ফটাঢোল

পৰিৱৰ্তন – ৰোমানী চলিহা

উজানবজাৰত, ব্ৰহ্মপুত্ৰৰ কাষত এক অত্যন্ত মনোমোহা প্ৰাকৃতিক পৰিৱেশত ডঃ নমিতা বৰুৱাৰ ঘৰ। নমিতাই নিজেও বিনন্দীয়া প্ৰকৃতিৰ নিয়মৰ লগত মন আৰু শৰীৰৰ এটা সামঞ্জস্য বজাই ৰাখি চলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।সেয়েহে নিতৌ পুৱা পাঁচ বজাৰ লগে লগেই শোৱাৰ পৰা উঠি নৈ-পৰীয়া ৰাস্তাটোৱেদি খোজ কাঢ়িবলৈ ওলাই যোৱাটো তেওঁৰ পুৰণি অভ্যাস। ঘৰৰ বাকী সদস্যৰ যিহেতু আগ্ৰহ নাই সেয়েহে শুই থকাসকলক আমনি নকৰি ঘৰৰ মূল দুৱাৰৰ তলাটো বাহিৰৰ পৰা বন্ধ কৰি তেওঁ অকলেই প্ৰায় এক কিলোমিটাৰমান সদায়েই খোজ কাঢ়ে। হাড় কঁপোৱা ঠাণ্ডাতো ইয়াৰ কেতিয়াও ব্যতিক্ৰম

Read more

অনিয়ন্ত্ৰিত – মণিকুন্তলা ভট্টাচাৰ্য

বাতৰি কাকতৰ দমটোৰ মাজৰ পৰা ৰত্না উঠি থিয় হ’ল৷ এইদম কাগজৰ মাজত সোমাই থকা নাই সেই নির্দিষ্ট কাগজখন। কাগজদম একাষৰীয়া কৰি তাই বহাৰপৰা উঠাৰ লগে লগে শৰ্মানীয়ে তাইলৈ চেলাউৰি কোছাই চালে। তাৰ অৰ্থ বুজি ৰত্নাই ক’লে, : এইখিনিত নাই আইতা, আৰু এজাপ আনোগৈ৷ বৃদ্ধাৰ চেলাউৰি সৰল হ’ল। ভিতৰলৈ যাওঁতে লৰি উঠা পৰ্দাখনলৈ চাই লৈ তেওঁ পুনৰ হাতত থকা ডায়েৰীখনলৈ চকু দিলে। কেতিয়াবাৰে ডায়েৰী, তেওঁৰ হিচাপ-পত্ৰবোৰ লিখা থাকে। ক’ত কিমান দিয়া হ’ল বা দিবলৈ আছে, সকলো লিখা থাকে৷ হিচাপ-নিকাচ সৰল আৰু

Read more

আমেৰিকাৰ দৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হেমন্ত বৰ্মন দুপৰীয়া অফিচত থাকোঁতে ককায়েক নৃপতি বৰ্মনৰ ফোন আহিল তেওঁলৈ। উঠাবলৈ মন নাছিল যদিও নম্বৰটো চিনি নাপালে। সাধাৰণতে ককায়েকে সৰুজনী জীয়েকৰ ফোনৰপৰাই কৰে। জীয়েকৰ ফোনটোক আচলতে ম’বাইল ফোন বুলি ক’ব নোৱাৰি। সেইটো ঘৰতে থাকে, যেন লেণ্ড লাইন ফোনহে। হেমন্ত বৰ্মনে পৰাপক্ষত নৃপতি বৰ্মনৰ জীয়েকৰ ফোন নধৰে। ভুলতে ধৰিলেও এক মিনিট কথা পাতি “হেল্লো হেল্লো, ইমান বেয়া নেটৱৰ্ক” বুলি কাটি দিয়ে। আবেলিলৈ বৰ্মনৰ মিনিষ্টাৰৰ লগত মিটিং আছে। নৃপতি বৰ্মনৰ লগত কথা পতাৰ পাছত হেমন্ত বৰ্মনৰ একো কৰিবলৈ মন নোযোৱা হ’ল।

Read more

মুছেভেনী – অমিতাভ মহন্ত

অনল এম্ কম্ পাছ৷ এইবাৰ চিভিল চাৰ্ভিচৰ পৰীক্ষা দি ‘আই পি এছ’ হিচাপে জইন কৰিছে৷ অনলৰ সেইদিনা চাকৰি জীৱনৰ প্ৰথম দিন৷ কৰ্মক্ষেত্ৰত যোৱাৰ আগে আগে দেউতাকক সেৱা কৰিবলৈ আগুৱাই যাওঁতেই দেউতাকে অনলক সাৱটি ধৰিলে৷ – আজি মই খুউব সুখী বোপাই৷ তই আমাৰ আশামতেই জীৱনত সফল হ’লি৷ পিছে তোক আজি এটা উপদেশ দিওঁ৷ ইমানদিনে যে কষ্ট কৰি পঢ়িলি, এই জ্ঞানবোৰ যেন চাকৰি জীৱনত প্ৰয়োগ কৰ৷ এই শিক্ষাখিনি মনত ৰাখিলে তই জীৱনৰ সকলোঁ পৰ্য্যায়তে উজ্বলি উঠিবি৷ অনলৰ চকুত চকুপানী৷ দেউতাকৰ সপোন পূৰণ

Read more

এদিন এখন ট্রেকাৰত – ঈশানজ্যোতি বৰা

এইমাত্ৰ চলিবলৈ আৰম্ভ কৰা ট্ৰেকাৰখনৰ চালকৰ ঠিক কাষতেই বহি আছে চাদৰ-মেখেলা পৰিহিতা যুৱতীগৰাকী৷ ফোনত কাৰোবাৰ লগত কথা পতাত ব্যস্ত৷ আচলতে ‘কথা পাতি আছে’ বুলি কোৱাতকৈ গঠনমূলক সমালোচনা কৰি থকা বুলি ক’লেহে তেওঁলোকৰ কথোপকথনক যথোচিত মৰ্যাদা প্ৰদান কৰা হ’ব৷ চুবুৰীৰ ধৰণীৰ পুতেকে কোনোবা ছোৱালী এজনীৰ লগত হোটেলত একেটা শীতল পানীয়ৰ বটলতে দুডাল ষ্ট্ৰ’ ভৰাই ৰস চুপি থকাটোৱে নৱপ্ৰজন্মৰ উচ্ছৃংখলতাকে সূচাইছে, মোহনৰ ঘৈণীয়েক নন্দিনীয়ে নাম-প্ৰসঙ্গৰ দিনা ৰঙা জিলজিলীয়া শাৰীখন পিন্ধি গোটেই সামাজিক নীতি-নিয়মকে বুঢ়া আঙুলি দেখুৱালে, ৰেঙনিৰ ‘খোজ’ত ওলাই থকা বোৱাৰীয়েকজনীতকৈ ‘চান্দনী’ৰ

Read more

পিৰীতি মিঠা চুৰা দৈ – নয়নজ্যোতি বৰা

চিপজালখন মাৰিলোঁ দকৈ পুখুৰীত, ছিটিককৈ লাগিল মাছ জালত, তুমিনো কি জাল পাতিলা চেনাইটি থাউকতে পৰিলোঁ ঐ প্ৰেমত ৷ এ চেনাইটি…… “হেৰ’ মৰতী হ’ব দে, বিহুলৈ এতিয়াও কেইবা পষেক আছে৷ বিহুৰ আখৰা কৰি ফালিব নালাগে” মাক দীনমাইৰ মাততহে পাহাৰীৰ চলন্ত বিহু নামৰ যাত্ৰীবাহী মুখখনত ব্ৰেক লাগিল৷ সেই মুহূৰ্তত অৱশ্যে মাকৰ মাতত পাহাৰীৰ মূৰৰ ইঞ্জিনটোও গৰম নোহোৱাকৈ থকা নাছিল। ইঞ্জিনৰ গৰম উঠি ধোঁৱা ওলোৱাৰ লেখীয়াকৈ মুখেৰে খঙত হুমুনিয়াহ এটাকে এৰি মনৰ ভিতৰতে ভোৰভোৰালে তাই৷ বিহু আহিবলৈ কেইদিননো আছে মাজত, মাত্ৰ দুমাহ অৰ্থাৎ

Read more

শকত হোৱাৰ হেপাঁহ আৰু এটা আধৰুৱা সপোন – সুকুমাৰ গোস্বামী

টিভিত ইণ্ডিগো পি ইউ এনামেল নামৰ ৰং কোম্পানীটোৰ বিজ্ঞাপনতো দেখুৱাই পোৱালিক আজিকালি শ্ৰীমতীয়ে ভাত খুৱায়। ভালদৰে নাখালে এইটোৰ দৰে কাঁইট ওলোৱা অৱস্থা হ’ব বুলি কলে সিও টপক টপক কৈ ভাত কেইটা গিলি মাকক সকাহ দিয়ে। ঘটনাৰ পটভূমি বোধকৰোঁ ১৯৯৬ চন মান হ’ব, সেইসময়ত মোৰো চেহেৰাৰ অৱস্থা ইণ্ডিগো পি ইউ এনামেলৰ বিজ্ঞাপনত ওলোৱা সেই কেটেঙাটোৰ দৰেই আছিল। নিজৰ চেহেৰা তোক লৈ ভীষণ হীনমন্যতাত ভোগো। শকত হোৱাৰ কিবা এটা ফলপ্ৰসূ উপায় বিচাৰি হাবাথুৰি খাই ফুৰোঁ আৰু যিয়ে যিটো কয় সেইটোৱেই কৰি চাওঁ,

Read more

কুম্ভীলকৰ বিড়ালগাঁথা – মাধুৰ্য গোস্বামী

(১) স্থান-সূৰ্যশ্ৰী থিয়েটাৰৰ আখৰাগৃহ নাট- মা মনসা নাট্যকাৰ তথা পৰিচালক চতূৰ্ভূজে ইটো-সিটো নিৰ্দেশ দি আছে। যথা- “ময়েই সংহাৰিণী, কালভৈৰৱী মা মনসা” বোলা ডায়লগটো অভিনেত্ৰী চিত্ৰা পৰাশৰে আৰু অলপ ডাঙৰকৈ চিঞৰি ক’ব লাগিব, আকৌ সেইখিনি অকল সম্মুখত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰি থকা বিজিত দাসক ক’লেই নহ’ব, ৰাইজৰ ফালেও মুখ কৰি ক’ব লাগিব। পৰিচালকৰ কথামতেই চিত্ৰাই প্ৰচণ্ড জোৰে জোৰে চিঞৰিবলৈ ধৰিলে। একপ্ৰকাৰ আটাহ পৰাৰ দৰে লাগিলেও উপস্থিত থকা আটাইৰে হাততালিৰে আখৰা গৃহ মুখৰিত হৈ পৰিল। নহব’নো কিয়? চিত্ৰাৰ দৰে এনেকুৱা দুৰ্দান্ত অভিনয়

Read more

আমাৰ গ্ৰামাৰ খুড়া – মানস শইকীয়া

“দেখিলি দেখিলি? কোনো চিগনেল নাই, উমঘাম নিদিয়াকৈ কাটি দিলে৷ আৰু সেইটো দেখিলি পিছফালে সেইজনীক বহুৱাই কি পাক লগাই পাৰ হৈ গ’ল৷ এইসৱ নিজেতো মৰিবই আনকো মাৰিব৷” বৈকুণ্ঠ খুড়াৰ লগত লৈ গাড়ী চলোৱাই মস্কিল৷ পৃথিৱীৰ সকলো মানুহ তেওঁৰ মতে ইমপাৰ্ফেক্ট৷ কাৰো কাণ্ডজ্ঞান নাই৷ খুড়াৰ খং উঠাবলৈকে কলোঁ- “খুড়া, হওক দিয়ক৷ নতুন মানুহ৷ ভুল হ’ব পাৰে বুলিয়েইতো ডাঙৰকৈ এল লিখি লৈছে৷ শিকি আছে৷ দুই এটা ভুল হ’বই৷” “কি কৱ ঐ? হেৰৌ, শিকিবলগীয়া আছে যদি বাকৰিলৈ যা৷ হাইৱেত এইখন কিহৰ ল’ৰা ধেমালি? মুঠতে,

Read more

সেই খেলখন! – পার্থ প্ৰতিম চৌধুৰী

নব্বৈৰ দশকৰ শেষৰ ফাল৷ অসমৰ পৰা Association, Pune এক শক্তিশালী সংগঠন আছিল৷ পুণেৰ বিভিন্ন অঞ্চলত অসমীয়া ছাত্ৰসকল সিঁচৰতি হৈ থাকিলেও বেছিসংখ্যক আৰ্মামেন্ট কলনীত পইছা দিয়া আলহী হিচাপে আছিল৷ আমি কেইজনমান উফৰি পৰিলোঁগৈ পাছান বোলা ঠাই দোখৰত৷ মাৰ্চ মাহ আহিল, ASAP ৰ দ্বাৰা আয়োজন কৰা ‘অসম দিৱসো’ আহিল৷ অসম দিৱসৰ বাবে প্ৰায় সকলো ব্যস্ত৷ আমিও গম পালোঁ যে এইবাৰ অসম দিৱস উপলক্ষে ক্ৰিকেট প্ৰতিযোগিতা হ’ব৷ পাছান নিবাসী কেইজনৰো গা উঠিল যে ক্ৰিকেট খেলিব লাগে৷ পাছানত ১৫ – ১৬ জন মানহে খাৰখোৱা

Read more
1 38 39 40 41 42 78