ফটাঢোল

“হাহ ঐ হাহ – অহমীয়াৰ হাহ” –মুনীন্দ্ৰ মহন্ত

“আহ ঐ আহ! ওলাই আহ! খেদ ঐ খেদ! বিদেশীক খেদ!”- সমদলৰ আগত ফেঁহুকায়ে চিঞৰি চিঞৰি গলা ফুলাই আগুৱাইছে। বাটতে এটা ফৰেইনাৰক দেখা পাই হাতত থকা টাঙোন ডালেৰে টঙনিয়াব যাওঁতে নিজৰ মূৰতহে খুন্দা লাগিল। ফেঁহুকায়ে সাৰ পালে। দেখিলে আঠুৱা টনা ডাং ডালকে জোৰেৰে ধৰি আছে সি! “আহ ঐ আহ, ওলাই আহ”ৰ এই ভক্তিমূলক, স্তুতিমূলক বাক্যশাৰী অসমৰ এটি জাতিৰ পৱিত্ৰ মন্ত্ৰ। জন্মৰ পৰা মৃত্যুলৈ এই বাক্যশাৰী শৰীৰৰ কোঁহা কোঁহে তেজৰ পানীৰ স’তে মিলি থাকে। সিদিনা গুৱাহাটীৰ চিটিবাছত ইয়াৰ উত্তম প্ৰয়োগ ফেঁহুকায়ে দেখা

Read more

“ধোৱাখুলীয়া”ৰ পৰা “দ্য গ্ৰেট কনজুচ”ল – প্ৰশান্ত কুমাৰ বৰা

কাহিনীৰ বৰঘৰলৈ যোৱাৰ আগতে অলপ চিৰিয়াচ কথা কৈ লওঁ। আপোনালোকৰ কথা নাজানো, আমাৰ ককাহঁতে কিন্তু আমাক সৰুতেই মিতব্যয়ী হ’বলৈ শিকাইছিল। নিজে ঘটা টকা আৰু আনে ঘটা টকাৰ মূল্যৰ পাৰ্থক্য উপলব্ধি কৰিবলৈ শিকাইছিল। এনেধৰণৰ নীতিশিক্ষাৰ পাঠ দিয়া সাধুকথাও শুনাইছিল। সেই যে কুঁৱা এটাত আধলি এটা পেলাই দিয়া ল’ৰা এটা আছিল, তাৰ কাহিনী। দেউতাক বা ঘৰৰ আন কোনোবাই দিয়া আধলিবোৰ অনায়াসে কুঁৱালৈ দলিয়াই দিয়া ল’ৰাটোক যেতিয়া এদিন নিজে কষ্টেৰে উপাৰ্জন কৰি অনা আধলিটো কুঁৱাত পেলাই দিবলৈ কোৱা হ’ল,  সি নোৱাৰিলে। সেয়ে মিতব্যয়িতাৰ

Read more

মন্ত্ৰৰ ওলোটা প্ৰভাৱ — সোমকান্ত শইকীয়া

এয়া প্ৰায় ৪৬ বছৰৰ আগৰ কথা। মই তেতিয়া নামৰূপত চাকৰি কৰি আছিলোঁ। এবাৰ মোৰ আৱাস গৃহতে মই আৰু মোৰ তেজপুৰৰ সহকৰ্মী বন্ধুৱে দেওবৰীয়া দুপৰীয়া এটাত ভাত পানী খাই বৈ কথা পাতি আছিলোঁ। তেনেকুৱাতে পদুলি মূৰৰ পৰাই –“জয় ভোলে নাথ, জয় ভোলে নাথ ” বুলি চিঞৰি গেৰুৱা বসন পৰিহিত সন্ন্যাসী সদৃশ মানুহ এজন সোমাই আহিল। আমাক বাৰাণ্ডাতে দেখাৰ কাৰণে বাৰাণ্ডালৈকে সোমাই আহিল। মই সাধু বাবাক কিবা এটা দি বিদায় দিওঁ বুলি ভাবি ভিতৰলৈ উঠি গ’লোঁ। ইফালে সোমাই আহিয়েই বাবাই মোৰ বন্ধুৰ

Read more

ইস্তাহাৰ – সোণটো ৰঞ্জন বৰুৱা

“দাদা,  প্ৰতিটো দলেই হাই-ফাই নিৰ্বাচনী ইস্তাহাৰ ৰাইজৰ আগত দাঙি ধৰিছে,  এতিয়া আপুনি কি কি প্ৰতিশ্ৰুতি দিব ৰাইজক?”  মই  মাফিয়া দলৰ সভাপতিজনক পোনপতীয়াকৈ সুধি দিলোঁ। তেৱোঁ তৎক্ষণাত মুৰব্বী সুলভ কন্ঠৰে উত্তৰ দিলে,- “চোৱা, আনৰ দৰে মিছা কথাৰে আকাশত চাং-পতাৰ নিচিনাকৈ প্ৰতিশ্ৰুতিৰ ঘোষণা কৰাৰ আমাৰ দৰকাৰ নাই। আমি ভোটাৰক যি ক’ব লাগে একেবাৰে চিধাকৈ কৈ কম।” সভাপতিয়ে নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰিবলৈ ততাতৈয়াকৈ মাতি পঠিয়াইছিল। আচলতে কামটো পলমেই হৈছিল,  আনবোৰ দলে কেতিয়াবাই কৰিলে। তেওঁ ক’লে,  ক’ত ক’ত তেওঁৰ কিমান মানুহে দলৰ টিকট লৈ

Read more

ভক্ত– ধ্ৰুৱজ্যোতি অৰ্জুনা

শাস্ত্ৰৰ মতে যি কোনো এক বিশেষ শক্তিৰ যেতিয়া আৰাধনা কৰা হয় তেওঁকে ভক্ত বুলি কোৱা হয়। ভক্তজনে যাক আৰাধনা কৰে তেওঁক কায়মনোবাক্যে ভাল পায়। তেওঁৰ প্ৰতি সামান্য বিষোদ্বগাৰ কৰা বাক্যও সহিবলৈ টান পায়। সেই সময়ত ভক্তসকলে বিশেষকৈ ঈশ্বৰৰ আৰাধনা কৰিছিল। প্ৰত্যেকজন ভক্তই ঈশ্বৰৰ কোনো বিশেষ স্বৰূপৰ ভক্ত আছিল। ঈশ্বৰে বহুসময়ত সাক্ষাত দি তেওঁলোকৰ অচলা ভক্তিৰ বিনিময়ত বৰ দি ভক্ত সকলক তৃপ্ত কৰিছিল। যুগৰ পৰিৱৰ্তনৰ লগে লগে ঈশ্বৰে সোঁশৰীৰেৰে দেখা দিয়াটো অলীক হৈ পৰিল। তাৰ লগে লগে ভক্ত সকলৰো পৰিৱৰ্তন হ’ল।

Read more

চিনাকী কমনৰুমৰ দুটা দৃশ্য – বন্দিতা গগৈ বৰা

(দৃশ্য-১) গৰম বন্ধ শেষ হৈ স্কুল খোলাৰ দিনা কমনৰুমৰ এটি দৃশ্য!! এমাহ ঘৰত আৰামেৰে কটাই,  ইফালে-সিফালে ফুৰা-চকা কৰি আজি যেন কাৰোৰে ক্লাছ কৰিবলৈ মনেই যোৱা নাই!! এমাহৰ মুৰত ইজনে সিজনক লগ পাইছে, কমনৰুমত আজি আড্ডা জমি উঠিছে। কিমান যে কথা, মাত্ৰ এমাহৰ বাবে আঁতৰি থকা মানুহবোৰৰ কথা যেন শেষেই নহ’ব! সেয়ে কমনৰুমৰ বায়ু আজি গৰম হৈ উঠিছে!  কোনোবাজন যদি দাৰ্জিলিং গৈছিল,  কোনোবাজন চিমলা,  কোনোবাজন আকৌ চিকিম, গেংটক!! ইজনে-সিজনৰ ভ্ৰমণৰ গল্প শুনিছে! মো’বাইলৰ ফটো চাইছে!  কিবাকিবি ঘৰুৱা লেঠাৰ বাবে তামুলী ছাৰৰ

Read more

মুখৰ – জিমি শইকীয়া

আমাৰ মা আইতাৰ গৰ্ভত থাকোতেই সাধুবাবা এজনে কৈছিল-“বেটী, তোৰ গৰ্ভে যি চন্তান(সন্তান)আছে, চেই চন্তানৰ যিটি বৰ চন্তান হ’ব, চেই চন্তানক উকীল পঢ়ালে তোৰ বংশৰ গৌৰৱ হ’ব। তোৰ বংশৰ নাম ৰৌচন হ’ব। নাইবা ৰাজনীতিত নামিব দিবি, চেই সন্তানৰ মুখৰ লগত কোনেও জিতিব নোৱাৰিব। যুক্তি তৰ্কত শ্ৰেষ্ঠ বনিব।“ সাধুবাবা‌ই চাগৈ বাকপটুতা গুণৰ হ’ম বুলিছিল। আমাৰ আইতাহঁতৰ মুখত পৰি লাওপাত-কচুপাত মুখৰ গৰাকী হ’ব বুলিহে ওলালগৈ। সি যি কি নহ‌ওঁক,  সাধুবাবাৰ কথা শুনি আইতাই বৰ ৰং পালে। আমাৰ অখ্যাত বংশৰ খ্যাতি তেওঁৰ নাতিয়ে আনিব

Read more

চিঠি – মৌচুমী গগৈ

‘চিঠি’ দুটা আখৰেৰে গঠিত এটা সাধাৰণ শব্দ, কিন্তু এই সাধাৰণ শব্দটোৰ অসাধাৰণ অস্তিত্বক আমি কেতিয়াও উপেক্ষা কৰিব নোৱাৰো। চিঠি হৈছে, এজনৰ পৰা আন এজনলৈ যিকোনো খবৰ পঠোৱাৰ এবিধ মাধ্যম। আগৰ দিনত যিহেতু দূৰসংযোগৰ আহিলাসমূহৰ উদ্ভৱ হোৱা নাছিল, গতিকে চিঠিসমূহেই এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। একোখন চিঠিৰ মাজতেই যে কিমান ভাৱনা অন্তঃনিহিত হৈ আছিল তাক অনুভৱ কৰাটো সহজ নহয়। এখন চিঠিয়েই কঢ়িয়াই লৈ ফুৰিছিল হাজাৰ-হাজাৰ জনৰ মনৰ ভালপোৱাৰ খবৰ, দূৰণিবটীয়া পুত্ৰৰ সুকলমে থকাৰ বাতৰি, ভৱিষ্যতৰ কৰ্মসংস্হাপনৰ সপোন, কতজনৰ বিচ্ছেদৰ হা-হুমুনিয়াহ,

Read more

ঈশ্বৰ কা দিয়া হুৱা সব কুছ – মণ্টু কুমাৰ ডেকা

আলহীৰ ঘৰলৈ ৰাতি থকাকৈ গ’লে গা-পা ধোঁৱাৰ পাছত বহুতৰে বাবে সঘনাই হোৱা সমস্যা এটা হ’ল কাপোৰ শুকুৱাটো। তাতে আকৌ নিচেই ব্যক্তিগত কাপোৰ যেনে গেঞ্জী, আণ্ডাৰৱেৰ এইবোৰ ধুই শুকুৱাৰ ক্ষেত্ৰত বেছিকৈয়ে সমস্যাত পৰা যেন লাগে। মানুহে সকলো কাপোৰেই সৰহকৈ কিনে কিন্তু গেঞ্জী আণ্ডাৰৱেৰ এইবোৰ কিনিবলৈ প্ৰায়েই কৃপণালি কৰে। বহুতে আকৌ মোৰ দৰে কিনিবলৈ পাহৰিয়েই থাকে। “আৰে কাপোৰ খুলি কোনেনো চাব ভিতৰত কি কোম্পানীৰ গেঞ্জী পিন্ধিছো? চোলাৰ ভিতৰৰ বস্তু গোপনে চোলাৰ ভিতৰতেই থাকিব। গতিকে ফটা-ছিগা হ’লেও কাম চলিব।” বহুত বছৰৰ পাছত মোৰ

Read more

আমি অসমীয়া – ডাঃপাৰ্থ সাৰথি ভূঞা

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ! আমাৰ এই সুন্দৰ অসমখনত মাজে মাজে দুই এটা অনাকাংক্ষিত ঘটনা ঘটে আৰু তাৰ পিছতেই আমি নিজেই, অসম সঁচাই জংঘলী ঠাই, বাহিৰৰ মানুহ অসমলৈ নাহিব আদি বহু মন্তব্য আগবঢ়াওঁ৷ অৱশ্যে এয়া এনে অনাকাংক্ষিত ঘটনাত ক্ষোভিত লোকৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ! পিছে মই ভাবোঁ অসমীয়া বুলি আমি গৌৰৱান্বিত হোৱা উচিত৷ বিশ্বৰ বুকুত আমি এমুঠি মানুহ হ’লেও, নানা জাতি উপজাতিৰ সমষ্টি আমাৰ অসমীয়া জাতিৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে৷ আমাৰ মাজত নাই ধৰ্মান্ধতা, বাল্য

Read more
1 65 66 67 68 69 84