ফটাঢোল

জীৱন এটি মিঠৈ – মৃদুস্মিতা বৰবৰা

ল’ৰা তিনিজনৰ ঘোপাকৈ দিয়া চাৱনিত মোৰ আকৌ খংটো উঠি আহিল। দুজনক চিনি পালোঁ। পৰহি অফিছলৈ আহি থাকোঁতে সিহঁতে গাৰ কাষেদি মানে একেবাৰে গাত চুই বাইকখন পাৰ কৰিছিল৷ কালি ৰাতিপুৱা মই সিহঁত সদায় ৰৈ থকা মোৰ অফিছৰ সন্মুখৰ পাণ দোকানখনৰ ওচৰেদি পাৰ হওঁতেই বৰ অশ্লিল কথা কিছুমান চিয়ঁৰিছিল৷ আৰু আজি এয়া! সিহঁতে যেন মোকে টাৰ্গেট কৰি লৈছে, “ঐ চালানি, তই কেইদিন মোৰ হাতৰ পৰা সাৰি থাকিবি অ’?” সেয়া আকৌ আৰম্ভ হ’ল মোক লৈ সিহঁতৰ গুৱাল গালি৷ ভিতৰলৈ খৰধৰকৈ সোমাই আহিলোঁ৷ ব্ৰাঞ্চ

Read more

শ্ৰীমান-শ্ৰীমতীৰ পূজা স্পেচিয়েল টপিক – নাজিয়া হাছান

আবেলিৰ চাহকাপ হাতত লৈ হেঁপাহেৰে শ্ৰীমতীগৰাকী শ্ৰীমানৰ কাষত বহি,- “হেইইৰি, শুনিছে নে? পূজা বুলি শাড়ী এখন দিব আক দেই মোক”৷ চাহ কাপ ল’বলৈ ধৰি শ্ৰীমানে একেবাৰে বিৰক্তিৰে কৈ উঠিল,- “হেইইই! পূজা বুলি, ঈদ বুলি, বিহু বুলি, নিজৰ বাৰ্থ ডে বুলি, আনৰ বিয়া বুলি, কিমান যে কি বুলি শাড়ী, কাপোৰ আৰু কিমান লোৱাহে!” সাউৎকৈ শ্ৰীমতী এহাত দূৰত চকু ঘোপা কৰি থিয় হৈ,-“ওৱা!! ইমানটো জেঙেৰা মাৰিলা যে! কিনো ডাঙৰ বস্তুটো খুজিলোহে মই? তুমি যে মোকগোটেই দিনটো “হৌৰা চাহ একাপ দিয়াচোন, হৌৰা বৰ

Read more

মি: ডাক্তৰ – বৈদুৰ্য্য বৰুৱা

কথা এটা মই প্ৰায়ে মন কৰোঁ। মই যিখন নগৰত থাকোঁ; তাৰপৰা যদি পিচুৱাই গৈ থাকোঁ দেখা যায় বাটত পোৱা ঠাইবোৰো বা অঞ্চলবোৰো ক্ৰমে সকলো ফালৰপৰা পিচ পৰি অনুন্নত হৈ গৈ থাকে, কিন্তু প্ৰাকৃতিক পৰিবেশ হিচাবে ক্ৰমে আগবঢ়া আৰু উন্নত হৈ গৈ থাকে। পিচুৱাই যোৱা মানে মানুহবোৰ পিচুৱাই যোৱাৰ কথা কোৱা নাই। মই বুজাবলৈ চেষ্টা কৰিছোঁ যে মোৰ নগৰখনত আধুনিক নাগৰিকে ভোগ কৰিবপৰা যিমান সা-সুবিধা আছে পিচুৱাই গৈ থাকিলে যিবোৰ নগৰ পোৱা যায় সেইবোৰত সিমান সা-সুবিধা পোৱা নাযায়। বেছিকৈ পিচুৱাই গ’লে

Read more

টপক – অমিতাভ মহন্ত

হাত ভৰিবোৰ ক্ৰমান্বয়ে শিথিল হৈ আহিছে… যিজনীৰ বাবে গোটেই বছৰটো খাপ পিটি ৰওঁ কেতিয়ানো মাত এষাৰ দিব পাৰোঁ বুলি। পুৱাই বিছনাত এনেকৈ তপত, ঘন ঘন উশাহেৰে তাই মোক হেঁচি ধৰিছে৷ ওঁঠ দুটাৰ দবৰা দবৰিত মই অৱশ হৈ পৰিছোঁ৷ হাত ভৰিবোৰ শিথিল হৈ পৰিছে৷ আসস্! খকমককৈ সাৰ পাই উঠিল সন্দীপ৷ – অই ভালুক উঠ৷ ব্ৰেকফাষ্টটো কৰি আহোঁ৷ – তই যা৷ মোৰ এতিয়াও হেং অভাৰ যোৱাই নাই৷ – তোৰ নিচা বেছি হৈছে কিন্তু৷ বাৰু এটা কথা ক’চোন৷ – কি? – তই কেতিয়াবা

Read more

আজৱ দুনিয়া কী গজৱ কাহানী – মানবেন্দ্ৰ কুমাৰ শৰ্মা

উদক ভেটা ৰখীয়া পাতিব নালাগে বুলি সৰুৰে পৰা শুনি আহিছিলোঁ যদিও উদ হ’লে কোনোকালে দেখা নাছিলোঁ। পিচে তেওঁৰ মতি-গতি চাই মোৰ এনে লাগিল যেন মোৰ সমুখত উদ এটাইহে মাছৰ বাবে খাপ পিটি আছে। মাছ ধৰিবলৈ সকলোৱে চেষ্টা কৰাৰ দৰে ময়ো কৰিছিলোঁ। এবাৰ বৰশি বাবলৈ যাওঁতে মোৰ লগৰজনে টুপুৰ-টুপুৰকৈ তেত্ৰিছটা মাগুৰ ধৰা সময়লৈ মই আনকি দৰিকণা এটাও খালৈত ভৰাব পৰা নাছিলোঁ। মাছ ধৰাত আচলতে জন্মগতভাবে মই তেনেকুৱা পাকৈতেই নাছিলোঁ। তথাপি দেখাক দেখি মাছ ধৰিবলৈ কৰা মোৰ সেই প্ৰচেষ্টা অব্যাহত আছিল। সেই

Read more

হেলিকপ্টাৰ, ভাওনা ইত্যাদি – দেবাংগ পল্লভ শইকীয়া

১) ভাওনা (ক) সাধু নহয়, নিজে দেখা কথা। অসুৰটোৰ নাম পাহৰিছোঁ। জংঘাসুৰ আছিল হ’বলা! কৃষ্ণই বধ কৰিব। যথাসময়ত তয়াময়া ৰণ লাগিল। খোলৰ ছেৱে ছেৱে অসুৰৰ জাঁপত দৰ্শক ৰাইজ অতি আনন্দিত হৈ জাউৰীয়ে জাউৰীয়ে হাত চাপৰি মাৰিলে। আমিও সুহুৰী মাৰিলোঁ। এসময়ত অসুৰ মাটিত বাগৰি পৰিল। কৃষ্ণই চক্ৰৰে অসুৰক বধ কৰিলে। সূত্ৰধাৰেও “অহিচন প্ৰকাৰে অসুৰৰ মৃত্যু হৈল” বুলি ঘোষণা কৰিলে আৰু কৃষ্ণয়ো নাচি নাচি প্ৰস্থান কৰি গৈ থাকিল। পিচে মাটিত পৰি মৰি থকা অসুৰক মৰাৰ পিছতো ৰাইজে হাত চাপৰিৰে ইমানেই উৎসাহ দিলে

Read more

য়ে’ আজাদী জ্যুথি হ্যে – খনিন্দ্ৰ ভূষণ মহন্ত

দৃশ্যপট ১: “থ হেৰ’, তই যে এনেকুৱা এটা কাম কৰিবি মই সপোনতো ভবা নাছিলোঁ।” – এজনৰ ভাষ্য এয়া। “তাকেহে ককাইদেউ, ইও সেই একেই তিৰোতা-সেৰুৱা হ’ল।” – ওচৰতে থকা আন এজনে একেটা সুৰতে কথাষাৰ কৈ সেইখিনিৰ পৰা আঁতৰি গ’ল। চাই থাকোঁতেই গোট খাই থকা প্রায় পাঁচজন মানুহ অন্তর্ধান হোৱা দি হ’ল। গাঁওখনত গেলা-মালৰ দোকান বুলিবলৈ এখনেই। আৰু দোকান বুলিলেই ভিৰ এটা থাকেই দিয়কচোন। অ, সন্ধ্যাৰ পৰা ভিৰটো বেছি হয়; সেইটো বেলেগ কথা। কোনোবাই যদি ফূৰ্ত্তী পানীকণ গ্রহণৰ সময়ত প্রয়োজন হোৱা চানা,

Read more

জীয়া মাছৰ জোল – বিজয় মহন্ত

“হেল্লো ৰাতুল, শুই উঠিলা যদি আমাৰ ঘৰলৈ আহি যোৱা। জিন্দা মাছ আনিছোঁ। “কুকুৰা ডাক মৰ্নিংঙতে ৰণজয় দাৰ ফোন। শোৱা পাটিৰ পৰা জাঁপ মাৰি উঠি গা ধুয়েই ৰণজয় দাৰ ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দি ওলাই আহিলোঁ। এনেইতো অন্ধ্ৰপ্ৰদেশৰ ডেডবডি কেইটাৰেই কাম চলাই থাকোঁ তাকো এইকেইদিন পাবলৈ নাই। এনেকুৱা দিনত যদি কোনোবাই জীয়ামাছৰ কথা ৰাতিপুৱা শুই থাকোঁতেই কয় ৰৈ থাকিব পাৰিনে? ঘৰৰ পৰা আহি অলপ দূৰ পাইছোহি। ফোনটো বাজিল। বাইক ৰাখি চালোঁ ৰণজয় দাৰ ফোন। “তুমি আহিলাই নেকি?” “অ ওলাই আহিলোঁ অকণমান।”

Read more

বেবেৰিবাং – অংশুমান শইকীয়া

ফেচবুকত টেগাৰু অকবি সকলৰ অত্যাচাৰত পৰম অতিষ্ঠ হৈ দত্ত দাই ভাবিলে ইহঁতক এতিয়াই নাকী নলগালে পিছলৈ পৰিস্থিতি আউট অৱ কন্ট্ৰল হৈ যাব। গতিকে মাষ্টাৰ প্লেন এটা বনাই দত্ত দাই ছদ্মৰূপ ধাৰণ কৰি ৰৰ এজেন্টৰ দৰে অকবিৰ মাজত সোমাই পৰিল। দত্তদাকো সোনকালেই অকবি সকলে আদৰি ল’লে। মাষ্টাৰ প্লেনৰ অংশৰূপে দত্ত দাই এদিন অকবি সকলক এটা প্ৰস্তাৱ আগবঢ়ালে – “বন্ধু সকল একতাই পৰম বল, গতিকে আভি অকবিসকলো সংগঠিত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ”। সকলোৱে কথাটোত হয়ভৰ দিয়াত দত্তদাই আগভাগ লৈ লৰালৰিকৈ এটা ৱাটচআপ গ্ৰুপ

Read more

নকৰিবলগীয়া চিন্তা – লখিমী হাজৰিকা

১) বনকৰা ছোৱালীজনীয়ে মূৰত লেপি দিয়া হেনাসোপাৰে সৈতে শইকীয়ানী শীতৰ ৰ’দজাকৰ উম লোৱাত ব্যস্ত। : বাইদেউ চিলিণ্ডাৰ শেষ হ’ল। : ঐ মৰতী, কি অদৰকাৰী কথা কৈ থাকহি। চাৰলৈ ফোন নকৰ কিয়? : কৰিছিলো। চাৰ বিজি আছে বোলে। : এইসৱৰপৰা শান্তি নাই! কিবা এটা সুস্থিৰে কৰিব নোৱাৰি৷ বুলি ভোৰভোৰাই শইকীয়ানীয়ে নিজৰ ফোনটো আনিলেগৈ। : হেৰা, তুমি কেতিয়ামানে আহিবা? : মই অলপ ব্যস্ত হৈ আছোঁ। পুৱাটো তোমাৰ লেকচাৰ লিখোঁতেই গ’ল! চিলিণ্ডাৰটো খুৱাই ল’ব নোৱাৰিবানে? টিইট ..টিইট.. টিইট.. শইকীয়াই পুৱাই লিখি থৈ যোৱা

Read more
1 55 56 57 58 59 72