ফটাঢোল

সহযাত্ৰী….ইত্যাদি- উৎপলা শইকীয়া

: ভন্টি অলপ সোমাই যাবা নেকি? :হুম ৷ চিটিবাছৰ মহিলাৰ চিটটোত বহি অহা মই কিবা ভাৱত বিভোৰ হৈ থকাৰ মাজতে মানুহজনৰ মাতত সচকিত হ’লো আৰু খিৰিকিৰ ফালৰ চিটটোলৈ সোমাই বহিলো ৷ অফিচৰ পৰা ওলাই কিবা এটা কাম থকাত সেইদিনা উলুবাৰীলৈ যাব লগা হৈছিল ৷ কামটো অটাই ঘুৰি আহোমানে সময় সন্ধিয়াৰ প্ৰায় আঠ মানেই হ’ল। বাছত মহিলা যাত্ৰীৰ সংখ্যা তাকৰ ৷ পুৰুষৰ চিটবোৰত খালী হৈ হয়তো এটাও নাছিল। দেখাত প্ৰায় পয়ষষ্ঠি বছৰীয়া, মানে মোৰ খুড়াৰ বয়সৰ মানুহজন মোৰ কাষৰ চিটটোতে বহিল৷

Read more

ষষ্ঠ ইন্দ্ৰিয় – অভিজিত কলিতা

মই অনুমান কৰিছিলোঁৱেই কিবা এটা নিশ্চয় হৈছে, হ’বই লাগিব৷ মোৰ ষষ্ঠ ইন্দ্ৰিয়ই মোক বাৰে বাৰে সোঁ‌ৱৰাই আছিল- তোৰ বেয়া দিন চলি আছে, আৰু বেছি বেয়া হ’বলৈ গৈ আছে৷ তই ধ্বংস হ’বলৈ গৈ আছ, তোৰ একো বাকী নেথাকিব জীৱনত৷ শূন্য হৈ পৰিবি তই, নিশ্চিহ্ন হৈ যাবি৷ সাৱধান, হুচিয়াৰ৷ কিন্তু মই বুজা নাছিলোঁ, ক’ত কি হৈ আছে, কেনেকৈ মই শেষ হৈ গৈ আছোঁ৷ কাৰণ আপাতদৃষ্টিত সকলো ঠিকেই চলি আছিল৷ এওঁৰ চাকৰিত প্ৰমোচন হৈছিল, ল’ৰা দুটাৰো পঢ়া-শুনা আগবাঢ়িছিল, ভগৱানে কৰাত গুৱাহাটীত নহ’লেও ওচৰতে

Read more

সভ্যতা- মনিকুন্তলা ভট্টাচার্য

মুম্বাইৰ ৰাতি। স্থান প্ৰেছ ক্লাৱ। দুমহলাৰ ওপৰত অভিজাত নৈশ ভোজৰ অতিথি আমি। আয়োজকৰ এজন ওচৰত ৰ’লহি, ক’লে “আগতে আমি আমাৰ বাগিছাত অতিথিক আপ্যায়ন কৰোঁ, এইবাৰ উপায় নাপাইহে ছাদত এই ব্যৱস্থা”। মই তেওঁলৈ চালোঁ। কাষত বহি আছিল দিল্লীৰ ইনকামটেক্স কমিছনাৰ সাহিত্যিক পাৰমিতা শতপথী। কোৱাজনক আমি দুয়ো প্ৰশ্ন কৰিবলৈ ধৰিলোঁ। আয়োজকজনে আমাক ৰেলিঙৰ কাষলৈ লৈ গ’ল। তললৈ চালোঁ। চকুৰে দেখালৈকে ডাঙৰ ডাঙৰ মেচিন। মেট্ৰৰেলৰ কাম চলি আছে।চকু চাৎ মাৰি ধৰা উজ্জ্বল পোহৰ।ঘৰঘৰ আৱাজৰ মাজত সোমাই হেৰাই গৈছে বনুৱাৰ মাত। গোটেইখন মাটি খান্দি

Read more

কথাতে কটা যায়, কথাতে বঁটা পায় -মৃদুল নাথ

লোভ, মোহ আদি ৰিপুবিলাক দমন কৰিব পাৰিলেই মানুহ এজনৰ মহাত্মালৈ উত্তৰণ ঘটে। এয়া মই কোৱা কথা নহয়, কোনোবা মহাত্মা এজনে কোৱা কথা। পিছে মনতহে পৰা নাই, বয়সৰ লগে লগে মোৰ নাবাঢ়িবলগীয়াবোৰ বাঢ়িছে, বাঢ়িবলগীয়াবোৰ কমিছে। দিন যিমানে বাঢ়িছে মূৰৰ চুলিয়ে সিমানে বৰণ সলাইছে। ইয়াৰ বাবে অৱশ্যে মানুহজনীৰহে চিন্তা বেছি হৈছে, পাৰ্টি বোৰত মোৰ লগত যাবলৈ লাজে লাগে হেনোঁ, এনেও লাজ নাৰীৰ ভূষণ। ফলস্বৰূপে ঘৰখনত প্ৰতিটো দেওবাৰে পুৱাই বিভিন্ন কাৰ্য্যসূচীবোৰ আৰম্ভ হয়, তাৰ ভিতৰত থাকে জেতুকাৰ মিশ্ৰণ প্ৰস্তুতি পৰ্ব আৰু পিছত মোৰ

Read more

ফেচবুকীয়ানৰ শ্ৰেণীবিভাজন-অৰুনাভ মহন্ত

১) ভ্ৰমণপ্ৰিয় ফেচবুকীয়ান – এওঁলোকৰ কিছুমানে কেৱল “Travelling to” বা “Flying to” জাতীয় পোষ্টেৰেই বহুকথা বুজাই দিয়ে যদিও আন কিছুমানে পাকে প্ৰকাৰে লগতে এইটোৱো সকীয়াই দিয়ে যে এদিন দুদিনত বহু ফটোৰ বৰষুণ হব৷ এই ফটোবোৰ আকৌ কিছুমানে অলপ দেৰিকৈ আপলোড কৰি “Late upload” বুলি এটা caption দিয়ে৷ দেৰি বেছি হৈ গ’লে বা নতুন একো নাথাকিলে পুৰণি ফটোকেই আপলোডাই এই caption টো অলপ সলনি কৰি দিয়ে “Throwback” বুলি৷ টকা বা সময় কম থাকিলে বহুতে আগতে কেতিয়াও নাম নুশুনা ঠাই, গাওঁ, জংগল,

Read more

নাৰীৰ দৃষ্টিত পুৰুষৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় ব্যক্তিত্ব- ৰচনা: শ্ৰী সঞ্জীৱ মজুমদাৰ

দৌৰ্দণ্ড প্ৰতাপী পুৰুষৰ পৃথিৱীত আত্মহননৰ মধুৰ স্বাদ তেজত বহন কৰি লুপ্ত-লীন হৈ, অশ্ৰু আৰু তেজৰ কণিকাৰে লিখিছোঁ মাথোঁঁ পুৰুষৰ বাবেই কবিতা৷ পুৰুষাধিপত্যবাদী তিমিৰাচ্ছন্ন শব্দপুঞ্জৰে অৱগুণ্ঠিতা আৰু দুৰু দুৰুকৈ বুকু কঁপি উঠা বৈৰীতাৰ মাজতো স্বতন্ত্ৰ, স্বাভিমান আৰু স্ব-নিয়ন্ত্ৰণ বিচাৰি চলাথ কৰিলোঁ নিজৰ সাৰ্বভৌম এলেকা, যদিও জানো প্ৰায় অসম্ভৱ এই পুৰুষ বিশ্বত৷ তাৰ পিছতো পুৰুষৰ পীড়নৰ কথা লিখিবলৈ গৈ পুনঃপীড়িত হোৱাৰ কামনাৰে প্ৰতি পলে পৰিছোঁ পুৰুষৰ প্ৰেমত৷ ’ সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে নাৰীক প্ৰকৃতিৰ সৌন্দৰ্য্যৰ স’তে তুলনা কৰি বহু প্ৰেম-পীৰিতিৰ গদ্য আৰু

Read more

পিবেডিং, ডিজেল… ঔ-আই ৰিমঝিম বৰঠাকুৰ

গাঁৱৰে খগেন দা মানে খগেন কলিতা কিছুমানৰ কাৰণে কেকে দাই আজি দিনটো কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছে৷ পুৱাই পুৱাই গাঁৱৰ চবৰে ঘৰতে (বিশেষকৈ ডেকা ল’ৰা থকা ঘৰত) পাক এটা মাৰিছে৷ কিন্তু কথাটো পিচে কোনেও বুজি পোৱা নাই৷ ঘৰৰ কোনোবা এজনক মাতি কথা এটা ফুচফুচাই সোধে তাৰপিছত মনটো গোমা কৰি ওলাই আহে৷ খগেন দা মানে পানীচিঙা গাঁৱৰ ৰাজহুৱা ‘দা’৷ থুনুক থানাক মাত ফুটাটোৰ পৰা বয়োজেষ্ঠ্য কেইজনমান বাদ দি সকলোৰে কাৰণে ‘খগেন দা৷ ‘ খগেন দাইও পিচে এই ‘দা’টো শুনি বৰ এটা

Read more

সাক্ষাৎকাৰ: জন নেতা হেকা লিম্বুৰ লগত এখন্তেক-হেমন্ত কাকতি

নমস্কাৰ, আমি অসমৰ একমাত্ৰ সৰ্বশ্ৰেষ্ঠ নিউজ চেনেল খুল্লাম-খোল্লাৰ পৰা আহিছোঁ৷ আমি এই মুহুৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি ইমান জনপ্ৰিয় কিয়? হেকা লিম্বু: চাওঁক, মই যিটো ভাবোঁ সেইটো কৰোঁ, গতিকে মানুহে ভাল পায়, আপুনি পইচা খাওঁক কিন্তু কামো কৰিব লাগিব৷ সব টকা খাই দিলে কেনেকৈ হব? পিচে মই কাম বহুত কৰিছোঁ গতিকে এইবাৰ অলপ টকা খাম! হেঃ হেঃ! খু: খো:- বুজিছোঁ৷ আপোনাৰ এইবাৰৰ এজেণ্ডাৰ বিষয়ে অলপ আমাৰ ৰাইজক কব নেকি? হেকা লিম্বু:- মোৰ ফাণ্ডাটো একদম ক্লিয়েৰ আছে৷ বাকী পলিটিচিয়ানৰ দৰে

Read more

 ধৰুৱাৰ লুকাভাকু – অৰবিন্দ গোস্বামী

লুকা-ভাকু আমাৰ সকলোৰে এক পৰিচিত খেল। এই খেলত এজন লুকাই আৰু আনজনে বিচাৰি উলিয়ায়। আমাৰ দৈনন্দিন জীৱনতো আমি বহুতকে এই  লুকা-ভাকু খেলি থকা দেখিবলৈ পাওঁ। মিছা ক’লে কিডাল হ’ব, আমি সকলোৱে এই লুকা-ভাকু কেতিয়াবা নহয় কেতিয়াবা ডাঙৰ হোৱাৰ পিছতো নজনাকৈ খেলি আছোঁ। ধৰক আপোনাৰ ঘৰলৈ কোনোবা এজন চিনাকি মানুহ আহিল। অৱশ্যে আপুনি তেওঁৰ প্ৰকৃত স্বভাৱ-চৰিত্ৰৰ বিষয়ে একো নাজানে। কিন্তু কথাই-বতৰাই মানুহজন বেচ ভদ্ৰ। মানুহজনে আহি আপোনাক নিজৰ এনে এটা ‘দুখ ভৰী কাহানী’ শুনালে যে আপোনাৰ মুখেৰে “ইচ ইচ!নাপায় আৰু দেই

Read more

অ’ভাৰ স্মাৰ্টৰ আত্মবোধ -অভিজিৎ মেধী

মই মানুহজন বেছ সপ্ৰতিভ আৰু প্ৰখৰ বুদ্ধি থকা, এক কথাত সহজ ভাষাত ক’বলৈ গ’লে মই স্মাৰ্ট (বুলি মই ভাবোঁ)৷ বহুতেই মোক এই কাৰণতে অন্ধবিশ্বাসী বুলিও আখ্যা দিব খোজে যদিও কথাষাৰ মই মনে-প্ৰাণে বিশ্বাস কৰোঁ, যে মই এজন স্মাৰ্ট মানুহ৷ এতিয়াৰ কথা নহয়, সৰুৰে পৰাই মই ভীষণ স্মাৰ্ট৷ তাহানিৰ দিনবোৰত মায়ে লাড়ু-পিঠাৰ বৈয়ামবোৰ মোৰ চুৰি-কাৰ্য্যৰ প্ৰকোপৰ পৰা বচাবলৈ বুলি প্ৰায়েই লুকুৱাই ৰাখিছিল৷ পাছে মাৰ বিপদটো হয় আলহীক চাহ দিবলৈ লোৱাৰ সময়ত৷ ঠিক তেতিয়াই মায়ে পাহৰি যায় লাড়ু-পিঠাৰ গোপন ঠিকনাবোৰ৷ : দুটে

Read more
1 30 31 32 33 34 84