ফটাঢোল

মটিভেশ্যনেল স্পীকাৰ- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য 

বিভিন্ন জাতৰ ভেকুলীবোৰ আহি বৃহৎ আকাৰৰ পুখুৰীটোৰ পূৱফালে উপস্থিত হ’ল। পাত বেং, বামুণ ভেকুলী, চুক ভেকুলী আটাইবোৰে নিজ নিজ পৰিয়ালৰ সৈতে আহি উপস্থিত হৈছেহি পুখুৰীটোৰ পাৰত। উদ্দেশ্য আজিৰ এই ভেকুলীৰ মাৰাথন জাঁপ প্ৰতিযোগিতা স্বচক্ষে উপভোগ কৰা। আয়োজকসকলে খেল অনুষ্ঠিত হ’বলগীয়া পুখুৰীটোৰ চাৰিওকাষে ভিআইপি, ভিভিআইপি, সাধাৰণ দৰ্শকৰ বাবে ভাগে ভাগে আসনৰ ব্যৱস্থা কৰিছে। পুখুৰীটো আকাৰত ডাঙৰ যদিও মাজে মাজে ডাঙৰ ডাঙৰ পাতবোৰৰ সৈতে পদুম ফুলবোৰ ফুলি থকাৰ ব্যৱস্থা কৰা হৈছে যাতে এই মাৰাথন প্ৰতিযোগিতাৰ মাজভাগত ভাগৰ ধৰিলে প্ৰতিযোগীসকলে ক্ষন্তেক সময়ৰ বাবে

Read more

লবী কৰোঁ আহক – অভিজিত কলিতা

এফালে কোভিডৰ ভয়, আনফালে সীমান্তত চাইনাৰ ধিতিঙালি;  এফালে ইণ্টাৰনেচনেল কবিতা লিখি অসমৰ পৰা কোভিড খেদোৱা ফ্ৰণ্টলাইন ৱৰ্কাৰসকলৰ বেমেজালি, আনফালে চাকৰিৰ টেনচন, এইবোৰৰ মাজত ফেচবুক শাস্ত্ৰ অধ্যয়নৰ পৰা কিছুদিন বিৰত আছিলোঁ। দুই এদিন আগতে এবাৰ দুবাৰ চাই মই মোৰ ৪০ মান আই কিউ সম্পন্ন বুদ্ধিমত্তাৰে যি বুজিলোঁ- অসমীয়া সাহিত্য অলমষ্ট খতম হ’বলৈ গৈ আছে, আৰু তাৰ কাৰণ হ’ল লবীজম- মানে লবী। ইংৰাজীত অলপ দুৰ্বল বাবে লবী শব্দটো শুনি প্ৰথমতে হোটেলৰ লবীলৈ মনত পৰিছিল, এয়াৰ কণ্ডিছনড আহল বহল ৰূম, সুসজ্জিতা ৰিচেপচনিষ্ট, সকলোৰে

Read more

কাগজৰ বাঘ, চেনেলৰ ডন! – নিশিকুটুম্ব লেখাৰু

: চলিবলৈ বৰ অসুবিধা হৈছে। আপোনালোকে জানেই সকলো। – মই তলমুৰ কৰি হাতৰ কলমটো পিটিকি পিটিকি লাহে লাহে কৈ গলো। পেটটো কলমলাই উঠিল। : এনেদৰে কিছুদিন গলে মোৰেই খাব-ববলৈকো অসুবিধা হ’ব। – অকণো নোৰোৱাকৈ আকৌ একেলেথাৰিয়ে কৈ গলো। মোৰ সমুখত ঠিয় দি থকা মানুহকেইজনৰ মুখত ভাৱলেশহীন অভিব্যক্তি। মই অলপ বিৰক্ত হ’লো। ভোক লাগিছে। কিন্তু কথাখিনি আজিয়েই কৈ শেষ কৰিব লাগিব। নহলে দেৰী হৈ যাব। পিছলৈ সুযোগ নাপাম। আকৌ আৰম্ভ কৰিলো। : মই নোৱাৰিম আৰু। গতিকে আপোনালোকে নিজেই ভবিষ্যতৰ কথা ভাবক।

Read more

এফ আৰ পিৰ যুঁজ – ৰঞ্জিত কুমাৰ শৰ্মা

(এদিন হয়তো এনে দিন আহিব যে বৰ্তমানৰ টি ভি চেনেলৰ টি আৰ পিৰ যুঁজৰ দৰে ফে’চবুক গোটৰ এফ আৰ পিৰো যুঁজ হ’ব!) এখন ৰুদ্ধদ্বাৰ বৈঠক বহিছে৷ এখন ডিম্বাকৃতি মেজৰ চাৰিওফালে কেইগৰাকীমান মনুষ্য বহিছে৷ পুৰুষ-মহিলা, বৰলা-যুৱতীসহ দহগৰাকীমান হ’ব৷ বাকীবোৰ চকীতকৈ অলপ ওখ চকীখনত চি এম ডিজন বহিছে৷ তেওঁৰ কাষত হেড এডমিনজন বহিছে৷ বাকী চকীকেইখনত এডমিন আৰু মডাৰেটৰসকল বহিছে৷ অ’, সকলোৱে বহিলে যদিও আচল কথাটো কোৱাই নাই৷ আপোনালোকে হয়তো ভাবিছে, কাৰ বৈঠক সেইটোকেই নোকোৱাকৈ কি বকলা মেলি আছোঁ, নহয়নে? কৈছোঁ কৈছোঁ৷ ধৈৰ্যৰ

Read more

সৰবজান ইন ট্ৰেফিক -মাধুৰ্য্য গোস্বামী

সন্ধিয়া ঠিক ছয় বাজি পঞ্চল্লিশ মিনিটত নয়নলৈ ফোন লগালোঁ, : ঐ, পাঁচ মিনিটত পাই আছোঁ। : ও হ’ব। পদূলি পাই দেখিলোঁ বন্ধুৱে মোবাইলত ক্ষীপ্ৰতাৰে কিবা টাইপ কৰি আছে। বুজিলোঁ, ফেচবুকত গৰম টপিক চলি আছে। মোৰফালে কেৰাহিকৈ চাই সি মোৰ সমানে সমানে খোজ মিলাই তলমূৰ কৰি মোবাইল টিপি গ’ল। ফেচবুক ময়ো কৰোঁ, একপ্ৰকাৰ এক্টিভেই থাকোঁ বুলিব পাৰি। দুই-তিনিদিনৰ মূৰত লগ ইন কৰি অলপ পোষ্ট চাওঁ, দুই-এটা কমেণ্ট দিওঁ। ফটোৰ পোষ্ট কমকৈ দিয়া হয়। কিন্তু মোৰ এইজনা বন্ধু ফেচবুকত সৰু-সুৰা চেলিব্ৰিটিয়েই। নতুন

Read more

ধেন দিয়া – নয়নমণি হালৈ

শইকীয়া চাৰক আপোনালোকে চিনি পায়নে? আপোনালোকে নাপালেও আমাৰ নলবাৰীত শইকীয়া চাৰক চিনি নপোৱা মানুহ কোনো নাই। মাত্ৰ এটা ঘটনাৰ বাবেই ৰাতাৰাতি শইকীয়া চাৰ নলবাৰীত বিখ্যাত হৈ পৰিছিল। আহক, আজি আপোনালোকক শইকীয়া চাৰৰ কাহিনীটো কওঁ। কাহিনীটো সৰু। শইকীয়া চাৰে তেতিয়া শিৱসাগৰৰ এখন অতি ভিতৰুৱা ঠাইৰ পৰা আহি আমাৰ নলবাৰীৰ প্ৰখ্যাত কলেজখনত প্ৰবক্তা হিচাপে জইন কৰিছে। ডেকা মানুহ, উত্‍সাহী মানুহ। আহিয়েই তেওঁৰ মনত ভাৱ হৈছে যে ‘মই যদি সলসলীয়াকৈ নলবৰীয়া ক’ব নোৱাৰোঁ তেন্তে এই কলেজৰ ধুনু মইনাহঁতৰ অন্তৰ  জয় কৰিব কেতিয়াও নোৱাৰোঁ।’

Read more

ৰসনেন্দ্ৰিয়- মানসী বৰা

বৰ্তমানৰ চ’ছিয়েল মিডিয়াৰ যুগটোত মানুহৰ ব্যক্তিগত জীৱনৰ সৰু-বৰ সকলোবোৰ কথাই যে ৰাজহুৱা হৈ পৰিল। কোনে ক’ত কি কৰিছে? ক’ত গৈছে? নাইবা কি পিন্ধিছে? আদি কথাবোৰ এতিয়া সুলভ। শিৱসাগৰত থাকি গুৱাহাটীৰ ভণ্টিজনীতে পাকঘৰত আজি কি ৰান্ধিছে, নাইবা আবেলিৰ চাহকাপৰ সৈতে কি খাইছে মিনিটতে গম পোৱা যায়। পুৱাৰ জলপানৰ পৰা আৰম্ভ কৰি নৈশ আহাৰৰ ব্যঞ্জনৰ ফটোলৈকে চ’ছিয়েল মিডিয়াত গিজ্ গিজাই থকা হ’ল। সেয়ে হয়তো অসমত বহুলভাৱে প্ৰচলিত তথা জনপ্ৰিয় কিছুমান বাক্য যেনে  ‘ভাত খালা?’  বা  ‘ভাত কিহেৰে খালা?’ বা ‘চাহ খালানে’? আদিবোৰ

Read more

লাষ্ট পাঞ্চ‌ – কাবেৰী মহন্ত

আৰু এক ৰঙীন সন্ধিয়া! আৰু এক মায়াবী পৰিৱেশ! আস্‌… মোৰ এনে পৰিৱেশ, এনে মায়াবী নিশাৰ একপ্ৰকাৰ নিচা হৈ গৈছে…সিদিনাও মানুহবোৰ আহি আছিল, সময়বোৰ ৰঙীনৰ পৰা ৰঙীনতম হৈ গৈ আছিল..! সেই চাওঁঁ ‌নাচাওঁ‌ কৰি দিয়া মিঠা চাৱনিবোৰ, সুকোমল স্পৰ্শ অথবা আলফুলকৈ অথচ গৰ্বৰে তুলি ধৰাৰ ক্ষণবোৰ.. ইয়াৰ বাবেইতো সজাই ৰাখোঁ মই নিজকে! এই সময়বোৰৰ সুখানুভূতিয়েই মোৰ বাবে হৈ পৰিছে জীৱনৰ চালিকা শক্তি..  নহ’লেতো মোৰ উপস্থিতিৰ কোনো মূল্যই নাই! সুন্দৰ জাকজমকতাৰে ভৰা লাইটৰ মাজত মোৰ অন্যতম খাচ বন্ধুকেইজনৰ লগত মই চুকটোতে অপেক্ষা

Read more

কঁঠাল চোৰৰ আঠাই সাক্ষী – ৰঞ্জু হালৈ মুনি

 “নিলে ঐ নিলে, মোৰ কঁঠালটো চোৰে নিলে।” ৰাতিপুৱাই নৰেশ্বৰ দাইটিয়ে হায়ৈ বিয়ৈখন লগোৱা দেখি চুবুৰিটোৰ গোটেই মানুহবোৰ আহি দাইটিৰ ঘৰত গোট খালে। সকলোৱে বিভিন্ন প্ৰশ্নৰে দাইটিক ব্যতিব্যস্ত কৰিবলৈ ধৰিলে। : কঁঠালটো দেখিবলৈ কেনেকুৱা আছিল? : ওজন কিমান মান হ’ব দাইটি? : কঁঠালটো সেই গছৰ গুৰিতেই লাগিছিলনে? মানুহবোৰৰ এশ এটা প্ৰশ্ন। : হয় অ’ কঁঠালটো গছৰ গুৰিতেই লাগিছিল। ওজনো ভালেখিনি হ’ব৷ যোৱাকালি ৰাতি শুবলৈ যোৱাৰ আগতেও চাই গৈছিলোঁ মই। কিন্তু ৰাতিপুৱা শুই উঠিয়েই চাই দেখোঁ যে কঁঠালটো নাই। : হেৰি ঐ

Read more

বেচেৰা কম্বলখন – মৌচুমী গগৈ

সমীৰণে নতুন চহৰখনত এজন উচ্চপদস্থ চৰকাৰী বিষয়া হিচাপে চাকৰিত যোগদান কৰাৰ আজি তিনিমাহেই  হ’ল। সময় পালে সমীৰণে নিজৰ অফিচ ৰূমৰ পূবফালে থকা খিড়িকীখনৰ ওচৰত ৰৈ বাহিৰলৈ ভুমুকি মাৰি চাবলৈ ভাল পাইছিল। খিড়িকীখনৰ সিফালে থকা ব্যস্ত জনপথটোৰে দৈনিক হাজাৰ হাজাৰ মানুহ নিজৰ কামত ওলাই গৈছিল।মাক-দেউতাক আৰু ভনীয়েকৰ পৰা আঁতৰি আহি অচিন চহৰখনত যেন এই ব্যস্ত মানুহবোৰৰ লগতেই সমীৰণে কিবা এক আত্মীয়তা অনুভৱ কৰিছিল। এদিনাখন সমীৰণে খিড়িকীখনেৰে বাহিৰলৈ চাওঁতে দেখিলে যে, এজন বৃদ্ধ মানুহে ডিচেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাটো ফটা চোলা এটা পিন্ধি

Read more
1 23 24 25 26 27 84