তেৰে মেৰে দৰমিয়া – নয়নমণি হালৈ
ৰাস্তাত যেন জুই জ্বলিছে, কিন্তু তাতোকৈ বেছি জুই জ্বলিছে পেটত৷ জালুকবাৰীৰ পৰা চান্দমাৰীৰ ফালে গৈছিলো কিবা এটা কামত, কাম শেষ হোৱালৈ পেটত জুই জ্বলিল৷ জুলাই মাহৰ দুপৰীয়া, তাতে মাহৰ শেষ| বাবলু আৰু মোৰ পকেট জাৰি-জোকাৰি কিবাকৈ চিটিবাছৰ ভাড়াটোহে ওলাল৷ এসাজ ভাত এতিয়া দুঃস্বপ্নৰ দৰে৷ মাহৰ আৰম্ভণিতে ঘৰৰ পৰা পইছা আহে, সেইকেইটা দিনত গোটেই গুৱাহাটীখনত আমাৰ অখণ্ড প্ৰতাপ৷ পাৰ্ক, ৰেষ্টুৰেণ্ট, চিনেমা, পাণদোকান সকলোতে আমাৰ অবাধ ৰাজত্ব৷ ক্লাছলৈ বুলি ওলাই আহি বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত পোলাও মাংসৰে ৰাজসিক ভোজন কৰো, তাৰপিছত চিগাৰেটেৰে মুখশুদ্ধি!
Read more