ফটাঢোল

দে’তা- নাজিফ হাজৰিকা 

২০০১ চন ধেৰেং……ঢেং…..ঢেং…… ৰাজদূতখনৰ মাত শুনিয়েই ৯ বছৰীয়া প্ৰশান্তই গম পালে দেউতাক আহিছে৷ দৌৰি- দৌৰি সি আগফাললৈ ওলাই আহিল৷ চোতালত মটৰচাইকেলখন ৰখাই বাপেকে বজাৰৰ মোনাটো তাৰ হাতত দিলে৷ : এইটো ভিতৰলৈ লৈ যা৷ মোনাটো হাতত লৈ সি সুধিলে- : আৰু কিবা আনিছা? : আৰু কি আনিম? : আৰু একো অনা নাই? : নাই অনা আকৌ! : কিয়, আজি দেওবাৰ নহয়! (প্ৰশান্তৰ অলপ খং উঠিছে) : তাতে কি হ’ল? : আজি চিনেমা চাম নহয় …! দেউতাকে হাঁহি দিলে৷ : আনিছোঁ, আনিছোঁ৷

Read more

এযোৰ পয়গম্বৰ চকুৰ সন্ধানত – জুৰী বৰা বৰগোহাঞি

মই কোৰোনাৰে ধান চপাইছিলো। মায়ে ৰ’দত থকা ওখোৱা ধান দুটামান হাতৰ তলুৱাত মোহাৰি দাঁতত দি শুকুৱাৰ উমান লৈছিল। মাৰ দাঁতত পৰি চাউলটোৰ পৰা কটৰকৈ এটা শব্দ বাহিৰ হ’ল। ধান শুকাল। দীঘল পদূলিৰে উধাতু খাই খুড়ী আহিল। অবিন্যস্ত কাপোৰ। চকুপানী, নাকৰ পানী একাকাৰ। : নবৌ কান্দক কান্দক সেইজনা চলি গ’ল। খুড়ীৰ কথাত মোৰ হাঁহি ওলাই গ’ল। মালৈ চালো। কেইমুহূৰ্তমান আগতেই হাঁহি থকা মাৰ চকুতো পানী। ঃ কোন মৰিল খুড়ী? ঃ উস্ নাপায় নাপায়। মৰিল বুলি ক’ব নাপায়। চলি গ’ল তেওঁ। বৈকুন্ঠ

Read more

সুধা – গীতালি বৰা

মিহি শিল দিয়া আলিবাটটোত থিয় হৈ তেওঁ মোক বহল পথাৰখনৰ সিমূৰলৈকে আঙুলিয়াই দেখুৱালে, ‘সৌ যে নদীখন দেখিছ– দূৰত– সেই টিলাটোৰ কাষতে– তালৈকে গোটেইখিনি আমাৰ মাটি৷’ মই যিমান দূৰলৈকে সম্ভৱ মোৰ দৃষ্টি মেলি ধৰিলোঁ৷ নদীখন হ’লে নেদেখিলোঁ৷ ধান কাটি নিয়াৰ পাছত মুখ ওন্দোলাই থিয় দি থকা পথাৰৰ বিষন্ন নৰাবোৰহে চকুত পৰিল৷ কিন্তু আমাৰ সোঁফালে থকা চেগুনৰ হাবিখনে ঠিকেই মোৰ দৃষ্টি হৰিলে৷ ‘সেই চেগুনৰ হাবিখন কাৰ মা?’ তেওঁৰ মুখত গৰ্বৰ হাঁহি এটা জান-নাজানকৈ বিৰিঙি উঠিল, ‘আমাৰে৷ চব চেগুন দেউতাৰে নিজ হাতেৰে ৰুইছিলে

Read more

আশীৰ্বাদ : নাজিফ হাজৰিকা

: ঐ ল’ৰা ৰ ৰ ৰ৷ এইফালে আহ! অতুল নাথ ছাৰে ইমৰাণক দেখি বাইকখন ৰখাই তাক মাতিলে৷ : ছাৰ কওক৷ : তোৰ নিউজটো বাপেৰক দিলিনে নাই? : ছাৰ নাই কোৱা ঘৰত৷ : কিয়? ঘৰৰ পৰা কথা লুকুৱাবলৈ আহিছ? ৰহ মই ফোন কৰি কওঁ, নহ’লে নাজিবুলে মোকেই দোষ দিব। : ছাৰ, প্লিজ ঘৰত নক’ব। দেউতাৰ গাটো একেবাৰে ভাল নহয়, দুইটা কিডনী বিকল হৈ পৰিছে, এনে অৱস্থাত ঘৰত এইবোৰ কথা কৈ মা-দেউতাহঁতক টেনশ্যন নিদিব ছাৰ৷ মই কথা লুকুৱাবলৈ বিচৰা নাই, ইচ্ছা কৰিয়ে

Read more

গ্ৰন্থমেলাত – ভাস্কৰ জ্যোতি বৰুৱা

ধেৎ চাল্লা, য’তে বাঘৰ ভয় তাতে ৰাতি হয়। তড়িৎ ক্ষিপ্ৰতাৰে স্বয়ংক্ৰিয়ভাৱেই ভৰি দুটা দুখোজ পিচুৱাই আহিল। গ্ৰন্থমেলাৰ বাওঁফালৰ তিনি নম্বৰ গলিটোৰ প্ৰথমখন বিপণীৰ বেৰৰ আঁৰ হ’লোঁ। বেৰত আঁৰি থোৱা ফ্লেক্সখনত পিঠিখন প্ৰায় চুচৰাই বাওঁ কান্ধখনৰ ওপৰেৰে ডিঙিটো আগুৱাই দিলোঁ বেৰৰ শেষ সীমাতকৈ কেইইঞ্চিমান আগলৈ। ‘নতুন প্ৰকাশ’ৰ বিপণীৰ সন্মুখত ৰৈ কৰিছে কি ভাস্কৰ জ্যোতি বৰুৱাই? তেওঁৰ কিতাপখনতো ‘নতুন প্ৰকাশে’ উলিওৱা নাই! স্বপ্ৰকাশিতহে আছিল। কাষত সেইজন নতুন প্ৰকাশৰ স্বত্বাধিকাৰ নীৰজ কলিতা নহয়নে? সোঁহাতৰ আঙুলিৰ পাবত কলম এটা ঘূৰাই আছে ভাস্কৰদাই। উই মা!

Read more

লাজ – সঞ্জীৱ পল ডেকা

নাৰায়ণ কাকতিৰ অন্ঠ-কন্ঠ শুকাই আহিছিল।তেওঁৰ পুলিছি মেজাজটো হঠাৎ বাঢ়ি আহিব খুজিছিল।তথাপি তেঁও নিয়ন্ত্ৰণ কৰিলে।খঙেই বা কাৰ ওপৰত দেখুৱাব! ইমান সৰু চুবুৰীটোত যে এনেকুৱা এটা ঘটনা ঘটিব কোনেও ভবাই নাছিল।তাতে গাঁওখনৰ সৰহ সংখ্যক মনুহৰেই লিখা-পঢ়া নাই।এজন কেৰাণী আৰু এজন হাই স্কুলৰ শিক্ষকৰ বাহিৰে বাকী সকলোৰে এটাই জীৱিকা – দিনহাজিৰা।অৱশ্যে তিনিজন কাঠমিস্ত্ৰী,দুজনমান ৰিক্সাচালক,ঠেলাচালকো নোহোৱা নহয়।মুঠতে চুবুৰীটোৰ প্ৰায়বোৰ মানুহেই জীৱিকাৰ সন্ধানত ৰাতিপুৱাই ওলায় যায়।সন্ধিয়া আকৌ নিজ নিজ ঘৰলৈ উভতি আহে। সুদীৰ্ঘ কৰ্মজীৱনৰ অভিজ্ঞতাত কাকতিৰ এই অভিজ্ঞতা এক অভিনৱ সংযোজন।সৰ্বদিশৰ পৰা পিছপৰি থকা এনেকুৱা

Read more

তোমাৰ গেঞ্জিৰ ৰং – অতনু ভট্টাচাৰ্য

নৈখনক তুমি ভাল পোৱা৷ চিত্ৰকৰ তুমি৷ তোমাক এখন কেনভাছ লাগে– বিশাল কেনভাছ৷ ৰঙবোৰে তোমাক মাতে৷ আকাশৰ ৰং, নদীৰ ৰং, দূৰ দিগন্তৰ ৰং৷ বৈ যোৱা পানীখিনি তোমাৰ আৰু পানী যেন নালাগে– পানীবোৰ যেন ৰং৷ বতাহৰ সো-সোঁৱনিটো যেন বতাহ নহয়, ৰঙহে৷ নৈপৰীয়া মানুহবোৰে তেওঁলোকৰ মাছমৰা জালবোৰ ৰ’দত শুকুৱাবলৈ য’ত মেলি দিয়ে, তাৰ পৰা অলপ দূৰৈৰ শিল এচটাত বহি তুমি কেতিয়াবা তোমাৰ সন্মুখৰ বিশাল কেনভাছত আঁক-বাক কৰা৷ তুমি তেতিয়া অকলে৷ দূৰৈৰ চাপৰি এটাত এডৰা কঁহুৱা ফুলে৷ সিটো পাৰৰ টিনপাত লগোৱা জুপুৰি ঘৰৰ ছালিবোৰৰ

Read more

আহে সংগীসৱ আকাশে কি বাদ্য বাজত : নিৰ্মালি সন্দিকৈ

: ৰসিকা, উঠ উঠ৷ সূত্ৰধাৰ পৰবেশ কৰিলেই সেয়া৷ ইমান মৰ টোপনি নে তোৰ? কৃষ্ণ ওলাল বুলিলে আৰু গোপিনীসকলৰ প্ৰবেশ হ’বই৷ যাৱনে নেযাৱ! :হুঁ! তই ওলালি নেকি? ওলা তেনে৷ দৰ্জাখন এনেয়ে জপাই থ’বি৷ ৰাধিকাই বুজিলে ৰসিকা নাযায়৷ তাই যি বকিছে সেয়া টোপনিতে বকিছে৷ দিনটোৰ পৰিশ্ৰমৰ শেষত ৰসিকাই টোপনিত নহয়, মৰাশৰ দৰে চাঙীতহে পৰি থাকে আচলতে৷ চুলিকোচাৰে খোপাটো বান্ধি ৰাধিকাই বিচনাতে উঠি বহিল৷ ছেঃ কি কৰা যায়! নামঘৰলৈ দুখোজৰ বাট৷ মানুহ অহা যোৱা কৰিয়ে আছে৷ সেইবোৰ মানুহৰ লগতে তায়ো গুচি যাব পাৰে৷

Read more

সময়শৃংখল – সুৰঞ্জনা শর্মা

কেতিয়াবা…. “ইয়াত সকলােবােৰ কামেই প্রফেশ্যনেল। আৱেগৰ দাম নাই, দাম আছে সময় আৰু কৰ্মৰ”..।—দিকনির্ণয়কাৰী পুৰুষজনৰ কণ্ঠৰ পৰা প্রয়ােজনাধিক গাম্ভীর্য ভাঁহি আহিল। শান্তিপ্রিয় মানুহবােৰে নিশ্চয় এই পুৰুষ কণ্ঠত চকিত হৈ পৰিব। ইমান অহংকাৰী তেওঁৰ এই কণ্ঠস্বৰ। যেন ৰাজপ্রাসাদৰ সিংহাসনত অধিষ্ঠিত এজন ৰজাহে! প্রাচুর্যৰ অহংভাবত জলমল দুচকু! কিদৰে তেওঁ পাহৰিব পাৰে আৱেগক? কিদৰে? কিদৰে? আৱেগৰ সৈতে প্রত্যেক মানুহৰে কিবা নহয় কিবা প্ৰকাৰে সংযােগ থাকেই। সেই কথা কিয় পাহৰি যায় এই পুৰুষে! এই জীৱনত আমি বহুতাে চমকপ্রদ, পৰমাশ্চর্য সংবাদ শুনিবলগীয়া হয়, যিবােৰৰ কিছুমানে কৰে

Read more

‘কা’- ‘কা’- ‘কা’ – ৰঞ্জিত কুমাৰ শৰ্মা

: কা-কা-কা…! : ‘হেৰি, কাউৰীকেইটাই যে অথনিৰে পৰা চিঞৰি আছে খেদি দিব নোৱাৰে নেকি?’ গিৰীয়েকক উদ্দেশ্যি অসন্তুষ্টিৰে কণ্ঠস্বৰ অলপ ডাঙৰ কৰিয়েই ক’লে লতা কলিতাই৷ নঙলা মুখতে (অ’, এতিয়া আৰু নঙলামুখ কাৰণো আছে? তাতেই আকৌ চহৰৰ ঘৰ৷ গতিকে গে’ট বুলি কোৱাটোৱেই ভাল হ’ব৷), মানে চৌহদৰ লোৰ গে’টখনৰ কাষতে থকা গছজোপাত কাউৰী কেইটামানে কা-কা কৰি চিঞৰি আছিল৷ কাউৰীৰ ‘কা-কা’ শুনি হিতেশ কলিতাৰ পত্নী লতা কলিতাৰ অসহ্য লাগিল৷ তেওঁ বিছনাতে পেট পেলাই আইফোন পিটিকি থকা গিৰীয়েকলৈ চালে৷ নাই, গিৰীয়েক নিজতেই মগন৷ কাউৰীৰ ‘কা-কা’

Read more
1 33 34 35 36 37 78