ব’হাগৰ বৰষুণ জাক- অসীমা শইকীয়া দত্ত
জোনামাহীৰ বন্ধুজনে কিন্তু তাইৰ মনত নানাৰঙী ফুলৰ এখন বিয়াগোম চামিয়ানা তৰি পেলালে। সিহঁতৰ সেই অঞ্চলত দোকানে পোহাৰে তাইক চিনি নোপোৱা মানুহ কমেইহে আছে। এইখন ঘৰত ছয়বছৰ মানতে আহি এতিয়া তাই ওঠৰ বছৰীয়া। গতিকে কেইবাটাও বসন্ত পাৰ কৰা এই অঞ্চলত তাইৰ মনৰ মতন এটা কুলিয়েও তাইৰ জীৱনত বিননি নুজুৰিলেহি। মতামানুহৰ দৰে চুলি, তামোল পকটিওৱা ক’লা দাঁত মখাৰ সৈতে তাইক চাগে কাউৰী বুলিয়ে ভয় খায়। পিচে এইবাৰ বেলেগ। ব’হাগৰ বৰষুণজাকে তাইৰ মন চপচপীয়া কৰি পেলাইছে।
মালিকনীৰ ভণীয়েক জোনামাহীৰ অহা মাহত বিয়া। এই মাহীৰ লগতে আহিছিল সিদিনা নীলিম দা। জোনামাহীয়ে চিনাকি কৰি দিয়া নীলিম দাৰ কথাবোৰে তাইক পাগল কৰি তুলিছিল। তাই অভিজ্ঞতাৰ পৰা ভাৱে মানুহ ইমানো ভাল হ’ব পাৰেনে!! সেইদিনাহে তাই গম পাইছিল নিজৰ বিষয়ে আনকালে নজনা বহুবোৰ কথা। তাই বনোৱা চাহকাপ ধুনীয়া, তাই সজোৱা ড্ৰইং ৰূমতো ধুনীয়া, তাই যত্ন কৰা চৌপাশৰ ফুলৰ টাববোৰ ধুনীয়া। প্ৰকৃততে তাইয়ে ধুনীয়া। তাৰ মতে ইমানবোৰ বস্তু ধুনীয়া কৰা মানুহজনী ধুনীয়া নহৈ পাৰেনে! একেলগে বহুতো দেৱ দুন্দুভী তাইৰ হৃদয়ত বাজি উঠিছিল। ভাললগা অনুভৱবোৰ বুকুতে লৈ পাকঘৰত বাঢ়ি উঠিছিল কামৰ স্পীড। কাণত হৃদয়ত অনুৰণিত হৈছিল সেই প্ৰশংসাবোৰ। মনৰ বৰষুণজাকত তিতি-বুৰিয়েই তাই সেইদিনা ঢপলিয়াইছিল ডাইনিং ৰূমলৈ আলহি মাতিবলৈ। বিধে বিধে খাদ্যৰ টেবুল সজাই আৰু অলপ প্ৰশংসা ল’বলৈ বঢ়াই দিছিল চিটিবাছৰ দৰে ভৰিৰ স্পীড। পৰিণতিত পৰ্দাৰ সিপাৰে থকা নীলিমদাকে মাৰিছিল প্ৰকাণ্ড খুন্দা। বেচেৰা পুৰুষ হ’লেও খুন্দাৰ কোবত পোনে পোনে থকা ছফাখনত কৰ্ফাল খাই পৰিলগৈ। ঘটনাৰ আগ গুৰি নৌপাওঁতেই ইতিমধ্যে মালিকনীৰ পৰাও পিঠিত ভুকু দুটামান পৰিলেই। ……”মতলীয়া হৈ কিয় থাক!”
ভুকুৰ কবলৰ পৰা বচাবলৈ আগবাঢ়ি আহিছিল সিয়েই। তাৰ মৰমে সেইদিনা তাইৰ পিঠিত বিষ কমাই বুকুৰ বিষহে তীব্ৰ কৰি তুলিছিল। এনে লাগিছিল মালিকনীয়ে আৰু দুটামান ভুকু তাইক শোধাওঁক। আৰু সি আলফুলে ……।মুঠৰ ওপৰত অসম্ভৱ এক ভাললগা শিহৰণ। আগতে ইমান ভাললগাই তাইৰ কলিজাত দপদপাই ফুৰা মনত নপৰে। যি এতিয়া মালিকনীৰ কঠুৱা গালিকো ছন্দোবদ্ধ কবিতালৈ ৰূপান্তৰিত কৰিছে।
বিয়ালৈ মাথো দুদিন বাকী। বাইদেউ দাদা, জোনাক সকলোৱে ভাগে ভাগে কাপোৰ-কানি লৈছে। কেইবাদিনো মলত বজাৰৰ কাপোৰৰ বেগ তাইৰ হাতে কান্ধেও ওলমিছে। পিচে তাৰ মাজত তাইলৈহে একো নাই! জোতা, ঘড়ী, হেয়াৰ বেণ্ডৰ পৰা কাপোৰত মৰা পিনলৈকে কিমান সামগ্ৰী। তাইৰ জোখৰ ওলোমাই থোৱা ফেঞ্চি ড্ৰেছ কিছুমান চাই ফুৰোঁতে জঙ্কী বায়ে তাইৰ মনৰ উমান পাই অৱশেষত বাইদেউক কৈ কিনি দিছিল এখন চুমকি লগোৱা ধুনীয়া শাড়ী। চুমকি লগা এইসাজ তাইৰ জীৱনৰ প্ৰথম এসাজ আটক ধুনীয়া পোছাক। সুখী, বহুত সুখী তাই। জঙ্কীবায়ো বিয়াত শাড়ীয়ে পিন্ধিব। তাই জঙ্কীক পেটে পেটে ধন্যবাদ নিদিয়াকৈ নোৱাৰিলে। মনৰ পচন্দৰ শাড়ীখনৰ সৈতে তাইৰ সপোনৰ বৰষুণজাক মলৰ ভিতৰতে হুৰমূৰাই বৰষি আহিল। গাভৰু দেহত কেনে লাগিব এই সাজে, কেনে দেখিব। তাইৰ দেহৰ ভাঁজবোৰ জলহু কাপোৰবোৰৰ মাজত নিজেও উমান পোৱা নাছিল। মুষলধাৰে নামি অহা কল্পনাৰ বৰষুণজাকৰ ভাললগা অনুভূতি কিছুমানে মুহূৰ্ততে তাইৰ হাতে কান্ধে ওলমা বেগবোৰৰ ওজনটো কমাই দিলে। আইচক্ৰিম খাবলৈ বাস্কিনৰবিনচত সোমোৱা বাইদেউহঁতৰ আঁৰ লৈ মাজতে তাই হাতৰ টিপতে নিয়া পইছা কেইটাৰে প্ৰসাধন সামগ্ৰী দুপদমানো লৈ ল’লে।
বগা নীলা বেলুনৰ থোপা,….হালধীয়া, ৰঙা ফুলৰ থোপাৰে সেয়া জোনামাহীৰ বিয়াৰ তোৰণ। ইনভাখনৰ পৰা নামি সোণালীয়ে ৰ’ লাগি চাই ৰ’ল সেইফালে। সিহঁত অহাৰ খবৰটো পাই আগবাঢ়ি অহা বাইদেউৰ আপোন মানুহখিনিয়ে সিহঁতৰ লগতে তাইকো আদৰি নিলে। বাইদেৱে গাড়ীতে সকীয়াই থৈছে তাই যাতে বিয়াঘৰত গৈ মূৰ পোলোকা নিদিয়ে, কাৰণ তাইক কাম বনত সহায় কৰি দিবলৈহে আনিছে। বাইদেউৰ ঘৰৰ মানুহবোৰ বিশেষকে জোনামাহী তেওঁৰ দৰে অলপ নহয়। সেয়ে চাগে মাহীৰ লগ ভাগবোৰো ভাল। সোণালীয়ে ভিতৰ পাই কাপোৰ সাজ নসলোৱাকৈ পাকঘৰত চাহত লাগিলগৈ। দাদাক কাঢ়াকৈ চাহ একাপ লাগে। আনে বনোৱা বিয়াঘৰৰ সেলেঙলেঙীয়া চাহ তেওঁ নাখায়। একাপ চাহ কৰিবলে গৈ সাতকাপ মানৰ অৰ্ডাৰ তাই পালে। দহবজাত জোৰোণ পাবহি, ঘৰখনত খদমদম লাগিছে। বিয়া, জোৰণ এদিনীয়া সেয়ে কামবোৰো বেছি লৰা-ঢপৰা হৈছে। কিয় জানো বিয়া ঘৰখনত ভৰি দি তাইৰো মনটো কিবা অবুজ সন্ধানত উখল মাখল হৈ পৰিছে। ভৰা মন এটাৰে গানৰ কলি এটা গুণগুণাই চেকনীখন বিচাৰি ঘূৰ্মুতিয়াই ফুৰোঁতেই সোণালীৰ কাৰোবাৰ মাতত গাটো সিৰিক কৈ গ’ল। এইখন তাইৰ অচিনাকী ঘৰ নহয় আগতে আহিছে কেইবাবাৰো। …………হয়নে তুমি কি বিচাৰিছা? বিয়াঘৰত বস্তু একে ঠাইতে নাথাকে নহয়! কথাষাৰ শুনি সোণালীয়ে তড়িৎ গতিৰে ঘূৰি চাই দেখে সেয়া তাইৰ থৌকি বাথৌ মনৰ গৰাকীজন। হঠাৎ পাকঘৰত হুৰমূৰাই নামি অহা বৰষুণজাকে তাইৰ গাল দুখন ৰঙা পেলাই দিলে। মুখৰ আগতে থকা চেকনীখন তুলি নিলীম দাই ক’লে…… তোমাৰ হাতৰ চাহ একাপ খাবলৈকে ঢপলিয়াই আহিছোঁ। ভিনদেৱেহে ক’লে চাহ বনাবলৈ গৈ তুমি নাইকীয়া হ’লা। সেয়ে মোলৈও একাপ বুকিং কৰোঁ বুলি আহিলোঁ।
আবতৰীয়া বসন্তৰ মিঠাকৈ বিনোৱা কুলিটোৰ মাতত সোণালীৰ বাকিবলৈ লোৱা চাহখিনি চাইদ মিছ হৈ কাপৰ সলনি হাততে সৰ সৰকৈ পৰিল। গৰম চাহৰ ভকভকনিত চেঙালুটী পৰা তাইৰ মনৰ পৰা কুলিৰ মাতে ইতিমধ্যে কাউৰীলৈ ৰূপ সলালে। কি কৰোঁ, কি নকৰোঁকৈ কাৰোবাক সুধি পাকঘৰতে থকা ফাষ্ট-এইডৰ বক্সটো বিচাৰি নীলিম দাই বাৰ্ণলটো উলিয়াই তাইৰ হাতত আলফুলে লগাই দিলে। হাতখনৰ সৈতে শীতল পৰি যোৱা বুকুখনত তাইৰ তাৰ ব্যস্ততাখিনিয়ে কামোৰ মাৰি ধৰাদি ধৰিলে। ইমান ব্যস্ততা তাইক লৈ আজিলৈকে কোনোৱে লৈ পোৱা নাই। তাইতো আনৰবাবে দুখ বেজাৰ নাইকীয়া অনুভূতিহীন জড় সামগ্ৰী। তাইৰ সামান্য এই দুখ পোৱাই কিবা এক সুখানুভূতিত দুচকু সেমেকাই তুলিলে। নীলিমদাই চকুলো মচি– ‘একো নাই ভাল হৈ যাব’ বুলি যাওঁ নাযাওঁকৈ আঁতৰি গ’ল। বাজি উঠিল এইবাৰ কলিজাত বাজি উঠা উৰুলি জাউৰিৰ সৈতে তাল মিলাই ব্যস্ততাৰ মাজত দহবজাৰ জোৰোণখনেহে পেঁ…পেঁ…পেঁ কৈ পদুলিত বাজি উঠিলহি। শুভকামৰ শুভসময়ৰ কোনো হেৰফেৰ নাই। কইনাৰ মাকক আগুৰি ইতিমধ্যে জোৰোণ আদৰিবলৈ সকলো দলেবলে গৈছে। সোণালীও যাবলৈ লৈ ৰভাতলৰ পৰা ঘূৰি আহিল। বিউটিয়াচিয়ানে সজাই পৰাই তোলা সাধুকথাৰ ৰাজকণ্যাৰ দৰে লগা জোনামাহীৰ ওচৰত তাই অহাৰে পৰা এপাকো বহিবলে পোৱা নাই। লগৰ দুজনীমানে কইনাক কিবা কৈ হঁহুৱাই আছে। এৰা আজিকালি কইনাই জোৰোণ আহিলে নাকান্দে। সোণালীয়ে নিজৰ আহিবলগীয়া দিনটোৰ কথা ভাবি মনটো ৰভাতলৰ বেলুনসোপাৰ দৰে ফুলাই তুলিলে। জঙ্কীবাই ডিজাইনাৰ শাড়ী গাত লগালেই। বাকীকেইজনীকো চাব নোৱাৰি কইনাতকৈও সাতচাৰ। তাইহে…গাত থকা চুৰিদাৰযোৰলে চাই তাই কাপোৰ সাজ সলাই পেলোৱাৰ কথা ভাবিলে। আইতাকৰ ৰূমটোত সোমাই তাই শাড়ী থকা কেৰি বেগতো মেলোঁতেই ……
পাণ চপৰ ল’ৰাকেইটাক শুকান চাফা কাপোৰ দুখনমান লাগে, আৰু কফি চপৰ কেইটাকো কিবা লাগেনেকি সুধি আহিবি। দৰকাৰী সৰু বস্তু সৱেই নাপায় বিচাৰি। দাদাকে চিঞৰি কৈ থোৱা আদেশটো পালিবলৈ তাই উলিয়াই লোৱা শাড়ীখন আকৌ সুমুৱাই থৈ আইতাকহঁতৰ ডিভানখন খোঁচৰাত লাগিল। সিখন ঘৰৰ দৰে এইখন ঘৰৰো তাই ভিতৰৰ মানুহ। আইতাকৰ মানে বাইদেউৰ মাকৰ গা বেয়া হ’লে তাই প্ৰায়ে থকাকে আহে। একেখন চহৰতে দুয়োখন ঘৰ। দুৰত্বও কম। ৰভাতলৰ লেঠাতো মাৰিবলৈ যাওঁতেই তাই দেখিলে ফুলেৰে সজোৱা খুঁটা এটাৰ আঁৰত এহাল চকু। তাইৰ লাজসোপা দৌৰি আহি আকৌ গালত থুপ পাতিলে। কাপোৰকেইখন দি ততাতৈয়াকৈ তাই কইনা সজোৱা ৰভাতলৰ মহিলা পাৰ্টিটোত সোমালেহি। জোনামাহীক গহনাৰে ঠাঁহি পেলাইছে। গুণাৰ কাপোৰ সাজে তাইক গিলিপ মাৰি ধৰিছে। সোণালীয়ে নিজকো সেই ৰূপত কল্পনা কৰি আপোন বিভোৰ হৈ পৰিল। নকন্দাকৈ থকা জোনামাহীক জোকাই দৰাঘৰীয়া নামতিয়ে জুৰিছে…………অ’ জোনা অকণমান কান্দাচোন। চকুপানী নোলাই যদি পানী এলোটা ঢালাচোন।
……এই সোণালী শুনাচোন।
জোনামাহীৰ চকুত ঢলা পানী লোটাতো হঠাতে বৰষুণ আকাৰে তাইৰ গাতে বৰষি পৰিল। দুৱাৰ মুখৰ পৰা আঁতৰত ৰৈ সৌৱা নীলিমদাই মাতিছে। ধিপ্ ধিপ বুকুৰে সোণালীয়ে চুৰ্ণীখন ঠিক কৰি তাৰ ওচৰ পালেগৈ।
…শুনা, পাঁচকাপ চেনী নিদিয়া চাহ, ৰঙাচাহ লাগে। জোৰোণত অহা ডায়েবেটিছ থকা মানুহদুগৰাকীমানৰ কাৰণে। তাই, আৰু কিবা ক’ব বুলি ৰৈ থকা দেখি সি ক’লে…… যোৱা সোনকাল কৰা। এইখন বিয়াৰ তুমিয়ে মইয়ে মেইন মানুহ। নিজৰ মানুহ যেতিয়া সকলো খু্টি-নাটি আমিয়ে চাব লাগিব।নহয় জানো??……
নীলিম দাৰ কথাত তাই একেজাঁপে পাকঘৰ পালেগৈ। উটলাচাহৰ দৰে তাৰ কথা কেইটাইও বিশেষকৈ ইংগিততো মনৰ মাজত বুদ বুদকৈ উটলি থাকিল।এৰা মেইন মানুহ বিয়া নে জীৱনৰ!!
এটা সময়ত জোৰোণীয়া মানুহখিনি গ’লগৈ। সোণালীয়ে চেগবুজি শাড়ী সলাবলে আইতাকৰ ৰূম পালেহি। জোৰোণ আহোঁতে পিন্ধাবোৰ সৱেই সলাইছে। দুই এজন নিমন্ত্ৰীত অতিথিও ইতিমধ্যে আহিবলৈ লৈছে। বেগৰ পৰা শাড়ীখন উলিয়াওঁতেই আঁতৰৰ পৰা আইতাকৰ চিঞৰ……
…”ঐ সোনালী বেগাই আহচোন।জোৰোণ বিদায় দিওঁতে চেলেঙখন গাৰ পৰা ক’ত পৰিল ৰভাতলৰ পৰা বিচাৰি আনচোন।”
তাইৰ চকুৰ লগত দূৰৰ পৰা এংগোল মিলাবলৈ এইখন বিয়াঘৰৰ এলেহুৱা কিছুমানে বিচাৰিয়ে ফুৰে। যাতে সৱ কামতে তাই দৌৰিব পাৰে। মাথো এজনক বাদ দি। উলিয়াই লোৱা শাড়ীখন থেকেচি সুমুৱাই তাই- “কটা বুঢ়ী জোৰোণ আহোঁতেই চেলেং পৰিল, দৰা আহোঁতে প্ৰেছাৰ উকাই গোটেইজনী পৰিবি”– বুলি ভোৰভোৰাই আগফালে ওলাই আহিল।ক’ত পৰিব পাৰে বুলি ইফালে সিফালে ৰভাতলত চাওঁতেই আকৌ চকু পৰিল গেটৰ মুখৰ ফুলৰ থোপাৰ আঁৰ লৈ তাইলৈ চাই থকা চকুহাললৈ। ইচচ………
বৰষুণজাক বৰষিবলে নাপাওঁতেই এইবাৰ ৰিচেপছন ৰূমৰ পৰা কেটাৰিং পাৰ্টিক লৈ ব্যস্ত খুৰাকৰ চিঞৰ……
….”ঐ সোণালী অথনিৰে পৰা ৰভাতলত মানুহ এজন বহি আছে।কইনা সাজি হোৱা নাই যদি তেখেতক ভিতৰলৈ লৈ যাচোন। দেৰি হৈছে হেনো। কইনাক আশীৰ্বাদ দি যায়গৈ।”
আইতাকৰ চেলেং কাপোৰ বাদ দি সোণালী এইবাৰ অতিথিক লৈ ব্যস্ত হৈ পৰিল। মানুহজনক ভিতৰলৈ লৈ যাওঁতেও ককাকে … “কলহৰ ওপৰত দিয়া কেঁচা নাৰিকল দুটা পাকঘৰৰ চুকৰ পৰা লৈ আহিবি”- বুলি কাম এটা থাওঁকতে আকৌ পাচিলে।
সোণালী………সোণালী…… বাহিৰত ভিতৰত সৱতে সোণালী। তাইৰ যেন ভৰি নহয় সেই দুটা মিলখা সিঙৰ ভৰি হে। মুঠৰ ওপৰত যিয়ে মাতিব তাৰ ওচৰলৈকে দৌৰ। তাইক দেখিলেই বিয়াঘৰৰ মানুহবোৰৰ কামবোৰলে মনত পৰে। এৰা তাইৰ দৰে বিশ্বাসী হাঁকুতি এডাল পাবনো ক’ত! তাইও হাঁহিমুখে সকলো কৰি গৈছে। নীলিমদাৰ সাঁথৰ দুচকুৱে তাইৰ ভৰিত যথেষ্ঠ শক্তি যোগাইছে। কাম মাথো কাম। চৌপাশৰ কামবোৰে তাইক নতুন শাড়ীখন পিন্ধিবলৈও সময় নিদিলে। আবেলিৰ সমাগমেৰে ভৰা ৰভাতলৰ সময়ে তাইক ব্যস্ততা বঢ়াই তুলিলে। মাজতে প্ৰেজেণ্ট থোৱা ৰূমৰ ৰখীয়াও হ’ব লগা হ’ল। তাই কি খাইছে জানিবলৈ কাৰো সময় নাই। নাই এধানি আন্তৰিকতা! তাৰ মাজত নীলিম দাইহে তাইৰ খবৰ লৈ খাবলৈ যাবলৈ নিৰ্দেশ দিছে। সি খাই বৈ পাণ এখন ভৰাওঁতেই তাইৰ সৈতে মুখামুখী হ’ল। তাই চূন লগোৱা পাণ এশলা জেঠায়েকৰ হাতৰ বঁটাটোত দিবলে আনিছিল। তেতিয়াই সি সুধি পেলাইছিল তাই খোৱাৰ কথা। ইমান খেয়াল অত ব্যস্ততাতো কোনে ৰাখে!
মুঠৰ ওপৰত ব’হাগৰ বৰষুণজাক সুবিধা বুজি বিয়াঘৰখনত পুৱাৰ পৰা চিপচিপকৈ বৰষি থাকিল আনৰ অজানিতে। মিক্সিটো ৰেডি কৰি তিয়াই থোৱা মাহ হালধীসোপা তাই সন্ধ্যাতে পিহি অটালে। ৰাতিলৈ কইনাক গা ধুৱাওঁতে দৰকাৰ হ’ব।
নিয়াৰিকৈ কৰে বাবে প্ৰতিটো কামৰ দায়িত্ব তাইৰ কান্ধতে জঁপিয়াই পৰে।ব্যস্ততাৰ মাজত পুৱাতে পিন্ধা সাজযোৰেহে তাইক মাজে মাজে বেজাৰ লগাই থাকিল। কইনা ঘৰীয়া সম্পৰ্কীয় বুঢ়ীমানুহ দুগৰাকীমানৰ আল মাৰোঁতে তাইৰ সময় বেছিকৈ পাৰ হ’ল। তাৰ মাজতে ঘৰুৱা নতুন মাক দুজনীমানক কেঁচুৱাক চেৰেলেক খুৱাবলৈ গৰমপানী যোগান ধৰা, চামুচ বাটিৰ যোগান ধৰা এইবিলাক আছেই। সোণালী ৰভাতলৰ বাহিৰে ভিতৰে গুঞ্জৰিত এটা শব্দ,
নীলিম দা ক’ত গ’ল…। দৰা নহালৈকে আত্মগোপন কৰিম বুলি ভবা তাইৰ মনতো হঠাৎ উথলি উঠিল। বহু সময় ধৰি কামৰ হেঁচাত তাইৰ লগত দেখা-দেখিয়ে নাই। সোণালী ৰভাতললে ওলাই আহিল। ৰঙীণ লাইটৰ জক-মকনিত ৰভাতলখন স্বৰ্গপুৰীহেন লাগিছে। লাখটকীয়া এই জলক তবকত তাইৰ দেৱতাজন বাৰু ক’ত আছে। ওচৰৰ পৰা ভাঁহি অহা এজাউৰি হাঁহিত তাই সেইফালে চালে… সৌৱা হাঁহিত উফৰি পৰিছে জঙ্কীবাহঁতৰ গ্ৰুপটো। অনতি দূৰৈত সি নীৰৱে বহি আছে। তাক দেখাৰ পৰা বিয়াঘৰৰ আন ছোৱালীৰ লগত বৰকৈ হলি গলি কৰা দেখা নাই। তাৰ বাৰু কাঢ়াকে চাহ একাপ খাবৰ মন গৈছে নেকি! সি যে কফী খাই বেয়া পায়! সোণালীয়ে সুধি আহোঁ বুলি এখোজ-দুখোজকৈ কোনোবাই আকৌ চিঞৰে বুলি মুখ্যমন্ত্ৰীৰ পিছফালৰ বডীগাৰ্দটোৰ দৰে ইফালে সিফালে চাই লাহেকৈ বাট বুলিলে। লগালে……লগালে চিঞৰ। বিয়াগোম ৰভাখনৰ অন্য এটা মূৰৰ পৰা সেয়া তাইলৈ হাঁকুটি লগাইছে এইবাৰ ককাকে………
..… “ঐ অথনিৰে পৰা ক’ত মৰি আছিলি। বেগেতে যাচোন আইতাৰক সুধি গৰমপানীৰ বেগতো ৰেডী কৰগৈ।বহি বহি কঁকাল একেবাৰে ঠহ্-ঠহাই গৈছে। এনেই বিষ এটা আছেই।”
তাই খঙতে গাল এখনত ধৰি দাঁতৰ বিষ, মৰি আছোঁ বুলি ভেকাহি এটা মাৰি অহা বাটে বাট বুলিবলৈ লওঁতেই আবতৰীয়া কুলিটোৱে আকৌ বিনাই উঠিল। নীলিম দাই তাইক কাষলৈ মাতিছে। দৰা অহাৰ আগতে সি তাইক লগ কৰিবলৈ ক’লে। বিশেষ কথা আছে হেনো। সোণালীৰ গাটো থিয়ৈ থিয়ৈ কাৰেণ্ট মৰাদি মাৰিলে। তাইৰ জীৱনৰ নোহোৱা কথাবোৰে এতিয়া এনেকৈ খৰধৰ লগাব বুলি সপোনতো ভবা নাছিল। বিয়াঘৰত তাইক দুই একে বিয়াৰ কথা কৈ নোজোকোৱা নহয়। দাদাককো দুই একে কেও কিছু নোহোৱা ছোৱালী সময় হওঁতেই ভাল চাই দৰা এটালৈ দি পুণ্য আৰ্জিবলৈ কোৱা তামোল বিলাওঁতে তাই নিজে শুনিছে। তাইৰ ৰভাতলত মূৰতো বেণ্ড পাৰ্টি বজাদি বাজিছিল। পুণ্য আৰ্জিবলৈ সুবিধা দিয়া সেইজন পুণ্যাত্মা তাই নথকাত এদিন সেইখন ঘৰলৈও গৈছিল। তাই আগতে ঘুনুক ঘানাক কৈ শুনিছিল পিছে বৰ গুৰুত্বহে দিয়া নাছিল। কিন্তু মুখৰ কথা শিলৰ ৰেখা কৰি দেখুওৱা দাদাকৰ কথাই তাইৰ হৃদয়ৰ বহাগৰ সেউজীয়া চামিয়ানাটো ফাগুনৰ ধুলিৰে পুতি পেলালে। তাইৰ চুলিত হাত দি কেঁচিৰে সৈতে পুণ্যাত্মা কলিজাৰ আগমঙহ ডোখৰলৈকে বগুৱাই বাই যাব খুজিছে। তাইৰ কলিজাত চেলুনৰ চকী পাৰি বহিবলৈ ওলোৱা ঢোঁৰা কাউৰীটোক বিয়াৰ পিছত গৈ এসেকা ভালকে দিম বুলি ঠিৰাং কৰিলে। তাইৰ হৃদয় এতিয়া নীলিম ময়।
দিনৰ দিনতো আনৰ বাবে দৌৰোঁতে দৌৰোঁতে ৰাতিলৈ সোণালীৰ দেহাই বেটাৰী ল’ ছিগনেল মাৰিলে। মাজে মাজে নীলিমদাৰ চকুৱে চাৰ্জ দি নথকা হ’লে তাই চাগৈ কাহানিবাতে কৰবাত লুটিখাই পৰিলহেঁতন।
কাইলৈ সিহঁত যাবগৈ। বাইদেউৰ নিৰ্দেশ, জোনাকৰ পৰীক্ষা আছে। গতিকে টোপনিয়ে হেঁচা মৰাৰ আগতেই নীলিমক লগ কৰাৰ কথাতো তাই এবাৰ ভাবিলে। দৰা আহিলে পিছত হুলস্থূল হ’ব। জাৰি জোঁকাৰি হৃদয়খন তাৰ মুখৰ অমৃতবাণী ফাঁকিৰ বাবে ৰেডি কৰিলে। লগতে দাঁতৰ বিষৰ ভেশছনটোও ল’লে। এফালে গাল এখনত ধৰি অ’ত ত’ত থুপ পাতি তাইৰ বাবে কাম যাঁচিবলৈ চেপা পাতি থোৱা মানুহবোৰৰ পৰা ভয়ে ভয়ে সোণালীয়ে ৰভাতলত মিছন নীলিম দা আৰম্ভ কৰিলেহি। ৰভাতলত বিফল হৈ ভিতৰৰ ৰূমবোৰত তাই কেঁকাই গোঁথাই নীলিমক বিচাৰি ফুৰিল। এটা ৰূমত তাইক আলপৈচান ধৰা বুঢ়ীদুগৰাকীমানে শুবলৈ যো-জা চলাই অকস্মাত তাইক দেখি “মৰতিজনীলৈ চা, কেনেকে ভোটজলকীয়া খোৱাৰ দৰে সেঁহাই ফুৰিছে”, বুলি ফেল ফেলকৈ হাঁহি উঠিল। বৰকৈ ইফাল সিফাল কৰিবলৈ দিগদাৰ পোৱা আঢ়ৈ মোনীয়া বস্তাৰ গ্ৰুপতো দেখি তাইৰ কেঁকনি বেছি হৈছিল। পিচে ওভটাই তাইহে হাঁহিয়তাৰ পাত্ৰ হ’ল। দিনৰ দিনতো টেঙা দি এতিয়া ৰসতো পাইছে চোৱা! যমে নিবলেও ভয় কৰা বুঢ়ী, তহঁতৰ কাৰণেই মোৰ শাড়ীও পিন্ধা নহ’ল– এইবুলি সোনালীয়ে ভোৰভোৰাই উঠিল। পৰিয়ালৰ আলেকৰ পালেক মখাই প্ৰত্যেকৰে ঘৰত থকা এককুইণ্টল মানৰ বুঢ়ীকেইজনী বিয়াখনত একেলগ কৰি মংগল সুত্ৰৰদৰে তাইৰ টেঁটুত আঁৰি দিলে। জোনামাহীৰ সোণ হীৰাৰ জোৰোণখনৰ বিপৰীতে তাইৰ ডিঙিত এধাৰ এধাৰকৈ ছয়গৰাকী বুঢ়ী টেঁটুত ওলমা এইখন অন্য এখন জোৰোণ হে যেন! ৰাতি তেওঁলোক শোৱালৈকে সকলো ঠিক কৰি তাই অৱশেষত মুক্তি পাইছিল। শোৱাৰ সময় হ’লটো এতিয়া তাইক দৰকাৰ নাই সেয়ে হাঁহিব পৰা হৈ গ’ল। তেনেতে কোনোবা এটাই খবৰ দিলেহি নীলিমে তাইক ষ্টৰ ৰূমলৈ মাতিছে। শিহৰিত বৰষুণ জাকত তিতিবলৈ তাই উধাতু খাই ষ্টৰ ৰূম পালেগৈ। সি অকলে বহি আছে ষ্টৰ ৰূমত। ইচ……নুপূৰ পিন্ধা বৰষুণজাক যেন এই পৰোঁ পৰোঁ। এসোপামান লাজত বহাগৰ চামিয়ানাটোৱে দেখোন হৃদয়ত ঢৌ তুলি নাচিছে। চিপচিপিয়া বৰষুণজাকত তিতিবলৈ উত্ৰাৱল হৈ থকা সোণালীজনীক চাই নীলিম দাৰ ওঁঠেৰে হাঁহি এটা সৰকি আহিল। সি সৰু সৰুকৈ কৈ উঠিল ক’ব লগাবোৰ…………
সোণালীৰ কাণত শুন শুনকৈ দূৰণিৰ পৰা ভাঁহি আহিছিল তাইৰ প্ৰিয় গীততো… “ক’ৰ এজাক সপোন যেন বৰষুণ”… হয় এজাক বৰষুণ।
পিচে তাই ভবা মতে চিপচিপিয়া নহয়, এইজাক এজাক কলহৰ কাণে ঢলা বৰষুণহে হ’লগৈ। আকাংক্ষিত পুৰুষজনৰ লাজকুৰীয়া হাঁহিৰ লগতে সৰকি আহিছিল তাইক থেকেচি পেলোঁৱা দবাপিটা বৰষুণ জাক। পলকতে উৰাই নিলে তাইৰ হৃদয়ত ঠন ধৰি উঠা ব’হাগৰ সেউজীয়া চামিয়ানাটো। উদং মুদং হৈ পৰি ৰোৱা হৃদয়খনত তাইৰ ৰু ৰুৱাই বাজি থাকিল মাথো……………সেই শব্দ কেইটা…
সোণালীৰ কাণত একো নোসোমাল আৰু। এটাই বুজিলে তাই ছোৱালী হয়, কিন্তু সেই ছোৱালী নহয় ৰাজকুঁৱৰীৰ সপোন দেখিব পৰা। তাই ছোৱালীতকৈও এক শ্ৰেণীৰ মানুহৰ বাবে তাই যন্ত্ৰ, দুখ ভাগৰ নথকা … হৃদয় নথকা। জঙ্কীহঁতৰ দৰে জোনৰ কাষৰ তৰাটোও নহয় তাই, খহি পৰা পপীয়া তৰাহে তাই এটা।।
☆ ★ ☆ ★ ☆
10:37 am
বা।ভাললাগিল গল্পটো ???
12:11 pm
বা খুব ভাল লাগিল পঢ়ি
2:35 pm
বহুত ভাল লাগিল পঢ়ি বা, সমাজৰ এখন সঁচা ছবি দাঙি ধৰিলে
8:06 am
বা ভাল লাগিল পঢ়ি
1:20 pm
ভাল লাগিল বা ?
5:10 pm
শেষৰ খিনি হে বেয়া লাগিল, বিয়োগাত্মক।