ভাল খবৰৰ চেঙা তেল!!- অজয় লাল দত্ত
আজিকালি মানুহ যিমানেই বাঢ়িছে, সমানুপাতিকভাৱে ভিৰৰ মাজত হেনো দুলৰ্ভ হৈছে মানৱীয়তা! মানুহ নামৰ বান্দৰৰ আজোনাতিসকলে সেয়ে এই গুণটো বাদ দি কৰি থকা বান্দৰামিবোৰৰ শ্ৰীবৃদ্ধি সেয়ে আমি সকলোৱে মহামাৰী দেখাৰ নিচিনাকৈ দেখিবলৈ পাইছোঁ। আজিৰ যুগ, আধুনিক যুগ! মানুহৰ মানুহৰ বাবে সময় কমিছে। কিন্তু বানপানীৰ দৰে বাঢ়িছে প্ৰদৰ্শণকামিতা, মানে ‘জহোৱা প্ৰতিযোগিতা’। এই প্ৰতিযোগিতা এতিয়া আঞ্চলিক, কেন্দ্ৰীয় পৰা ৰাজ্যিক-দেশৰ সীমা পৰিধি ভাঙি ইণ্টাৰনেচল হৈছেগৈ। ৰাতিপুৱাই আজোনাতিৰ জাকে বোলে ভাবে, আজি ‘জহাব পৰা কামৰ তালিকা’ বনাইহে কামত ধৰে। মাহেকত বোলে জহোৱা কম্পিটিচনত টাৰ্গেটো থাকে,
Read more