ফটাঢোল

কণপিতৌৰ সমস্যা- বেদব্ৰত বৰা

ভেকুলীৰ টোৰটোৰণি মাৰ নৌযাওঁতেই নামঘৰত ডবাৰ কোব পৰিল। কণপিতৌৱে খৰকৈ খোজ দিলে। আজিও প্ৰাৰ্থনা পলম হ’লে ডিম্বেশ্বৰ দাইটিৰ গালি শুনিব লাগিব। এই মানুহজনে খালি গালি পাৰোঁ পাৰোঁকৈ থাকে। সুবিধা পালেই ক’বলৈ আৰম্ভ কৰে,“কণপিতৌ তোৰ আৰু নহ’ব। আজিও পলম কৰিলিনে? জীৱনত কেতিয়াবা সময়মতে কাম কৰি পাইছনে? সেইকাৰণে এতিয়ালৈকে তোৰ ঘৈণীয়েৰৰ সন্তান হোৱা নাই বুজিলি”। এই গালিটো পাৰিলে তাৰ চুলিবোৰ ঠিয় হৈ যায়। কাণ দুখন ৰঙা পৰি যায় আৰু দুয়োখন কাণেৰে হো হোকৈ কিছুমান শব্দ ওলাবলৈ ধৰে। অলপ দেৰিলৈকে সি একো নুশুনা

Read more

বিঢ়াৰ সংসাৰ- প্ৰণীতা গোস্বামী বৰঠাকুৰ

“মা মা চুলবুলী নাই!” তৰবৰীয়ে চিঞৰীয়েই ক’লে মাকক– “চুলবুলী নাই? কি কথা কৈছ, ক’লৈ গ’ল?” “নাজানো, আমাৰ লগতে খেলি আছিল!” “মই তহঁতক ঘৰৰ ওচৰতে খেলি থাকিবলৈ কৈছিলোঁ নহয়৷ আজি পুৱাৰে পৰাই মোৰ মনটো গোন্ধাই আছিল, জানিছিলোঁ কিবা এটা অথন্তৰ হ’ব!” মাকে নিজকে কোৱা দি ক’লে। “আমি লুকা-চুৰি খেলি আছিলোঁ,তাই লুকাবলৈ সৌখিনিলৈ গৈছিল, তাৰপাছৰ পৰা নাই তাই!” “তহঁতিও যে আৰু! সৌ ভেবেলী বাইটিৰ ঘৰত গৈ খবৰ কৰচোন! তাতে আছে কিজানি!” “সিহঁতৰো এপাল নহয় ল’ৰা-ছোৱালী, তাতে খেলি আছে চাগৈ?” মাকে তৰবৰীক উদ্দেশ্যি

Read more

এটা টপিকৰ সন্ধানত এদিন – হেমন্ত কাকতি

হয়, ঠিকেই শুনিছে, এটা টপিকৰ বাবে মোৰ মাথাটো বেয়া হৈ গ’ল৷ সম্পাদকৰ তাগিদা, এসপ্তাহৰ ভিতৰত লিখা এটা দিবই লাগে৷ মই ক’লো বোলো মোৰ মুড, প্লট, টপিক একো অহা নাই মূৰলৈ, মানুহটো হাজাৰটা সমস্যা লৈ কোনোমতে জীয়াই আছোঁ, কেনেকৈ আগবাঢ়িম বুজিব পৰা নাই৷ ৰাতিপুৱা উঠিয়েই চাকৰিলৈ যাবলৈ হয়, দিনটো গেবাৰী খাটি খাটি সন্ধিয়া ঘূৰি আহোঁ মানে দুখে-ভাগৰে “বেচাৰা, গম কা মাৰা” হৈ উভতি আহোঁ৷ পিছে সম্পাদকো নাছোৰবান্দা৷ দুই তিনিদিন ঘূৰোৱাৰ পিছত এদিন ‘আল্টিমেটাম’ আহি গ’ল, চেঁচা বেৰেটা পিষ্টল এটা কাণৰ তলত

Read more

নগা – গীতিকা শইকীয়া

ধাননি পথাৰখনৰ লগতে থকা গেজেপনি মৰা জংঘলখনত তাৰ অবাধ অহা-যোৱা। আবেলি বেলি লহিওৱাৰ আগতেই পথাৰখনত কাম কৰি থকা মানুহবোৰ ঘৰলৈ যাবলৈ লৰা-লৰি কৰে। কিন্তু সি পথাৰৰ কাম কৰি অঁতাই জংঘললৈ যায় আৰু আন্ধাৰ হোৱাৰ পিছতহে হাবিখনৰ পৰা ওলায়। উদং পথাৰখনত কাকো নেদেখিলে জপিয়াই জপিয়াই নাচি ফুৰে। ক’ৰবাত কাম কৰি অলপ দেৰিকৈ ঘৰলৈ যোৱা গাঁৱৰ এটা দুটা মানুহে তাক তেনেদৰে নাচি থকা দেখিলে ভূতে পালে বুলি আটাহ পাৰি গাঁৱলৈ দৌৰি যোৱা চাই সি খেকখেকাই হাঁহে। তেনেকৈ কওঁতে কওঁতে তাক সকলোৱেই ভূতে

Read more

কথোপকথন – মানস শইকীয়া

কেউফালে হুলস্থূল৷ কাৰো মাত কোনেও নুশুনা অৱস্থা৷ কোনোটোৱে সেই আহুকলীয়া জৰী গছজোপাৰ ঠেঙনীত বহি, কোনোৱে আকৌ সেই ৰাস্তাৰ দাঁতিৰ ঔজোপাত বহি, কোনোটোৱে কাষৰ এৰাবাৰীখনত আৰু কোনোটোৱে আকৌ নিৰ্জন হাউলিটোত৷ মুঠতে, সকলোৱে নিজৰ বিষয়ে অনৰ্গল বক্তৃতা দি আছে৷ মই কিছু নিলগৰ পৰা শুনিবলৈ চেষ্টা কৰিছোঁ৷ পৰা নাই৷ ছাঁ পোহৰৰ মাজেৰে নিশব্দে আগুৱাই গ’লোঁ৷ “আমাৰ দলৰ চৰকাৰ থাকোঁতে মই সকলোকে সমানে চাইছিলোঁ৷ আমাৰ দলৰ কোনোৱে মোৰ ওচৰলৈ আহি সুদাহাতে যাব লগা নহৈছিল৷ মোৰ হাতত আছিল অসীম ক্ষমতা৷ মই কিন্তু ক্ষমতাত অন্ধ হোৱা

Read more

ইমাৰ্জেন্সি ভাজি – তৃষ্ণা সোণোৱাল

“শিয়াল, কেলেহুৱা বান্দৰ। দিনটো বিছনাখনকে ঘেলেকী থাক। বান্দীয়ে খোৱাই দিবলৈ আছোঁৱেই নহয়।” গোটেই ঘৰটোৱেই কঁপি উঠিল কৰ্কশ মাতষাৰত। মানুহজনীৰ মুখৰ যিহে ভাষা, লাজতে যেন মেকুৰীজনীয়েও ঠাইতে মুখখন লুকুৱাই পেলালে। “ৰাতিলৈ তেল দাইল একো এটা নাই। বোলো আনিবলৈ যাবিনে?”একো উত্তৰ নাপাই ধেনাৰ টেমাৰ ৰঙা তাঁৰ ছিগো ছিগো হ’ল খঙতে। “এহ ধেনা কিনো গলা ফালি আছ ইমান গৰমত। এইখনকে ঘূৰাই দে হুঁ”, নিৰ্লিপ্ত সুৰেৰে এইবাৰ মেয়ঙে ধেনালৈ বিচনীখন আগবঢ়াই দিলে। ধেনাজনী তেতিয়ালৈ ধেনা হৈ থকা নাছিল, সাইলাখ পুৰণি চিনেমাৰ টেলেকা চকুৱা গুণ্ডি

Read more

আঁৰৰ কথা – খনিন্দ্ৰ ভূষণ মহন্ত

বাতৰি কাকতখনৰ লগত অহা ‘বিহু সংখ্যা’ৰ আলোচনীখনত চকু ফুৰাই তাৰ খং উঠি গ’ল। তাৰ চকুৱে-মুখে যেন কোনোবাই জুই একুৰাহে জ্বলাই দিলে! হাতত লৈ থকা আলোচনীখন টেবুলতে থেকেচকৈ পেলাই মুখৰ ভিতৰতে ভোৰ-ভোৰাই ক’লে, “কাম নাই এইবোৰৰ। সদায় কেৱল সেই একেবোৰ নাম দেখি দেখি আমনি লাগিছে। সেইটোও মানি ল’ব পাৰি, যদিহে লেখাটোৰ মান থাকে। সেইফালেও দেখোন বর্তাই ৰাখিব পৰা নাই। নতুন নাম এটাওনো থাকিব নালাগেনে! ইমাননো নতুনকৈ ভাল লিখা মানুহৰ অভাৱনে?” বিপ্লৱ কৌশিক ফেচবুকৰ সাহিত্য জগতখনৰ তেনেই এক চিনাকি নাম। বয়স হিচাপে

Read more

শনীয়া-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

আজি তাৰ টাৰ্গেট বেলেগ। ল’ৰাৰ কলেজৰ এডমিচনৰ পইছাটো আজি গণেশগুৰিৰ দোকানবোৰৰপৰা সংগ্ৰহ কৰিহে ঘৰ উভতিব সি। সদায় সদায় সন্ধিয়া উভতি আহি ফাঁকি দিব নোৱাৰি ঘৰত। নিজৰো মৰ্য্যদা বুলি কথা এটা আছে। যোৱা চাৰিটা দশক সি গণেশগুৰিৰ দোকানবোৰৰপৰা উঠোৱা পইছাৰেই কোনো অসুবিধা নোহোৱাকৈ স্বাচ্ছন্দ্যৰে নিজৰ ঘৰখন পোহপাল দি আছে। পইছাৰ পিছত লাগি থাকোতে সি নিজৰ নামকেই পাহৰি পেলাইছে আনকি। সদায় পইছা বিচাৰে কাৰণে কোনোবা দোকানীয়ে তাৰ নাম ‘শনি’ ৰাখিছিল, সেই শনিটোৱে মাৰোৱাৰী বিহাৰী দোকানীৰ মুখত পৰি ‘শনীয়া’ হৈ পৰিল পিছত। অৱশ্যে

Read more

এজন হিৰ’ৰ অপমৃত্যুত: জয়ন্ত শৰ্মা

তেতিয়াই বিমানে প্ৰতিজ্ঞা কৰিলে যে লাগিলে হাফপেণ্ট পিন্ধিব, লুঙী পিন্ধিব। তথাপিও কিন্তু…. বিমান গাঁৱৰ ল’ৰা। তিতাবৰ টাউনৰ পৰা ১৬ কি:মি: দূৰত বিমানৰ ঘৰ। হ’লেও সি চহৰৰ আওভাও পায়। সপ্তাহত তিতাবৰত দুদিন হাট বহে। গৰু, ছাগলী, হাঁহ, পাৰৰ এখন মস্ত বজাৰ। সেই হাটৰ পৰাই মিঞা বেপাৰী বিলাকে হাঁহ কিনি ডিব্ৰুগড়, শিৱসাগৰলৈ চালান দিয়ে। তিতাবৰতকৈ সেইবিলাক ঠাইত হাহঁৰ চাহিদা বেছি। প্ৰায় বজাৰতে ৩০০/৪০০ হাঁহ কিনা বেচা হয়। বেপাৰী বিলাকে হাঁহৰ ওজন বঢ়াবলৈ দুই তিনিটা আঠিয়াকল হেঁচি-থেলি হাঁহৰ টোঁটোলাত ভৰায়। বেপাৰী বিলাকৰ এই

Read more

কলপ সনা ক’লা চুলি – ৰাস্না বৰা

“বাঃ মোহন দা, আপোনাৰ চুলিৰ ষ্টাইলটো কিন্তু বৰ ধুনীয়া দেই আৰু ইমান ঘন চুলি। পকাও নাই দেখোন এডালো!” মোহনক গাঁৱৰ উঠি অহা চামে প্ৰায়েই এনেকৈ কোৱা শুনোঁ। পিছে আমি, মানে মোহনৰ লগৰীয়াখিনিয়েহে জানোঁ আচল সত্যটো! আমাৰ গাঁৱৰ এই মোহন দাদাৰ এতিয়াৰ যিখিনি চুলি দেখা যাই সেইখিনি আগতে এনে নাছিল। মোহনৰ চুলিখিনি দেখিবলৈ ভালেই আছিল, পিছে চুলিৰ ৰঙটোহে চাহাবৰ চুলিৰ নিচিনা বগা আছিল। মানে মোহনৰ সৰুকালতেই চুলিবোৰ একেবাৰে পকি শেষ হৈছিল। কথাটো মানে এনেধৰণৰ। এবাৰ কি হ’ল মাকে মূৰত সনা জবাকুসুম

Read more
1 58 59 60 61 62 78