ফটাঢোল

ঈদ মোবাৰক – শ্ৰীমন্ত শৰ্মা

পুৱা ন-মান বজাত কলিং বেলৰ মাত শুনিয়েই অনুমান কৰিলোঁ কৰিম চাচা আহিছে৷ দুৱাৰখন খুলি দিওঁতেই মোৰ অনুমানক সত্য প্ৰতিপন্ন কৰি চাচাই মাত লগালে- “ছাৰ, ঈদ মোবাৰক৷” আনদিনা মোৰ বাৰীখন চিকুণাবলৈ আহিলে চাচাই মোক “নমস্কাৰ” বুলি সম্ভাষণ জনায়৷ কিন্তু বছৰৰ দুটা বিশেষ দিনত সম্ভাষণটো সলনি হৈ “ঈদ মোবাৰক” হয়গৈ৷ সম্ভাষণ হোৱাৰ লগতে শব্দ দুটাৰ আন এক বিশেষ তাৎপৰ্যও আছে৷ সেই শব্দ দুটাৰে আচলতে কৰিম চাচাই মোক সাংকেতিক ভাষাত কয়, “আজি এনেই অহা নাই দেই, ছাৰ৷ নাতিকেইটালৈ কিবা এটা নিব পৰাকৈ টকা

Read more

খেতিয়ক নে বুৰ্বক – প্ৰণৱ সিংহ

কৃষি সৰ্ম্পকীয় কামৰ বাবে মাজে সময়ে বিশ্বনাথ চাৰিআলিলৈ যাব লগা হয়। ২০ মে’ তাৰিখে যাব লগা হ’ল। নগাঁৱত ট্ৰেভেলাৰত বহি ৰৈ আছোঁ । মানুহ গাড়ীখনত খুব কম । বাহিৰৰ পৃথিৱীখন মুকলিকৈ চাবলৈ কাষৰ খিৰিকীৰ ছিটটোকে বাছি ল’লোঁ। কিছু সময়ৰ পাছত হুৰমুৰকৈ ছোৱালী এজনী আহি কাষতে বহিলেহি! মন ম্যেয় লাড্ডু ফুটা। বোলো বেটা প্ৰণৱ, দিন ভাল তোমাৰ ! ওহোঁ, খৰখেদা নকৰি লাহে লাহে আগবাঢ়। চকুৱে চকুৱে পৰাত বৰ ধুনীয়া কৈ মিচিকিয়াই দিলে। ভয় লাগিল , ধুনীয়া হাঁহিটো মাৰি মোৰ ছিটটো নিবিচাৰেতো!

Read more

আমাৰ প্ৰথম গাড়ীখন – মণ্টু কুমাৰ ডেকা

শীতৰ কোনোবা এটা গধূলি খেৰ ভৰোৱা সেই বস্তাকেইটাৰ ওপৰত “দ” হৈ শুই মই জুইৰ মধুৰ আমেজ লোৱাত ব্যস্ত।ওচৰতে দেউতাৰ দুই এজন বন্ধু, মা, ককাইদেউ, বাইদেউ আৰু হলধৰ খুড়া। তেওঁলোকে কি কথা পাতিছে তাত মোৰ মন কাণ নাই। ওচৰতে শুই থকা কালুৰ ফালে চাই তাৰ নকল কৰি আছো। মাজে-মাজে তাৰ দৰে এটা চকু মেলি তাৰ ফালে চাইছো, সিও চাইছে, চকুৱে চকুৱে পৰাত সি নেজডাল লৰাইছে, মই আকৌ চকুকেইটা মুদি দিওঁ, আকৌ চাওঁ। কালুৰ লগত আমি আমাৰ নিজৰ পৃথিৱীত ব্যস্ত। বাকী কথাত

Read more

বিলাভেড হাজবেণ্ড – বৰ্ণালী ফুকন

: হেৰা হেৰা উঠিছানে! হেৰা মই নকৈছিলোনে! সৌৱা চোৱা, সৌৱা। গোঁহাইয়নীয়ে ব্ৰক্ষ্মপুৱাতে উঠি চোতাল সাৰে৷ এহ যাবই এতিয়া, নোচোৱাহি কিয়? : হেই! কিনো ৰাতিপুৱাই লোকৰ মাইকী মানুহক চাই ফুৰে! মোক অশান্তি কৰি নাথাকিব দেই৷ ৰাতি গৰমত শুব নোৱাৰি এক বজালৈ অনলাইনত আপডেট দিলো। এতিয়া শুবলৈ শান্তি নিদিব নেকি! – লাহেকৈ শইকীয়ানীয়ে বাগৰ সলাই সিকাটিকৈ শুলে৷ নিৰস্ত্ৰ হৈ শইকীয়া ঘুৰি আহি বিচনাৰ ওচৰ পালেহি৷ ঘৈণীয়েকে নাকেৰে বাজনা বজাই শুয়েই আছে৷ উপায়হীন হৈ ভোৰভোৰাই ভোৰভোৰাই শইকীয়া পাকঘৰত সোমালগৈ৷ : কিনো সাধি আহিছিল

Read more

খুচুৰা পইচাৰ বোমা – ৰঞ্জিত হাজৰিকা

বাহিৰত মাজনিশাৰ ঘোপ মৰা অন্ধকাৰ৷ নিশাচৰ দুই-এটা নাম নজনা চৰাইৰ বিকট মাত৷ চিপচিপীয়া এজাক বৰষুণ আৰু মাজে মাজে বলি থকা বতাহছাটিয়ে নিশাটোক আৰু ৰহস্যময় কৰি তুলিছে৷ সেই ৰহস্যত ভৌতিক অনুভূতি সানি ঘৰটোৰ দ্বিতীয় মহলাৰ খোলা খিৰিকীখনৰ পৰ্দাৰ ফাঁকেৰে জান-নাজানকৈ দেখা গৈছে এটা ছায়ামূৰ্তি৷ যেন ওপৰ মহলাৰ খিৰিকীখনৰ বাহিৰৰ ফালে শূন্যতে ওপঙি আছে ছায়ামূৰ্তিটো৷ ৰাজহাড় শীতল কৰি দিব পৰাকৈ পৰিবেশটো আৰু বেছি জয়াল কৰি তুলিছে ৰৈ ৰৈ ভাহি অহা নুপূৰৰ শব্দই, ৰুণজুণ, ৰুণজুণ৷ কোনোবা অতৃপ্ত আত্মাই মাজনিশা মোৰ বেডৰুমৰ খিৰিকীৰ কাষত

Read more

সোঁৱৰণি সোণালী – ভানুশ্ৰী দেউৰী

কত যে ঘটনা ঘটে জীৱনটোত! সুখৰ, দুখৰ। কিছুমান ঘটনা, কিছুমান কথা মনত পৰিলে দুই ওঁঠেৰে হাঁহি এটি আপুনি আপুনি বিৰিঙি যায়। কোনোবাটো মুহূৰ্তত ভগৱানক ধন্যবাদ জনাওঁ এইবাবেই যে আমি আজিৰ দৰে যান্ত্ৰিকতাৰে ভৰা শৈশৱৰ দিন পাৰ কৰিবলগীয়াকৈ জন্ম নল’লো। বৰ সুখদায়ক আছিল আমাৰ শৈশৱৰ দিনবোৰ। সোণোৱালী শৈশৱ বুলিব পৰা বিধৰ, সেই দিনবোৰৰ কথা মনত পেলাই সুখ বুটলিব পৰা বিধৰ। স্কুলত পঢ়ি থকা দিনৰ কথা এয়া। দাদাৰ পুৰণি ক’লা লংপেণ্ট এটা বাইদেউৱে চিলাই মেলি মই পিন্ধিব পৰা কৰি দিছিল। লংপেণ্টটো আঁঠুলৈকে

Read more

মায়াময় সংসাৰ – নাজিয়া হাচান

“আমাৰে বাচাটো শুব এ, বাৰীতে বগৰী ৰুব এ, অয়ে.. অ’.. অ’.. অ’.. বাচা মোৰ টোপনি যায়ে.. অ’.. অ’.. টোপনি যাচোন অ’ ল’ৰা! টোপনি যা। অ’.. অ’.. অ’.. অয়ে.. বাচা মোৰ টোপনি যাই এ।” মানুহগৰাকীয়ে কেঁচুৱাটোক সন্ধিয়া সাতমান বজাৰপৰা এবাৰ কোলাত লৈ, এবাৰ বিচনাত ভৰি দুখন চিধাকৈ মেলি বহি, গাৰুটো ভৰিৰ পতাখনৰপৰা অলপ তলত লৈ, কেঁচুৱাটোক তাত শুৱাই ভৰি দুখন জোৰে জোৰে লেফ্ট ৰাইট কৰি আছে। পিছে নাই, কেঁচুৱা কিন্তু নুশুৱেয়। কন্দাও নাই সি। কোলাত লৈ থাকিলে অকণমানো আমনি নকৰে সি।

Read more

কণটিলৌ মালিতা – প্ৰশান্ত কুমাৰ বৰা

কণটিলৌ চহৰত থাকে। পা-পইচা নাই বাবে ঘৈণীয়েকে ক্ৰিকেট খেলৰ কমেণ্টেটৰৰ নিচিনাকৈ ননষ্টপ বলকি থকাত খঙতে ঘৰ এৰি গুচি গ’ল পৰহি পুৱাতে। নগদ ২৪ ঘণ্টাৰ বাবে দুয়োপক্ষৰে যোগাযোগ বিচ্ছিন্ন। হাজাৰ হ’লেও ঘৈণীয়েকৰ মনহে। মানুহটো বা ক’ত আছে, কি খাইছে! হাতততো টকা-সিকা একো এটা নায়েই! সকলো অভিমান নেওচি তাই উচুপি উচুপি ফোন লগালে গিৰিয়েকলৈ – “হেৰি ক’ত আছে হয়নে! আৰু গালি-চালি নাপাৰোঁ। ঘূৰি আহক ঘৰলৈ।” কণটিলৌৱে ৰিলেক্সড্ হৈ মাত দিলে – “এ. টি. এমত আছো।” ভুলতে ক’ৰবাতহে ফোন লাগিলেগৈ বুলি ঘৈণীয়েকে ফোনটো

Read more

বাপ শাস্ত্ৰ – অতুল নাথ

যোৱা দেওবাৰে যে লগ পাইছিলো সেই বাপ, কালি গধূলি আহি ওলালহি। মুখৰ গোন্ধ, থৰক বৰক খোজতে উমান পালো নাড়ী শুদ্ধি কৰি একেবাৰে ৰজা হৈ আহিছে। বহিবলৈ দি অহাৰ কাৰণ সুধিলো। ভাবিলো শ্ৰীমতী খোজকাঢ়ি উভতি অহাৰ আগতে বাপক বিদায় দিব পাৰিলে ভাল। “খুড়াৰ দহা কাজলে মাতিবলৈ আহিলো আৰু আপোনাকো কথা দুটামান ক’বলৈ আছে” বুলি দোৰোলখোৱা জিভাৰে বাপে আৰম্ভ কৰিলে- “Man is mortal. মানুহ মৰণশীল, মহাত্মা গান্ধীয়ে গীতাত কৈছে আৰু ৰবীন্দ্ৰনাথেও পটঞ্জলীত কৈছে। কিন্তু আপুনি কিয় মোৰ জীয়াই থকা খুড়ীজনীক মৰিল বুলি

Read more

বৰফৰ ঠাৰি – বিজয় শংকৰ বৰ্মন

আমি পাঠশালা স্কুলত পঢ়া দিনৰ কথা। তেতিয়া স্কুললৈ যোৱাৰ পৰত মাহঁতে আমাৰ হাতত লেজাৰত কিবাকিবি খাবলৈ বুলি পইছা দি পঠিয়াইছিল। প্ৰায়েই পাঁচ পইছা, কাচিৎহে দহ পইছা দিছিল। পাঁচ পইছাত তেতিয়া আমি পাঁচটা খেজুৰ পাইছিলোঁ। কেতিয়াবা এখন জোন বিস্কুট কিনি খাইছিলোঁ। ছাত্তাৰ বুলি এজন বেপাৰী আছিল। তেওঁ এতিয়াও আছে। আমাৰ স্কুলত পঢ়া দিনকেইটাৰ স্মৃতি ছাত্তাৰ অবিহনে সম্পূৰ্ণ নহয়। ছাত্তাৰ আছিল ওখই প্ৰায় তিনি ফুট। লাঠি এডালত ভৰ দি বেঁকাকৈ জঁপিয়াই জঁপিয়াই খোজ কাঢ়ে। কান্ধত জোলোঙা। জোলোঙাত বগৰীৰ বতৰত বগৰী, জলফাইৰ দিনত

Read more
1 56 57 58 59 60 72