ফটাঢোল

বিজি লাইফ – দুদু কুমাৰ দাদুল

আজিকালি মোৰ এক্কেবাৰে সময় নাই আকৌ! ৰাতিপুৱা চকু মেলাৰে পৰা ৰাতি চকুমুদালৈকে এনিটাইম বিজি। এতিয়া ভাবি বেয়াই লাগে, আগতে যে কিমান টাইম এনেয়ে লষ্ট কৰিলো। আগতে ৰাতিপুৱা সোনকালে বিছনা এৰো। নিজৰ কৰণীয়খিনি কৰি পাছৰখিনি সময় ঘৰুৱা দুই এটা কাম যেনে, গৰু এৰাল দিয়া, গোহালি চাফা কৰা, ঘৰ চাফা কৰা, নিজৰ কাপোৰ ধোৱা আদিবোৰ যি যেনেকৈ পাৰো টপাটপ্ কৰি নিজৰ কামত ওলাই যাওঁ। কিন্তু আজিকালি নাই। নাই মানে এইবোৰ কৰিবলৈ সময়ো লাগিব নহয়। তাৰ পৰিবৰ্ত্তে, জলক-টবককৈ চকুকিটা মেলিলো। কাষত থাকেই নহয়

Read more

পত্নী – চাও খুন শিৱ ডেকা

আজিৰ পৰা কিমান হাজাৰ কোটি বছৰৰ আগতে পত্নী নামৰ সম্পদ বিধৰ সৃষ্টি হল জনা নাযায়। কিন্তু মানৱ সভ্যতা নামৰ নুবুজা সংসাৰখনৰ উৎপত্তিৰ লগত এই শব্দটি সমসাময়িক বুলি জীৱ বিজ্ঞানী তথা চিন্তাবিদ সকলে মতপোষণ কৰে। পত্নী অনান্য মানুহৰ দৰে এবিধ ডমেষ্টিক এনিমেল হলেও কিছু আচৰিত লক্ষণ দেখা যায়, যেনে পত্নীৰ চকু ছটা। তাৰে দুটা লৰা-ছোৱালী, দুটা ঘৰ-বাৰী আৰু দুটা পতি বা স্বামীৰ ওপৰত থাকে। আধুনিক মোবাইলৰ যুগত তেওঁলোকৰ আৰু দুটা চকু আছে বুলি বহুতে যুক্তি দাঙি ধৰে যদিও ঘৰ-বাৰী চোৱা চকুকেইটাহে

Read more

পৰিৱৰ্ত্তন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘মই হেৰিক ভোট নিদিও’ – শ্ৰীমতীয়ে ইলেকশ্যনৰ দিনা ৰাতিপুৱাই চিঞৰি চিঞৰি ক’লে। ইলেকশ্যনলৈ তেতিয়াও এসপ্তাহ মাজত। তেওঁ কেতিয়াবা গোটেই ৰাতি কিবাকিবি কথাবোৰ ভাবি, চিন্তা কৰি, ভাবনাবোৰ জিভাতে থূপ খুৱাই থৈ দিয়ে, আৰু ৰাতিপুৱা চকু মেলাৰ লগে লগে সেইবোৰ লেলাউটি পেলোৱা দি পেলাবলৈ আৰম্ভ কৰে। সেয়েহে মই বেছিভাগ কথাৰ আগ-গুৰি নুবুজোঁ। দুই মিনিটমান বুজোৱাৰ পাছতহে বুজোঁ, কিন্তু সেইটো যে তেওঁৰ জন্মগত অভ্যাস সেয়া বুজি পোৱা হৈছোঁ। ‘কিয়?’ – এঙামুৰি এটা দি ম’বাইলত ফে’চবুক খুলি দাগ লগোৱা সুন্দৰীসকলৰ সুন্দৰ মুখবোৰ (আঙুলিক কেন্দ্ৰ

Read more

বুদ্ধিজীৱীৰ আত্মকথা – ৰঞ্জিত কুমাৰ শৰ্মা

(ৰসৰাজ বেজবৰুৱালৈ শ্ৰদ্ধা আৰু ক্ষমা-প্ৰাৰ্থনাৰে) গছ নোহোৱা দেশত হেনো এৰাই বৃক্ষ। মই কিন্তু নিজকে এৰা বুলি নাভাবোঁ দেই। চকুচৰহা কিছুমানে ভাবিব পাৰে। ডাল-পাত কোনোবাই নেদেখিব পাৰে, মই কিন্তু দেখোঁ গছ মানে বৃক্ষই। একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচীত অমুকাক আমন্ত্ৰণ কৰি ইয়াৰ প্ৰমাণ দি থৈছেই নহয়। চকুচৰহাবোৰে বিশ্বাস নকৰিলে কি হ’ব? অৱশ্যে ঘৰৰজনীয়েও মাজে-সময়ে এৰাই বৃক্ষ হয় বুলি ক’ব বিচাৰে। বাদ দিয়ক হে। যিয়ে যি ভাবে ভাবি থাকক। হু কেয়াৰ্ছ? নিজে নিজৰ কাম কৰি যোৱাৰহে কথা। কথাখিনি উপস্থাপন কৰিবলগা হ’ল কিয়

Read more

অজলা-ককাইৰ বিশ্ব-দৰ্শন – উচ্চজিৎ দশগিৰি

(প্ৰস্তাৱনাঃ – অজলা-ককাইক অমুকাই ঘটনাক্ৰমে লগ পাইছিলোঁ ২০১০ চনৰ ফুটবল বিশ্বকাপৰ সময়ত ভাৰতৰ দক্ষিণাঞ্চলৰ ৰাজ্য কৰ্ণাটকৰ ৰাজধানী চহৰ বেঙ্গালুৰুৰ এখন ভোজনালয়ত। মই হ’লোঁ লিঅ’নো মেছি আৰু বাৰ্চিলোনাৰ অনুগ্ৰাহী আৰু কথাচক্ৰত গম পালোঁ অজলা-ককাইও মেছিৰ ভক্ত আৰু বাৰ্চিলোনাৰ দুৰন্ত সমৰ্থক। বচ, এপিয়লা এপিয়লা চাহত শোহা মাৰি দুয়োৰে মাজত মিতিৰালি হৈ গ’ল। মিতিৰালি হ’লেও বিশ্বকাপৰ ভিন্নদলৰ সমৰ্থক হিচাপে দুয়োৰে মাজত দলীয় বৈৰিতাও আছিল। ককাই স্পেইনৰ সমৰ্থক আৰু মই মাৰাডোনাৰ দিনৰে পৰা আৰ্জেণ্টিনাৰ। পিছে বিশ্বকাপো শেষ আমাৰ বৈৰিতাও শেষ। ৰৈ গ’ল আমাৰ মাজত

Read more

উপলব্ধি – অভিজিত মেধি

জিকিল, মুম্বাই ইণ্ডিয়ান জিকিল। আই-পি-এল ক্ৰিকেট টুৰ্ণামেণ্টত অৱশেষত মুম্বাই ইণ্ডিয়ান বিজয়ী হ’ল। খবৰটো শুনি ব্ৰহ্মাণ্ডৰ সকলোতকৈ সুখী হোৱা মানুহগৰাকী হ’ল মোৰ শ্ৰীমতী। নহয় নহয়, তেওঁ দুৰ্ঘোৰ ক্ৰিকেটপ্ৰেমী নহয়। না তেওঁ নীতা আম্বানীৰ ভনীয়েক। হোৱাহেঁতেন মোৰেই কপাল ফুলি সোণাক্ষী সিন্হা হেন হ’লহেঁতেন! কোন জিকিল কোন হাৰিল এইবিলাকৰ লগত শ্ৰীমতীৰ পাঁচ পইচাৰো মতলব নাই। দুমাহ ধৰি চলি থকা আই-পি-এলৰ সমাপ্তি ঘটিল, এতিয়া আৰু সদায় সন্ধিয়া টিভিটোত হৰ্ষ ভোগলেহঁতৰ হৈ-হাল্লা শুনিব নালাগে, সেয়ে তেওঁৰ মনত অপাৰ ফূৰ্তি। লগান চিনেমাখনত গাঁওবাসীয়ে আকাশত মেঘ দেখি

Read more

মুখা – সোনটো ৰঞ্জন বৰুৱা

প্ৰাণটাকি দৌৰিছোঁ, অচিন বাট এটাৰে দৌৰি আছোঁ মাত্ৰ। উফ্! কি চেপা আছিল সেইটো…. “দাদা, মনলৈ একো টপিক নাহিলে লিখা কেনেকৈ দিওঁ বাৰু?” “লাগিলে টপিক চুৰ কৰা, ডকাইত কৰা তোমাৰ কথা। মোক লাগিবৈ।” কৈয়ে সম্পাদকে ডিঙিত বজ্ৰ চেপা মাৰি ধৰিছিল। উফ্! কেনেকৈ যে এৰুৱাই পলাই আহিছোঁ। আৰে! ই কি!… আগলৈ যাবলৈ বিৰাট ফাটক এখনেৰে বাট বন্ধ যে! কি কৰোঁ কি নকৰোঁ ভাবোঁতেই অজ্ঞাত স্থানৰ পৰা আদেশৰ সুৰত কন্ঠস্বৰ এটা ভাহি আহিল – “সৌ বাওঁফালে ওলমি থকা মুখা এখন পিন্ধি নগৰত প্ৰৱেশ

Read more

আহক, হাঁহক আৰু লাইক এটা দিয়ক – ভাস্কৰজ্যোতি বৰুৱা

ৰাহুল বাবাই যদি ৰাজনীতি নেৰে মই কিয় হতাশ হৈ ব্যংগ-চৰ্চা এৰি দিম? বিগত নিৰ্বাচনৰ ফলাফলে যেন আকৌ মোক দুপেগমান প্ৰেৰণা দি থৈ গ’ল। ৰাহুলৰ বাঢ়িছে নে নাই মই ক’ব নোৱাৰিম, মোৰ কিন্তু পৰিপক্কতা আগতকৈ ভালেখিনি বাঢ়িল। মন কৰক – মই ৰাহুলক লৈহে ব্যংগ কৰিছোঁ, মোডীক লৈ ট্ৰাই কৰা নাই কিন্তু। কিয় বাৰু কওঁ‌কচোন। খিক খিক খিক…. এই সময়ত মোডীক লৈ এইটো গ্ৰুপত ব্যংগ লিখি খেদা খাবলৈ এতিয়া আৰু মই সেই আগৰ বুৰ্বকটো হৈ থকা নাই। মোডী আমাৰ দেশৰ প্ৰধান মন্ত্ৰী,

Read more

ফেচবুকত মই – জীমণি গগৈ

মই সাধাৰণতে ফেচবুক খুব কমেই কৰোঁ বুলি ক’ব পাৰি। ৰাতিপুৱা আঠমান বজাত সাৰপায়েই ডাটা অন কৰি ফেচবুকটো খুলি এপাক মাৰোঁ। যি বিশ চল্লিছটা নটিফিকেচন থাকে খুলি চাওঁ। যি য’ত ৰিপ্লাই দিব লগা থাকে দিওঁ। তাৰপাছত যি দহটামান মেচেঞ্জাৰ গ্ৰুপত আছোঁ সেইকেইটাৰ আনৰিড্ মেছেজখিনি পঢ়োঁ। (অৱশ্যে মোৰ তাত বহুত বেছি নটিফিকেচন গোট খাই থাকিবলৈ নিদিওঁ। কাৰণ মই প্ৰায় ৰাতি এক দুই বজালৈকে সাৰে থাকি আলোচনা কৰা বিষয়বোৰ সামৰণি মাৰিহে শোওঁ।) তাৰপাছতে কিন্তু মই ফেচবুক, মেচেঞ্জাৰৰ পৰা ওলাই দিওঁ। চিধাই হোৱাটচএপটোলৈ যাওঁ।

Read more

দাপোনত ৰৈ যোৱা তিনিখন ছবি – কমলজিত মেধি

ফটোগ্ৰাফাৰ হোৱাৰ হেঁপাহ এটাই মোক কেতিয়া লগ দিলে গমেই নাপালো। নিক’নৰ কেমেৰাটো কিনি লৈ শ্ৰীমতীকে ম’ডেল বনাই উৰাই-ঘূৰাই কিমান ফটো তুলিলোঁ তাৰ লেখ-জোখ নাই। গছ, আকাশ, চৰাই, কাউৰী, জেঠী, পৰুৱা একো সাৰি নগ’ল মোৰ কেমেৰাৰ ফ’কাচৰ পৰা। সদ্যহতে ফটোগ্ৰাফীৰ ভূতে এৰা দিলে। আজিকালি কেমেৰাটো ভালদৰে মচি-কচি আলমাৰিত থৈ দিছো। ভৱিষ্যতে এদিন হয়তো এন্টিক সামগ্ৰী হিচাপে তাক বিকিব পৰা যাব! ছবি ধৰি ৰাখিবলৈ কেতিয়াবা মনটোৱে যথেষ্ঠ। বাস্তৱ জীৱনৰ যিবোৰ দৃশ্য কেমেৰাৰ অলক্ষিতে আমাৰ মনৰ গভীৰত চিৰদিনৰ বাবে ৰৈ যায়, এনে বহুবোৰ

Read more
1 43 44 45 46 47 72