ফটাঢোল

তাৱৈয়েকৰ সাধু – তৃষ্ণা সোনোৱাল

কাহিনী একেই, বেজবৰুৱাৰ সাধুটোৰ দৰেই সীমান্তৰ পিতাকেও মৃত্যুৰ আগমূহুৰ্তত বন্ধু ধনমণি ডেকাক মাতি পঠিয়ালে। সীমান্তক কৈ গ’ল, -বোপা সীমান্ত, মোৰ অবৰ্তমানত তাৱৈয়েৰাৰ দিহা পৰামৰ্শ মানি চলিবি। তোৰ খুড়াৰহঁতৰ ওপৰত মোৰ বিশ্বাস নাছিল আৰু নাই। তইতো জানই তাৱৈয়েৰা মোৰ কিমান আপোন, মোৰ বিপদত মোৰ প্ৰয়োজনত তাৱৈয়েৰাই যি কৰিছে সেয়া মোৰ ভাই ককায়েও কৰা নাই। তাৱৈয়েৰাক মানিবি বোপাই, সখি মোৰ ঘৰখন তোমাৰ হাতত দিলোঁ, চাবা। ধনমণি ডেকাই বন্ধুক প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি এতিয়াৰ নহয়, সেই ডেকা কালৰে প্ৰতিশ্ৰুতি। সীমান্তৰ পিতাকৰ দুটামান মোটা অংকৰ

Read more

য়ে দোস্তী –নয়নমণি হালৈ

তেতিয়া শৰীৰত ভৰ যৌৱন।। দাঢ়ি-মোছ চিনিব পৰা হৈছে। টিকাত দুইপোৱা মাংস নাথাকিব পাৰে, তেজত কিন্তু ৰণুৱা ঘোঁৰা দৌৰে। মনত যেন এশটা হাতীৰ বল। কথাতে কয়, ‘মনৰ বলেই আচল বল, হাজাৰ বন্দুক হুলাবাৰীৰ তল’। বন্ধু বুলি ক’লে জান-প্ৰাণ দিব পৰা সময় তেতিয়া‌। তেজ দিয়া সৰু কথা, প্ৰয়োজনত কিডনি, লিভাৰ সকলো দিম বন্ধুৰ বাবে, সেই সময়ৰ কথা। খবৰ আহিল, ভাস্কৰ আৰু মোহিতক পুলিচে থানাৰ লক-আপত ভৰাই থৈছে। কোন পুলিচ বে! আমি থাকোঁতে আমাৰ লগৰ ভাস্কৰ, মোহিতক লকআপত ভৰাই থয়! বাইকখনত দিলো এটা

Read more

আতংকৰ শেষত –শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত

কিবা এক বিশেষ কথাৰ বাবে হঠাত মা আৰু দেউতা গুৱাহাটীৰ জেঠাইহঁতৰ ঘৰলৈ যাব লগীয়া হ’ল৷ মাইনাৰ কলেজ বন্ধ বাবে তাই আগদিনাই গৈ তেজপুৰৰ পেহীহঁতৰ ঘৰত আছেগৈ৷ মোৰ পাছ দিনা পুৱাই কবিতাৰ অনুষ্ঠান এটা থকাত এঠাইলৈয়ো যোৱা নহ’ল৷ কাজেই মই ঘৰত অকলে৷ সেইবুলি আক’ অমুকাৰ ভয় বোলা বস্তুটো ইমান নাই৷ ভূতৰ চিনেমাক ‘কমেডি’ হিচাপেহে চাওঁ৷ বিশেষকৈ বলিউদৰবোৰ৷ পুৰণা ফাৰ্ম হাউচ এটা থাকিব, এহাল নৱ-বিবাহিত দম্পতী তাত থাকিবলৈ যাব, ভোবোকা ডাঢ়ি তথা জঁটাধাৰী এজনে হাততে লেম্প জাতীয় কিবা এটা লৈ তেওঁলোকক সাৱধান

Read more

তুমিয়ে মোৰ প্ৰথম প্ৰেম – ডলী তালুকদাৰ

মধুমিতা কলেজৰ কিয় তাই থকা চহৰখনৰে যুৱক সকলৰ সপোন কু্ঁৱৰী।দেখিবলৈ যিমান ধুনীয়া তাতোকৈ অন্তৰখন আৰু মৰমীয়াল। সকলোকে মৰম বিলাই ফুৰে। সকলোৱে তাইৰ পৰা মৰম অকণ পাবলৈ বিচাৰে। এনেয়েও দেখিবলৈ ধুনীয়া, পঢ়া শুনাত চোকা, শিল্পী মনৰ ল’ৰা দেখিলে মধুমিতাৰ মৰম কৰিবলৈ বৰ মন যায়। সেয়েহে স্কুলত থাকোঁতে প্ৰধান শিক্ষকৰ ল’ৰা ৰিদিপক তাই বহুত মৰম দিছিল। ৰিদিপ পঢ়াত চোকায়েই নহয়, সেই সময়ত স্কুলৰ ভাল টেনিচ খেলুৱৈ আছিল। সকলোৱে তাক মহেশ ভূপতি, লিয়েন্দাৰ পেজ বুলিয়ে মাতিছিল। ভৱিষ্যতৰ ভূপতি আৰু পেজ হোৱাৰ সপোন দেখিছিল।

Read more

ফেশ্ব্যন – মিনতি মহন্ত

অ’ মা , নতুন পেন্টটোৰে সৈতে বাকী কেইটা কাপোৰ মেছিনতে ভৰাই থৈছোঁ, ধুই থ’বাচোন! কাইলৈ জৰুৰী এঠাইলৈ যাব লগীয়া আছে, এই বুলি কৈ চিন্ময়ে ঘৰৰ পৰা ওলাই গ’ল। মাকে ল’ৰাটোৰ চঞ্চলতাবোৰ কেতিয়ানো আঁতৰিব বুলি মেছিনত ভৰাই থোৱা কাপোৰখিনি ধুবলৈ বুলি পানী ভৰাই চাৰ্ফ এগাল দিলে। অলপ পাছতে মেছিনে ঘোট ঘোট কৰি চলিবলৈ লাগিল। সেইকণ সময়তে পাকঘৰত ভাত ৰান্ধিবৰ বাবে যোগাৰ কৰি থৈ আহিল। যি হে ল’ৰা আহি পাইয়ে ভাত খাবলৈহে বিচাৰিব। কেতিয়াকৈনো ল’ৰাটোৱে বুজি পোৱা হব! চৰকাৰী চাকৰিটোত সোমোৱা বেছিদিন

Read more

সকাহ – মৌচুমী গগৈ

লীনাই ঘড়ীটোলৈ চাই দেখিলে যে আৰু পোন্ধৰ মিনিট আছেই ক্লাছটো শেষ হ’বলৈ। কেতিয়া ক্লাছটো শেষ হ’ব যেন অনুভৱ হৈছে লীনাৰ। কালি ৰাতি মাকে ফোনত খবৰটো কোৱাৰ পিছৰে পৰা লীনাৰ মনটো ভাল লাগি থকা নাই। ঘৰলৈ গৈ মৰমৰ আইতাকক নেদেখালৈকে তাইৰ মনটোৱে শান্তি নাপায়। ককাকক তাই লগ পোৱা নাই কাৰণ তাইৰ জন্মৰ আগতেই তেখেতৰ মৃত্যু হৈছে। কিন্তু জনা হোৱাৰে পৰা তাই আইতাকৰ কোলাতেই ডাঙৰ হৈছে। তাইৰ জন্মৰ এবছৰ পিছতেই ভায়েকৰ জন্ম হোৱাত লীনাই মাকৰ মৰমতকৈ আইতাকৰ আদৰ আৰু চেনেহৰ মাজতেই ডাঙৰ

Read more

পেপেৰা আৰু ভুতুকীৰ বিয়া – সদানন্দ ভূঞা

বকুলতলি গাঁ‌ৱৰ গহীন বৰুৱাৰ জীয়েক ভুতুকী। ভুতুকীৰ পোচাকী নাম জোনালী বৰুৱা। ভুতুকী সৰুতেই লোদোৰ-পোধোৰ আৰু জাধলী আছিল বাবে ককাক-আইতাকে মৰমতে ভুতুকী বুলি মাতিছিল। সময়ৰ গতিত সকলোৱে তাইক ভুতুকী বুলিয়েই মতা হ’ল। জোনালী পোচাকী নামটো তাইৰ বিদ্যালয়ৰ তালিকাতহে লিপিবদ্ধ হৈ থাকিল। ভুতুকীহঁতৰ গাঁ‌ৱৰে বোপাটি কলিতাৰ পুতেক পেপেৰা। পেপেৰাৰো পোচাকী নাম প্ৰেমকান্ত কলিতা। প্ৰেমকান্ত সৰুতেই ক্ষীণ-মীন আৰু জধলা আছিল। সেয়েহে সময়ৰ গতিত গাওঁখনত প্ৰেমকান্ত পোচাকী নামটোৰ পৰিবৰ্তে পেপেৰা নামটো জনাজাত হ’ল। ভুতুকী পেপেৰাতকৈ দুবছৰৰ সৰু। পেপেৰা যেতিয়া বকুলতলি গাওঁখনৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয়

Read more

নিগনি ৰহস্য – নাজিফ হাজৰিকা

১৯৮৫ চন। দিবাকৰে অফিচত একান্ত মনে নিজৰ কাম কৰি আছে। ঢেৰ কাম আছে তাৰ। এণ্টাৰপ্ৰাইজৰ technology, finance, maintenance, production আদি বিভিন্ন বিভাগৰ কাম আধৰুৱা হৈ আছে। সেই কামবোৰকে লৈ দিবাকৰ ব্যস্ত অফিচত। তেনেকুৱাতে IT store চোৱা-চিতা কৰা ল’ৰাজন আহি ওলালহি। : ছাৰ, ছাৰ, নিগনি। ঢেৰ নিগনি। : কি নিগনি? : ছাৰ বাহিৰৰপৰা নিগনি আহি আমাৰ গোটেই গুদাম শেষ কৰি দিছে। : অ’ আৎসা। হয় দেই। কথাটো ময়ো মন কৰিছোঁ দেই। : হয় ছাৰ। বৰ্তমান আমাৰ এণ্টাৰপ্ৰাইজৰ মূল সমস্যা হৈছে বাহিৰৰ

Read more

গৌৰৱ – তৃষ্ণা সোণোৱাল

লখেশ্বৰ বুঢ়া অৱশেষত গ’ল, গ’ল মানে একেবাৰে ওপৰলৈকে গ’ল। এসপ্তাহ ধৰি দিনে ৰাতিয়ে পৰ দিয়া ডেকাবোৰেও স্বস্তিৰ নিশ্বাস পেলালে, হওক তেওঁ বুঢ়াৰ নামত খৰচ কৰা সময়খিনি যে অথলে নগ’ল। বুঢ়াৰ পুতেকহঁতো খুশ, বুঢ়া বাছি যোৱা হ’লে পৰ ৰখীয়াকেইটাৰ নামত খৰচ কৰা বটলৰ দাম এনেই যোৱা যেনেই লাগিলহেঁতেন। : বুজিছে শৰ্মা, চাৰিহাজাৰ টকাৰ মাল খুৱাইছোঁ দীপুহঁতক। বৰুৱাই মাকৰ সময়ত বোলে দুহেজাৰ টকাও খৰচ কৰা নাই। পিতৃৰ মৃত্যুৰ খবৰ কৰিবলৈ অহা বন্ধুৰ আগত বৰপুত্ৰ অভয় শইকীয়াই গৌৰৱেৰে কৈ উঠিল। : হয় দিয়ক

Read more

এ.প্ৰ.বি. – ঈশান জ্যোতি বৰা

এটামান বাজিছিল হ’বলা। চলিহাৰ ঘৰত বাজি থকা উচ্চক্ষমতাসম্পন্ন মিউজিক চিষ্টেমটো ‘ধপ’কৈ শব্দ এটা কৰি বন্ধ হৈ থাকিল। লাইন যোৱা নাই। বোধহয়, যান্ত্ৰিক বিজুতি। নহ’লে চলিহায়ো বন্ধ কৰি থ’ব পাৰে। যিহে একাচেকা মানুহ! আজি উৰুকা বুলিহে ‘এলাও’ কৰিছে, নহ’লে কাৰ সাধ্য আছে এই দুপৰনিশা চলিহাৰ ঘৰত ‘সাংগীতিক বিস্ফোৰণ’ কৰাৰ! ‘খৰক,খৰক’ অ’! সেইয়া আকৌ কিহৰ শব্দ! শব্দটো আকৌ এবাৰ শুনিবলৈ কাণখন মেলি দিলোঁ। ‘খৰক,খৰক’ বুজিলোঁ। কোনোবা অঘাইতং চোৰে ঘৰৰ আগফালৰ টাটিখন সৰকোৱাৰ দিহা কৰিছে। গতিকে সময় নষ্ট কৰি লাভ নাই। জুহালৰ কাষতে

Read more
1 51 52 53 54 55 78