ফটাঢোল

যজ্ঞৰ খিচিৰি – সুস্মিতা দাস

গৰমকালি গধূলি ছয়বজাৰ পিছত পাঁচ ফুট ন ইঞ্চিৰ, একোছা মোছ থকা শকত আৱত মানুহজনে প্ৰকাণ্ড লোহাৰ গেটখনত যেতিয়া গডৰেজ কোম্পানীৰ বৃহৎ তলাটো মাৰে তেতিয়াই গেটৰ ভিতৰফালে থকা আৱাসীসকলৰ জীৱনটো পিছদিনা পুৱা দহ বজালৈ সম্পূৰ্ণৰূপে সলনি হৈ যায়। সকলো আধুনিকা, ফেশ্বনিষ্টা, ইনষ্টাপ্ৰিয়া, পঢ়াকু বেহেনজী, দুখিয়াৰী বেহেন, দেচপো ডাংকাটি সকলো একাকাৰ হৈ পৰে। ফেশ্বনিষ্টাই দিনৰ দিনটো মেলি ৰখা ঘোঁৰাৰ নেজৰ নিচিনা মিহি নিমজ আৰু চিধা চুলিকোছা এমুঠি কৰি ওপৰলৈ উঠাই ক্লিপ এডালেৰে জব্দ কৰি থয়। ক্লিপত জব্দ নোহোৱা অৱশিষ্টখিনি তেনালীৰামণৰ টিকনিৰ লেখিয়াকৈ

Read more

ইইইইইই- অমিতাভ মহন্ত

শুবলৈ পালে মোক একো নালাগে৷ য’তে ত’তে,  যেতিয়াই তেতিয়াই যি কোনো পৰিস্থিতিতে টোপনি মৰা কলা আয়ত্ব কৰি মই এই টোপনি মৰা কামটোক মোটামুটি শিল্পৰ পৰ্য্যায়লৈ লৈ গৈছোঁ‌৷ গভীৰ ৰাতি নৈশ বাছৰ যাত্ৰা, কাণত হেডফোন লগাই কুচি মুচি শুই নাকৰ শব্দত কাষৰ কেইজনক শুব নিদিয়াটো এই প্ৰকাৰ খাটাং৷ আনকি পৰীক্ষাহলত লিখিবলৈ বিশেষ মনঃপুত একো নাথাকিলে শুই যোৱাই শ্ৰেয় বুলি ভবা বিধৰ শাৰীত পৰোঁ‌ মই৷ কিন্তু অন্যৰ দৰে মোৰ বিছনাত আটাইতকৈ ভাল টোপনি নহয়৷ মই আটাইতকৈ ভালদৰে টোপনি মাৰিব পাৰো ক্লাচৰূমত৷ চাৰে

Read more

হোষ্টেলৰ চিংগল ৰূম আৰু এটা ভূত – পিনাক পাণি বৰুৱা

সেই সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল নম্বৰ চাৰিৰ কোঠা বণ্টনৰ নিয়মবোৰ আছিল এনেধৰণৰ -প্ৰথম বছৰ ডাঙৰ কোঠা এটাত চাৰিজনকৈ, দ্বিতীয় বছৰো চাৰিজনকৈয়ে বা কোনোবা চিনিয়ৰৰ ৰূমত এডজাষ্ট কৰি ল’ব পাৰি যদিহে চিনিয়ৰজনৰ অনুমতি থাকে। তৃতীয় বছৰ দুজনকৈ আৰু চতুৰ্থ বছৰ অকলশৰে, তুলনামূলকভাবে সৰু কোঠাত। এতিয়া কথা হ’ল যে চিংগল ৰূমৰ সংখ্যা আছিল সীমিত, ফলত সেইকেইটা সকলোৰে ভাগ্যত নপৰে। যাৰ ভাগ্যত নপৰে সি আগৰ কোঠাতেই কোনো জুনিয়ৰৰ লগত থাকিছিল। কিন্তু যি শেষৰ বছৰটো চিংগল ৰূমত কটাব বিচাৰিছিল সি আগতীয়াকৈ কোনো চিনিয়ৰক

Read more

উইণ্ডো চিট – যোগেশ ভট্টাচাৰ্য্য

ৰাতিপুৱা আঠবজাত বাছখন বশিষ্ট চাৰিআলি ষ্টপেজৰ পৰা যাত্ৰা আৰম্ভ কৰিব যদিও মই সাত বজাতেই বাছ আস্থান পালোঁ। বৰপেটা যোৱাৰ কথা, ভাল চিট এটা নাপালে ইমান দূৰ যোৱাটো দিগদাৰ। ঠিয় হৈ যোৱাৰ প্ৰশ্নই নুঠে। গতিকে কোনো যাত্ৰী নুঠোঁতেই বাছখনত উঠি লৈ সয়ম্বৰত কইনাই বৰ পচন্দ কৰাৰ দৰে পচন্দৰ চিট এটাত বহি যাত্ৰা কৰিবলৈ ঠিক সাত বজাত বাছৰ ভিতৰত প্ৰবেশ কৰিলোঁ। ভিতৰত সোমাই দেখিলোঁ যে মোতকৈও দূৰদৰ্শী মানুহ চাৰিজন ইতিমধ্যেই চাৰিটা খিড়িকীৰ কাষৰ চিট লৈ বহি আছে। এজনে পেপাৰ উলিয়াই পঢ়ি আছে,

Read more

কুৰবাণী – নাজিফ হাজৰিকা

: ঐ ইমৰাণ, ৰ ৰ। কথা এটা আছিল। – দৌৰি থকা ইমৰাণক বাহাৰুলে ৰখালে। : হা? কি কথা?(ইমৰাণে চিঞৰি সুধিলে) : প্ৰথমে তই কাণৰ পৰা সেইডাল খোলচোন! ইমৰাণে হেডফোনদাল খুলিলে। ৰাতিপুৱা ৪:৩০ তে হেডফোন লগাই সি দৌৰিবলৈ ওলাই গৈছিল। বাহাৰুলে আকৌ ফজৰৰ নামাজ পঢ়ি উভতিছিল। : ক, কি কথা। – ইমৰাণে ক’লে। : মানে এইবাৰ কুৰবাণী  ঈদত তই থাকিবি, কামটো তয়েই কৰিব লাগিব। : কি কাম? : কেলৈ, বস্তুটো বগৰাব লাগিব নহয়! : ধুৰৰ মই নোৱাৰোঁ দেই। বেলেগক ক’বি। :

Read more

প্ৰত্যয়ৰ আলিবাট – ৰূপম ঠাকুৰীয়া

–কিনো ইমান কৈ চিন্তা কৰি আছে এই ৰাতিপুৱাই পুৱাই? এয়া লওক চাহকাপ। –অ’ চাহ আনিছা, থোৱা ইয়াতে। সন্মুখৰ বাৰাণ্ডাখনত বহি ৰাস্তাৰ সিপাৰৰ ৰাজহুৱা দমকলটোৰ পৰা পানী নিবলৈ অহা মানুহজাকৰ পিনে চাই কিবা ভাবি থকা ৰমানাথ হাজৰিকাই ঘৈনীয়েক পূৰ্ণিমাৰ ফালে লাহেকৈ ঘূৰি ক’লে। আঁউজিব পৰা দীঘলীয়া বেঞ্চখনৰ এটা মূৰত বহি পূৰ্ণিমাই কৈ গ’ল.. — আজি বলেনৰ (ল’ৰা) শাহু আৰু শহুৰ আহিব নহয়। সোনকালে বজাৰখিনি কৰিব লাগিব। গোপাল বজাৰ চ’কত আজি যিহেতু ৰবি বাৰৰ বজাৰ বহিব, আপুনি তাৰপৰাই বজাৰখিনি অলপ সোনকালে আনি

Read more

ৰুক্মিণী হৰণ – গায়ত্ৰী প্ৰান্তিক শৰ্মা

: ঐ উঠ বুলিছোঁ উঠ। এইখন পাটি আমি আজি আহি সন্ধিয়াতে পাৰি থৈ গৈছোঁঁ৷ এতিয়া তহঁত থমথম মদন গোপাল হৈ বহি আছহিহঁক যে। : ক’ত নাম লিখি থোৱা আছে ঐ। দেখুৱা নাম। ক’ৰবাত যদি তোৰ নাম দেখুৱাই দিব পাৰ এক মুহূৰ্তও নোৰোৱাকে জাঁপ মাৰি উঠি দিম৷ : নাম আকৌ নতুন পাটিখনত কিয় বাপেৰৰ মূৰটো কৰিবলৈ লিখিম। ইমান চোৰ ওলাব বুলি নাজানিছিলোঁ নহয়। ভাবিছিলোঁ গোটেই ৰাতিটো থকাৰ কথা, সূত্ৰ নাচি শেষ হওক কৃষ্ণ প্ৰৱেশৰ বাজনাখন শুনিলেই আহিম আৰু৷ এতিয়া বহা ক’ত

Read more

অপদাৰ্থ পদাৰ্থ আৰু অলপ পাৰ্থিৱ অপাৰ্থিৱ- নীলাঞ্জনা মহন্ত

“আহিলে আপুনি?“ “হয়, ক’ত আছে তেখেত?“ একো নকৈ জ্যেষ্ঠ চিকিৎসকজনে তেওঁক অনুসৰণ কৰিবলৈ ইংগিত দিলে৷ দৰবৰ গোন্ধ, ৰোগীৰ চেঁপা কেঁকনি গেঙনি পাৰ হৈ দীঘল হলঘৰটোৰে আহি এইবাৰ কেঁচুৱাৰ কান্দোন শুনা ইউনিট এটাৰ মাজেদি তেওঁলোক পাৰ হৈ গ’ল৷ ৰেদিঅ’লজি পাৰ হৈ এইবাৰ এলিভেটৰেদি উঠি সপ্তম মহলা পালেগৈ৷ তাৰ পৰা দেখোন ওলাই আহিল বাহিৰলৈ- অ’ নহয় ওপৰে ওপৰে এখন আহল-বহল কংক্ৰীটৰ দলং আন এটা বিল্দিঙৰ নগত সংযুক্ত৷ সেইপিনে গৈ তেওঁলোক আন্ধাৰ কৰিদৰেদি আগবাঢ়িল৷ যিফালে গৈ থাকে মৃদু পোহৰৰ লাইট এটা নিজে নিজে

Read more

ব’হাগৰ বৰষুণ জাক- অসীমা শইকীয়া দত্ত

হাজাৰ পহীয়া নাৰ্জি ফুলপাহৰ লেখীয়া হেয়াৰ ষ্টাইলটোৰ সৈতে সোণালীয়ে নিজকে ড্ৰেছিং আইনাখনত কিবা অভঁজা যেন দেখিছে। ঠিক যেন আইতাকহঁতৰ দিনৰ হিন্দী চিনেমাৰ ঘোঁৰাত উঠি অহা ভিলেইনবোৰৰ লেখীয়া হেয়াৰ ষ্টাইল। আগদিনা বাইদেউহঁত পাৰ্লাৰলৈ যাওঁতে তাইকো গেলামালৰ দোকানখনৰ কাষৰ চেলুনখনত নমাই থৈ গৈছিল। তাই এইখন চেলুনত অহা দিনাৰে পৰা চুলি কাটিছে। ল’ৰাজনেও সেয়ে জানে তাইৰ হেয়াৰ ষ্টাইল কেনেকুৱা। ওখ চকীখনত বহি তাই আৰামকৈ চকুমুদি দিয়ে আৰু ল’ৰাজনে কিচিক কিচিক কৈ কেঁচিখন নিজৰ মতে চুলিত চলাই কলম দি নিয়ে। কাণৰ ওপৰেৰে ডাঙৰ বাটি

Read more

আপোন – দীক্ষিতা বৰা

গ্ৰাহক মাতি থকা চানাৱালাজনৰ মাতটোত সাৰ পাই উঠিলোঁ মই। খিৰিকীৰে চাই দেখিলোঁ কোনো এখন লাইন হোটেলৰ সন্মুখত ৰৈছে বাছখন। এলাহ নিহালি এৰি মইও নামি গ’লোঁ‌ চকুহাল মোহাৰি। নিশাৰ আহাৰ মই খায়েই আহিছিলোঁ। হোটেলৰ সন্মুখত ৰৈ থাকোঁ‌তেই চানাৱালাজনলৈ চকু গ’ল আকৌ। বেচেৰাই জাৰৰ নিশাও ঘৰত কাপোৰৰ উম লৈ শুই নাথাকি এই নিয়ৰখনত ৰাতি এপৰলৈ চানা বেছি আছেহি। পাৰিলে দুটকামান বেছিকৈ ঘটি, এসাঁজ অকণ উদৰ পূৰাই খোৱাৰ মন হয়তো। কিয় জানো, টোপনিৰ জাল কাটি অতীতটো আকৌ উজাই অহা যেন লাগিল মোৰ। কিবা

Read more
1 25 26 27 28 29 78