আপোন – দীক্ষিতা বৰা
হঠাৎ বাছখনে হৰ্ণ দিয়া শব্দত উচপ্ খাই উঠিলোঁ। গাড়ী এৰিবৰ হ’ল। নামি যোৱা মানুহবোৰ উভতি আহিবলৈ দিয়া সংকেত এইটো। অলপ পিছতে আন্ধাৰ ফালি আগবাঢ়িল আমাৰ বাছখন। মানুহবোৰে আকৌ লালকাল দিছে টোপনিত। মইহে পিছে শুব পৰা নাই। মনলৈ ঘূৰি পকি আহি আছে দিনৰ কথাবোৰ। নতুন খুৰীৰ হুমুনিয়াহবোৰ। চুলি ৰূপোৱালি হলেও সেই বিশেষণটো আঁতৰাই নাই, আমাৰ মানত সেইয়া এতিয়াও নতুন খুৰী। চহৰৰ জীয়াৰী, ঘৰখনৰ আদৱ কায়দা, আচাৰ ব্যৱহাৰক নতুন ৰূপ দিয়া চুবুৰীটোৰ ‘চহৰীয়া ন ছোৱালী’ নতুন খুৰী। খুৰীৰ কথাবোৰে আকৌ খুন্দিয়ালেহি মনত, “মানুহে ঠিকেই কৈছিল মাকন, চকুপানীৰ মূল্য আমি চকুলো মচি মচিয়ে দিব লাগিব। বেলেগকৈ সৰগ নৰক একো নাই। যি আছে এইয়াই। অপেক্ষা মাথোঁ সঠিক সময়ৰ।” পক্ষাঘাতত ভূগি শয্যাশায়ী হৈ থকা খুৰাৰ বিচনাখনৰ কাষত বহি আঁচলেৰে চকুপানী টুকি তাকেই আওৰাই আছিল খুৰীয়ে। আৰু মই, …. ভাবি পোৱা নাছিলোঁ উত্তৰ দিয়াৰ ভাষা।
দুই গালেৰে বৈ গ’ল দুসোঁতা তপত চকুলো। মচি নেপেলালো, বৈ যাওক। পাৰিলে উটুৱাই নিয়ক অতীতৰ ব্যথাভৰা ক্ষণবোৰ। কিন্তু ক’তা, পৰা নাই দেখোন। মোৰ হাজাৰ চকুলোৱেও উটুৱাই নিব নোৱাৰে দেখোন সেই দিনটোৰ স্মৃতি যিদিনা মাংস কাটোতে চিটিকি পৰা তেজৰ দাগ লগা কামিজটোৰ আস্তিনেৰে দুচকু মোহাৰি দেউতাই কৈছিল, “সি চহৰীয়া হ’ল দে। থাকক সি তাতেই সুখত। গাঁৱৰ হাৱা পানীয়ে আৰু এতিয়া সিহঁতক নুশুজিব।”
চাৰিআলিৰ বজাৰত নিৰিহৰ তেজেৰে হাত ৰঙা কৰা কামটো দেউতাই সহজ মনেৰে কৰিছিল, লাজ নকৰাকৈ। কিয়নো সেইটো কামেৰেই চহৰত ৰাখি ভায়েকক পঢ়ুৱাইছিল, সংসাৰ চলাইছিল। বন্ধকত দিবলৈ বাকী থকা একমাত্ৰ মাটিডোখৰ বেছি ভায়েকৰ পছন্দ মতেই বিয়া পাতি দিছিল। বিয়াৰ পিছত ন কইনা এমাহ থাকিল। তাৰ মাজতেই ওৰণি লৈ আনৰ তল হৈ নথকা, নিজে চাহ খোৱা কাপটোও ধুই নোথোৱা আদি নতুন আদৱ কায়দাৰ আমদানি ঘটিল। চহৰৰ অফিচত চাকৰি পায়েই খুৰা নতুন খুৰী দুয়ো যি চহৰমুখী হ’ল, পিতৃ ভিঠালৈ আৰু মনত নপৰিল। মানুহৰ মুখে মুখে শুনিবলৈ পোৱা খবৰ কিছুমানে দেউতাক দুখ দিছিল। আনৰ আগত খবৰ দি, খবৰ লৈ দেউতা এদিন নিজেই গৈ ওলাইছিল। চৰকাৰী আঁচনিৰ সুবিধাসমূহ যে সাধাৰণ লোকক দিব লাগে, নিজে তাৰ বাবে ঘোচ লোৱা অনুচিত আদি শুনি থকা কথাবোৰৰ বিষয়ে কিবা এষাৰ ক’বলৈ লৈছিলহে, ভায়েকৰ ব্যৱহাৰ দেখি ভাই বোৱাৰীৰ কথা শুনি উঠি গুচি আহিবলগীয়া হৈছিল। ঠিক যিদৰে আজি এমাহমানৰ আগতে খুৰাদেউ উলটিছিল বোৱাৰীৰ ওচৰৰ পৰা, আৰু আহিয়েই বিছনাত পৰিছিল। শৰীৰৰ ৰোগতকৈ মনৰ ৰোগ বেছি আছিল। সেই দেউতাই বিষণ্ণ মনে উভতি আহিবলগীয়া হোৱা ঘটনাটোৰ পিছৰ পৰাই আমাৰ ঘৰ দুখনৰ মাজৰ সম্পৰ্কত লাহে লাহে ফাঁট মেলিছিল। খুৰাদেউ বা তেওঁৰ ল’ৰাটোৱে আৰু কোনোদিনে আমাৰ চোতালত ভৰি দিয়া নাছিল। নতুন খুৰীৰতো ইচ্ছাই নাছিল। বছৰে বাগৰ সলাইছিল। আমিবোৰ ডাঙৰ হৈছিলোঁ। কথাবোৰ বুজা হৈছিল।
হঠাতে স্পীড ব্ৰেকাৰত খোৱা জোকাৰনিটোৱে বাস্তৱলৈ লৈ আনিলে। মনলৈ আহিল দুসপ্তাহমানৰ আগৰ কথাটো। গাঁৱৰে খুৰাদেউ এজনে জী জোঁৱাইৰ ওচৰলৈ গৈ শুনি আহিছিল একেখন চহৰতে থকা খুৰাদেউৰ ঘৰৰ কাহিনী। সৰু চহৰখনত কথাবোৰ সহজে বিয়পে। কথাবোৰ আহি তেওঁ আমাৰ ঘৰত কৈছিলহি। নিজৰ ভেটিটো এলাগী কৰি থৈ গৈ, পিতৃতুল্যভাৱে কষ্টেৰে ডাঙৰ কৰা ককায়েকক এৰি গৈ, নিজেও এতিয়া এলাগী হৈ পৰা খুৰাদেউৰ কথা শুনি দেউতাৰ চকুযুৰি বিষণ্ণ হৈ পৰিছিল। হয়তো পাহৰি পেলাইছিল চকুপানী টুকি ঘৰলৈ উলটি অহা দিনটো। সহোদৰৰ মৰম এইয়া। ককাইদেউ আৰু মই ডাঙৰ হৈ উপাৰ্জনক্ষম হোৱাৰ পৰা আনৰ ঘৰৰ উৎসৱলৈ বাট নোচোৱাকৈ মন গ’লেই মাছ মাংস অকণ আনি খাব পৰা হৈছিল আমাৰ ঘৰখন। দেওবাৰে জুতি লগাই ৰং মনেৰে একে মজিয়াতে খোৱা ভাতসাজলৈ সকলোৱে হেঁপাহ কৰি থাকে। গাঁৱৰে খুৰাদেউজনে দিয়া খবৰটোৰ পিছত সেইদিনা দেওবৰীয়া ভাতসাজ কাৰো মুকলি মনেৰে খোৱা নহ’ল। তাৰ দুদিনৰ পিছতে আহিছিল আনটো খবৰ। খুৰাৰ প্ৰেচাৰ ষ্ট্ৰোক হৈ হস্পিতেলত থকাৰ কথাটো গম পাইছিলোঁ নগেন খুৰাদেউৰ ল’ৰাটোৰ পৰা। তাৰ পিছত দেউতাই আৰু ধৈৰ্য ধৰিব পৰা নাছিল। ভায়েকক এবাৰ চাই আহিবলৈ বৰকৈ মন কৰিছিল। ইফালে ককাইদেউৱে ছুটী মিলাব পৰা নাই। সেই হেতুকেই আজি পুৱাৰ বাছেৰে মোৰ সেই মফচলীয় চহৰখনলৈ গমন। দেউতাৰ যাবৰ মন আছিল যদিও একেদিনাই বাছেৰে অহা যোৱা কৰিব লাগিব বাবে মানা কৰিলোঁ। দুদিনমান পিছত ককাইদেউৱে লৈ যাব। অকলেই বিচাৰি ঘৰটো উলিয়ালোঁগৈ। প্ৰথমবাৰৰ বাবে খুৰাৰ ঘৰখন দেখিছিলোঁ যদিও বুজি উঠিছিলোঁ নৈৰাশ্যই গ্ৰাস কৰি থোৱাৰ কথা। মই গৈ পাওঁতে যেন নৈঃশব্দবোৰো বাঙ্ময় হৈ উঠিল অতীত সুঁৱৰি। খুৰা খুৰী মোক দেখি আচৰিত হৈছিল। মইও অলপ অসহজ বোধ কৰিছিলোঁ। কিন্তু দেখিলোঁ, তেওঁলোকৰ আচৰণত আগৰ সেই জড়তা নাই। খুৰাৰ আগত চকুপানী লুকুৱাই ৰখা খুৰীয়ে ইমান দিনে চেপি ৰখা সকলো চকুপানী মোৰ আগতেই যেন উলিয়াই দুখবোৰ পাহৰিবৰ চেষ্টা কৰিলে। মা দেউতাৰ কথা সুধিলে, ক্ষমা বিচাৰিলে।
“সি যোৱা দিন ধৰি খুৰায়েৰে ককাইদেউ বৌদেউৰ কথা কৈ আছে অ’ মাকন। আমি নিজেই যাম বুলি ভাবিছিলোঁ। কিন্তু এতিয়াতো আৰু নোৱাৰিম। কি হ’ল দেখিছই। এবাৰ তেওঁলোকক আহিবলৈ ক’বিচোন। খুৰায়েৰৰ মুখখন চাই যাবহি। আপোন মানুহবোৰ দেখি ৰোগীয়া দেহাটোও কিজানি অকণ ভাল পাইয়েই।” খুৰীৰ মুখত ‘আপোন মানুহ’ কথাষাৰ নতুন নতুন লাগিল। খুৰীজনী যেন আকৌ নতুন হৈ পৰিল। দুপৰৰ ভাতসাজ খাই খুৰাৰ চিকিৎসাৰ বিষয়ে কিছু কথা পাতিলোঁ। আবেলিয়ে ওলাই আহিবলৈ লৈছিলোঁ যদিও খুৰীয়ে নিদিলে। গধুলিতে ৰাতিৰ সাজ ৰান্ধি খুৱাই ৰাতিৰ বাছত আহিবলৈ ক’লে। এইদৰে টোপনি ক্ষতি কৰি অহাৰ বাবে কাইলৈ অফিচত মোৰ কিছু অসুবিধা হ’ব, আগতেই ভাবিছিলোঁ। কিন্তু তেওঁলোকৰ উচাহখিনিক ভেটা দিবলৈ মন নগ’ল। আপোন মানুহক কেতিয়াবা অকণ আব্দাৰ কৰাৰ সুযোগো দিব লাগে। তেহে আপোন যেন লাগিব। বাছখনে বেয়া ৰাস্তা এচোৱা এৰি ভাল ৰাস্তাত উঠি স্পীড বঢ়াই দিলে। আন্ধাৰ ফালি যেন উৰিহে যাব। মনটো মোৰ পাতল পাতল লাগিল। দেৰিকৈ হ’লেও সম্বন্ধবোৰ ভাল হোৱাৰ দিশে অহা যেন লাগিল।
মোৰ কৰ্মস্থলীলৈ যামগৈ বাহিৰে বাহিৰে। মুকলি মনটো লৈ চকু দুটা মুদি টোপনি যাবলৈ চেষ্টা কৰিলোঁ। চানাৱালাজনলৈ মনত পৰিল হঠাতে। মানুহৰ ভীৰ বাঢ়ি অহাত উজলি উঠা তাৰ হাঁহিটো মনলৈ আহিল। হাতত তেতিয়াও লৈ থকা চানা বন্ধা কাগজখন এবাৰ চালোঁ আৰু চকুহাল মুদি দিলোঁ।
12:15 am
ভাল লাগিল পঢ়ি
1:50 pm
ধন্যবাদ জনালোঁ।
3:20 pm
খুব সুন্দৰ
1:50 pm
বহু বহু ধন্যবাদ।
12:30 pm
সুন্দৰ
1:51 pm
ধন্যবাদ বা আপোনাক।
1:41 pm
ভাল লাগিল
1:51 pm
ধন্যবাদ জনালোঁ।
8:07 am
ভাল লাগিল দেই
1:52 pm
ধন্যবাদ জনালোঁ আপোনাৰ মন্তব্যৰ বাবে।
3:59 pm
বহুত ভাল লাগিল দীক্ষিতা।
5:48 pm
বৰ ভাল লাগিল পঢ়ি গল্পটো