ফটাঢোল

আখৰা-ৰিমঝিম বৰঠাকুৰ

: তুমি প্লীজ মোক আমাৰ মইনাকণৰপৰা তাইৰ কাপোৰ এজোৰ আনি দিব পাৰিবানে?   : মইনাকণৰ কাপোৰ কালৈ কিয়?   ঘৈণীয়েক নীতাৰ নাভূত নাশ্ৰুত কথাত আচৰিত হৈ গিৰিয়েক জয়ন্তই চিঞৰি সোধাৰ দৰেই সুধি পেলালে।   : ধেৎতেৰিকা তোমাক কিবা এটা কোৱাই ভুল অ’৷   বুলি নীতা অৰ্থাৎ নীতালিমা গোস্বামীয়ে মুখখনৰ বিশেষ এটা ভাঁজ দি গেঙেৰি মৰাদি মাৰি তেওঁলোকৰ বেডৰূমৰপৰা খৰখেদাকৈ ওলাই গ’ল।   মইনাকণ হৈছে জয়ন্ত গোস্বামীৰ ঘৰত বনকৰা মানুহগৰাকী। আজি কেইবাদিনো ধৰি তাই কামলৈ অহা নাই। কিবা বোলে গিৰিয়েকে পাচলি

Read more

প্ৰতিযোগিতা : নাজিয়া হাচান

এইকেইদিন শ্ৰীমতীগৰাকী বৰ ব্যস্ত। ঢেঁকীৰ শালত। ঘৰৰ কাষতে চালি এখন দি নতুনকৈ তেওঁ ঢেঁকী এটা পাতিছে। এসপ্তাহ দহ দিন লাগিছে ঢেঁকীশালখন যোগাৰ হওঁতে। ঘৰৰ আনবোৰ কাম সকলো তল পৰিল এইকেইদিন। পতীদেৱে সময়ত যে ভাতকেইটা খাবলৈ পাইছে সেয়াই মানে যথেষ্ট। শ্ৰীমতীক এইকেইদিন একো কৈ লাভ নাই বুলি পতিদেৱে জানে।   ঢু ঢু ঢোম… ঢু ঢু ঢোম..   ৰাতি বাৰ বজালৈ শ্ৰীমতীয়ে ঢেঁকী দি আছে আজি। শব্দত পতিদেৱ শোৱা পাতিৰ পৰা হুৰমুৰাই উঠি আহিল।   : হেৰা! কিহে! তুমি অকলে অকলে কি

Read more

ভিক্ষাৰী-পাৰ্থপ্ৰতীম

“অ’ মা মা শুনাচোন, কোনোবা আহিছে। আণ্টী এজনীয়ে তোমাক বিচাৰি আহিছে।” – বাৰান্দাত খেলি থকা টিকলুৱে দৌৰি গৈ মাকক ক’লে। “কোননো আহিছে অ’ এই দুপৰীয়াখন। যোৱাচোন বহিবলৈ কোৱাগৈ, মই গৈ আছোঁ।” জয়াই ক’লে। “নাহে মা ভিতৰলৈ। ভুউউউউউউউউউউউউউ………” – মুখেৰে গাড়ীৰ শব্দ উলিয়াই টিকলুয়ে তাৰ খেলা গাড়ীখন লৈ বাহিৰলৈ লৰ মাৰিলে। জয়াই গেছটো বন্ধ কৰি পাকঘৰৰপৰা দৌৰা দৌৰিকৈ বাহিৰলৈ ওলাই আহিল কোন আহিছে চাবলৈ বুলি। আহি দেখিলে বাৰান্দাত আদহীয়া মানুহ এগৰাকী থিয় হৈ আছে ভিক্ষা খুজিবলৈ বুলি। দেখিয়েই বিৰক্তিত জয়াৰ মুখখন

Read more

ৰিপ্‌-ৰাস্না বণিয়া(বৰুৱা)

ৰংমনে নতুনকৈ ফে’চবুক কৰিবলৈ শিকিছে। তাক আৰু কোনে পায়!এইকেইদিন সি ফে’চবুক লৈয়েই ব্যস্ত।তাকে দেখি তাৰ মাকৰ খঙে চুলিৰ আগ পালেগৈ। : নিজৰ ফটো সোপাকেনো আৰু কিমান দি থাক! মানুহৰ চাগৈ তোক চাই চাই আমনি লাগিছে। : নিজৰ ফটো নিদি ফেচবুকত কি বেলেগৰ ফটো দিয়ে নেকি? তোমাৰ ফটো দিব লাগে যদি কোৱা। : মোৰ ফটো দিব নালাগে। কাইলৈ ককাৰৰ বছৰেকীয়া শ্ৰাদ্ধ। ককাৰ ফটো এখনকে দেচোন। সকলোৱে তেওঁৰ আত্মাৰ শান্তি কামনা কৰিব। মানুহৰ আশীৰ্বাদ বৰ ডাঙৰ বস্তু বুজিছ। ৰংমনে মনতে ভাবিলে— “মায়ে

Read more

ভাষা বিভ্ৰাট- সোমকান্ত শইকীয়া

আজিৰপৰা প্ৰায় ত্ৰিশ বছৰ আগৰ এটা সঁচা কাহিনীৰ বৰ্ণনা কৰিব খুজিছোঁ, শুনকচোন। এখন ঔদ্যোগীক নগৰৰ আৱাসিক এলেকাত আমি ভালেকেইজন সহকৰ্মী  ওচৰা-উচৰিকৈ বাস কৰোঁ। যিহেতু উদ্যোগটো ৰাজহুৱাখণ্ডৰ, গতিকে ভাৰতৰ সকলো ভাষা-ভাষী কৰ্মচাৰী একেলগে একেধৰণৰ আৱাসিক ঘৰত থাকে আৰু পৰিয়ালবিলাকৰ মাজত মিলা-প্ৰীতিও আদৰ্শণীয়। অসমীয়াৰ ভোগালী বিহুত সকলো জাতি ধৰ্মৰ লোক একেলগে মিলিত হৈ মেজি জ্বলোৱা, ভোজ-ভাত খোৱা আৰু নাচ-গানেৰে মহা আনন্দেৰে বিহুটো উদযাপন কৰা হয়। তেনেকুৱা এটা বিহু উদযাপনৰ সময়ৰে এটা সৰু, অথচ মনত থকা ঘটনাৰ বিষয়ে ক’বলৈ ওলাইছোঁ। আমি থকা ক’লনিটোৰ 

Read more

খেতিয়ক মানুহটো-নীতাশ্ৰী নেওগ

আমাৰ এওঁ এইকেইদিন খুব ব্যস্ত। পুৱাই উঠি বাৰীলৈ যায়। কোৰেৰে মাটি চহাই হাতেৰে ভুকুৱাই, ভৰিৰে লথিয়াই মিহি কৰে। পিছবেলা ৰাস্তাত সাৰ বিচাৰি ওলাই যায়। এওঁ আকৌ সহজ সৰল মাটি হেন মানুহ দেই। সাধি সাধিহে পাইছোঁ বুজিছে। পিচে ইমান সাধনা কৰাও ভাল নাছিল। কিছুমান কাণ্ড দেখি মূৰত তিল পিহি ভৰণ ল’ব লগা হয়। এটা কথা পিচে ক’বই লাগিব। তেওঁ মোৰ কথা কেতিয়াও নেপেলায়। যিহকে কওঁ বৰ চিৰিয়াছলি লয়। শ্ৰুতি বা, দীক্ষিতাহঁতৰ তাতেই হিংসা। বোলে, “আমাৰ মানুহকেইটাই আমি যিহকে কওঁ কমেডী কৰা

Read more

ভাড়াঘৰ-মিনতি মহন্ত

জীৱনত ভাড়াঘৰৰ বেপাৰ চলাই বহুতো অভিজ্ঞতা আৰ্জন কৰিছোঁ৷ ভাল বেয়া সকলোবোৰ অধ্যয়ন কৰিবলৈও ভাড়াঘৰৰপৰাই কিছু হ’লেও প্ৰেৰণা পাইছোঁ বুলি ক’লে বঢ়াই কোৱা নহ’ব যেন লাগে৷ তথাপিও কিয় উজুটি খাব লগা হয়৷ বাচনি কৰোঁতে মনত ৰখাখিনি প্ৰয়োগেই কৰা হয়৷ তাৰ মাজতে বহুতো ভাড়াতীয়া এনেকুৱা পাইছোঁ, তেওঁলোকে যাবৰ সময়ত ঘৰৰ সদস্য আঁতৰি যোৱা যেন অনুভৱ কৰি চকুলো নিগৰাইছোঁ। সীমাৰ ভিতৰত থকা প্ৰত্যেকজন ভাড়াতীয়াৰ লগতে যিমান দূৰ সম্ভৱ ভাল ব্যৱহাৰ কৰি অহা হয়৷ শতকৰা তাৰ ভিতৰত দুই / তিনিজনৰ ক্ষেত্ৰতহে আচহুৱা কাহিনী ঘটি

Read more

আত্মপ্ৰসাদ-কাবেৰী গোস্বামী 

(১) “হ’লেই আৰু, আজি বৰকটকীয়ে পালে৷” কথাষাৰ অঞ্চলটোৰ মানুহৰ মুখৰে এনেয়েই নোলায়৷ নাটকৰ ৰিহাৰ্চেল শেষ কৰি চাহ পৰ্ব চলি থকাৰ মাজতেই বৰকটকীৰ প্ৰৱেশ ঘটাত মুখ ফুটাই নক’লেও সেইদিনাও প্ৰায় প্ৰতিজনৰ মুখতে সেই ভাব ফুটি উঠিল৷ : এইফালে গৈছিলোঁ, তহঁতৰ কথা সিদিনা ওলাইছিল এঠাইত, বোলো কিনো চলি আছে চাই যাওঁ বুলিয়েই সোমালোঁ এপাক৷ কৰ্তৃত্বৰ সুৰেৰে কথাষাৰ কৈয়েই বৰকটকীয়ে চাৰিওফালে চকু ফুৰাই চকী এখনত নিজে বহিল৷ : কচোন কিনো চলিছে, নাটক কৰিবি বুলি শুনিছোঁ! হ’ল আৰু এইজনাই ভাল পকাব আজি, কোনোমতে মূৰ

Read more

শিৱনাথদা-ৰিংকু সমাদ্দাৰ 

শিৱনাথদাৰ কথা ক’বলৈ ওলাইছোঁ। শিৱনাথদা মানে আমাৰ ঘৰৰ ওচৰৰ জ্যেষ্ঠ ভাতৃসম বন্ধু। বয়সত মোতকৈ ডাঙৰ যদিও আমাৰ মাজৰ সম্পৰ্কটো সেই তাহানিৰপৰা আজিলৈকে বন্ধুত্বপূৰ্ণ। শিৱনাথদা বৰ ৰসিক মানুহ। শিৱনাথদাক দেখিলে কেতিয়াবা মোৰ ধূৰ্ত আৰু চতুৰ যেন লাগে, আকৌ কেতিয়াবা কেতিয়াবা অজলা যেনো লাগে। এক কথাত তেওঁ বুধিয়ক নে অজলা, নে দুয়োটাৰ ‘কম্বিনেচন’ সেই কথা মই আজিলৈকে ধৰিব নোৱাৰিলোঁ। মানুহটোৰ মনটো কোমল অথচ সদায় থ্ৰিলেৰে ভৰা। আচলতে শিৱনাথদা মানেই ৰহস্য। শিৱনাথদাই ৰহস্য খেদি ফুৰে নে ৰহস্যই শিৱনাথদাৰ পিছ নেৰে সেইটোও এটা ইচ্ছা

Read more

চেল্ফি পুৰাণ-বৰ্ণালী এছ মূদৈ

বিপদবোৰ অকলে নাহে, লগত এশ এবুৰি সমস্যাও লৈ আহে। কেতিয়া, কোন দিশৰপৰা, কেনেকৈ বিপদ আহে একো ক’ব নোৱাৰি। সাপৰ যেনেকৈ সৰু বৰ নাই, বিপদৰো সৰু, মাজু বা ডাঙৰ নাই, এক কথাত বিপদ বিপদেই। বেছি দিনৰ আগৰ কথা নহয়। লকডাউনৰ সময়ত ঘৰত সোমাই সোমাই আমনি লগাত এদিন মানুহজনক ক’লোঁ, : লকডাউন খুলিলে বাহিৰত ৰেষ্টোৰেণ্টত খাবলৈ যাম দেই। : নিজে ইমান ধুনীয়া খানা বনোৱা, ৰেষ্টোৰেণ্টলৈ কিয় যাব লাগে। মানুহজনৰ কথাত অলপ বিপাঙত পৰিলোঁ। আচলতে সঁচাকৈ মোক প্ৰশংসা কৰিলে নে বাহিৰলৈ গ’লে যে

Read more
1 15 16 17 18 19 72