ফটাঢোল

কেমেৰামেন: বাসৱদত্ত দাস

 

১/
( ‘কেমেৰাশিল্পী’সকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থনাৰে, আৰু ‘কেমেৰাব্যৱসায়ী’সকলৰ প্ৰতি জুবিন গাৰ্গৰ ‘ঘেণ্টাও খাটিৰ নকৰোঁ’ মনোভাৱেৰে)

বেটমেন। চুপাৰমেন। স্পাইদাৰমেন। আয়ৰ্নমেন। কেমেৰামেন!

: ৱট দ্য… ইভেন ‘শক্তিমান’ বেটাৰ আছিল।

: শক্তিমানৰ কথা বেলেগ, ভাৰতৰ প্ৰথম ‘চুপাৰ হিৰো’ আছিল। বাট ‘কেমেৰামেন’ ৱিল বি ইণ্ডিয়াজ ফাৰ্ষ্ট কমেডি চুপাৰহিৰো- হাঃ হাঃ হাঃ!

: ধুৰ্‌ৰ্‌ৰ্‌… হাঃ হাঃ!

: কেমেৰামেনৰ কাম হ’ব বন্ধ কোঠাৰ চাৰিবেৰৰ ভিতৰত সংঘটিত হৈ থকা ‘অনৈতিক কাৰ্য্যকলাপ’বোৰ ৰোধ কৰা…

: থ’ বে!

: আৰে শুন না! কেমেৰামেনৰ এণ্ট্ৰিবিলাকত এটা বেকগ্ৰাউণ্ড ট্ৰেক বাজিব “এয়া চাওক, এয়া চাওক, এয়া চাওক!”

: হ’ব, নাকামুৰিবি আৰু! (হাঁহি)

: শুনচোন তই। অ’, আৰু কষ্ট্যুম; কি হ’ব কষ্ট্যুম? কচোন, তয়ে ক না বে!

: গোটেই গাটো কেমেৰাৰ প্ৰিণ্ট থকা কষ্ট্যুম টাইপ কিবা এটা হ’ব আৰু।

: আৰু ভৰি দুখনৰ মাজেদি চাইকেলৰ ষ্টেণ্ডৰ নিচিনাকৈ আৰু এখন আৰ্টিফিশ্যেল লেগ-কেমেৰাৰ ট্ৰাইপডৰ কাম কৰিব, নে কি? (হাঃ হাঃ হাঃ হাঃ)

২/
: ঐ, বনাই দিওঁ দে এখন, নে কি কৱ?

: কি?

: শ্বৰ্ট।

: মানে, কেনেকুৱা টাইপ?

: চেটায়াৰ-কমেডি তেনেকুৱা টাইপ কিবা এখন আৰু।

: ফাল্টু হ’ব। নাচাব কোনেও; চো বনাই কি লাভ!

: নহয় ৰে, মোৰ বিৰাট মন বনাবলৈ এখন। এক্সুৱেলি, এই আইডিয়াটো বহুদিন ধৰি মগজুত মোৰ সোমাই আছে। আমাৰ থলুৱা ‘নিউজ চেনেল’মখাৰ কেমেৰামেনকেইটাৰ যি হে দৌৰাত্ম্য চাবা, দে’ আৰ আৱাৰ ৰিয়েল ‘কমেডি চুপাৰ হিউমেন’। হাঃ হাঃ হাঃ!

৩/
বন্ধ কোঠাৰ চাৰিবেৰৰ ভিতৰত ‘চেক্স’! হ্‌ম্‌ম্‌ম্‌….. অনৈতিক কাৰ্য্য। আজিকালি আনকি পোৱালীবোৰেও আমাৰ এই ‘নিউজ চেনেল’কেইটাই বুজোৱা অনৈতিক কাৰ্য্য মানে কি বুজি পায়। ‘পাব্লিক ধুলাই’ক জনপ্ৰিয় কৰি তোলা এই চেনেলকেইটাই প্ৰাইভেচী বোলা শব্দটোকেই ডিক্সনেৰীৰ পৰা বিলোপ কৰিবলৈ উঠি-পৰি লাগিছে। আমাৰ ‘ৰিপোৰ্টাৰ’বিলাকৰ ‘ইনৱেষ্টিগেটিভ ৰিপোৰ্টিং’ মানেও এই বন্ধ কোঠাৰ ভিতৰৰ, অন্যথা আন কোনেও কাহানিও ভূ পাব নলগীয়া বা পাবৰো কোনো প্ৰয়োজনীয়তা নথকা, ৰহস্যবোৰ উদ্‌ঘাটন কৰাটোহে। ইমান অস্বাভাৱিক ভাৱে নীতিবাদী ইহঁতমখা যে আনকি ‘চোটি চোটি মগৰ মোটি বাটেঁ’ত ‘থেহ্‌ৰো’ নিনাদ কৰা শক্তিমানেও লাজুকীলতা জপাদি জাপ খাই পৰিব। এওঁলোকৰ নীতি-আদৰ্শ ইমানেই উচ্চ যে জখলা বগাই তই চন্দ্ৰও ঢুকি পাবি, কিন্তু ‘নিউজ’ বুলি ‘ব্লু-ফিল্ম’ৰ ক্লিপ দেখুৱাবলৈ কুণ্ঠাবোধ নকৰা এইসকল নীতিবাগীশৰ ‘নীতি’ আৰু ‘আদৰ্শ’ক তই পোহৰসম বেগ ধৰিও ঢুকি নাপাৱগৈ। ‘অন্য কোনো অত্যুন্নত সভ্যতা থকা গ্ৰহ’ৰ আৱাসীসকলৰহে বোধকৰো যেন চুপাৰহিৰো আমাৰ এই কেমেৰামেনসকল৷ বন্ধ কোঠাৰ ভিতৰত আৱদ্ধ হৈ থকা ‘অনৈতিকতা’ৰ দুৰ্গন্ধক, কুকুৰে ডাষ্টবিনৰ জাবৰ খুচৰি তাৰ মাজত আৱদ্ধ হৈ থকা জাবৰৰ দুৰ্গন্ধক বায়ুমণ্ডললৈ বাজ কৰি দিয়াৰ লেখীয়াকৈ, সমাজৰ মনমণ্ডললৈ সোঁচৰাই নিয়ে। এনেলেখীয়া বাতৰিবোৰ আকৌ কেমেৰামেনে কেমেৰাত বন্দী কৰি আনি ৰাইজখনক চেনেলযোগে বাৰম্বাৰ ‘এয়া চাও‍ক, এয়া চাওক’ বুলি টে‍ঁটু ফালি চিঞৰি নেদেখুৱালে নহয়েই! ‘নৈতিকতা’ৰ স্খলন দৰ্শকক দেখুৱাবৰ যিমান মতলব কৰে, তাতকৈ হাজাৰ গুণ বেছি নিজৰ বিকৃত মনৰ জ্বালাহে শাঁত পেলায় ইহঁতে এনেদৰে ।

৪/
: চো, দেট ইজ কেমেৰামেন ; চেভিঅ’ৰ অব্ নৈতিকতা !

: হ্‌ম্‌ম্‌ম্‌…. (কিছু পৰলৈ নিস্তব্ধতা ) কমেডি হ’লেও, টপিকটোত কিন্তু চিৰিয়াচনেচ আছে কিছু।

: অব্‌ভিয়াচ্‌লী, এণ্ড দেট ইজ হোৱাই আয়ম গ’ন’ মে’ক দিচ এ শ্বৰ্ট ফিল্ম। বৰ দোমোজাত পৰোঁ অ’ কেতিয়াবা; আচলতে আমি আছোঁনো কোন যুগত। চিৰিয়াচ্‌লী!

: যুগ-তুগৰ কথা নাহে। আধুনিকতা-অত্যাধুনিকতাৰ প্ৰশ্নও জড়িত নহয় ইয়াত৷ আমি আচলতে এনে এখন জগত আৰু এনে এটা যুগসন্ধিত জীয়াই আছো‍ঁ য’ত নৈতিকতাৰ লেখীয়া কিছুমান টাৰ্মৰ এতিয়াও এটা ক্ৰীষ্টেল-ক্লেয়াৰ ডেফিনিশ্‌ন্ আমাৰ হাতত নাই।

: অ’ ৰে। বিয়াগোম বিয়াগোম ৰাইটাৰে বেশ্যাগমনৰ উপলব্ধিৰ কথা লিখি নিজৰ অ’পেন মাইণ্ডটো সমাজত নিসঙ্কোচে শ্ব’কেছ কৰিব পাৰে; আৰ্ট ফিল্মৰ নামত কামসূত্ৰৰ অজস্ৰ ভংগিমা প্ৰদৰ্শন কৰিও কোনোবা দক্ষ অভিনেত্ৰীয়ে মূধাফুটা চলচ্চিত্ৰ সমালোচকৰ ‘সংস্কৃত’ দৃষ্টিৰে কৰা প্ৰশংসা বিনা সংকোচে বুটলিব পাৰে। আনকি, বলিউদী ফিল্মবিলাকতো তো ‘চেক্স’ হৈছে কাহিনী নামৰ সেৰেকা আঞ্জাখনত ছটিয়াই দিয়া এবিধ গৰম মছলা। তেনেকুৱা দৃশ্যাংশত অভিনয় কৰি অভিনেতাসকলে ৰিপোৰ্টাৰসকলৰ জিভা পিছলা ভাষাৰ শব্দেৰে ‘হট’, ‘বোল্ড’ ইত্যাদি সন্মান আঁজোৰে। এই ৰিপোৰ্টাৰবিলাকেই আকৌ চেক্স-ৱৰ্কাৰবিলাকৰ জীৱনক লৈ সহানুভূতিসূচক ডকুমেণ্ট্ৰীও বনাব। কিন্তু! কিন্তু যদি সেয়া কোনো বলিউদী চেক্স-থ্ৰিলাৰৰ দৃশ্যাংশ নহয়, নতুবা চেক্স-ৱৰ্কাৰবিলাকৰ সংৰক্ষিত ‘ৰেড লাইট’ এলেকাত সংঘটিত কোনো স্বাভাৱিক ‘গ্ৰাহক-সেৱা’ কাৰ্য্য নহয়, তেন্তে শলখা মাৰি ঘৰটোৰ যিমান গভীৰৰ কোঠাতেই তুমি তোমাৰ বেচিক ইন্‌ষ্টিংক্টক সঁহাৰি জনাই পাৰ্টনাৰৰ লগত সন্মতিসূচকভাৱে চেক্স নকৰা কেলেই, লাগিলে যিমানেই গোপন আৰু সমাজক প্ৰদূষিত কৰিব নোৱৰাবিধৰ কাৰ্য্যই নহওক কিয় সেয়া, কেমেৰামেনে উমান পালে কিন্তু তোমাৰ আৰু কোনো ৰক্ষা নাই!

: অ’ই বাপ্‌ৰে! সাংঘাটিক কথা কৈ দিলি দেখোন ৰে তই এইটো? হাঃ হাঃ হাঃ হাঃ! বাট্.. কাষ্ট কাক কৰিবি?

: তই হ’বি ? (চকুৰ টিপ)

: যা-ব্বে!

: সিটো বাদ দে, কাষ্ট যাকে-তাকে কৰিব পৰা যাব এইটো ৰোলত। ইভেন ময়ো হৈ যাব পাৰোঁ (চকু টিপিয়াই); বাট এণ্টাগনিষ্ট কোন হ’ব বে! মানে চৰিত্ৰটো। মাথা খজুৱাই খজুৱায়ো একো এটা ভাৱি উলিয়াব পৰা নাই।

: মই ভাৱোঁ ৰ’… (খন্তেক নীৰৱতা) বৰ সমস্যা! (আকৌ নীৰৱতা)

: পাইছোঁ মই!

: কোন?

:কুক্কুৰ্মান!

: কি কুক্কুৰ্মান ঐ, কি ফাল্টু!

: কুকুৰ৷ চা, কুকুৰ হৈছে এনে এবিধ জন্তু, যাৰ কাৰণে নৈতিকতা হৈছে প্ৰভুভক্তি; চোৰ, ডকাইত আদিৰ নিচিনা অনৈতিক চৰিত্ৰসমূহক বিচাৰি উলিয়াই নাইবা খেদি মানুহৰ সমাজখনক নিৰাপদ কৰা ইত্যাদি। বাট, হোৱেন ইট কাম্‌চ্‌ টু চেক্স, তাহাঁতে ভৰা বজাৰ এখনৰ মাজত এইটো কামত লিপ্ত হৈ থাকিলেও কোনো কেমেৰামেনৰ দম নাই কাতিমহীয়া কুকুৰ এটাক জোকাই লৈ নৈতিকতাৰ পাঠ শিকাবৰ। বুঢ়ায়ো দেখিব, বাচ্চাবিলাকৰো চকুততো পৰিবই৷ কোনেও কুকুৰৰ নেজত ধৰি গুৰুলা-গুৰুলকৈ পিটি পাব্লিক ধুলাই দিয়াৰ মজা ল’বও সাহ কৰিব নোৱাৰে৷ এনেকুৱা দম এই ‘কুক্কুৰ্মান’ৰ! চিৰ কাতিমহীয়া স্পিৰিট! ইভেন, বেটমেনৰ জোকাৰটোৱেও শক্তিশালী এই এণ্টাগনিষ্ট চৰিত্ৰটোৰ আগত লেউ-সেউ দি পৰিবলৈ বাধ্য। কেমেৰামেনৰ নৈতিকতাৰ ‘ধজ্জিয়া’ উৰাই দিবলৈ ওৱান কুক্কুৰ্মান ইজ ম’ৰ দেন‌ এনাফ।

: বাঃ বাঃ বাঃ! নোৱাৰিলোঁ আৰু তোক দেই! মই হ’ম দে, মোক দিবি ৰোলটো৷ ‘কুক্কুৰ্মান’ ময়ে হ’ম, হাঃ হাঃ হাঃ হাঃ!

৫/
“কেমেৰামেন”
আহি আছে অতি শীঘ্ৰেই….
আপোনাৰ সমীপৰ চিত্ৰগৃহত।
চাবলৈ নাপাহৰিব, ‘নৈতিকতাৰ ৰক্ষক’

“কে-মে-ৰা……. মেন !!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *