লিখাৰ আঁৰৰ কাহিনী – পাৰিজাত ফুকন
আলোচনীলৈ বুলি কিবা এটা লিখিবলৈ তাগিদা দিয়াৰ লগে লগে মানুহগৰাকীৰ উথপথপ লাগিলেই নহয়।খাওঁতে, শোওঁতে ,বহোতে আগতে লেকচাৰ দি থকা মুখখনো বন্ধ হ’ল।হ’ল মানে এনেয়ে নহয় দেই। দস্তুৰমত মগজুৰ কচৰৎ। দহোবন কাটি কৰি কাগজ একদিস্তাও কিনি আনিলেগৈ,লগতে দামী কলম এটাও। আচল কথাটো হৈছে, দামী কলমেৰে লিখিলেহে লিখাবোৰ গধুৰ হ’ব।
সমস্যা হ’ল লিখিব কোন সময়ত? পুৱাগধুলি লৰা-ছোৱালী মখাৰ হুলস্হূল, গিৰিহঁতৰ ইটো-সিটো ফৰমাইচ। সব ভাবিগুনি কামকৰা বাই এগৰাকীকে ৰাখিলে,অন্ততঃ দুপৰীয়া সময়খিনি ফ্ৰী হলে লিখিবলৈ আৰম্ভ কৰিব। সমস্যা কিবা এটা নে?ক’ত বহি লিখে? লিখিবলৈ অলপ আচুতীয়া কোঠা এটা নালাগে জানোঁ ?য’তে ত’তে হ’ল বুলি লিখিব পাৰি নেকি?হওঁতে গছৰ তলত,নদীৰ নিৰ্জন পাৰত লিখিব পাৰিলে ভাল।প্ৰকৃতিৰ পৰাও অনুপ্ৰেৰণা পোৱা যায়।পিছে ওচৰে পাজৰে তেনেকুৱা সুবিধাই নাই নহয়। গতিকে সাতে-পাচে গুণি ষ্ট’ৰ ৰুমটোকে বাইৰ হতুৱাই খালী কৰি চাফা কৰাই ললে।বাকী থাকিলগৈ বিষয়বস্তু।
এইবিষয়ে গভীৰভাৱে ভাবোতে ভাবোতে কেতিয়াবা ডাইলত নিমখ বেছি হ’ল,কেতিয়াবা ভাত খাবলৈ বহিহে গম পালে যে কুকাৰত চাউল ভৰাই থোৱা আছিল গেছত টো বহোৱাই নহ’ল।তথাপি তেওঁ তেনেবোৰ কথালৈ বৰকৈ কাণ দিয়া নাই,গিৰিহঁতে যি কয় কৈ থাকক।তেওঁ কি বুজিব এইবোৰ সৰুসুৰা কথাত লাগি থাকিলে বিষয়বস্তু কেনেকৈ ভাবি উলিয়াব আকৌ।অৱশেষত স্কুলীয়া বান্ধৱী দুজনীমানলৈ ফোন লগালে যিবোৰে আগতে স্কুলতে লিখামেলা কৰা।সিহঁতো বৰ বিজি।
গতিকে এদিন চাহ খোৱাকৈ আটাইকেইজনীকে মাতিলে কিজানি কিবা আইডিয়া দিয়েই।চাহপৰ্বৰ মাজতে কথা বতৰা হৈ মনতে সিদ্ধান্ত এটা লৈ পেলালে যে যিহেতু হাস্য ব্যঙ্গ লেখা হলে ভাল,চাৰ্লি চেপলিন বা মিষ্টাৰ বিনৰ বিষয়ে বেছি ভাল হব।কিন্তু সেইবোৰ দেখোন টি ভিত দিয়ে থাকে।গতিকে অসমীয়া সমাজত পপুলাৰ,নয়নৰ মনি “নগেন”(কেচটো নগেন বুলিযে কয়) ৰ বিষয়ে লিখা ভাল হব।এইবুলি টোপনি ক্ষতি কৰি,কেইবাকাপো কফি খাই নগেনৰ বিষয়ে কষ্ট কৰি লিখি পেলালে।পিছদিনা পুৱাই গিৰিহঁত উঠাৰ আগতেই ই-মেইল কৰি মেলি বাইদেউ আজৰি। পিছে সন্ধ্যা গিৰিহঁত অফিচৰ পৰা অহাৰ পিছতহে ঘটনাই বেলেগ ৰূপ ললে। পুৱা ই-মেইলখন ওস্তাদি মাৰি পঠালে হয়, পিছে সেইখন গ’ল বছৰ এড্ৰেছত । তাকে পঢ়ি বছে গিৰিহতঁক কি কি শুনোৱালে গিৰিয়েকে তাইক ৰিপিট টেলিকাষ্ট দিলে।
বাকীখিনি শুনাৰ ধৈৰ্য্য আমাৰ লেখিকাই ইতিমধ্যে হেৰুৱাই পেলালে ,ফুটগধূলিতে বিচনাত পৰিল।তাৰমানে আজি আকৌ গিৰিহঁতৰ হাতৰ খিচিৰি ৰাতিৰ সাজত। গোমা বতৰতোৱে বুজাই থৈ গ’ল।
☆★☆★☆
11:43 am
সচাই দেই ।লিখিব বহি হে ভাবোঁ, কি লিখো!
12:47 pm
ভাল লাগিল সচাকৈ৷ লিখি থাকিব৷
1:14 pm
বাপ ৰে, সাংঘাতিক অভিজ্ঞতা দেখোন। ভাল লাগিল পঢ়ি