ফটাঢোল

কেঁকোৰা চেপা – অৰবিন্দ গোস্বামী

ক্ষন্তেক মুখামুখি হৈছিলো তেখেতৰ সতে আৰু তাৰ পাছত দুদিন মই হস্পিতালৰ বিচনাত থাকিবলগা হৈছিল।চিকিৎসক বাবুৰ পৰামৰ্শ —-“কোনো ধৰণৰ মানসিক আঘাতে এখেতক ইয়াতকৈ বেছি দুৰ্বল কৰি তুলিব পাৰে।সেয়ে মগজুত কোনো ধৰণৰ যাতে চাপ নপৰে।”—-চিকিৎসকে কোৱা শেষ কথাখিনি মই শুনিছিলো।সেই সময়ত কাষত পৰিয়ালৰ মানুহৰ আৰু বন্ধুসকলৰ উপস্থিতি অনুভৱ কৰিব পাৰিছিলো।ঘটনাটো কি হৈছিল সেইখিনি জুকিয়াই মনত পেলাবলৈ বাৰম্বাৰ চেষ্টা কৰিছিলো।কিন্তু একো মনত পৰা নাছিল।কিছুসময় পুণৰ অচেতন। তাৰ পিছত পুণৰ চেতনা ঘূৰি আহে।কিন্তু কথাখিনি মোৰ মনত নপৰিল।অৱশ্যে তিনিদিনমানৰ পিছত যেতিয়া মই অলপ সুস্থ হ’লো,তেতিয়া

Read more

এনেকৈয়ে আমি – মাহমুদা বেগম

ঘটনা এক ভাত পানী খাই উঠি টিভিৰ আগত বহিছোঁ৷ এনেতে দুৱাৰৰ ফাঁকেৰে কঠালগুটীয়া নিগনি এটা লৰ মাৰিলে৷ গৃহস্থই একেথৰে সেইফালে চাই আছে৷ মই ক’লো, “নিগনিৰ উৎপাত বাঢ়িছো আকৌ৷” গৃহস্থই লগে লগে ক’লে, “তাক ওচৰত পালে দুই চৰ লগাই দিলোহেঁতেন৷” মই চক খাই উঠিলো৷ নিগনিটোক পালে চৰ দিব! কেনেকুৱা কথা! মই সুধিলো, “হেৰা! নিগনিক চৰ দিবা! কেনেকুৱা কথা!” তেওঁ মোলৈ চাই ক’লে, “নহয়হে! পাইপৰ মিস্ত্ৰীটোৰ কথা কৈছোঁ৷ ফোনতে কি নাচাবা তাৰ দম! নিগনিৰ কথা কি কৈ আছিলা তুমি?” বুজিলো, যি বুজিব

Read more

চমুটোকা : শহুৰবাৰী – সোনটো ৰঞ্জন বৰুৱা

শহুৰবাৰী, প্ৰায় প্ৰতিজন জোঁৱাইৰ বাবে ভোগালী ঠাই। যেতিয়া পত্নীয়ে হেতা চৰুৰ ওপৰত বিৰক্ত হৈ দুদিনমান ছুটি উপভোগ কৰিবলৈ মাকৰ ঘৰলৈ নাক পোনাই তেতিয়া চতুৰ জোঁৱায়েও শহুৱেকৰ ঘৰলৈ বুলি টোপোলা বান্ধে। গোটেই বিশ্বত শহুৰবাৰীহীন জোঁৱাই খুৱ কাচিতহে দেখা যায়। কেতিয়াবাটো এনে জোঁৱাইও দেখা যায় যাৰ এন আৰ ছিৰ কোনো ঠিকনা নাথাকে কিন্তু শহুৰবাৰী এখন থাকে। এটা কথা ভাবিলে আচৰিত হওঁ, পৌৰাণিক গ্ৰন্থসমূহত শহুৰবাৰীৰ বিষয়ে বিশদ বিৱৰণ দেখা নাযায়। নাজানো কিয় অতীতৰ মহান মহান লেখকসকলে এই বিষয়টো ইমান অৱজ্ঞা কৰি চলিলে। এনে

Read more

হায় মোৰ বন্ধু – দিম্পল কলিতা

মোৰ বন্ধু কিমান তললৈ নামিব পাৰে! লখৰাৰপৰা জিণ্টুৰ লগত ঘৰলৈ আহি আছোঁ। বাইক সি চলাইছে। লাহে লাহে দুয়ো আহি আছোঁ দুই এটা চিৰিয়াছ টপিক আলোচনা কৰি। জালুকবাৰী অভাৰব্ৰীজ পাবৰ হৈছেই আৰু। এনেতে সি মনে মনে বহু সময়ৰপৰা পিছ লোৱা স্কুটি এখনৰ পিছপিনে বহি অহা এয়াৰ হোষ্টেজৰ ষ্টুডেণ্ট এজনীক দেখুৱাই ক’লে, “চা না কিমান ধুনীয়া তাই।” হয় মই মানি ল’লোঁ তাই ধুনীয়া, আকৌ কওঁ তাই ধুনীয়া। চালো, ভাল লাগিল ল’ৰা ছোৱালীহালক একেলগে। লগৰজনে আকৌ কথা আৰম্ভ কৰিলে, “এইজনী আমাৰ সেইপিনেই থাকে।

Read more

অঘাইতং – ঋতুপৰ্ণ শৰ্মা

বহুদিনৰ আগতে এখন অসমীয়া চিনেমা চোৱাৰ কথা মনত পৰে তেওঁৰ। তেওঁৰ মানে জগমোহন শৰ্মাৰ। পিছে সেই চিনেমাখনৰ নায়কৰ যে নিজৰ ঘৰতেই আবিৰ্ভাৱ হ’ব তেওঁ ভবাই নাছিল। হয়, চিনেমাখনৰ নাম শ্ৰীমানমাইমন। এটা সৰু ল’ৰাৰ কাহিনী। মহা অঘাইতং আছিল ল’ৰাটো। ঘৰৰ মানুহবোৰৰ লগতে আন বহুতৰে নগুৰ-নাকটি কৰিছিল সি। এতিয়া পিছে তেওঁৰ নাতি-নাতিনী দুটাই যিবোৰ কাৰুকাৰ্য কৰে সেইবোৰো কোনোগুণে মাইমনে কৰাবোৰতকৈ কম নহয়। চাকৰিসূত্ৰে পুত্ৰ ঘৰৰ বাহিৰত থাকে। বোৱাৰীয়েকেও চাকৰি কৰে। গতিকে নাতি-নাতিনী দুটাক চোৱাৰ দায়িত্ব তেওঁৰ আৰু শ্ৰীমতীৰ। কাম কৰা মানুহগৰাকী থাকে

Read more

বিধিসন্মত সতৰ্কবাণী! – জ্যোতিৰূপম দত্ত

মৰমৰ দেৱজিত, তোমাৰ দৰে বৰলা এটাৰ দুখত বহুতকে এটুপি ধৰি… মানে.. মানে হেৰি কি বোলেনে এটুপি চকুপানী টুকি শীঘ্ৰেই বিয়াখন পাতিবলৈ আষাৰচেৰেক দিহা-পৰামৰ্শ দিয়া দেখিয়েই আছো৷ তাকেই দেখি-শুনি-বুজি ময়ো ৰসতে নামটো থবলৈ বুলি সংসাৰৰ দুপাচিমান গিয়ান-বুধিৰ ভাৰপাচি ডাঙি আনি সোপাকে তোমাৰ কৰ্ণকুহৰত প্ৰক্ষেপ কৰো বুলি পাং পাতিলো৷ অহুকাণে-পহুকাণে শুনিলো যে তুমি এই আদবয়সত হলেও সংসাৰ নামৰ মায়াৰ সমুদ্ৰত সংগী বিচাৰিছা৷ হওক তেও, ভাললৈ বুলিয়েই বাট মেলিছা৷ পিছে আমিও নিজে একো কৰিবলৈ নোৱাৰিলেও বুধি-ভৰসা দিয়াত কোনোগুণে কম নহও৷ সেয়ে তোমাক অনাগত

Read more

হৰেণ-সুৰেণ-যদু-মধু ইত্যাদি! : অভিজিত কলিতা

দিনটো ঘূৰা ঘূৰি কৰি ভাগৰ লগাত সন্ধিয়া অলপ ‘বহোঁ‌’ বুলি ভাৱোঁতেই হৰেণ আহি ওলালহি। সি অকলে গা লুকুৱাই আহিছে, এনেই কিবা ৰাইজক দেখুৱাই ক’ব পৰা কথা থাকিলে সি এনে সময়ত নাহে। নিশ্চয় কথা গুৰুতৰ। তাৰ গুৰুতৰ কথা কি হ’ব পাৰে অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ- হয় সেইটোৱেই হ’ব। বৰ আপদ হ’লচোন। হৰেণ আহিয়েই টেবুলত মাইনা বটল এটা আৰু কাগজেৰে মুঠি মাৰি অনা কেঁচাবুট কেইটামান মেলি দিওঁতেই মই নিশ্চিত হ’লোঁ, হয়; সেইটো কথাই ক’বলৈ আহিছে সি। পিচে ময়ো জানো বাম পানীৰ মাছ?

Read more

হস্তিনাপুৰ – সোণটো ৰঞ্জন বৰুৱা

হস্তিনাপুৰৰ বাতানুকূল কুৰুকুলৰ ৰাজসভা। সন্ধ্যা সময়। সভাকক্ষত মাত্ৰ ধৃতৰাষ্ট্ৰ আৰু প্ৰধান পৰামৰ্শদাতা শকুনিয়ে ফুচফুচাই কিবা বিষয়ত আলোচনা কৰি আছে। বাকী সকলো সভাসদ ইতিমধ্যে মনোৰঞ্জনৰ বাবে দিহাদিহি প্ৰস্থান কৰিছে। অৱশ্যে শকুনি য’ত প্ৰধান পৰামৰ্শদাতা, তাত বাকী সভাসদৰ কাম সভা শুৱনি কৰা। তেনেতে শকুনিৰ অতি বিশ্বস্ত সহকাৰী এজনে অতি বেগেৰে প্ৰৱেশ কৰি তেওঁৰ কাণে কাণে কিবা খবৰ দিলেহি। অলপ সময় কিবা ভাবি শকুনিয়ে সহকাৰীক আদেশ দিলে “দ্ৰোণাচাৰ্য্যক আমাৰ গুপ্ত কক্ষলৈ তাৎক্ষণিক তলব দিয়া। সাৱধান, যাতে খবৰ ভীষ্মৰ কাণত নপৰে।” গুপ্ত কক্ষ। ধৃতৰাষ্ট্ৰ

Read more

ভঙা পিঠাগুড়িৰ টেকেলি – ৰক্তাভ কুমাৰ দাস

“ আহক আহক ৰাইজ, মাত্ৰ এশ টকা, মাত্ৰ এশ টকা…. বিনা জ্যোতিষীৰ ভাগ্য বিচাৰ, মাত্ৰ এশ টকা, মাত্ৰ এশ টকা…. আহক ৰাইজ আহক আহক……” দোকানৰ সন্মুখত টেবুল এখন পাৰি লৈ অঞ্চলটোৰ ডেকা কেইজনমানে লটাৰী টিকট বিক্ৰী কৰি আছে৷ মই আহি থকা দেখি এজনে সাউৎকৈ বহি থকা চকীখনৰ পৰা উঠি আহি মোলৈও টিকট এটা যাঁচিলে৷ বেচেৰাক নিৰাশ কৰি “নালাগে” বুলি কৈ দোকানৰ ভিতৰত সোমালোঁ৷ : দে’ বাবু, ভাত দেন৷ : হয় ছাৰ, বহক৷ কাকী, ভাত একটা অল্প কৈৰা…… ( দোকানত কাম

Read more

ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি – উৎপলা শইকীয়া

জীৱন অনুপম৷ সুখ দুখ হাঁহি কান্দোনৰ মাজেৰেই ই আগবাঢ়ি গৈ থাকে মৃত্যুক লক্ষ্য কৰি৷ সুখ-দুখ জীৱনৰ সহচৰ৷ এদিন হয়তো পৰিস্থিতিৰ বাবে কান্দিছোঁ তথাপি হাঁহিটোক সদায় আগত ৰাখিয়েই পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এই অনুপম যাত্ৰাৰ প্ৰতিটো ক্ষণ৷ আজি কিছুদিনৰ পৰা দুখবোৰ আঁতৰাই ৰাখি যিমান পাৰোঁ জীৱনটোক উপভোগ কৰিবলৈ চেষ্টা কৰিছোঁ৷ নিশা জলমলাই থকা অপৰাজিতা হ’ব নোৱাৰিলেও কণমানি পোহৰ কিন্তু সুবাসিত হৈ ৰোৱা বকুল হ’বলৈয়ে যত্নৰ ত্ৰুটি কৰা নাই কাহানিও৷ জ্যেষ্ঠ সকলে কোৱাৰ দৰে জীৱনে দিওঁ চাই আৰু নিওঁ চাই৷ মোৰ জীৱনটোতো

Read more
1 34 35 36 37 38 72