ওলট-পালট – নাজিয়া হাচান
নমতা নমতি… এক আছিল যুৱক যুৱতী, ন ন প্ৰেম পীৰিতি৷ কথাত লাগি এদিন দুয়োৰে, লাগি গ’ল লঠিয়া লঠি৷ যুৱতীয়ে কলে ঠেং জোকাৰি, তোৰ সৈতে শেষ পীৰিতি৷ নাহিবি আৰু তই মোৰ কাষলৈ, কৰি দিম নাগুৰ নাগুতি৷ যুৱকেও কলে বাহু জোকাৰি, বেছি নকৰ ঐ মৰতি৷ সদায় তোৰ বৰ বহাদুৰি, আজিৰ পৰা কাটা কাটি৷ পিচদিনাখন খবৰা খবৰি, দুয়োৰে নমতা নমতি৷ ৰাইজ থাকিল চকু থিয় কৰি, কি হব শেষ গতি৷ ☆ ★ ☆ ★ ☆
Read more