ফটাঢোল

যযাতি : নীলাক্ষি দেৱী ডেকা

বহুতদিনৰ মূৰত গুৱাহাটীৰ পৰা গাঁৱৰ ঘৰলৈ আহিছোঁ। ডাঙৰ ভটিজা ল’ৰাটোৰ বিয়া। ককাইদেউ ঢুকোৱাৰ পৰা ময়েই দুয়োখন ঘৰৰ মূৰব্বী হেন। গাঁৱৰ ঘৰত বৰ্তমান নবৌ আৰু সৰু ল’ৰা ছোৱালী দুটা। ডাঙৰ ল’ৰাটোৱে ইঞ্জিনীয়াৰিং আৰু এমবিএ পাছ কৰাৰ পাছত বাংগালুৰুৰ প্ৰাইভেট কোম্পানী এটাত কৰ্মৰত। বৌৰ ইচ্ছা তাৰ সোনকালে বিয়াখন পতা হওঁক। আলেঙে আলেঙে ছোৱালীও চাইছে দুজনীমান। বৌৰ ভায়েকদুজনেও এই বিষয়ত সহায় কৰিছে বহুত। মোৰ বাৰে বাৰে অহাৰ অসুবিধা। অফিচৰ কামত দিল্লী কলকতা দৌৰি ফুৰোতেই যায়। মাহৰ আধা যদি ঘৰত বাকী আধা হোটেলৰ ৰূমত

Read more

ভৌতিক যৌৱন – গায়ত্ৰী গোস্বামী অধ্যাপক

“শৰীৰ ক্ষন্তেকীয়া, আত্মা অমৰ। যেতিয়াই আমি কাৰোবাৰ মংগল কামনা কৰোঁ সেয়া প্ৰেম, পিছে যেতিয়া সেইজনক নিজৰ হাতৰ মুঠিত ধৰি ৰাখিব বিচাৰো সেয়া মোহ। এই মোহ অন্ধ কিন্তু প্ৰেম শাশ্বত, প্ৰেম পোহৰ। পিছে স্বয়ং পোহৰ নিজেই আন্ধাৰহে। যদিও নক্ষত্ৰৰপৰা বিচ্ছুৰিত বৰ্ণালী চিৰপ্রৱাহমান, ধূলিকণাহীন মহাকাশত পোহৰক আমি চকুৰে নেদেখো, কিন্তু সেই পোহৰ পৰি উজলি উঠা চন্দ্ৰমাক দেখি উদ্দেলিত হওঁ। আমাৰ চকুত ধূলিকণাৰ অবিহনে পোহৰ নিজেই আন্ধাৰ। প্ৰেমো সেই পোহৰেই যি আমাক পোহৰাই তোলে। আমিও সেই ধূলিকণাই যাৰ অবিহনে স্বয়ং প্ৰেমো অসম্পূৰ্ণ।” গুৰুজীৰ

Read more

মিলন-প্ৰিয়া : ৰূপাংকৰ চৌধুৰী

-তাৰ পিছত? – তাৰ পিছত আকৌ কি! কাহিনীৰ অন্ত পৰিল। – ইহ! কেনেকৈ হ’ব? কাহিনীৰ নায়ক আৰু নায়িকাৰ মিলনেই নহ’ল দেখোন? – কিছুমান কাহিনী অপ্ৰাপ্তিতেই শেষ হয় প্ৰিয়া! মিলন-প্ৰিয়া! নাটকীয় যেন লাগিছে ন’ নামবোৰ? মই নিজে দি লোৱা নাম নায়ক আৰু নায়িকাৰ। ও ভুল নুবুজিব। মিলনৰ কাহিনীৰ নায়ক নায়িকাৰ নহয়- মিলন আৰু প্ৰিয়া। এয়া আমাৰ কাহিনীৰ নায়ক আৰু নায়িকা- নায়ক মিলন আৰু নায়িকা প্ৰিয়া। নায়ক আৰু নায়িকাৰ বৰ্ণনা দিলেই হ’ব জানোঁ? কাহিনী এটাও লাগিব। নিশ্চয়। ঠিক আছে তেন্তে আগবাঢ়ি যাওঁ

Read more

বীৰা – ডা: চৈয়দা চেমিন ইছলাম

: তোমাৰ নামটো কোৱা। মোৰ প্ৰশ্নৰ উত্তৰত কোচত থকা কণমানিটোক জোকাৰি জোকাৰি ক’লে – : কান্দে বাইদেউ! : কোনে কান্দে? : কুনিও কান্দা নাই। আপনি সোধা কাৰণে ক’লো আৰু। : অ’! তোমাৰ নামটো কোৱা। : কান্দে বাইদেউ। এইবাৰ উপায় বিহীন হৈ মূৰটো দাঙি ডিঙিটো অলপ ইফালে সিফালে কৰি চালোঁ। ক’তা? কোনেও কন্দা কটা কৰি থকা নাইচোন! ভিতৰি ভিতৰি অলপ খঙো উঠিল। নামটো সুধিলে নামটো ক’ব লাগে। তেতিয়া পঞ্জীয়ন নম্বৰৰ সৈতে মিলাই নামটো লিখিব পাৰো মই। অযথা… ইপিনে ৰৈ থকা প্ৰকাণ্ড

Read more

নাচ – কাবেৰী মহন্ত

ৰঞ্জন বৰুৱাৰ মন মগজু এইকেইদিন গৰম হৈ আছে৷ নহ’বনো কিয়? বাৰীৰ তামোল গছকেইজোপাত এইবাৰ প্ৰথম তামোল লাগিছিল, তাকো পাৰিম বুলি ভাৱি থাকোঁতেই গছৰ তামোল উদং৷ শাকনি দৰাটো গোটেই নিগনিয়ে মাটিৰ তলত তলাতল প্ৰসাদেৰে নিজৰ সাম্ৰাজ্য বনাইছে৷ সৰুতে ঘৰৰ চোতালত তামোলৰ ঢকুৱাত চুঁচৰি গাড়ী গাড়ী যে খেলিছিল, নিগনিবোৰেও যেন তাকেই খেলিবলৈ লৈছে! লহপহকৈ বাঢ়ি অহা পালেং, বাবৰী শাককেইডাল ৰাতিৰ ভিতৰতে চোঁচৰাই গাতত সোমোৱাইছেগৈ৷ হ’ল বুলিনো কিমান সহ্য কৰিব? অৱশ্যে বৰুৱাই অকল খং কৰিয়েই ক্ষান্ত থকা নাই,তামোলৰ সৰ্বপ্ৰথম শত্ৰু কেৰ্কেটুৱা বুলিয়েইতো বজাৰৰ

Read more

অথন্তৰ – মৌচুমী গগৈ

বিৰিণাই এই ৰাতিখন কি কৰিলে ভাল হ’ব একো উৱাদিহ নাপালে। কিহে পাইছিল বাৰু ইমান ৰাতিলৈকে বিহু চাই থকাৰ। সোনকালে গুচি অহা হ’লে হয়তো এইখিনি সমস্যা নহ’লহেঁতেন।এতিয়া ফোন কৰি মালিকনী বৰমাক জগাই দিলে, ইমান দেৰীলৈকে বাহিৰত থকাৰ বাবে দুয়োজনীয়ে বৈদ্দ্য গালি খাব সেইটো ধুৰূপ। লগতে মাকহঁতৰ কাণতো সেই কথাষাৰেই মা-মছলা লগাই আৰু বেছি ৰহণীয়া কৰি মালিকনী বৰমাকে লগাব, সিহঁতি ভালদৰেই জানে। নিজৰ একমাত্ৰ ছোৱালীজনী কলেজত পঢ়ি থাকোঁতেই লগৰে ল’ৰা এজনলৈ পলাই যোৱাৰ পিছৰেপৰা মানুহগৰাকীয়ে কাৰো লগতেই ভালদৰে কথা বতৰা নপতাই হ’ল।

Read more

কেমেৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

– আহাচোন আইতাৰ লগত আটায়ে ফ’টো এখন উঠোঁ – গাঁৱৰ ঘৰৰপৰা উভতি আহিবৰ পৰত সি কোৱাৰ লগে লগে খুৰীয়েক, বৰমাকহঁতে খৰ-ধৰ লগালে৷ সি দেখে – আইতাজনীয়ে চোতালৰ সোঁমাজতে থকা চকীখনত বহি শেঁতা দুচকু যিমান পাৰি সিমান উজ্জ্বল কৰি এটা হাঁহি মুখত বিৰিঙাবলৈ চেষ্টা কৰে৷ খুৰীগৰাকীয়ে ৰাতিপুৱা ফোঁট লওতে নাকৰ ওপৰতে পৰি ৰোৱা সেন্দূৰ গুৰিখিনি কিহেৰে মচো ভাবি ভাবিয়েই চাদৰৰ আঁচলটোৰ ৰঙা ফুল থকা অংশটোৰে ‘এইখিনিত ৰঙা লাগিলেও গম নাপায়’ বুলি মচিবলৈ আৰম্ভ কৰে৷ বৰমাকে হাতৰ তলুৱাৰেই কপাল, মুখৰ ঘামখিনি মচি,

Read more

দুঃস্বপ্ন – হেমন্ত কাকতি

সুদুৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া ইউনিভাৰ্চিটিত জীৱ বিজ্ঞানৰ এচোচিয়েট প্ৰফেচৰ হৈ থাকোঁতে মই কেতিয়াও ভবা নাছিলোঁ যে মই এনে এটা বিখ্যাত ‘প্ৰজেক্ট’ৰ লগত প্ৰথম অসমীয়া বিজ্ঞানী হিচাবে জড়িত হৈ পৰিম৷ সেয়া ১৯৯৬ চনৰ কথা৷ তেতিয়া বিশ্বত ক্লোনিঙৰ (Cloning) ওপৰত সৰ্বত্ৰ চৰ্চা৷ মানুহে ভগবানৰ ইচ্ছাৰ বিপৰীতে গৈ নতুন জীৱন সৃষ্টি কৰা উচিৎ নে অনুচিৎ সেই লৈ চাৰিওফালে বিতৰ্ক৷ ধৰ্মীয় গুৰুসকলে ক্লোনিঙৰ ওপৰত প্ৰায় ঠাইতে নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ এই ধৰ্মীয় গুৰুসকলে বিশ্বৰ প্ৰায় সত্তৰখন দেশতে ৰাজনৈতিক ব্যৱস্থাটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি মানৱ

Read more

এক্সপ্ৰেছৰ অপেক্ষাত – পাৰ্থপ্ৰতিম চৌধুৰী

অভিজিৎ দাৰ ফটাঢোল এক্সপ্ৰেছৰ যি গতি, নৰয়েই! বৰপেটাৰোড ষ্টেচনত ৰৈ আছোঁ, ইমান ভীৰ …. উঠিবই নোৱাৰি৷ কোনোমতে এটা দবাত উঠিব খোজোঁতে দৰজাৰ মুখত থকা জনে ক’লে, : ইয়াত নহয়, পিছৰটোলৈ যাওক…. এনেকৈ গৈ গৈ দেখিলোঁ গাৰ্ডৰ কেবিনটোহে বাকী আছেগৈ৷ কোনোমতে তাতেই জপিয়াই উঠিলোঁ৷ দেখোঁ ভিতৰত গাৰ্ড সুকুমাৰ নাই৷ অভিজিৎ দত্তৰ নিচিনা চালক থাকোঁতে গাৰ্ড লাগেনে? সুকুমাৰে সেইভাগেই পূজালৈ গ’ল চাগে৷ গতিকে এই অধমে তাতেই জপিয়াই উঠিলোঁ৷ কেবিনটোৰ ভিতৰত এখন বেন্স, তাতে শকত আবত, অলপ পেটুৱা, ডাঢ়ি-গোফে ভোবোকাৰ মানুহ এজন গেৰুৱা

Read more

গুজব – শ্যামল দাস

সেইযে.. চাৰিআলি পুলিচ পইণ্টটো দেখিছে নহয়, তাৰপৰা যদি মেইন ৰাস্তাটোৰে উত্তৰদিশে অলপ আগবাঢ়ি যায়, সোঁফালে সোমাই যোৱা ৰাস্তা এটা পাব৷ কলেজ ৰোড৷ ইয়াৰ পৰা আধা কিলোমিটাৰমান আগত কলেজখন৷ হয়তো অলপ বেছিও হ’ব পাৰে! এই কলেজ ৰোডেৰে অকণমান গ’লেই বাওঁফালে এটা দীঘলীয়া ঘৰ দেখিবলৈ পাব৷ ঘৰটোৰ বেৰবোৰ টিনপাতৰ৷ টিনবোৰত মামৰ ধৰি ঠায়ে ঠায়ে বেৰবোৰত সৰু ডাঙৰ ফুটা হৈছে৷ আগফালে এখন কাঠৰ দৰ্জা৷ দৰ্জাখনৰ ৰঙবোৰ এৰা খাই বিচিত্ৰ হৈ পৰিছে৷ বাহিৰৰ পৰা দৰ্জাখন এনেয়ে বন্ধ হৈ থাকে৷ তলা-চলা নাই৷ ঠেলি দিলে খোল

Read more
1 35 36 37 38 39 78