গাড়ী এখন আৰু… – কমলা দাস
সেইবাৰ ল’ৰাটোৱে মুঠতে নিজৰ গাড়ীখন লৈ যাবই ঘৰলৈ। নিজৰ গাড়ী থাকোঁতে কিয় বাছত যাম বুলি হুলস্থুল লগালে। আৰাম প্ৰিয় জীৱ, বাচত যাবলৈ এলাহ। তাতে আকৌ আমি থকা ঠাইৰ পৰা বাছত যাবলৈ হ’লে চিটিবাছ নাইবা ট্ৰেকাৰত আহিব লাগে এচোৱা। গাড়ীখন লৈ গ’লে ঘৰৰ দুৱাৰ মুখতে উঠিব পাৰেতো! কিন্তু নিও বুলি ক’লেই জানো গাড়ীখন নিব পাৰি! সেইখন চলাব নালাগিব? নে নিজে নিজেই যাব! পুত্ৰধনেতো ভালদৰে চলাবও নাজানে। ইফালে আমি থকা ঠাইৰ পৰা ঘৰলৈ নাই বুলিও কমেও এশ কিলোমিটাৰ দূৰত্ব। ছোৱালীজনী তেতিয়া ইউনিভাৰ্চিটিত
Read more