ফটাঢোল

বিজি মানুহ – অভিজিত মেধী

এইকেইটা দিন মই সাংঘাতিক বিজি। এই যে দুৱাৰখন খোলাৰ লগে লগে বাৰাণ্ডাত তহল দি থকা পাৰ চৰাইকেইটা ভুৰুংকৈ উৰা মাৰে, ঠিক তেনেকৈ ইটো-সিটো ব্যস্ততাৰ মাজত দিনবোৰ কোনপিনে উৰা মাৰিছে গমকে নোপোৱা হৈছোঁ। নাই নাই, ইলেকচন এজেণ্ডাৰ হিচাপত বাজেট-চাজেট বনাই থকা নাই, না কিবা বোলে নাগৰিকত্ব আইন বিৰোধৰ নামত বাংলাদেশী ভোটবেংক বনাই আছোঁ। সৰু মানুহ আমি, সৰু সৰু কথাত বিজি থাকোঁ। কিন্তু ভীষণ বিজি বুজিছে! ইমানেই বিজি যে বাওঁ কঁকালৰ খৰখিনিও ভালকৈ খজুৱাবলৈ টাইম পোৱা নাই। হাতে-কামে লাগি নাথাকিলেও কিবা-কিবি চিন্তাত

Read more

কেমেৰামেন: বাসৱদত্ত দাস

  ১/ ( ‘কেমেৰাশিল্পী’সকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থনাৰে, আৰু ‘কেমেৰাব্যৱসায়ী’সকলৰ প্ৰতি জুবিন গাৰ্গৰ ‘ঘেণ্টাও খাটিৰ নকৰোঁ’ মনোভাৱেৰে) বেটমেন। চুপাৰমেন। স্পাইদাৰমেন। আয়ৰ্নমেন। কেমেৰামেন! : ৱট দ্য… ইভেন ‘শক্তিমান’ বেটাৰ আছিল। : শক্তিমানৰ কথা বেলেগ, ভাৰতৰ প্ৰথম ‘চুপাৰ হিৰো’ আছিল। বাট ‘কেমেৰামেন’ ৱিল বি ইণ্ডিয়াজ ফাৰ্ষ্ট কমেডি চুপাৰহিৰো- হাঃ হাঃ হাঃ! : ধুৰ্‌ৰ্‌ৰ্‌… হাঃ হাঃ! : কেমেৰামেনৰ কাম হ’ব বন্ধ কোঠাৰ চাৰিবেৰৰ ভিতৰত সংঘটিত হৈ থকা ‘অনৈতিক কাৰ্য্যকলাপ’বোৰ ৰোধ কৰা… : থ’ বে! : আৰে শুন না! কেমেৰামেনৰ এণ্ট্ৰিবিলাকত এটা বেকগ্ৰাউণ্ড ট্ৰেক বাজিব

Read more

সীতাৰামৰ পলিটিক্স – দেৱজিত শইকীয়া

“কা হৌ চকীয়াবাবু, আজকল দেখল নাইখে”…সীতাৰামক নেদেখাৰ ভাও ধৰি চাইকেলখন ঘূৰাবলৈ লওঁতেই আপদীয়াটোৱে মাত দিলে৷ নাই অ’ সীতাৰাম ঠাণ্ডা দিন তাতে চুলিও সৰি তালু ওলাল৷ যি কেইডাল আছে কটালে ঠাণ্ডা লাগে বাবে কটোৱা নাই আৰু অলপ ব্যস্তও আছিলোঁ সেয়ে তোৰ তাত আহিবই পৰা নাই৷ কাহেকা বেস্ততা, চকীয়া বাবু? হৰেকটাইমটো আপনাকে ৱাটচএপ ফেচবুক মে অনলাইন হি দেখো৷ বেস্ত মানুচ কি হৰ টাইম কমেণ্ট কৰিবকে পাৰে নেকি? চৰকাৰ নাই দেখিলেভি হামি তু দেখি থাকো না? পুৱা গুডমৰ্নিং দেকে চবকে ফিন চে গুড

Read more

আলুৰ_ৰেচিপি– পৰিস্মিতা বৰদলৈ

সেইকেইদিনৰ নেটটোৰ অৱস্থা বৰ পুতৌলগা আছিল। কেলঢোপকেলঢোপকৈ যিহে ঘূৰি থাকে৷ মই আৰু জিউকণক কওঁ, “ঐ তোৰ নাম এনেই জিঅ’ দিলে ঔ৷ কিমাননো ঘূৰ ঔ৷ হেৰৌ তোৰ মূৰ নুঘূৰাইনে বোলো।” তথাপিও মুখৰ মাত নাইকিয়া জীউকণ। কিনো কৰিম আৰু? সেয়েহে মৰমতে আৰু একো নকৈ “জিঅ’ মেৰি লাল” বুলি ইণ্টাৰনেটটো অন কৰিলোঁ‌। তেনেতে টিলিংকৈ মেছেজ এটা আহিলেই নহয়। মই বোলো আহিল আৰু সময় নাই অসময় নাই চোবাবলৈ অহাকেইটা চাগে৷ পাছে নহয়চোন। সৌৱা কেইবাবাৰো এখন হাতে নাচি আছে। মই বোলো হাতকেইখনে কিহৰ কাৰণে জোকাই

Read more

ছাৰ বুলি মাতিলে বেয়াই লাগে (আই সৰেচতী ঐ…) – বিদ্যুত বিকাশ দত্ত

সৰস্বতী পূজাৰ পিছদিনাৰ কথা। মই ঘৰতে পৰিবাৰ আৰু আমাৰ নবৌ সন্থাৰ লগত আড্ডা মাৰি আছো। এখেত সকলৰ লগত আড্ডা জমাই ভাল লাগে। অন্ততঃ বিয়লি সন্ধিয়া বজাৰৰ পৰা ‘ডিঙডঙ টনিক’ আনিবলৈ মোক নাপাচে। নতুন গাজা এটা উলিয়াওতেই আমাৰ স্বৰ্গদেৱৰ ফোন আহিল। স্বৰ্গদেউ আমাৰ হেডমাষ্টৰক আমি দি লোৱা নাম। তেখেতে জানে। একো নকয়। কৈ কি লাভ আমাক। আকৌ নতুন নাম বা কি পায়! হেডছাৰে মোলৈ মহব্বতৰ বাণী বিলাবলৈ ফোন কৰা নাছিল। কৰিছিল ভয়ানক খবৰ এটা দিবলৈ। আমাৰ সামান গুডামৰ পৰা বোলে কিবা

Read more

বজাৰৰ লিষ্ট – ৰাজীৱ শৰ্মা

১) পাটৰ কাপোৰ এযোৰ ২) অসমীয়া গহনাৰ চেট এটা ৩) কাপোৰৰ ৰঙৰ লগত মিলাই কাটা-কিলিপ, ভেনিটি বেগৰ পৰা চেন্দেললৈ সকলো। মেছেজটো পায় মই অলপ সময়লৈ তভক লাগিলোঁ।আজি মাহৰ তিনি তাৰিখ হৈছেহে। পৰিবাৰে হোৱাটচ্ এপত দিয়া এইখন তালিকা মানি বজাৰ কৰিলে মোৰ যে এইমাহ ৰাম নাম সত্য হ’ব সেইটো নিৰ্ঘাট সত্য। কিন্তু উপায় কি? য’ত আঁঠুৱাই নাই তাত আঠুৱা চাই ঠেং মেলিবা বুলিলে কি লাভ! অফিচৰ সকলো ফাইল একাষৰীয়া কৰি মই ভাবনাত বিভোৰ হ’লোঁ। কাৰ ঘৰত কি আছে এই মাহত! ক’তা

Read more

বয়স ইজ জাষ্ট এ নাম্বাৰ – ৰিমঝিম বৰঠাকুৰ

ভদভদভদভদভদ….. ”উম হাৰ্লী গ’ল।” ভাতৰ পাতৰ পৰা মূৰ নোতোলাকৈ নমিতা নবৌয়ে কৈ উঠিল ”হৌৰা কি হাৰ্লী হাৰ্লী মাৰি থাকাহে, নামটো দি ক’লেও হয় নহয়।” ঘৈণীয়কৰ মুখত সদায় হাৰ্লী নামটো শুনি অতিষ্ঠ হৈ আজি কনক দাই ভেকাহি মাৰিয়ে উঠিল। ”হৰি! এই কথাটোতে ইমান খং খাব লাগে নে দেও। সঁচা কথাহে কৈছোঁ। দেখিছা মানুহজন দিনে দিনে কিমান ডেকাটি হৈ গৈছে।” নমিতা নবৌও হ’বলা কম, গিৰিয়েকৰ গেলাতে টেঙা দিবলৈ কথা কেইষাৰ কৈ চোবাই থকা ৰৌ মাছৰ কাঁ‌ইটডাল আকৌ এবাৰ চোপা এটা মাৰি কাঁহীৰ

Read more

দাম্পত্য – নিলাক্ষী দেৱী ডেকা

বৰুৱা বৰুৱানী পুৱাৰ জলপানৰ টেবুলত। লগত বৰুৱানীৰ ভৰিৰ কাষত গা ঘেলাই ঘৰৰ আন এজন সদস্য টমী। বৰুৱানীয়েই প্ৰথমতে মাত দিলে, ” হেৰা, মোৰ এইবাৰৰ জন্মদিনত…” বৰুৱাই অলপতেহে চৰ্চৰণি নোখোৱাকৈ বাছিল। পৰিবাৰৰ বাক্য সম্পূৰ্ণ নহ’লেও বৰুৱাই বুজি পালে যে তেওঁৰ শান্তিৰ দিন ইতিমধ্যে সম্পূৰ্ণ হ’ল। নিজৰ আৰু সামাজিক এশ এবুৰি কামত ব্যস্ত থাকোতে বৰুৱাই পাহৰিয়েই গৈছিল যে ইতিমধ্যে ফাগুন সোমাল। আৰু ফাগুনে ধূলি, বালি, পচোৱা, বিভিন্ন বেমাৰ আজাৰৰ লগতে নিজৰ প্ৰিয়তমা পত্নীৰ জন্মদিনটোও টোপোলা বান্ধি আনে লগত। আৰু এই জন্মদিনটোৱেই দাম্পত্য

Read more

গেৰেলীৰ পৰা গঙ্গালৈ যাত্ৰা – নীতুমণি বৰঠাকুৰ

বহুত দিনৰ আগতে আমাৰ গাঁৱত পদ্মনাথ নামৰ এজন মানুহ আছিল। তেওঁ বৰ সহজ-সৰল, কোমল অন্তৰৰ আছিল। খেতি বাতি কৰিয়েই কোনোমতে পেট প্ৰৰ্ৱতাই আছিল । তেওঁৰ আকৌ পৰিয়াল বুলিবলৈ একমাত্ৰ পত্নী গোলাপী। গোলাপী সৰুৰে পৰা শকত-আৱত আৰু পেটটো ওলোৱা আছিল বাবে মানুহে তাইক গেৰেলী বুলি মাতিছিল। গেৰেলী বুলি মাতোঁতে মাতোঁতে গোলাপীৰ জেগাত গেৰেলী বুলি সকলোৰে মাজত জনাজাত হ’ল। সুখে দুখে দুয়ো দিনটো কাম বন কৰি পাৰ কৰি নিছিল। ৰাতি শোৱাৰ সময়ত পদ্মনাথে সদায় ভগৱানৰ নাম লৈ টোপনি যায়। ৰাতি শোৱাৰ সময়ত

Read more

ভোজন – অৰবিন্দ গোস্বামী

জীৱন ধাৰণৰ বাবে ভোজন প্ৰত্যেক প্ৰাণীৰ বাবে এক জৰুৰী কথা। মানুহ হওক বা আন পশু-পক্ষীয়েই হওক জীৱন ধাৰণ কৰিবলৈ ক্ষুধা নিবাৰণৰ বাবে মানুহ বা পশু-পক্ষী সকলোৱে জীৱন সংগ্ৰাম কৰিবলগা হয়।যিসকল মানুহৰ জীৱন সংগ্ৰাম কঠিন হয়, তেওঁলোকে জীৱন ধাৰণৰ বাবে খাদ্য গ্ৰহণ কৰে। কিন্তু বিশেষ অসুবিধা নথকাসকলে ভোজনক প্ৰয়োজনীয়তাৰ লগতে বিলাস হিচাপেও গ্ৰহণ কৰে। মই সৌভাগ্যবান অছিলোঁ যে ভোজনক বিলাস হিচাপেও গ্ৰহণ কৰিব পাৰিছিলোঁ। সময়ৰ লগে লগে যেতিয়া ডাঙৰ হ’লোঁ আৰু জানিব পাৰিলোঁ যে কোনো কোনো মানুহে কিমান কষ্টৰে এসাজ ভাত

Read more
1 48 49 50 51 52 72