অপদাৰ্থ পদাৰ্থ আৰু অলপ পাৰ্থিৱ অপাৰ্থিৱ- নীলাঞ্জনা মহন্ত
“আহিলে আপুনি?“
“হয়, ক’ত আছে তেখেত?“
একো নকৈ জ্যেষ্ঠ চিকিৎসকজনে তেওঁক অনুসৰণ কৰিবলৈ ইংগিত দিলে৷
দৰবৰ গোন্ধ, ৰোগীৰ চেঁপা কেঁকনি গেঙনি পাৰ হৈ দীঘল হলঘৰটোৰে আহি এইবাৰ কেঁচুৱাৰ কান্দোন শুনা ইউনিট এটাৰ মাজেদি তেওঁলোক পাৰ হৈ গ’ল৷ ৰেদিঅ’লজি পাৰ হৈ এইবাৰ এলিভেটৰেদি উঠি সপ্তম মহলা পালেগৈ৷ তাৰ পৰা দেখোন ওলাই আহিল বাহিৰলৈ- অ’ নহয় ওপৰে ওপৰে এখন আহল-বহল কংক্ৰীটৰ দলং আন এটা বিল্দিঙৰ নগত সংযুক্ত৷ সেইপিনে গৈ তেওঁলোক আন্ধাৰ কৰিদৰেদি আগবাঢ়িল৷ যিফালে গৈ থাকে মৃদু পোহৰৰ লাইট এটা নিজে নিজে জ্বলে আৰু পিছত নিজে নিজে নুমাই পুনৰ অন্ধকাৰ কৰে৷ আনটো বিল্দিঙৰ তুলনাত এইটো বিপৰীত৷ পিন এটা পৰিলেও কিজানি শব্দ হ’ব৷ তেওঁলোকৰ খোজৰ শব্দৰ বাদে আন একোয়ে কাণত পৰা নাই৷ চিকিৎসকজনে একো কোৱা নাই মাজে মাজে দুৱাৰবোৰত তেওঁ হাতত পিন্ধা বেজ এটা দেখুৱাইছে আৰু দুৱাৰখন নিজে নিজে খোল খাই গৈছে৷ অত্যন্ত খৰকৈ খোজ কাঢ়িছে তেখেতে৷ সিও পিছে পিছে গৈ থাকিল এটাই ইচ্ছা তাৰ দেউতাক যেন সোনকালে আৰোগ্য হয়৷ এইবাৰ সি তেওঁক লৈ যাব কিবা প্ৰকাৰে মনাব তেখেতক৷ বৰ হেঁঁপাহ আছিল তেওঁৰ আমেৰিকাখন চোৱাৰ৷ নায়েগাৰা জলপ্ৰপাত আৰু হোৱাইট হাউচৰ কথা সমাজ অধ্যয়নৰ পাত লুটিয়াই বুজায়। আগতে তেওঁ মাৰ্টিন লুথাৰৰ কথা, বেঞ্জামিন ফ্ৰেংকলিনৰ কথাবোৰ, বক্তৃতাবোৰ অভিনয় কৰি কৰি কয় তাৰ আগত৷
প্ৰায় পোন্ধৰমিনিটমান আহি আহি তেওঁলোক এটা কোঠাত সোমাল৷ আন্ধাৰ কোঠাটোত এটা ৰঙীন পোহৰ লাহে লাহে উজ্বল হৈ আহিল৷
কোঠাটোৰ কোনো খিৰিকী নাই৷ আচৰিত হ’ল সি৷
একেবাৰে সমুখলৈ বেৰত লাগি আছে এখন বিচনা৷ কাটি হৈ তাৰ দেউতাক তাত শুই আছিল, এইফালেই মুখ কৰি শুই আছে৷ দেখিয়ে তাৰ দৌৰি ওচৰলৈ যাবলৈ মন গ’ল৷ ছয়বছৰ ঘৰলৈ অহা নাই সি৷ বিদেশত চাকৰি কৰিবলৈ আহি বিদেশিনী এগৰাকীক সি ঘৰত নজনোৱাকৈ বিয়া পাতিছিল৷ তেনেতে ঘৰৰ পৰা চাই দিয়া ছোৱালী এজনীৰে সৈতে দিনবাৰ ঠিক কৰি দেউতাকহঁতে তালৈ খবৰ দিছিল সি আহিব লাগে আৰু বিয়াখন পাতি থৈ যাব লাগে৷
দেউতাকৰ বিশ্বাস আছিল তেওঁৰহে পুতেক, তাকো একমাত্ৰ সন্তান৷ তেওঁ বিশ্বাস কৰিছিল তাক৷
তেতিয়া সি জনাইছিল সি আহিব নোৱাৰিব৷ আৰু লগত পঠাই দিছিল নিলাজৰে দৰে পশ্চিমীয়া সাজত থকা বোৱাৰীয়েকৰ লগত তোলা এখন ফটো৷
সি কোনো উত্তৰ পোৱা নাছিল ঘৰৰ পৰা৷ সি ফোন কৰিছিল যদিও তাৰ লগত সম্বন্ধীয় কোনেও কথা পাতিব নুখুজিছিল আৰু একো সি গমো নেপালে কি হ’ল তাৰ পিছত৷ এবছৰমান পিছত তাৰ কলেজৰে বন্ধু এজনৰ পৰা সি গম পালে তাৰ দেউতাকৰ এটা স্ট্ৰোক হৈ বাওঁফালটো সম্পূৰ্ণ পেৰেলাইজ হৈ গ’ল৷ তেতিয়ালৈ সি একো কৰিব পৰাতো নাছিল তাৰ মূৰ্খামিৰ ফল সি বুজি উঠিল দেৰিকে যেতিয়া দুবছৰৰ পিছতে তাৰ নিজৰ ঘৰ ভাঙিল ঘৈণীয়েকে বেলেগ এজনৰ লগ ল’লেগৈ৷ অত্যন্ত অকলশৰীয়া অনুভৱ কৰিছিল সি, কাৰণ দেউতাকে যে তাক তাজ্যপুত্ৰ কৰিছে আৰু কোনোদিন মুখ নাচাওঁ বুলি হেনো কৈছে!
একাকীত্বক সাঙুৰিব কিমান, সি ঘৰৰ লগত সম্বন্ধ কৰিবলৈ চেষ্টা নকৰা নহয় কিন্তু দেউতাকে হেনো তাক তাজ্যপুত্ৰ ঘোষণা কৰোঁঁতে শৰীৰটোও চিকিৎসাবিজ্ঞানৰ গৱেষণালৈ দান দি থৈ গ’ল৷
কম্বল এখন আওঁৰি দেউতাকে চকু মুদি শান্তিৰে শুই আছে৷ তেখেতচোন একেই আছে দেখিবলৈ৷ মাকক সি সৰুতেই হেৰুৱাইছিল, দেউতাকেই তাক পিঠিত তুলি বহুত মৰমৰ মাজত নিজ হাতে ৰান্ধি বাঢ়ি খুৱাই ডাঙৰ কৰিলে৷ তাৰ বহুৰাষ্ট্ৰীয় কোম্পেনীটোৰ চাকৰিটোৰ সাক্ষাৎকাৰ দিবলৈ যাওঁতে তেঁঁৱেই কাপোৰ ইষ্ট্ৰী কৰি সাজু কৰি দিছিল৷ যিদিনা সি নিউইয়ৰ্কলৈ বুলি উৰাজাহাজত উঠিছিল, তেওঁ কৈছিল “যা বোপাই পৃথিৱীখন চাই আহ৷ তোৰ জহতে এদিন ময়ো চাম৷ মোৰ কাৰণে চিন্তা নকৰিবি৷ মই থাকিম৷ তোৰ নিজৰ বাবে কৰ এতিয়া, তই মুক্ত নিজৰ বাবে চিনেতা কৰিব পৰা হ’লি গৌৰৱ কৰোঁঁ তোক লৈ“৷ হয়তো সি নিজৰ বিষয়ে অলপ বেছিকৈয়ে ভাবিবলৈ আৰম্ভ কৰিলে সেইদিনাৰ পৰাই৷
চিনেমাৰ ট্ৰেইলাৰৰ দৰে এটা এটাকৈ তাৰ কথাবোৰ মনত পৰিবলৈ ধৰিলে৷
অনুশোচনাও হয়তো কৰিলে তাৰ কম হ’ব৷ প্ৰায়শ্চিত্তৰ পাৰাপাৰ নাই!
তাৰ ঘৈণীয়েকে এৰি যোৱাৰ পিছত এবছৰ সি আধাপাগলৰ দৰেই কটালে৷ কামত আৰু বেছি সময় দিলে৷ তাৰ কামটো ষ্টেম চেলৰ ওপৰত গৱেষণা, য’ত কামৰ শেষ নাই, যদি কোনোবাই গৱেষণা কৰোঁঁ বুলি ভাবে৷ সৰু ঘৰ এটাত থাকি এইবাৰ সি সকলো উপাৰ্জন অসমৰ NGO এটালৈ নিয়মীয়াকৈ পঠিয়াব ধৰিলে৷ NGO টোয়ে কিছুমান উচ্চশিক্ষিত মেধাৱী চিকিৎসকৰ দলে গঢ়ি তোলা এখন গৱেষণামূলক চিকিৎসালয়ক তাৰ অৰ্থখিনি খটোৱাৰ কথা তাক জনাইছিল৷ সি ভালেই পাইছিল৷ নিজলৈ ন্যূনতম খৰচৰ বাবে ৰাখি তাৰ বোনাচ আৰু সকলো উপাৰ্জন সি তালৈ যোৱা কেউবছৰে পঠাই আছে৷ সংগঠনটো আৰু চিকিৎসালয়খন তাৰদৰে “মহান“ লোকৰ প্ৰতি অতি কৃতজ্ঞ৷ তাৰ অনুৰোধত বেচৰকাৰী সংগঠনটোয়ে তাৰ পৰিচয় লুকুৱাই ৰাখিছিল৷
এদিন সংগঠনটোৰ মূৰব্বীজনৰ লগত কি জানো মন গ’ল তাৰ সি কথা পাতিছিল কি ধৰণৰ কাম চিকিৎসালয়খনে কৰি আছে৷ আচৰিত হৈছিল সি – বহুত অত্যাধুনিক সা সৰঞ্জামেৰে সমৃদ্ধ চিকিৎসালয়খনত বাটপথত পৰি থকা নতুবা গৰাকী নোহোৱা বৃদ্ধাশ্ৰমৰ বেমাৰীসকলেই আছিল মূলতঃ চিকিৎসাধীন৷ নিসন্দেহে ভাল কাম৷ ভাল লাগিছিল তাৰ জানি এটা কথাত তাৰ কষ্টোপাৰ্জিত ধন কিবা এটা ভাল কামত লাগিছে আৰু সি পৰাচিত হ’ব নে নাই ক’ব নোৱাৰিলেও এটা আত্মসন্তুষ্টি যেন মনেমনে লাভ কৰিছিল৷
সি সিদ্ধান্ত কৰিলে এদিন এই চিকিৎসালয়খনলৈ সি আহিব৷ আৰু চাব কামবোৰ মনৰ শান্তিৰ বাবে৷ পাৰিলে দেউতাকৰ বয়সৰ যিমান ৰোগী আছে সকলোৰে বাবে অলপ সময় উলিয়াই পুত্ৰৰ দৰে পৰিচৰ্যা কৰিব৷
সেই উদ্দেশ্যেৰেই যোৱা সপ্তাহতেই সি ইয়ালৈ আহিল৷ বৃদ্ধ ৰোগীসকলৰ লগত সি সময় কটাইছে, যিমানপাৰে কথা পাতি ভাল পোৱা দুই এটা কিবা কিবা কিনি আনি দি তেওঁলোকৰ আনন্দৰ চকুলোকণ উপভোগ কৰিছে৷ ভৰি চুই সেৱা কৰিছে এৰি আহিবৰ সময়ত৷ তেওঁলোকে জোলোকা জোলোকে আশীৰ্বাদ দিছে সকলো পিতৃয়ে যেন তাৰ দৰেই পুত্ৰসন্তান এটি পাওক! আৰু সেই আশীৰ্বাদ মূৰ পাতি লওঁতে তাৰ আত্মগ্লানিৰ পাহাৰটো যেন বাৰে বাৰে খহি পৰে৷ চকুপানী লুকুৱাই সি৷
আজি ৰাতিপুৱা চিকিৎসালয়ৰ কেন্টিনত ৰাতিপুৱাৰ আহাৰ কৰি থাকোঁঁতে জ্যেষ্ঠ চিকিৎসক এজন আহি তাৰ টেবুলৰ সমুখতে বহিলহি৷ খালী চকীখন দেখা পায়৷
চিনাকি পৰ্বৰ পিছত কথাৰ মাজতে চিকিৎসকজনে হস্পিটেলখনৰ বিষয়ে বহুত কথাই ক’লে৷
তেওঁ কৈছিল ৰাস্তাত পৰি থকা মানুহ কেইবাজনকো তেওঁ নিজেই দাঙি আনিছে হস্পিটেললে অকলে অকলে আৰু যৎপৰোনাস্তি চিকিৎসা কৰিছে৷ আৰু ক’লে কিদৰে তিনিবছৰ আগতে পেৰেলাইচিচ হোৱা এজন মানুহক তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত আধামৃত অৱস্থাত উদ্ধাৰ কৰিছিল আৰু আজি তেওঁৰ যিটো অৱস্থা চিকিৎসাবিজ্ঞানৰ এটা উল্লেখনীয় সফলতা যে তেওঁৰ দৰে এটা “subject” ধৰি ৰাখিব পাৰিছে৷
কিন্তু এই সাফল্য তেওঁ এতিয়াও প্ৰকাশ কৰিব খোজা নাই দুই এটা পৰীক্ষা বাকী আছে তাৰ পিছত হয়তো subject টো preserve বা dispose কৰিব৷
“আপোনালোকে এইদৰে যে লৈ আহে ৰোগীসকলক তেওঁলোকৰ সম্বন্ধীয় লোকসকলে আপত্তি নকৰেনে?“
“আমি ৰোগীসকলক যিমান পাৰো চিকিৎসা কৰো আৰু তেওঁলোকৰ মতক সন্মান জনাওঁ৷ যেনে এই ধৰক এইজন ব্যক্তিয়ে সম্পূৰ্ণ দেহটো চিকিৎসাবিজ্ঞানলৈ দান দি থৈ গৈছে, নামটো সুধিয়ে যেতিয়া দাটাবেচত পাই যাওঁ আৰু তেওঁৰ অঙহী বঙহীক খবৰ দি বিপদ চপাই নলওঁ৷“
অমলেটটোৰ শেষৰকণ চোবাই চোবাই চিকিৎসকজনে সুধিলে, “যদিও এইবোৰ কথা হস্পিটেলৰ বাহিৰত কোৱা মানা, মই জ্যেষ্ঠ চিকিৎসক হিচাপে আৰু আপুনি আমাৰ কাৰণে ইমানখিনি কৰিছে বাবে সুধিছো আপুনি তেখেতক চাব খোজে নেকি? Our most successful case so far.”
“নিশ্চয়৷ তেখেতৰ এনেই নামটো কি বাৰু“
“দীনদয়াল পাঠক।“
এক শিহৰণে তাক মূহুৰ্তৰ বাবে জোকাৰি গ’ল৷ দেউতাকৰ পেৰেলাইচিচ আছিল৷ তিনিবছৰ আগতে নিৰুদ্দেশ হৈছিল৷ শৰীৰটো চিকিৎসাবিজ্ঞানক দান দিছিল৷ আৰু নামটোও একে৷
তাৰ মনৰ ভাব জানিব নিদি সি তেখেতৰ লগত লান্সৰ পিছতে এটা এপইন্টমেন্ট ল’লে৷
একাপ কফিৰ বাদে তাৰ আৰু তাৰ পিছত একো খোৱা নহ’ল৷ most successful case… অৰ্থাৎ দেউতাক হয়তো সুস্থ বৰ্তমান৷ মনটো ভাৰাক্ৰান্ত হৈ উঠিল তাক চিনি পাবনে তেওঁ? দিবনে ক্ষমা কৰি বাৰু?
“কি ভাবি আছে?“
চিকিৎসকজনে তালৈ চাই সুধিলে৷
“
ঈষৎ হাঁহিৰে চিকিৎসকজনে তাক এটা চুইচলৈ আঙুলিয়াই দেখুৱালে৷
অলপ আচৰিত হ’ল সি চুইচটো চায়৷ সকলোবোৰ কথাই কিবা এটা মায়াবী যেন লাগিছেচোন তাৰ৷ কোঠাটোত বেৰৰ লগত লাগি আছে এসোপামান দায়েলাইচিচ আৰু ভেন্টিলেটৰৰ দৰে যন্ত্ৰ৷ কিন্তু দেউতাকৰ মুখত বা আন ক’তো তেনে কানেকচন লগাই থোৱা নেদেখিলে সি৷
চুইচটোৰ ওপৰত সৰু আখৰেৰে লিখা আছিল “2 sec left arm”
লাহেকে সি টিপি দিলে চুইচটো৷
ঠিক দুই চেকেণ্ডৰ নীৰবতা৷
তাৰ পিছতে দেউতাকে যেন লাহেকৈ বাওঁহাতখন কম্বলৰ তলৰ পৰা উলিয়াই চুলিত এবাৰ মোহাৰি পুনৰ আগৰ দৰে সোমোৱাই থ’লে৷
চিকিৎসকজনলৈ চালে সি অবাক হৈ৷
“Continue to next button”
“2 sec eye opener” .
ধপধপ কৰি থকা বুকুখনক যিমান পাৰি সংযত কৰি সি এইটো বুটামো টিপিলে৷
দেউতাকে দুই চেকেণ্ডৰ পিছত চকু মেলি তালৈ চালে আৰু এক চেকেণ্ডমানৰ বাবে গোটেই কোঠাটো চকু ফুৰাই আকৌ শুই থাকিল৷
সি থাকিব নোৱাৰা হৈছে, দেউতাকে তাক আচলতে দেখিলেনে নাই?? হয়তো দেউতাকৰ আশা হেৰাই গ’ল আৰু সপোনতো ভবা নাই সি যে কেতিয়াবা আহিব বুলি৷
“কেনে পালে? We have more. Try another one. Want to listen to his voice?”
“…”
“আচলতে কি জানে এখেতৰ কোনো নাছিল যে এইটো নহয়৷ তেখেতে সকলো কথাই কৈছিলেই আমাক৷ আমি বহুত যত্ন কৰিলো৷ ok try next button please”
“Static voice 2 words”
দুই চেকেণ্ড!
“সোণটো আহিছ?“ চকু দুটা মেলি অলপ হাঁহিমুখেৰে মূৰটো দাঙি দেউতাকে তাৰ ফালে চাই সুধিছে৷
সি বাকৰুদ্ধ হৈ বহি পৰিল মজিয়াত….. ঘূৰিছে পৃথিৱীখন যেন তাৰ চাৰিওপিনে আজি৷ আৰু একো বুজিবলৈ আৰু তাৰ বাকী নাথাকিল৷
“Any question Sir? কেনে পালে?“
☆ ★ ☆ ★ ☆
10:45 am
চকুৰ পানী উলাই গৈছে । বহুত দুখ লাগিল অ’!
2:17 am
ধন্যবাদ
12:22 pm
সাংঘাতিক৷ লিখনশৈলী, theme..
লগতে কিছু মহান মানুহৰ জীৱনৰ ব্যংগ৷
অন্তৰাত্মাক কঁপাই গ’ল
2:24 am
ধন্যবাদ৷ কিছু সত্য কিছু কল্পনা মিলাই চেষ্টা এটা কৰিছিলো৷
2:32 pm
বহুত ভাল লাগিল , বাইদেউ। উপ্যনাসিক ৰঞ্জু হাজৰিকাদেৱৰ চিৰিজ পঢ়াৰ দিনবোৰলৈ সোঁৱৰাই নিলে। আৰু ভাল লগা সুন্দৰ লিখনি আশা কৰিলোঁ।
9:00 pm
ধন্যবাদ জয়ন্ত৷ ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস আগতে কম পঢ়িছিলোনে! তুমিও লিখি থাকিবা৷ ভাল লাগিব৷
10:34 pm
বহুত ধুনীয়া লিখিছাঅ’। সাংঘাতিক। ভাল লাগিল❤❤❤❤
9:00 pm
ধন্যবাদ ??????
10:51 pm
বহুত ভাল লাগিল নীলাঞ্জনা৷ একদম অভিনৱ ষ্টাইল৷ ৰবিন কুক ষ্টাইল৷
9:03 pm
ধন্যবাদ দাদা৷ কি লিখিছো নাজানো পিছে আপুনি ৰবিন কুকৰ স্টাইলৰ লগত মিলিছে বুলি কৈ দিলে, ইয়াতকৈ ডাঙৰ প্ৰশংসা আৰু কি হ’ব পাৰে৷ আপোনালোকৰে কৃপা যদি কিবা অলপ জোঁটাইছো৷ ??
11:07 pm
অভিনৱ!
9:04 pm
ধন্যবাদ ???
11:09 pm
বৰ ভাল লাগিলে
9:05 pm
ধন্যবাদ৷ সম্পাদকীয়টো পঢ়িলো আৰু আলোচনীখন চকু ফুৰাই আছো খুব ভাল হৈছে৷ পুনৰ অভিনন্দন জনাইছো এই চেগতে৷
11:10 pm
অভিনৱ। খুব ভাল লাগিল বা পঢ়ি।
9:06 pm
ধন্যবাদ ৰাজশ্ৰী, তোমালোকেই প্ৰেৰণা৷ তুমিও বহুত ভাল লিখা৷ পঢ়ি আছো মাজে মাজে ???????
11:47 pm
অভিভূত হৈছোঁ। আপোনাৰ লিখনিৰ এটা সুকীয়া ষ্টাইল আছে, শেষৰ ফালে বৰ দুখ লাগিল।
9:07 pm
ধন্যবাদ৷ sci fi চিনেমাই হওক বা কাহিনীয়েই হওক ভাল পাওঁ পঢ়ি৷ কিবা এটা চেষ্টা কৰিলো৷ ভাল পালে বুলি জানি ভাল লাগিল???
11:52 pm
পঢ়ি উঠি কিছু সময় নীৰৱ হৈ ৰৈ আছোঁ। গল্পটোৰ ষ্টাইলটো সাংঘাতিক। শেষৰ ফালে বৰ দুখ লাগিল, কাৰণ কব নোৱৰাকৈয়ে গল্পটোৰ চৰিত্ৰ বোৰৰ মাজত সোমাই পৰিছিলোঁ। ভাল গল্প এটা পঢ়িবলৈ ভাল পৰিবেশ এটা লাগে। ৰাতিৰ নীৰৱতাৰ মাজত সেই পৰিবেশটো মই বিচাৰি পাওঁ, সেয়ে হয়তো একাত্ম হৈ পৰিছিলোঁ,বাৰুকৈয়ে আৱেগিক কৰি তুলিলে
9:08 pm
আন্তৰিক ধন্যবাদ জনাইছো??
3:08 am
সাংঘাতিক ভাল পালো
9:08 pm
ধন্যবাদ ???
8:40 am
বৰ দুখ লাগিল!
9:09 pm
আছে কিছুমান অপদাৰ্থ পদাৰ্থ আমাৰ সমাজত, গল্পটোৰ মাআেৰে সেই বাৰ্তাটোকে দিবলে চেষ্টা কৰিছিলো৷ ধন্যবাদ পঢ়ি চোৱাৰ বাবে৷
8:41 am
বৰ দুখ লাগিল!
9:10 pm
হয় মৃদুস্মিতা, আছে কিছুমান অপদাৰ্থ পদাৰ্থ আমাৰ সমাজত, গল্পটোৰ মাজেৰে সেই বাৰ্তাটোকে দিবলে চেষ্টা কৰিছিলো৷ ধন্যবাদ পঢ়ি চোৱাৰ বাবে৷
8:44 am
খূৱ ভাল লাগিল. অগতানুগতিক কাহিনী.. অন্তৰ চুই গ ল..
9:11 pm
আছে কিছুমান অপদাৰ্থ পদাৰ্থ আমাৰ সমাজত, গল্পটোৰ মাজেৰে এনেকুৱা এটা বাৰ্তাটোকে দিবলে চেষ্টা কৰিছিলো৷ ধন্যবাদ পঢ়ি চোৱাৰ বাবে৷
8:46 am
সাংঘাতিক উপস্হাপন ৷ চুটি গল্পৰ যেন সকলো গুনেই সন্নিবিষ্ট হৈ আছে লিখনিত ৷ বহুদিনৰ পৰাই অতি সহজ ভাবেই ঘটি অহা এই দৃশ্যপট যেন আমাৰ বৰ চিনাকি ৷ অন্তৰ চুই গ’ল ৷
9:13 pm
বহুত ধন্যবাদ মনীষা পঢ়ি চোৱাৰ বাবে৷ আছে দুই এটা এইধৰণৰ অপদাৰ্থ পদাৰ্থ আমাৰ সমাজত, গল্পটোৰ দ্বাৰা সেই বাৰ্তাটোকে দিবলে চেষ্টা কৰিছিলো৷ বাকী মোৰ লিখা কাৰ্য টো বৰ চালুকীয়া
9:33 am
বৰ দুখ লাগিল, সুন্দৰ গল্প!
9:14 pm
ধন্যবাদ???
10:25 am
বৰ মৰ্মস্পৰ্শী উপস্থাপন। ভাল লাগিল
9:14 pm
আন্তৰিক ধন্যবাদ
10:26 am
Bohut donor murot eta ontorsporshi sutigolpo porhi Val lagil.
9:15 pm
ধন্যবাদ পঢ়ি চোৱাৰ বাবে৷ ???
3:38 pm
Borhia
9:15 pm
ধন্যবাদ 🙂
12:21 pm
বৰ ভাল লাগিল। বাস্তৱ
11:11 am
ধন্যবাদ ডলী
3:14 pm
সাংঘাতিক scifi.. খুউব বঢ়িয়া লাগিল
11:12 am
ধন্যবাদ উৎপলা৷ তোমাৰ লেখা পঢ়ি বৰ ভাল লাগে
7:46 am
সাংঘাটিক ভাল লাগিল ? ?
11:13 am
ধন্যবাদ
7:47 am
বৰ ভাল লাগিল ।
11:13 am
ধন্যবাদ
10:26 am
পঢ়ি চকুলো ওলাল বাইদেউ..সুন্দৰ উপস্থাপন..
11:13 am
ধন্যবাদ মানসী
12:59 am
সাংঘাতিক সংযোজন ৷সুন্দৰ পৰিকল্পনা ৷বহুত আমেজ পালো ৷
11:13 am
আন্তৰিক ধন্যবাদ
6:15 pm
সচাকৈয়ে বৰ অনুপম আৰু অন্তৰ স্পৰ্শী হৈছে জোন । পিতৃ মাতৃৰ প্ৰতি সন্তানৰ যিটো কৰণীয় সেইটো নকৰাৰ বাবে যি negative impact পৰিয়ালৰ ওপৰত পৰে, সেয়া গল্পটোৰ মাজেৰে সুন্দৰভাৱে পৰিস্ফুট হৈছে। সুন্দৰ উপস্থাপন।