লিখাৰ আঁৰৰ কাহিনী – পাৰিজাত ফুকন
আলোচনীলৈ বুলি কিবা এটা লিখিবলৈ তাগিদা দিয়াৰ লগে লগে মানুহগৰাকীৰ উথপথপ লাগিলেই নহয়।খাওঁতে, শোওঁতে ,বহোতে আগতে লেকচাৰ দি থকা মুখখনো বন্ধ হ’ল।হ’ল মানে এনেয়ে নহয় দেই। দস্তুৰমত মগজুৰ কচৰৎ। দহোবন কাটি কৰি কাগজ একদিস্তাও কিনি আনিলেগৈ,লগতে দামী কলম এটাও। আচল কথাটো হৈছে, দামী কলমেৰে লিখিলেহে লিখাবোৰ গধুৰ হ’ব। সমস্যা হ’ল লিখিব কোন সময়ত? পুৱাগধুলি লৰা-ছোৱালী মখাৰ হুলস্হূল, গিৰিহঁতৰ ইটো-সিটো ফৰমাইচ। সব ভাবিগুনি কামকৰা বাই এগৰাকীকে ৰাখিলে,অন্ততঃ দুপৰীয়া সময়খিনি ফ্ৰী হলে লিখিবলৈ আৰম্ভ কৰিব। সমস্যা কিবা এটা নে?ক’ত বহি লিখে? লিখিবলৈ
Read more