ফটাঢোল

নৰেশ্বৰ কাইটিৰ স্মাৰ্ট ফোন – ঋতুপৰ্ণ শৰ্মা 

নৰেশ্বৰ কাইটিৰ ঘৰ আমাৰ গাঁঁৱতে। সহজ সৰল হোজা গাঁঁৱলীয়া লোক। পিচে তেওঁৰ এটি গুণ আছে, যিটো গুণৰ বাবে গাঁৱৰ লোকসকল তেওঁৰ পৰা অলপ আঁতৰি থাকিব বিচাৰে। যিকোনো বিষয়তে হোৱাই নোহোৱাই নিজৰ পাণ্ডিত্য জাহিৰ কৰিবলৈ যায়। গাঁৱলীয়া ভাষাত ‘কামোৰ’। মোক পিচে কাইটিয়ে বেয়া নাপায়। কাৰণ আনবোৰৰ দৰে তেওঁক দেখিলেই মই আঁতৰি নাযাওঁ। তেওঁৰ লগত মনৰ ভাববোৰৰ আদান প্ৰদান কৰোঁ। সিদিনা মোক দেখি তেওঁ ওচৰ চাপি আহিল। : হৌৰা ডেকা ল’ৰা, খবৰ কিহে? : আছোঁ দিয়ক কাইটি, মোৰ ভালেই। আপোনাৰ কেনে? :

Read more

ৰুণুমাই – মূৰ্চ্ছনা শইকীয়া গগৈ

হাফ পেডেল মাৰি মাৰি এপাকত যেনিবা ৰুণুমাই চাইকেলখনৰ দুইফালে ভৰি দি ছিটটোত বহি চলাব পাৰিলগৈ। এশখোজমান হাফ পেডেলতে যাবলগীয়া হয়গৈ। : আই,যাং দেই, চাহৰ কেটলিটো তই লৈ আনিবি৷ চিঞৰি চিঞৰি মাকক কৈ যোৱা উত্তৰত মাকে কি ক’লে আকৌ ঘূৰি চোৱাৰ সময় নাই, উভতি চালেই বা চাইকেল গৈ পথাৰত সোমাবগৈ। দুয়োফালে বেগ ভৰাই হালোৱাকেইজনলৈ জা-জলপানৰ টোপোলা লৈ তাই পথাৰৰ কাষৰ কাৰেণ্টৰ পষ্টটোৰ সমুখতে খোপনি পুতি ৰ’লগৈ। তাতে চাইকেলখন আওজাই থৈ পথাৰৰ বোকা-পানী ফালি পিন্ধি থকা ফ্ৰকটো ডাঙি নিজৰ পথাৰডৰা পালেগৈ। :

Read more

মোৰ ‘ফাৰ্ষ্ট ৰিয়েল ছিক্স ষ্ট্ৰিং – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘ৱাজ দা ছামাৰ অৱ নাইনটি নাইন’- হয়, নিৰানব্বৈৰ গৰমকালিৰ এদিন সন্ধিয়া ফাঁচী বজাৰৰ পৰা ছেকেণ্ড হেন্দ গীটাৰ এখন কিনি কান্ধত পেলাই সোমাইছিলোঁ হোষ্টেল। গাঁৱৰ দাদালৈ মনত পৰিছিল। সিও প্ৰতি ৰাতিপুৱা কান্ধত নাঙলখন লৈ এনেদৰেই পথাৰলৈ যায়। হোষ্টেলত সোমাওঁতে ৰান্ধনীকায়ে দেখি সুধিলে চিঞৰি -‘হাউ, যুদ্ধত যাবি না কি এ? কান্ধত ইমান ডাঙাৰ ৰাইফল লৈ ঘূৰি ফুইৰচা!’ গীটাৰ এখনৰ প্ৰতি মোৰ হাবিয়াস কোনো দিনেই নাছিল। কিছুমান আশা-হেঁপাহ হঠাতেই জন্মে, সৃষ্টি হয়। যেনেদৰে আমাতকৈ এবছৰৰ জুনিয়’ৰ অদিতিৰ প্ৰতিও আকৰ্ষণ হঠাতেই হৈছিল। : ‘অদিতিৰ

Read more

সন্মান – কমল চন্দ্ৰ নেওগ

ঘটনাটো আনকালে ঘটাহেঁতেন মান সন্মানৰ প্ৰশ্নটো নাহিলহেঁতেন। আগতেও মোৰ অজ্ঞাতে বা জ্ঞাতসাৰেই তাই জীয়েকক লগতে লৈ এৰাতি কি দুই -তিনি ৰাতি পৰ্য্যন্ত আপোন খুচী মতে নিজৰ পচন্দৰ সংগী-সখীসকলৰ লগত থাকি সকলো প্ৰকাৰৰ বন্ধন মুক্ত হৈ বেচ মৌজ-মস্তি কৰে। তাত মোৰ আপত্তি কৰিবলগীয়া একো নাছিল। সকলোৰেতো স্বাধীনতা বোলা ব্যৱস্থা এটা আছে। সেইটো মই বুজি পাওঁ। কিন্তু, আজিৰ কথাটো অলপ সুকীয়া। কাইলৈ বছৰেকৰ দোমাহী। আজি উৰুকা৷ আজিও যদি মাক-জীয়েক ঘৰলৈ নাহে কাইলৈ মোৰ চুবুৰিটোতে মই নাক উলিয়াব নোৱাৰা হ’ম। কালিলৈ ৰাতিপুৱা কেনেকুৱা

Read more

বহাগৰ প্ৰেম – উষা মহন্ত

ভৰ দুপৰীয়া বাৰাণ্ডাত শব্দ শুনি ওলাই আহি দেখিলোঁ সোণটি বাই আহিছে। কেওঁ-কিছু নোহোৱা, চুবুৰীৰে সোণটি বাই সকলোৰে, বিশেষ কৈ সৰু ল’ৰা-ছোৱালীবোৰৰ বাবে আদৰৰ আইতা। ল’ৰা ছোৱালীহঁতৰ খেলৰ লগৰীয়া; সাধু কথাৰ ভঁৰাল। সকলোৱে বাইক মৰম কৰে। চুবুৰীয়াৰ মৰম আদৰৰ মাজতে বায়ে অকলশৰীয়া জীৱনটো জীপাল কৰি ৰাখিছে। বাইক বহিবলৈ দি পাকঘৰত সোমাই দুয়োলৈ দুকাপ চাহ কৰিলোঁ। বহাগ বিহু পালেহিয়েই। চহৰত থকা ল’ৰা ছোৱালী হাল আহিব। সেয়েহে আগতীয়াকৈ পিঠা পনা দুটামান কৰিছিলোঁ। তাৰেই বাইক চাহ দি নিজেও মুঢ়াটো পাৰি ওচৰতে বহিলোঁ। চাহ খাই

Read more

অৰুণোদয় – মল্লিকা শৰ্মা বৰদলৈ

পুৱাই বাসন্তীৰ মুখখন খোল খাইছে আজি, সেই যে খোল খাইছে আৰু বন্ধ হোৱা নাই। প্ৰথমতে ভোৰভোৰণিত আৰম্ভ হৈ এতিয়া বকনিত পৰিছেগৈ। খঙতে চোতালখনত পৰি থকা পাতবোৰ কোবাই কোবাই সাৰি গৈছে। গছৰ পাতবোৰেও যেন কোনোবা জনমৰ পাপৰ ফলতহে বাঢ়নীৰ কোব খাইছে, তেনেকুৱা লাগিছে। আচলতে বাসন্তীৰ খং গছৰ পাতৰ ওপৰত নহয়, খং উঠিছে পুতেক বুধিৰ ওপৰতহে। এনেই পুতেকৰ ওপৰত খং উঠাটো কোনো নতুন কথা নহয়, সেইটো সদায়ে উঠে, পিছে আজিৰ কাৰণটো অলপ বেলেগ। ফুলেশ্বৰী বাসন্তীৰ সম্বন্ধীয়া “জা” মানে বৰপিতাকৰ বোৱাৰীয়েক, আজি পুৱাই

Read more

ক্ষতিপূৰণ – তৃষ্ণা সোণোৱাল

“মানুহজন বৰ বিশ্বাসী আছিল হে, দলৰ প্ৰতি এনে আনুগত্য থকা মানুহ সতকাই ক’ত দেখা পাব! বৰ লোকচান হ’ল আমাৰ দলৰ। ছেঃ….” মানুহবোৰে দুখতে ইচইচাই উঠে, চাহৰ বাটিকেইটা সামৰি থকা আবিয়ৈ মানুহগৰাকীয়ে চকুহাল টিপতে মোহাৰি লয়। : দেউতাৰাই আমাৰ দলৰ বাবে যিখিনি কৰিলে তাৰ ধাৰ এই জনমতো সুজিব নোৱাৰিম। এতিয়া আমিও কিবা কৰিম তুমি চিন্তাই নকৰিবা বুজিছা ভাইটি, বিপদৰ সময়ত আমি আছোঁৱেই। মাখন দত্তৰ কথাত সুজিতে মূৰ দুপিয়ালে, বিজিতৰ মনত খুদুৱনি আছিলেই। : কিন্তু কেতিয়ালৈ খুৰাদেউ, ইলেকচনৰ আগতে কৰিব পৰা হ’লে

Read more

এটা আপদীয়া দেওবাৰ – নীলাক্ষী কাকতি

সাধাৰণতে দেওবাৰ এটা তেতিয়ালৈকেহে মধুৰ হয় যেতিয়ালৈকে ৰাতিপুৱা বিছনাত কোনেও আমনি নকৰে৷ কিন্তু বোধকৰো ভগৱান মোৰ প্ৰতি ৰুষ্ট হৈ আছিল সেই দেওবাৰটোত! টোপনিৰ আমেজ লৈ থাকোতেই ভাইব্ৰেচনত থোৱা মোবাইলটোৱে মাত দিবলৈ আৰম্ভ কৰিলে৷ “হু, হু…৷” মোবাইলটোৱে দুবাৰ মাতি মাতি বন্ধ হৈ গ’ল৷ ‘উফ ৰক্ষা’ বুলি মনত সন্তোষ লৈছিলোহে, পুনৰ আৰম্ভ হ’ল মোবাইলটোৰ অত্যাচাৰ৷ সমস্ত অনীহাৰে মোবাইলটো তুলি লওঁতেই স্ক্ৰীণত বচৰ নামটো দেখিলো – চাকাল (মই দি লোৱা নাম)৷ যিমান পাৰোঁ মিহিকৈ মাতটো উলিয়াই ফোনটো ৰিচিভ কৰিলো – : হেল্লো চাৰ,

Read more

দিনপঞ্জীৰ এটা-দুটা দিন – চিত্ৰলেখা দেৱী

মানুহজনীয়ে ৰাতিপুৱাৰেপৰাই ঘূৰ্মুটিয়াই ফুৰিছে ঘৰখনৰ প্ৰতিটো চুক কোণ। নাই – ক’তো নাই। কালিয়েই উলিয়াই থৈছিল কাপোৰবোৰ। আজি দেওবাৰৰ দিনটোত তেওঁৰ মৰিবলৈকো সময় নাই। সপ্তাহটোৰ গোটেই কামবোৰে তেওঁক বেলি নৌওলাওঁতেই হাত বাউলি দি মাতে। কাউৰীয়ে “কা” কৰিবলৈ নৌপাওঁতেই তেওঁৰ ইফালে সিফালে ঢপলিওৱা আৰম্ভ হয়েই। নহ’বই বা কিয়? ঘৰখনৰ বাকী তিনিটা মানুহে কুটা এগছ নিজৰ বুলি কৰিলেহে! কামৰ মাজে মাজে তেওঁৰ মুখখনো সমানে চলি থাকে, “ভগৱানে কি কুক্ষণত মোক এইখন ঘৰত পেলালেহি ঐ। এতিয়া চবেই হাত ধুই ভাত খাবলৈ পাইছে। যিদিনা মৰিম

Read more

শালিকা মংগল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

পুৱা হকাৰে দি যোৱা ‘দৈনিক অসম’খন আনো বুলি কৃষ্ণাই চকুকেইটা মোহাৰি বিচনাৰ পৰা উঠি আহিল। দুৱাৰখন খুলি সমুখৰ চোতালখনত শালিকা দুটাই কিচিৰ-মিচিৰ কৰি থকা দেখি মনটো ভাল লাগি গ’ল তাইৰ। ‘Two for joy’ সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি দুটা ওঁঠত লগাই টপৰ টপৰকৈ চুমা দুটা খাই ল’লে তাই। আজি দিনটো ভালেৰেই পাৰ হ’ব বুলি যেন নিশ্চিত হ’ল তাই। বাতৰি কাকতখন লৈ তাই পুনৰ বিচনাত ধপকৈ শুই পৰিল। এইকণ সময় তাইৰ বৰ আপোন। বিচনাত তলপেট পেলাই বাতৰিখনৰ হেড লাইনবোৰ চিলেক্ট কৰি

Read more
1 49 50 51 52 53 78