্ট দি চিঙা ফুলে কি মনোবাঞ্ছা পূৰণ কৰিব? নিচিঙিবা৷

বহাৰপৰা ঠিয় হৈ এহাতে বাতৰি কাগজখন ধৰিয়েই মহিলাগৰকীয়ে ক’লে।

ইতিমধ্যেই তোমালোকৰ প্ৰয়োজনীয় সংখ্যাৰ ফুল চিঙা হৈ গৈছিল। দুয়ো প্ৰফুল্ল মনেৰে উভতিলা।

: আৰু এদিন চিঙা দেখিলে হাত ভাঙিম।

পাছফালৰ পৰা মহিলাগৰাকীৰ মাত তোমালোকৰ কাণত পৰিল। তোমাৰ এনে লাগিল – ফুলকেইপাহ যেন পূজাৰ বাবে অধিক উপযোগী হৈ উঠিল। ইটোৱে সিটোলৈ চাই হাঁহিলা। সাফল্যত তৃপ্ত হাঁহি।

**

দেৱপুৰুষৰ কুটীৰৰ সন্মুখত এটা ন-দহজনীয়া শাৰীৰ পাছতহে তোমালোকে স্থান পালা। সম্পূৰ্ণ এঘণ্টাৰ পাছত তোমালোকৰ অপেক্ষা শেষ হ’ল। তোমালোকৰ ঠিক আগৰ ভক্তজন বাঁহৰ দুৱাৰ খুলি ওলাই আহিল। কোঠাৰ ভিতৰলৈ ৰুণজুন আৰু তুমি একেলগে প্ৰবেশ কৰিলা। গোটেই ব্যৱস্থাটো ডাক্তৰ অথবা চাৰ্টাৰ্ড একাউনটেণ্টৰ চেম্বাৰৰ দৰে যেন তোমাৰ অনুভৱ হ’ল। পাৰ্থক্য মাথো বহাৰ স্থান। চকীৰ পৰিবৰ্তে মাটিতপৰা কঠত।

তিনিদিনৰ আগৰ অসম্পূৰ্ণতা কোঠাটোৰ ভিতৰত তোমাৰ চকুত নপৰিল। কোঠাটোৰ বাঁহৰ বেৰত লেপন সম্পূৰ্ণ। চূণৰ এটা কোট বেৰত পৰিছে। কেচা মজিয়াখনত মচাৰ চিন। অৱশ্যে বিগ্ৰহৰ স্থান এতিয়াও উকা।

তেওঁ হাতখন মেলি দিলে। তোমালোকে লগত নিয়া ফুলকেইপাহ তেওঁৰ হাতত অৰ্পণ কৰিলা। ফুলকেইপাহ মুঠি মাৰি ধৰিলে তেওঁ। মুঠিটোত স্পষ্ট শব্দ হোৱাকৈ এটা চুমা খাই ফুলকেইপাহ ওপৰলৈ দলিয়াই দিলে। ফুলকেইপাহ শূন্যতে হেৰাল।

: তোমালোকে খোৱা গালিৰ পৰিমাণ ঠিকেই আছে। ভেলিড উছৰ্গা। এপ্ৰুভড৷

কথাষাৰ কৈ তেওঁ মিচিকিয়াই হাঁহিলে।

: ষ্টাইলটো সাই বাবাৰ ওলোটা৷

তুমি ক’লা।

: মানে?

দেৱ পুৰুষে সুধিলে।

: নাই মানে সাই বাবাই বোলে শূন্যৰপৰা হাতলৈ বিভূতি অনিছিল আৰু আপুনি হাতৰ বস্তু শূন্যত নাইকিয়া কৰি দিলে৷

তুমি ক’লা।

দেৱপুৰুষে একো নক’লে। মাথো হাঁহিলে। তুমি ঠিক কৰিলা দেৱপুৰুষ এটা সন্মানীয় সম্বোধনৰ যোগ্য।

: প্ৰভু, আপোনাক লগ কৰিবলৈ এটা ভি আই পি লাইন থাকিব লাগিছিল। মানে বিশেষ ভক্তৰ বাবে অলপ অগ্ৰাধিকাৰ।

: আৰম্ভণিতে ভাল হ’ব জানো?

দেৱপুৰুষে তোমাৰ চকুলৈ চাই ক’লে।

: আপুনি পেৰেট’ প্ৰিঞ্চিপ’ল মানে ৮০ -২০ ৰুলটো নিশ্চয় জানে?

তুমি সুধিলা।

: নাই, কোৱাচোন কি৷

দেৱপুৰুষে ক’লে।

: আমাৰ ফাইনেন্সিয়েল প্ৰডাক্ট ডিষ্ট্ৰীবিউচনৰ বিজনেচত থকা সকলৰ বাবে ধৰা হয়- এইট্টী পাৰ্চেণ্ট ইনকাম টপ টুৱেণ্টি পাৰ্চেণ্ট ক্লাইণ্টৰপৰা হয়। সেয়ে অফিচত আমাৰ বচে প্ৰপাৰ ক্লাইণ্ট চেগমেণ্টেচনৰ কথা প্ৰায়ে কয়। আপোনাৰ বিজনেচ মানে চাৰ্ভিছত টপ টুয়েণ্টী পাৰ্চেণ্ট ভক্তৰ ওপৰতে এইট্টী পাৰ্চেণ্ট চাকচেছ নিৰ্ভৰ কৰিব। সেয়ে সেই টপ টুৱেণ্টি পাৰ্চেণ্টক প্ৰিভিলেজ দিব লাগিব ন?

কথাখিনি শেষ কৰিহে তুমি উশাহ সলালা। 

দেৱপুৰুষে একো নক’লে কিন্তু একে থৰে তোমাৰ চকুলৈ চাই কথাখিনি মন দি শুনাৰ বাবে তোমাৰ এনে লাগিল যেন তুমিও তেওঁৰ বাবে এষ্টীমড ক্লাইণ্ট হৈ পৰিলা। টকাৰে নোৱাৰিলেও কথাৰেতো তেওঁক সফল হ’বলৈ সহায় কৰিলা।

***

এসপ্তাহৰ পাছত নিব লগা দ্বিতীয় কোটাৰ ফুলৰ বাবে তোমালোক কলাক্ষেত্ৰৰ মূল গেটৰ মুখত পাছৰটো দেওবাৰৰ ৰাতিপুৱা আকৌ ৰ’লাহি। ফুলেই হওক বা গালি, বাহি বস্তুৰে পূজা দিয়া নাযায়। ৰুণজুনে নীলা ট্ৰেকচুট আৰু বগা ষ্পৰ্টছ শ্বু পিন্ধি আহিছে। জোতাযোৰ নতুন।

: গুড মৰ্নিং, খেদিলে পলাব লাগিব নহয়৷

গাৰ পোচাক আৰু জোতাযোৰ দেখুৱাই ৰুণজুনে ক’লে।

প্ৰথম দেখাত তাইক এইটো পৰ্যায়ৰ ৰসবোধৰ গৰাকী হ’ব যেন তোমাৰ অলপো লগা নাছিল। খুব সম্ভৱ যাদুকৰীভাৱে সলনি হ’বলৈ গৈ থকা নতুন জীৱনটোৰ সপোনে তাইৰ ব্যক্তিত্বত ধণাত্মক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে – তুমি ভাবিলা।

: মৰ্নিং মৰ্নিং, ট্ৰেক চুটত নহ’লেও ময়ো জোতাতেই দেই৷

খোজৰ বাবে পৰা ভাঁজত ফাটো ফাটো হোৱা মলিয়ন ষ্পৰ্টছ শ্বু’যোৰ লৈ আঙুলিয়াই তুমি ক’লা। তাই হাঁহিলে। আত্মীয়ত্বৰ গোন্ধ থকা এটা খোলা হাঁহি। 

: বাকী খবৰ কেনেকুৱা?

ৰুণজুনে সুধিলে।

: ভাল। ভাল লিংক এটা পাইছোঁ বুইছা। কামটো হ’বগৈ লাগে।

উচ্ছাসেৰে তুমি খবৰটো ৰুণজুনক দিলা।

: আৰু তোমাৰ? কিবা আগবাঢ়িছেনে?

: কংগ্ৰেছুলেচন।

সেমেকিবলৈ ধৰা হাঁহিটো মুখত লৈয়ে ৰুনজুনে সোঁহাতখন আগবঢ়াই দিলে। অভিনন্দন যে উত্তাপহীন তাইৰ লেহুকা হাতখন চুই তুমি নিশ্চিত হ’লা।

:মোৰচোন হোৱাৰ একো লক্ষণেই দেখা নাই৷

কঁপাল থুপ খোৱাই ৰুণজুনে ক’লে।

: বিশ্বাস ৰাখা, এইবোৰ কামত বিশ্বাসেই মূল শক্তি। অলপ আগ পিছ হৈছে আৰু৷

তুমি ক’লা।

পুনৰ ৰুণজুনৰ মুখলৈ সেমেকা হাঁহিটো উভতি আহিল৷

: আজি আকৌ সম্প্ৰীতি পথতেনে?

: নহ’লে ক’ত? দেৰি নকৰোঁ, ব’লা৷

তুমি ক’লা।

ৰুণজুনৰ হাঁহি আৰু চাৱনিত এক নতুন মাত্ৰা সংযোজন হোৱাত তাইৰ সোঁকাষে সেই খোজকঢ়া তুমি উপভোগ কৰিবলৈ ধৰিলা। ভাব হ’ল – সম্প্ৰীতি পথৰ সেই ঘৰটোলৈ দূৰত্ব বাঢ়ি গ’লেও যেন তুমি আমনি নাপাবা। এপাকত এনে লাগিল – আকাংক্ষিত চাকৰিটো পোৱাৰ পাছতো তোমাৰ বাওঁকাষে প্ৰাতঃভ্ৰমণবোৰত এনেদৰে ৰুণজুন থাকিলে তোমাৰ বেয়া নালাগিব। অন্যহাতে তাইৰ আকাংক্ষাখিনিৰ পূৰণেওতো পৰোক্ষভাৱে তোমাকেই অধিক স্বচ্ছল কৰি তুলিব।

সম্প্ৰীতি পথ। কি ভাগ্য! মহিলাগৰাকী আজিও বাহিৰত। ঘৰটোৰ চৌহদৰ দেৱালৰ ওপৰেৰে হাত মেলিলা বগা ডিচেম্বৰৰ ফুলজোপাৰ ফালে। এপাহ, দুপাহ, তিনিপাহ।

: ইমান বেয়াকৈ ক’লেও লাজ নোপোৱা নেকি, আকৌ আজিও যে আহিছা তোমালোকে?

মহিলাগৰাকীয়ে ক’লে।

তুমি দাঁত নিকটাই হাঁহিলা। ৰুণজুনেও তিনিপাহ চিঙিলে।

: সঁচাই নিলাজ তোমালোক। আৰু এপাহো যদি চিঙা মৰিয়াই হাত ভাঙিম৷

মহিলাগৰাকীয়ে পুনৰ ক’লে।

তোমাক আচৰিত কৰি ৰুণজুন গেট খুলি সোমাই গ’ল। গৈয়ে ফুলি থকা এপাহ হালধীয়া নাৰ্জী ফুল চিঙি মহিলাগৰাকীৰফালে চালে।

: অই বাবা, এইকেইটা ফুলৰ ডকাইত অ’….

মহিলাগৰাকীয়ে এটা টেঁটুফলা চিঞৰ লগালে।

অনাকংক্ষিতভাৱে এটা পাহুৱাল ডেকা ভিতৰৰপৰা ওলাই আহিল। ৰুনজুনেও ভয় খালে। তাই লগেলগে গেটৰ বাহিৰ হ’ল আৰু অহা বাটেৰে দৌৰিবলৈ ধৰিলে। ডেকাই তোমালোকক গালি নিদিলে কিন্তু ৰৈও নিদিলে। মুখেৰে এটাও শব্দ নকৈ ৰুণজুনে খুলি থৈ অহা গেটৰ কাষ পালেহি। পৰিস্থিতি বিপজ্জনক যেন অনুভৱ কৰি তুমিও ৰুণজুনৰ পিছে পিছে দৌৰাত লাগিলা। এপাকত ঘূৰি চাই সেই যুবককো দৌৰৰ মুদ্ৰাত দেখি তোমাৰ বুকু চিৰিংকৈ মাৰিলে। তুমি গতিবেগ বঢ়ালা। তোমাৰ এনে লাগিল – ৰুণজুন হিমা দাসলৈ সলনি হৈছে। চিগাৰেট খোৱা দম হ’লেও পাছত বাঘ এটাই খেদি অহাৰ দৰে অনুভৱে গ্ৰাস কৰাত তুমিও কম দূৰত্বৰ এজন সফল দৌৰবিদলৈ পৰিৱৰ্তন হ’লা।

এপাকত তুমি আৰু ৰুণজুন সমান্তৰাল হ’লা। অলপ আগৰ একেলগে খোজ দিওঁতে সেই ভাললগা অনুভৱ সলনি হ’ল প্ৰতিদ্বন্দ্বিতাৰ মনোভাবলৈ। তুমি ঠিক বুজিলা – বাঘৰপৰা বাচিবলৈ দৌৰি থকা মুহূৰ্তত দুজন মানুহ বন্ধু হ’ব নোৱাৰে। খাদ্য নহ’বলৈ ইজনক অতিক্ৰম কৰা অতীৱ প্ৰয়োজন। তুমি গতিবেগ বঢ়ালা। পাছলৈ এবাৰো ঘূৰি নোচোৱাকৈ প্ৰাণটাকি দৌৰিবলৈ ধৰিলা।

ভাবিছিলা – দেৱ পুৰুষে তোমাক ৰুণজুনৰ কথা সুধিব। আৰু উত্তৰ দিবলৈ গৈ তুমি বিব্ৰত হ’বা কিন্তু নাই, দেৱপুৰুষে তোমাক একো নুসুধিলে। বৰং তোমাক প্ৰশংসাহে কৰিলে অঞ্জলিৰ বাবে তুমি কৰা কষ্টৰ বাবে। কাৰণ সেইদিনা ফুলকেইপাহ নোহোৱা কৰিবলৈ তেওঁ ওপৰলৈ দলিয়াব লগা হোৱা নাছিল। তেওঁৰ হাতত তুমি তুলি দিওঁতেই নোহোৱা হৈছিল।

দেৱপুৰুষৰ কুটীৰৰপৰা অহাৰ পাছত তুমি ৰুণজুনক পাঁচবাৰ ফোন কৰিলা। দুবাৰ ফোনটো ব্যস্ত পালা আৰু তিনিবাৰ ৰিং হোৱা স্বত্বেও ৰুণজুনে নুতুলিলে। যষ্ঠবাৰ কৰাৰ প্ৰয়োজন তুমি অনুভৱ নকৰিলা। ৰুণজুনক তাইৰ নিজৰ দায়িত্বত এৰি তুমি পৰৱৰ্তী সপ্তাহত হ’বলগীয়া লিখিত পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিলা। 

**

ঠিক অকল্পনীয় অথবা আশংকাশূন্য নাছিল ঘটনাটো কিন্তু স্বপ্নভংগৰ দুখ তোমাৰ বাবে হৈ পৰিল অলংঘনীয়। পইত্ৰিছোৰ্ধ জীৱনৰ শেষ বাজী বুলি গণ্য কৰি অ’ৰ ত’ৰপৰা ধাৰ কৰি এটা মোটা অংকৰ টকা ঘোচৰ আগধন হিচাপে দিছিলা। পৰীক্ষাৰ পূৰ্বেই পোৱা প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ সানন্দে, ভক্তিভাবেৰে লিখি থাকোঁতে হঠাৎ পৰীক্ষা বন্ধ কৰি দিয়া হ’ল। গম পালা – প্ৰশ্ন কাকত ফাদিল হোৱাটো ধৰা পৰিছে। গোটেই ছিষ্টেমটোক গালি পাৰি দুই চাৰিজনৰ লগত মত বিনিময় কৰি তুমি পৰীক্ষা কেন্দ্ৰটোৰপৰা অলপ আঁতৰি আহি অকলশৰীয়াকৈ লিংকমেনজনলৈ ফোন লগালা। আশংকা কৰাৰ দৰেই চুইটছ অফ। পুৰুষৰ গুপ্তাংগ বুজোৱা অশ্লীল শব্দটো ডাঙৰকৈ মাতি এটা গালি পাৰিলা। অৱশ্যে সেইজনক দম দিবলৈ তোমাৰ কোনো দিনেই যে সাহস নহ’ব তুমি সেই কথা ভালদৰে জানা। তোমাৰ এনে লাগিল – তুমি যেন চাৰিও ফালৰপৰা ঠিয় পাহাৰে আগুৰা সমতলত অকলে আবদ্ধ হৈ পৰিলা।

হজম কৰিব নোৱৰা দুখ, অথচ তুমি কাকো ক’বও নোৱাৰা। এইখিনিয়ে কি তোমাক জোৰা নাছিল যে তুমি বাটত ডিভাইডাৰৰ সিপাৰে ৰুণজুনক তেনেকৈ দেখিলা! তুমি যেন এইবাৰ সেই সমতলৰ এটা দ, পৰিতক্ত, শুকান কুঁৱাৰ তলিত পৰিলাগৈ। সেই একেই মিঠা চাৱনি, যি চাৱনিৰে তোমাক শেষৰবাৰ ফুল চিঙিবলৈ যাওঁতে দুই তিনিবাৰমান চাইছিল কিন্তু এইবাৰ দৃষ্টিৰ লক্ষ্যত তুমি নহয়, অন্য এজন। তোমাৰ এনে লাগিল যুৱকজনক তুমি ক’ৰবাত আগতে দেখিছা। হয়, এইজনেই সেই যুৱকজন যি শেষৰবাৰ ফুল চিঙিবলৈ যাওঁতে তোমালোকক খেদি আহিছিল কিন্তু কেনেকৈ চুৰুনী আৰু গৃহস্থৰ মাজত প্ৰেম হ’ব পাৰে? যুৱকৰ হৰমনত এনে প্ৰভাৱ পৰাকৈ হাতেলোতে ধৰা পৰাৰ পাছত ৰুণজুনে কি কথা ক’লে? তুমি ভাবি উৱাদিহ নাপালা। ৰাস্তাৰ সিপাৰে যুৱকৰ বাইকৰ কাষত ৰৈ হাঁহি হাঁহি কথা পাতি থকা ৰুণজুনৰ চকু এপাকত তোমাৰ চকুত পৰিল। হাঁহি বন্ধ হ’ল। মূৰ ঘূৰাই দিলে। পুনৰ হাঁহি এটা মুখলৈ আনি যুৱকক কিবা এটা ক’লে। এখন্তেকো পলম নকৰি সি বাইক ষ্টাৰ্ট কৰিলে। ৰুণজুন পাছফালে উঠিল আৰু তোমাৰ বিপৰীত দিশলৈ সিঁহত গ’লগৈ। ৰুণজুনে তাইৰ মূৰটো যুৱকৰ পিঠিত পেলাই দিলে। তোমাৰ এনে লাগিল – সেয়া তোমাক দেখুৱাবলৈকে।

ফুলৰ উছৰ্গাই তোমাক সুফল নিদিলে। তোমাৰ ধাৰণা হ’ল – ৰুণজুনক কিন্তু দিলে। এয়া দেৱপুৰুষৰ পক্ষপাত নে ৰুণজুনৰ ভাগ্য? নে এক ৰেনদমনেছ? সিদিনা ৰুণজুনে মন বেয়া কৰা সময়ত তুমি দিয়া উপদেশটো মনত পৰিল কিন্তু তুমি জানা – এনেবোৰ কথা আনক সান্তনা দিবলৈহে, নিজৰ বাবে প্ৰযোজ্য নহয়। ঈৰ্ষাত ফাটি মৰাৰ বাদে আন কোনটোনো পথ তেতিয়া খোলা আছিল? পুৰুষৰ গুপ্তাংগসূচক অশ্লীল শব্দটো আকৌ এবাৰ তুমি মুখত ল’লা। এইবাৰ তাৰ লগত সংযোগ কৰিলা যৌনকেশৰ আৰু নাৰীৰ গুপ্তাংগ নিৰ্দেশক দুটা একেপৰ্যায়ৰ শব্দ।

তুমি ঠিক কৰিলা – দেৱপুৰুষক লগ কৰা যাওক। অভিযোগ আৰু তুলনামূলক ক্ষোভ কেনেকৈ ব্যক্ত কৰিবা তাৰ এটা অনুশীলন মনৰ ভিতৰত আৰম্ভ কৰি দিলা।

প্ৰায় দুঘণ্টা অপেক্ষাৰ অন্তত যেতিয়া শেষজন দৰ্শনাৰ্থী হিচাপে তোমাৰ ভিতৰলৈ যোৱাৰ পাল পৰিল তোমাৰ এনে লাগিল – ইতিমধ্যেই তুমি বিপজ্জনক বুলি ধৰিবপৰা মেডিকেল টেষ্টৰ ৰিপ’ৰ্ট দেখুৱাবলৈ ডাক্তৰৰ চেম্বাৰত সোমাইছা। তোমাৰ বিবৰণী শুনি তেওঁক চিন্তিত যেন অলপো নালাগিল। তেওঁৰ মুখৰ মিচিকিয়া হাঁহিৰ অৰ্থ ভাঙিবলৈ গৈ ভাব হ’ল – যি হৈছে সেয়া যেন তোমাৰ ভালৰ বাবেই হৈছে।

: আপোনাৰ ধৈৰ্য বৰ কম৷

মিচিকিয়া হাঁহি এটাৰ শেষত দেৱপুৰুষে ক’লে।

: তদন্ত নহ’ব জানো?

তুমি সুধিলা।

: হ’ব পাৰে কিন্তু সকলো নিপুন তদন্তৰ উদেশ্য প্ৰকৃত দোষীৰ সন্ধানত নহয়, কৌশলীভাৱে প্ৰয়োজনীয় সুৰুঙা নিৰ্মাণো কৰা যায়৷

দেৱপুৰুষৰ উত্তৰ।

তুমি আশাৰ ৰেঙণি দেখিলা। সেই মুহূৰ্তত তোমাৰ মনলৈ অহা তুলনামূলক ধণাত্মক স্ব-ব্যাখ্যাটো আছিল – ৰুণজুনৰ ফুল চুৰ কৰি ধৰাপৰা ঘটনাটো যদি তাইক সুখী কৰিবপৰা ধৰণৰ এক প্ৰাপ্তিৰ কাৰণ হ’ব পাৰে, এই প্ৰাৰম্ভিক বেমেজালিৰ শেষত তোমাক সুখী কৰিবপৰা ধৰণৰ ফলাফল ওলোৱাৰ সম্ভাৱনা প্ৰবল, অতি প্ৰবল।

তোমাক আচৰিত কৰি দেৱপুৰুষে তোমাক আগবঢ়াবলৈ কুটীৰৰপৰা ওলাই আহিল। বাহিৰৰ এখন চাইনবৰ্ডলৈ তেওঁ তোমাক আঙুলি দেখুৱালে,

“গধূলিৰ পাছত দৰ্শনী বন্ধ৷”

বিদায়ৰ প্ৰাকমুহূৰ্তত যেতিয়া তেওঁ তোমাৰ পিঠিত হাতখন ৰাখিলে – তুমি নিশ্চিত হ’লা তেওঁৰ টপ টুৱেণ্টী পাৰ্চেণ্ট ভক্তৰ ভিতৰত তোমাৰো স্থান আছে। অহাৰ সময়তকৈ তুলনামূলকভাৱে এটা পাতল মন লৈ তুমি উভতিলা কিন্তু হ’লে কি হ’ব? সন্ধিয়ালৈ তুমি ধাৰলৈ লোৱা টকাবোৰ, ঘূৰুৱাৰ সময়সীমা আদি কথাবোৰে তোমাক অস্থিৰ কৰি আনি থাকিল। সিদ্ধান্ত ল’লা – আজি খাব লাগিব।

ছয় মাইলৰ ৱাইন শ্বপখনৰপৰা ‘অফিচাৰ্ছ চইছ’ৰ এটা হাফ আৰু কাষৰ ঘুমটিখনৰপৰা এক লিটাৰৰ পানীৰ বটল এটা লৈ তুমি ৰাস্তাৰ সিপাৰৰ চিনাকি চানাৱলাটোৰ কাষত ৰ’লাগৈ। তাক কেচা চানা দহ টকা ভালকৈ বনাবলৈ কৈ বৈয়ামকেইটাৰ কাষত ৰখা দিচপ’জিবল গ্লাছৰ ঠাকৰপৰা এটা নিজেই উলিয়াই ল’লা। বস্তুকেইপদ লৈ চানাৱলাৰ পাছফালৰ আন্ধাৰখিনিত চানাৱলাই ৰখা টোল এখনত তুমি বহি ল’লা। এটা পেগ বনাই কট-কটকৈ দিঙিত বাকি দি চানাকেইটামান গলিয়ালা।

ঘৰখন! ১৫ বছৰৰ আগতে যিখন ঘৰৰপৰা ওলাই আহি এই গুৱাহাটীত ভৰি থৈছিলা, একেই হৈ আছেনে তোমাৰ বাবে সেইখন? নাই। অন্ততঃ তুমি তেনেকৈয়ে ভবা। দেউতাৰ মৃত্যুৰ পাছত ঘৰখন ধৰি ৰাখিবলৈকে ভাইটি বাংগালোৰত চিকিউৰিটি গাৰ্ড হ’বলৈ উভতি নগ’ল। তুমিও সকাহ পাইছিলা – হওক তেও, তুমি গুৱাহাটী এৰিব লগা নহ’ব। ভাইটিয়ে পাছফালৰ বাৰীৰ ঢাপৰ বাহ উঠাই তিনি বিঘা মাটিত চাহ পুলি ৰুলে। তুমি ভাবিলা – ভালেই হ’ল, ঘৰখনৰ বাবে নিয়মিত আয়ৰ বাট এটা ওলাব কিন্তু ভাইটিৰ কথা বতৰাত তুমি উমান পালা – এই বাগিছাত তোমাৰ অংশ নাথাকিব। ভাবিলা – তামোলৰ বাৰীখনেই তেন্তে তোমাৰ হ’ব। এবাৰ ঘৰলৈ যাওঁতে দেখিলা – ভাইটিয়ে তামোলৰ মাজে মাজে সাঁচি পুলি ৰুইছে। অধিকাৰ যোৱাৰ আশংকা দেখিলেও একো নক’লা। পাছৰবাৰ যাওঁতে দেখিলা – ভাইটিয়ে তামোলবোৰ উঠাই দিলে। সাঁচি পুলিবোৰ ভালদৰে বাঢ়িবপৰা নাছিল বোলে। ভাই বোৱাৰীয়ে তোমাক দেখুওৱা সন্মানৰ খাতিৰতেই হওক বা দৈনিক দুটাকৈ প্ৰেছাৰৰ দৰব খোৱা মাৰাৰ কথা ভাবিয়েই হওক, অধিকাৰ হেৰুৱাৰ আশংকাত শংকিত হ’লেও সেইবাৰো তুমি একো ক’ব নোৱাৰিলা৷

: তইনো আৰু ক’ত ঘূৰি আহিবি, ভায়েৰাই এইবোৰকে কৰি মেলি খাব আৰু। তই ল’লে দ’ মাটি দুদোবামানকে বেছি ল’বি৷

ভাতৰ পাতত মাৰাই সকলোৰে আগত কোৱা কথাকেইষাৰ আকৌ এবাৰ তোমাৰ কাণত বাজিল। কোনেও একো মতা নাছিল। তোমাৰ বাদে সকলোৰে চকু ভাতৰ কাঁহীত। খোৱাত যেন অধিক মনোনিবেশ। তুমি বুজিছিলা মাৰাৰ ইচ্ছা। তুমিও একো নামাতিলা। অৱশ্যে তুমিও নুবুজা নহয় – এইখিনি পৈত্ৰিক সম্পত্তিৰ ভাগ-বতৰাৰে দুখন ঘৰ নচলে।

মাজে-মাজে এনে কল্পনা কৰি তুমিও সুখী হৈছিলা৷ গাঁৱৰ ঘৰৰ সমস্ত সম্পত্তি তুমি ভায়েৰাক এৰি দিছা। বিহুৱে সংক্ৰান্তিয়ে ঘৰলৈ গৈছা। ঘূৰিবৰ পৰত ভায়েৰাই চাউল-পাত, শাক-পাচলিৰে তোমাৰ এছ ইউ ভি-খনৰ ডিকি ভৰাই দিছে। “ইমান কিয় দিব লাগে হাঁ” বুলি কৈ এটা কৃত্ৰিম খং দেখুৱাইছা। ভতিজাৰ হাতত কেইখনমান খমখমীয়া পাঁচশ টকাৰ নোট দি তাৰ দৰকাৰী বস্তু কিনি দিবলৈ ভাই-বোৱাৰীক কৈ ড্ৰাইভিং ছিটত বহিছা।

ঠিক এনে কিছুমান আকাংক্ষা পূৰণৰ বাবেই এই চাকৰিটো তোমাক বৰ প্ৰয়োজন আছিল। এটা হুমুনিয়াহ পেলালা। তোমাৰ জীৱন ভ্ৰমণত এই গুৱাহাটী নামৰ বাছখনৰ পাওদানিত উলমিহে থাকিলা, ছিট এটাৰ যোগাৰ নালাগে বাছৰ মাজলৈকো সোমাব নোৱাৰিলা। অৱশ্যে ইয়াৰ বাবে তুমি নিজৰ বাদে আন কাকোৱেই দোষী সাব্যস্ত কৰিব নোৱাৰা। তোমাৰ লগৰ সেইসকল সফল হ’ল যিসকলে এই চহৰলৈ আহি নিজক গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তাৰ বিপৰীতে এই চহৰত থকাৰ উদ্দেশ্যেৰেহে তুমি কিবা পঢ়িছিলা অথবা কাম কৰিছিলা। তোমাৰ লগৰ সেইসকল সফলে যেতিয়া ৰ’দ-বৰষুণলৈ কেৰেপ নকৰি, জনচক্ষুলৈ লাজ নকৰি কিবা এটা কৰাত আত্ম নিয়োগ কৰিছিল, সেই সময়ত তুলনামূলকভাৱে কম দৰমহাত ধুনীয়া অফিচৰ এ চি ৰূমত বহি কাম পাল মাৰিবলৈকে তোমাৰ সকলো বুদ্ধিমত্তা প্ৰয়োগ কৰিছিলা। ‘ধেই’ । এক ধৰণৰ গ্লানি, অশান্তি সহ্য কৰিব নোৱাৰি প্লাষ্টিকৰ গ্লাছটো জোৰেৰে তুমি টিপি দিয়াত অলপ মদ ওলাই পৰিল।

সম্পূৰ্ণ বটলটো শেষ কৰি যেতিয়া তুমি ঠিয় হ’লা তোমাৰ উমান পাবলৈ কঠিন নহ’ল – তুমি খোজ কাটল আৰু কথাত অলপ লৰিছা। ৰাতিও যথেষ্ট হৈছিল। ৰূমলৈ খোজেৰে উভতিলা। ষ্ট্ৰীট লাইট এটাৰ কাষৰ বেনাৰ এখনত তোমাৰ চকু ৰৈ গ’ল। আগন্তুক নিৰ্বাচনত শাসনাধীস্থ দলৰ টিকটপ্ৰাৰ্থী এজনৰ হাঁহিভৰা মুখ। এপাকত তোমাৰ এনে লাগিল – তোমাৰ অৱস্থাটোক তাচ্ছিল্য কৰিবলৈকে এই হাঁহি। বাটৰ কাষৰ ইটা এচপৰা মাৰি সেই ফ্লেক্স প’ষ্টাৰখন ফালি উঠিহে তোমাৰ উপলব্ধি হ’ল – কথাটো ভাল নহ’ল। ইফালে সিফালে চালা। কাকো নেদেখি নিজক ভাগ্যবান বুলি ভাবিবলৈ মন গৈছিলহে, পিছমুহূৰ্ততে চৰকাৰী চি চি টিভিৰ কেমেৰাটো দেখি তোমাৰ বুকুখন চিৰিঙকৈ মাৰিলে। নিজকে পতিয়ন নিয়াবলৈ যত্ন কৰিলা – চৰকাৰী চি চি টিভিৰ কেমেৰা যেতিয়া ভালে থকাৰ প্ৰশ্ন নাহে। তদুপৰি এজন ৰাজনৈতিক নেতাৰ বাবে এখন বেনাৰ ইমান গুৰুত্বপূৰ্ণ নহয় যে চি চি টিভিৰ ফুটেজ চাই তোমাক বিচাৰি যাব। তুমি আঁতৰি আহিলা।

**

মূৰত প্ৰচণ্ড টিঙটিঙনি। দিঙিত পিয়াহ। ৰাতিপুৱা দেৰিকৈ উঠি বাথৰূমৰ বেচিনত মুখ ধুই থাকোঁতে ডিঙিলৈকে আঙুলি ভৰাই বমিৰ বাবে তোমাৰ বৃথা চেষ্টা চলি আছে। এনেতে ম’বাইল ফোনটো বাজি উঠিল। শব্দক অনুসৰণ কৰি তুমি বাথৰূমৰপৰা ওলাই আহি আঠুৱা আৰু গাৰু ডাঙি ফোনটো হাতত ল’লা। এটা অচিনাকি নম্বৰ জিলিকি আছে ম’বাইলৰ স্ক্ৰীণত। ধৰিলা। কালি ৰাতি ইটা মাৰি প’ষ্টাৰ ফলা মানুহজন তুমি নেকি বুলি সোধোঁতে তুমি নহয় বুলি কোৱাৰ স্বত্বেও সিফালৰ কণ্ঠই তোমাক এবাৰ লগ পাব খুজিল। ভয় খাই তুমি ফোনৰ সংযোগ কাটি দিলা। কেইবাৰো সেই ফোন নাম্বাৰটো তোমাৰ ম’বাইলৰ স্ক্ৰীণত জিলিকি বাজি উঠাৰ বাবে ফোনটোকে অফ কৰি থ’লা।

দিনটো সোমবৰীয়া গতানুগতিক কৰ্মক্ষেত্ৰৰ ব্যস্ততা। চানাৱালাৰ দোকানৰ পাছফালে এটা হাফ অকলে শেষ কৰি গকুলৰ হোটেলত ভাত খাই ঘৰলৈ ঘূৰোঁতে ৰাতি এপৰ। তোমাৰ ভাৰাঘৰৰ চৌহদৰ সন্মুখত কেইটামান চায়ামুৰ্ত্তি দেখি তোমাৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ হ’ল। গেট খুলি সোমাবলৈ লওঁতেই এজনে সুধিলে – তোমাৰ ওচৰত জুইশলা হ’ব নেকি। হাতত চিগাৰেট জ্বলি থকা অৱস্থাত মিছা মাতিবলৈ তোমাৰ বেয়া লাগিল। এজনে চিগাৰেট জ্বলাওঁতে আন এজনে সুধিলে – কালি ৰাতি প’ষ্টাৰ ফলা মানুহজন তুমিয়েই আছিলা নেকি। বিপদৰ গোন্ধ! তুমি দৌৰি চৌহদলৈ সোমাই পাছফালৰ ৱালখন জঁপিয়াই পাৰ হৈ ঠেক গলিটোৰে দৌৰিবলৈ ধৰিলা। মূল ৰাস্তাটোত উঠি পাছলৈ ঘূৰি চাওঁতে ষ্ট্ৰীট লাইটৰ পোহৰত দেখিলা – দূটা ইলেক্ট্ৰিকৰ খুটাৰ দূৰত্বত কেইটামান মানুহ দৌৰি আছে। তুমি মূল পথ এৰি কলাক্ষেত্ৰৰ কাষৰ ৰাস্তাটোৰে সোমাই দিলা।

দৌৰি থাকোঁতেই তুমি সিদ্ধান্ত ল’লা। দেৱ পুৰুষৰ কুটীৰেই তোমাৰ লক্ষ্যস্থান। তোমাক লক্ষ্য কৰি সেই জোমটোৰ চিঞৰ বাখৰ আগতকৈ স্পষ্ট হোৱাত তোমাৰ এনে লাগিল দূৰত্ব কমিছে। মদ চিগাৰেট খোৱা দেহাহে। কিমান দৌৰিবা? তুমি কেকুৰীটো পাৰ হ’লা। পথ নিজান। ষ্ট্ৰীট লাইট নাই। কলাক্ষেত্ৰৰ দেৱালৰ সিপাৰৰপৰা হাউলি অহা বাঁহৰ জোপাকেইটাই আন্ধাৰ আৰু অধিক ঘন কৰি তুলিছে। তুমি তিনি আলিটো পায়েই পাহাৰৰফালে ঘূৰিলা। দেৱপুৰুষৰ কুটীৰলৈ দূৰত্ব যিমানে কমিল তোমাৰ সাহ বাঢ়ি আহিল। দূৰৰ ইলেক্ট্ৰিক প’ষ্টৰপৰা হাকোটা লগাই টনা চুৰি কাৰেণ্টত এল ই ডি বাল্ব এটা কুটীৰৰ বাহিৰত জ্বলি আছে। খোলা দুৱাৰেৰে দেখিলা ভিতৰতো পোহৰ। দৰ্শনৰ সময় সংক্ৰান্তীয় চাইনবৰ্ডখনলৈ তোমাৰ চকু গ’ল কিন্তু এই নিয়ম প্ৰযোজ্য হ’বলৈ তুমিতো আৰু সাধাৰণ দৰ্শনাৰ্থী নোহোৱা। টপ টুৱেণ্টীৰ খাচ। তাতে আছা এনে জঞ্জালৰ মাজত। জোতা খুলি ভিতৰত প্ৰবেশ কৰিলা৷

ধূপ-ধূনা, ফুল আৰু অন্যান্য পূজাৰ সামগ্ৰীৰ মাজত বহি আছে দেৱ পুৰুষ। অসময়ত তোমাক দেখি অলপো আচৰিত হোৱা যেন তোমাৰ নালাগিল। তুমি ঘূৰি চাই দেখিলা সেইকেইটা চোতাল পালেহি। বুকুত ঢপ-ঢপনি লৈ চুটি চুটি উশাহেৰে তুমি পৰিস্থিতি ব্যাখ্যা কৰিবলৈ মুখ খুলিব খুজিছিলা – ‘প্ৰভু – ’। দেৱ পুৰুষে তোমাক কথা আগবঢ়াবলৈ নিদিলে। হাত ডাঙি বাধা দিলে আৰু খালী বিগ্ৰহৰ বেদীটোৰফালে হাতেৰে দেখুৱাই ক’লে,

: সেৱা এটা লোৱা।

পুণৰ ঘূৰি চাই দেখিলা – দুজন ব্যক্তি কুটীৰৰ ভিতৰলৈ সোমাই আহিছে। তেওঁলোকক তুমি চিনি পালা। এজন সেই ৰাজনৈতিক নেতাজন যাৰ প’ষ্টাৰ তুমি ফালিছিলা। আনজন তোমালোকে ফুল চুৰ কৰোঁতে খেদি অহা ডেকাজন। তেওঁলোকৰ চকু মুখত কোনো উগ্ৰতা দেখা নাপালা। দেৱ পুৰুষক তেওঁলোকে আগলৈ হাউলি নমস্কাৰ কৰিলে। তোমাৰ নিজকে বিপদমুক্ত যেন লাগিল। মিতমাত হৈ যাব লাগে – তুমি ভাবিলা। দেৱপুৰুষৰ লগত তোমাৰ সম্পৰ্কৰ ঘণিষ্ঠতা সেই পাষণ্ডকেইটাক দেখাবলৈকে তুমি বিগ্ৰহবিহীন বেদীৰ সন্মুখত সাষ্টাংগে পৰি দিলা। তোমাৰ ভৰি দুখন কোনোবা এজনে ধৰাৰ উমান পালা। গম পালি বেটা! প্ৰায় তাচ্ছিল্যৰ ওচৰা-ওচৰি হাঁহি এটা মুখত লৈ দীঘলদি পৰি থকাৰ পৰাই ঘূৰি চালা। আঠু কাঢ়ি তোমাৰ ভৰিত ৰাজনৈতিক নেতাজনে ধৰি আছে। তোমাৰ ফিচ কৈ হাঁহি উঠি গ’ল। যিদুখন হাতে ৰাস্তাত হোৱা হ’লে তোমাৰ ডিঙি টিপিলেগৈহেঁতেন, এতিয়া দেৱ পুৰুষৰ সন্মুখত তোমাৰ ভৰিলৈ নামিল। দেৱ পুৰুষে তোমাৰ কঁপালত এটা ৰঙা ফোট আঁকি দিলে। ভক্তিত তোমাৰ চকু মুদ খাই গ’ল।

: হ’ব, ভৰি দুখন এৰি দিয়ক৷

এটা বেঁকা হাঁহি মুখত লৈ পাছলৈ ঘূৰি তুমি ৰাজনৈতিক নেতাজনক ক’লা।

; নাই, তেওঁ এৰিব নোৱাৰে৷

দেৱ পুৰুষে ক’লে।

: আপোনাৰে ভক্ত যেতিয়া এৰি দিছোঁ, ধৰি থকা নাই আৰু কথাবোৰ৷

মুখত মিচিকিয়া হাঁহি লৈ তুমি ক’লা। পুনৰ পিছলৈ ঘূৰি ৰাজনৈতিক নেতাজনলৈ চালা।

: আপুনি আগলৈ আহক, আমি একেলগে সেৱা লওঁ৷

: নোৱাৰিব অ’, তেওঁ আপোনাৰ ভৰিত এনেকৈ ধৰি থাকিব লাগিবই।

দেৱপুৰুষৰ চকুৱে মুখে বিৰক্তিৰ চাপ স্পষ্ট।

 ঠিকেইতো, আন্তৰিক সম্পৰ্ক থকা নিকট এজনক এনেকৈ অপকাৰ কৰিব খুজিলে কাৰনো খং নুঠিব? ভৱিষ্যতে এনে সাহস নকৰিবলৈকে শাস্তি অপৰিহাৰ্য। সম্ভাৱনাপূৰ্ণ কোম্পানী এটা তেনেই সৰু হৈ থাকোঁতেই অতি কম দামত তাৰ শ্বেয়াৰ কিনি পাছত ভাগ্যবান আৰু লাভবান হোৱাৰ গৌৰৱপূৰ্ণ অনুভৱৰ দৰে আনে চিনাৰ আগতেই এনে এজন শক্তিশালী ব্যক্তিৰ সৈতে এক ‘কামৰ সম্পৰ্ক’ গঢ়াৰ পুলক দেহত মাৰ নৌযাওঁতেই তুমি শুনিলা,

: যিদৰে মনোবাঞ্ছা পূৰণৰ বাবে আপুনি চুৰি ফুল উছৰ্গা কৰিছিলে, ঠিক তেনেদৰে তেওঁ আপোনাক উছৰ্গা কৰিছে। বৰ কষ্টত যোগাৰ কৰিছে নিজৰ প’ষ্টাৰ ফলা মানুহ৷

কি কয় হে এইজনাই! বুকুখন কঁপি উঠিল কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পূৰ্বেই তোমাক কাবু কৰি পেলোৱা হ’ল। কোনোবা দুজনে তোমাক ভৰিৰ লগতে পিঠি আৰু মূৰতো হেচি ধৰিলে। অন্য কোনোবাই তোমাৰ হাত আৰু ভৰি অতি ক্ষিপ্ৰতাৰে আটি আটি বান্ধি পেলালে। মুখখন টেপ লগাই বন্ধ কৰি দিলে। 

প্ৰথম বাৰলৈ সন্দেহ কৰিলা – তোমাৰ দৃষ্টিৰ পৰিসৰত আবদ্ধ নোহোৱা ডাঙৰ খেল এখনৰ অংশ আছিলা তুমি। ঠিক যেন খাদ্য শৃংখলৰ খেলখন। তোমাৰ দৃষ্টিগোচৰ হোৱা ফ্ৰেমটোৰ ভিতৰৰ ছবিখনত আছিল – সুযোগ-সুবিধাবোৰ আজুৰি খাবপৰাকৈ সক্ষম হৈ উঠাত তোমাক সহায় কৰিছে তেওঁ কিন্তু প্ৰকৃততে তুমি আছিলা সেই ফ্ৰেমটোৰ বাহিৰৰ আন কাৰোবাৰ খাদ্য বা চিকাৰ। যেন বেচিবলৈ পোহা হাঁহকেইটাক মাছ-তাছ খাই সোনকালে তেল ধৰাবলৈ গৃহস্থই জলাশয় এটাত মেলিহে দিছিল। প্ৰচণ্ড ক্ষোভত তোমাৰ দুচকুৰে বৈ অহা চকুলোক দেৱপুৰুষে এখন ৰুমালেৰে মচি তোমাৰ চুলিত হাত বুলাই ক’লে৷

: আপুনি এতিয়াও মোৰ বৰ মৰমৰ, চেকেণ্ড ক্লাইণ্ট।

মজিয়াত বাওঁগাল লগাই পৰি থকাৰপৰাই চাবলৈ যত্ন কৰিলা – কোঠাটোত বলিশাল জাতীয় কিবা সংযোজন নতুনকৈ হৈছে নেকি? নাই, নেদেখি অলপ যেন সকাহ পালা। ই-মেইলত ‘বাল্ক মেছেজ’ কৰাৰ দৰে বহু কেইজন ভগৱানক একে সময়তে স্মৰণ কৰি একেটা আশীষেই মাগিলা – কাৰবাৰটো যেন মনোবাঞ্ছা পূৰণৰ বাবে মন্দিৰলৈ আনি পূজা পাতল কৰি ৰাস্তাত ছাগলী এৰি দিয়াৰ দৰেই হয়গৈ। প্ৰয়োজন হ’লে সমগ্ৰ জীৱন গা নুধুই ভোবোলাৰ দৰে গোন্ধাবলৈ ৰাজি আছা।

: এতিয়া কি কৰিব লাগিব প্ৰভু?

তোমাৰ ভৰিত ধৰি থকাৰ পৰাই ৰাজনৈতিক নেতাজনে সুধিলে।

: এওঁক মূৰত টঙনিয়াই মাৰিব লাগিব আপুনি৷

দেৱপুৰুষে ক’লে।

তোমাৰ চাৎকৈ মনত পৰিল – সৰুতে বিহুৱে সংক্ৰান্তিয়ে তোমালোকৰ আহোমৰ প্ৰথা অনুসৰি পাকঘৰৰ বিশেষ খুটাটোৰ সন্মুখত তুমি কুকুৰা পোৱালি এটা ধৰিছিলা, ঠিক যিদৰে ৰাজনৈতিক নেতাজনে তোমাৰ ভৰিত ধৰি আছে। আনটো ধৰিছিল আইতাৰে। মধুৰীৰ ডাল কাটি বনোৱা দুডাল সৰু টাঙোনৰ এডাল লৈছিল আইতাৰে আৰু আনডাল তুমি। সেই কুকুৰা পোৱালিহালৰ মূৰত পৰিছিল তোমালোকৰ টাঙোনৰ প্ৰতীকী কোব। সেই কুকুৰাৰ সিজোৱা ডিঙিৰ মঙহত লিংকাই চাই মৃতকৰ বাবে পতা সকামত ভকতে ভৱিষ্যৎবাণী কৰিছিল তোমালোকৰ আহিবলগা দিনবোৰৰ বিষয়ে।

: এইডাল লওক। মূৰত এনেকৈ কোবটো মাৰিব যাতে শব্দৰ প্ৰাবল্য অন্ততঃ ৯০ ডেচিব’ল হয়। আমাৰ ইয়াত কামবোৰ সম্পূৰ্ণ চাইণ্টিফিক,’ দেৱপুৰুষৰ মাতটো তোমাৰ পাছফালে শুনিলা।

: কেনেকৈ গণিম? আৰু মূৰটোতো ঘণ্টা নহয় যে টঙনিয়ালে ডাঙৰ শব্দ কৰিব৷

ৰাজনৈতিক নেতাই ক’লে।

: আপোনাৰ কাম সৰ্বশক্তিৰে মৰা মাত্ৰ। এয়া চাওক এইটো চাউণ্ড মিটাৰ, ইয়াত আপুনি গম পাব কিমান ডেচিব’ল শব্দ হৈছে। আৰু এইটো হৈছে বিশেষভাৱে নিৰ্মিত পাতল টিনৰ টুপী। এওঁক পিন্ধাই দিম। কোবটো আপুনি টুপীটোৰ এইটো অংশত মাৰিব লাগিব৷

দেৱপুৰুষে ক’লে।

মূৰত কিবা এটা পিন্ধাই দিয়াৰ উমান পালা। তুমি অপেক্ষা কৰিলা এটা প্ৰচণ্ড কোব মূৰত পৰালৈ। এক ধাতব শব্দ আৰু মূৰত অসহনীয় যন্ত্ৰণা একে সময়তে আহিল। ঘন আন্ধাৰ নামি আহিল তোমাৰ দুচকুলৈ। ‘এশ’ – কোনোবা এজনে কোৱা শুনিলা।

মনত পৰিছেনে কিবা? ব’লা, ভাল আত্মাই এনেকৈ চেগুন গছত অকলে অকলে ওলমি নাথাকে। 

☆ ★ ☆ ★ ☆

16 Comments

  • ৰাজশ্ৰী শৰ্মা

    Breath taking… দাদা, অসাধাৰণ।

    Reply
  • দিম্পল

    সাংঘাটিক ভাল পালো

    Reply
  • মাধুৰ্য্য

    সাংঘাটিক লিখিছে।

    Reply
  • কাবেৰী মহন্ত

    উস্‌! কি গতি কাহিনীৰ!
    সাংঘাতিক!

    Reply
  • Rimjhim Borthakur

    সাংঘাতিক

    Reply
  • বৰ ভাল লাগিল

    Reply
  • ৰিণ্টু

    এটাই শব্দ, সাংঘাতিক

    Reply
  • নীলাক্ষি

    বহুত ভাল লাগিল দাদা। এক কথাত অসাধাৰণ।??

    Reply
  • Utpala Bhuyan

    দেৱ পুৰুষৰ ওচৰলৈ গলো হয় দাদা।

    Reply
  • আৰাধনা বৰুৱা

    বহুত ভাল লাগিল দাদা

    Reply
  • অঞ্জলি

    ৱাহ্! কি লিখিলা ঐ ভাস্কৰ।

    Reply
  • JB

    সাংঘাটিক লিখিছে দাদা

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ভাস্কৰ৷ পিচে দ্বিতীয় পুৰুষত লিখা বাবে কাহিনীৰ লগত একাত্ম হওতে অলপ কষ্ট পালোঁ৷ প্ৰথম পুৰুষত একেই কাহিনীটো বৰ্ণনা কৰা হেতেন মই বেছি ভাল পালো হেতেন৷

    এনিৱে ঝাকাছ!

    Reply
  • Pranita Goswami

    সাংঘাতিক ভাস্কৰ, মানিছোঁ কিন্তু। কলম আৰু চিন্তাশক্তিক চেল্যুট।

    Reply
  • ভাস্কৰ

    পঢ়ি চোৱা সকলোকে মোৰ আন্তৰিক ধন্যবাদ। কাকতিদা, হয়, প্ৰথম পুৰুষত কথাখিনি সহজ হ’ল হয়। আচলতে গল্পত দ্বিতীয় পুৰুষ কবলৈ কঠিন। মোৰ এটা সম্পৰীক্ষা বুলি ধৰক। অন্যহাতে গল্পৰ কথকজন কোনো জীৱিত ব্যক্তি নহয়। এজন যম টেকেলা বুলি ধৰক। মাৰৰ কোবত মৃত্যুৰ পাছতো স্মৃতিশক্তিয়ে কাম নকৰা এটা আত্মাক কৈ আছে কথাখিনি। এই ফৰ্মটোৰ বাবে দ্বিতীয় পুৰুষত ক’ব লগা হ’ল গল্পটো। ধন্যবাদ।

    Reply
  • Debabrat Borah

    কেনেকৈযে লিখিছা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *