চুবুৰীয়া : নয়নমণি দত্ত নেওগ
টিট….টিট… টিট…টিট…. টিটটট…..টিটটট…. : এহ…কোনেনো ইমানকৈ হৰ্ণডাল মাৰি আছেহে। এনে একেবাৰে গাড়ীখন। যেন পৃথিৱীত আৰু কাৰোৰে গাড়ী নাইহে হুহ। মিছেছ বৰুৱানীয়ে পৰ্দাখন থেলি বেলকনিলৈ ওলাই আহি তেওঁৰ চকু ডাঙৰ হৈ পৰে। : উৱা…তাৰমানে শৰ্মানীহঁতৰ গাড়ী আনিলে। ৰঙটোযে বৰ ধুনীয়া লাগিছে পায়। গাড়ীখনলৈ চাই চাই নিজৰ মাজতে কথা পাতি থকা বৰুৱানীক দেখা পাই শৰ্মানীয়ে মাত দিবলৈ লওঁতেই বৰুৱানীয়ে নেদেখাৰ ভাও জুৰি বেলকনিত মেলি থোৱা কাপোৰবোৰ অলপ লিৰিকি-বিদাৰি ভিতৰলৈ সোমাই আহে। : হুহহ…লোকৰ কি দেখিবা গাড়ীয়েই গাড়ী। আজি যদি এখন কালিলৈ আন
Read more