মন্দিৰ ৱহী বনেগা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য
তহঁতৰ বাৰু জানিবৰ মন নাযায় নে আমাৰ গাঁওখনৰ নামটো কেনেদৰে হ’ল, কোনে ক’ত কেতিয়া ৰাখিলে? “ক’চোন বাৰু তয়েই জান্ যদি”। কেইজনমান ল’ৰাই হেমন্তকে উভতি ধৰিলে। গাঁৱৰ বেছিভাগ ল’ৰাই জানে যে হেমন্তই উল্টা পুল্টা যুক্তি কিছুমান দি হ’লেও নিজৰ কথাখিনি সত্য বুলি প্ৰতীয়মান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব, তথাপিও তাৰ অতুলনীয় প্ৰকাশভঙ্গী শুনিবৰ বাবেই সিহঁতে তাৰ মিছা কথাবোৰো প্ৰতিবাদ নকৰাকৈ শুনে। এনেই ল’ৰাবোৰে গাঁৱত হেমন্তক ধপকুমাৰ বুলিয়েই মাতে, তথাপিও তাৰ ৰস লগা মিছা কথাবোৰ শুনিবলৈ সকলো আগ্ৰহী হৈ থাকে। ৰাইজৰ জোৰ যিফালে
Read more