সংখ্যাটোৰ আঁৰত– ৰূপাংকৰ চৌধুৰী
সেইয়া ২০১৭ চনৰ প্ৰথম ভাগৰ কথা। ফেচবুকৰ কেইজনমান সক্ৰিয় সদস্যৰ মাজত এটি শব্দ শুনিবলৈ পাওঁ- ‘ফটাঢোল’। অলপ খা-খবৰ কৰি গম পালোঁ এইটো এটি হাঁহি-ধেমালিৰে কথা-বতৰা কৰি ভাল পোৱা কেইজন মান সক্ৰিয় ফেচবুকাৰে মিলি জন্ম দিয়া এটি ফেচবুক গ্ৰুপ। দুদিন মান পিছত ফেচবুকৰ ভন্টি এজনীয়ে মোক এই গ্ৰুপটোত সোমাই দিলে। সদস্যসকলে ইজনে-সিজনক ‘টাৰ্গেট’ কৰি ব্যংগাত্মক পোষ্ট দিয়া-মেলা চলি থাকে। বহু ক্ষেত্ৰত পোষ্টতকৈ মন্তব্যসমূহ বেছি আকৰ্ষণীয় হয়। আমিও দুই-এক তেনেকুৱা পোষ্টত ভাগ লওঁ। তেতিয়া ‘ফটাঢোল’ৰ সদস্য সংখ্যা আছিল মাথোঁ ২০০০জন। ২১,৪৯৪ –
Read more