সংখ্যাটোৰ আঁৰৰ কথা – গীতিকা শইকীয়া
সংখ্যাটোৰ আঁৰৰ কথা ”ফটাঢোল ”ৰ ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ সমান যোগ্যতা যে নাই সেয়া মোৰ বাৰুকৈয়ে জ্ঞাত। সেয়েহে ডিচেম্বৰৰ মাজভাগত প্ৰশাসকসকলৰ এজন ৰিণ্টুমণি দত্তই মোক আলোচনীখনৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যাটোৰ সম্পাদনাৰ গুৰু দায়িত্ব ল’ব লাগিব বুলি জনোৱাত অলপমান থতমতেই খালো। সাহিত্যৰ ক্ষেত্ৰখনত মই আচলতে ন-শিকাৰু। শিকিবলৈহে চেষ্টা চলাই আছো। গোটত প্ৰতিভাৱান লিখক-লিখিকা বহুত আছে। তেওঁলোকৰ লিখাৰ গুণগত মানদণ্ড বহু উন্নত। তাৰ লগতে অসমৰ সাহিত্য ক্ষেত্ৰৰ ভালেকেইজন পুৰোধা ব্যক্তিয়েই এই আলোচনীখনত তেওঁলোকৰ লিখনি দি থাকে। তেনে অৱস্থাত এয়া মোৰ বাবে ভয় খোৱাৰে
Read more