ফটাঢোল

ফটহুৰ আত্মজীৱনী – অভিজিত কলিতা

নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয় আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷ হয়নে নহয়? মই যিদিনাৰ পৰাই আপোনালোকৰ এই ফে’চবুক গ্ৰুপত ভৰি দিছোঁ, সেইদিনাৰ পৰাই আপোনালোকৰ জয়জয় ময়ময় হৈছে৷ এইকথা আপোনালোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু মই জানো৷ আচলতে এই ফটহুৰ ’মিডাচ টাচ্চ’ৰ কামালয়েই সকলো৷ আপোনালোকৰ বহুতে ভাবে, ফটহু ৰিতুপৰ্ণ বৰাৰ মানসপুত্ৰ, তেৱেঁ মোক সৃষ্টি কৰিছে৷ অ’ হেল’উ!

Read more

হাউচ ৱাইফৰ বিলৈ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

নুশুনি নগমি এদিন ভাবিলো চৰু নধৰো আজি “বুঢ়া বুঢ়ীৰ সাধুলৈ” মনত পেলাই থাকিলো পেচ পাতি। “দিনৰ দিনটো কি কৰি থাকানো একো কামেই নাই দেখোন” টিভি চাই মোবাইল টিপি টিপি দিনটো কটোৱা মাথো। চাৰ্টটোও আজি ইষ্ট্ৰি কৰি নথ’লা বুটামটোও নথ’লা লগাই- শাকখিনি আনিলো তাকো লেৰেলালা নিসিজিল ভালকৈ হ’বপায়! গৰু গাইৰ আজিকালি একোৱেই লেঠা নাই নাই ঢেঁকী উৰাল, তাৰ মাজতো তোমালোকৰ কামবোৰৰ নাপাৱেই একো উমান! ওফাইদাং মাৰি ময়ো দিলো উত্তৰ আজিৰ নাৰী কিন্তু নহয় অবলা ঘৰত বহিয়েই দেশ দেশান্তৰৰ উলিয়াব জানে বতৰা।

Read more

লাংখুন ফূজা – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

নিয়ৰৰ ৰূপোৱালী আঁচলত ধৰি আকৌ আহিল হেঁপাহৰ শৰত৷শৰত মানেই উৎসৱৰ বৰ্ণময় মেলা ৷ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে আমাৰ অসমতো প্ৰাচীন কালৰেপৰাই বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰাৰ নিয়ম চলি আহিছে৷ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ৷ চুকে-কোণে দেৱী দশভূজাৰ বন্দনাৰ ঢাক-ঢোলৰ লগতে লক্ষ্মী পূজা,দীপাৱলী,কাতি বিহুৰ প্ৰস্তুতি চলিছে৷ বুৰঞ্জীয়ে ঢুকি পোৱা কালৰ বহু আগৰেপৰাই অসমত নানা জাতি-জনজাতিয়ে বাস কৰি আহিছে৷ অসমৰ এটা অন্যতম জনজাতি “তিৱা জনজাতি”৷ বৈচিত্ৰ্যময় সমাজ-সংস্কৃতিৰ অধিকাৰী তিৱাসকল বিভিন্ন আচাৰ-অনুষ্ঠান,লোক-উৎসৱ,পাৰম্পৰিক ফূজা ( পূজা) আদিৰে প্ৰচুৰ চহকী৷ পৃথিৱীৰ পৰা অপায়-অমংগল, দুখ-দুৰ্দশা দূৰ কৰি এখন

Read more

সাহিত্যত হাস্যৰস – ড° পৰেশ চন্দ্ৰ দত্ত

হাস্যৰস মূৰ্ত্তিমান হয় হাঁহিৰ মাজেদি ৷ এই হাঁহিয়েই মানৱ জীৱনক মহীয়ান কৰি তোলে ৷ সেয়েহে স্বনামধন্য শিল্পী, সাহিত্যিক আৰু ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰী দেৱে হয়তো কৈছিল “জীৱনক জুখিবা হাঁহিৰে ৷” হাঁহিক কেন্দ্ৰ কৰি সৃ্ষ্টি হোৱা অগণন প্ৰৱচনেৰে অসমীয়া লোকসাহিত্য সমৃদ্ধিশালী হৈ আছে ৷ যেনে — “হাঁহিয়েই বিঘিনি, পাদেই লখিমী” , “হাঁহিৰ মিচিক, পাদৰ ফিচিক” নাইবা লোকগীতত থকাৰ দৰে — “নৈৰে লেতেৰা খবুৱা খুবলি ভোগদৈৰ লেতেৰা পানী, ছোৱালীৰ লেতেৰা বিজুলী চকুৱা, মুখত মিচিকিয়া হাঁহি ৷” হাঁহিক লৈ সৃৃষ্টি হোৱা এনেকুৱা প্ৰৱচন সমূহৰ

Read more

অথ: দণ্ডধৰ – কুসুমাঞ্জলি শৰ্মা

(১) পটভূমি আৰম্ভ হব আজিৰ পৰা পয়সষ্ঠি বছৰমান আগৰ৷ আমাৰ চুবুৰীয়া এজন আছিল৷ নাম দণ্ডধৰ৷ ল’ৰাকালিত দণ্ডধৰ বৰ এলেহুৱা ল’ৰা আছিল৷ আমাৰ দেউতা-খুৰাৰ লগত চাৰি কিলোমিটাৰ দূৰৈৰ স্কুললৈ অহা যোৱা কৰে৷ গধূলিতে পঢ়া টেবুলত লেম এটা জ্বলাই পঢ়াত বহে৷ পিছে চাম ঢলে, দণ্ডধৰ ঢলে৷ পঢ়াৰ নামত কবিতা মুখস্থ কৰে৷ মাকে ভাত-পানী ৰান্ধি থকাৰ পৰাই শুনি থাকে৷ দণ্ড: -এটুকুৰা মঙহ লৈ পৰম হৰিষ হৈ কাক আহি পৰিল ডালত৷ খাবনে ৰাখি থব——– মা চিঞৰি): -বাপা, মাতবোল নাই দেখোন! দণ্ড: – হে এটুকুৰা

Read more

আপদীয়া পদ্য – বিস্মিতা শৰ্মা

(১) জোৰ যাৰ মুলুক তাৰ বান্দৰেও পিন্ধে মুকুতাৰ হাৰ সাধাৰন জনতাৰ হাহাকাৰ চৰকাৰী কৰে দিছে মূৰত মাধমাৰ দিব নোৱাৰাৰ টেটুলৈকে ধাৰ ৷ (২) দেখাক দেখি উদক থয় ভেটা ৰখীয়া পাতি পৰক চপাই আনি বৰ ঘৰত দিয়ে পীৰা পাৰি বানপানী গৰাখহনীয়াই মাৰে খেতি তাৰ পিছতো বিদেশীক গতাব লৈছে মাটি ভেটি এনেকৈয়ে নিঃশেষ হ’বগৈ এটা বীৰৰ জাতি ৷ (৩) ম’বাইল টিপি ডিজিটেল প্ৰেমত হাবাথুৰি ডেকা কি গাভৰু, বাদ পৰা নাই আনকি খুড়া খুড়ী লাইক কমেন্টৰে হয় চেলিব্ৰেটি অনলাইন বিছাৰে বিয়াৰ পাত্ৰ পাত্ৰী

Read more

ভিনিহি পুৰাণ – বন্দিতা গগৈ বৰা

আজি এজন সমন্ধীয় ভিনিহিৰ বিষয়ে কবলৈ লৈছো।সদাহাস্যমুখ এই ভিনদেউজন বিয়াৰ আগৰেপৰা অৰুণাচলত চাকৰি কৰিছিল।ভিনিহিৰ বাইদেউৰ লগত বহুদিনীয়া প্ৰেম। কলেজত পঢ়িথকা দিনৰপৰাই প্ৰেম দুয়োৰে।যাহওঁক সময়ত দুয়োঘৰৰ সন্মতিত বিয়াঠিক হ’ল।বিয়ালৈ আৰু এমাহ আছে এনেতে অৰণাচলতে ,ভিনিহি থকা ঠাইৰপৰা বেলেগ এখন ঠাইতথকা বাইদেউৰ খুৰাক খুৰীয়েক ভিনদেউক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ যোৱাটো ঠিক কৰিলে।বোলে হ’ব লগীয়া জোৱাঁইক এবাৰ ওচৰৰ পৰা চাই লওঁ।সেইদিনত মোবাইল নাছিল।আৰু লেণ্ডফোনৰ ব্যৱস্থাও তথৈবৈছ আছিল,ফলস্বৰূপে খুৰাক-খুৰীয়েক যাবলৈ মন কৰা কথাটো আগতীয়াকৈ জনাব পৰা হোৱাগৈ নহ’ল।দিনটো আছিল দেওবাৰ।বৰলা ভিনিহি কোৱাৰ্টাৰত এজন সহায়কাৰী

Read more

অংক মাষ্টৰৰ বিলৈ – প্ৰতিভূ দত্ত

অংক মাষ্টৰ মানে শ্ৰীমান দত্তৰ কথাকে ক’ব খুজিছো৷ যোৱা দেওবাৰৰ কথা৷ ঘৰত অকলে আছিল৷ ভাবিলে অকণমান ঘৰৰ কামকে কৰা যাওক৷ কি কৰিব কি নকৰিব ভাবি থাকোতে চকুত পৰিল ৱাশ্বিং মেচিনটো। “ঔকে! কাপোৰকে ধুই দিওঁ৷ কামো হৈ যাব, শ্ৰীমতীও খুছ্! “ নিজৰেই কেইবাটাও টি-ছাৰ্ট বিচাৰি আনি ধুবলৈ সাজু হ’ল৷ প্ৰথমে ৱাশ্বিং মেচিনত থকা নিৰ্দেশনাখিনি পঢ়িলে৷ তাৰ পাছত মেছিনটোত পানী ভৰাবলৈ ধৰিলে৷ তাৰ পাছত টি-ছাৰ্টবোৰৰ কলাৰৰ ওচৰত থকা বগা অকণমানি টেগটোত থকা নিৰ্দেশনাখিনি পঢ়িলে৷ “আৰে এইটো আকৌ কি কাৰবাৰ!“  নিৰ্দেশনা পঢ়ি আচৰিত হ’ল

Read more

অফিচে ঘৰে বাহিৰে – ভাস্কৰ জ্যোতি দাস

(খণ্ড-১) ডাবুলি ২০০৯ চনৰ লোকসভাৰ নিৰ্বাচন৷ Manpower Management Cell ৰ দায়িত্ব কিছু অমুকাৰ হাতত৷ ইলেকশ্যনৰ ডিউটি কৰিবলৈ মানুহৰ যোগাৰ কৰিব লাগে৷ প্ৰথম পৰ্যায়ৰ ট্ৰেইনিঙৰ বাবে মানুহলৈ চিঠিবোৰ গ’ল৷ তাৰ পাছত অমুকৰ অসুখ, কিডনীৰ সমস্যা, মানুহজনীৰ অপাৰেশ্যন, চকুৰে মণিবলৈ দিগদাৰ-অপাৰেশ্যন যোৱা মাহত হৈ গৈছে… ইত্যাদিবোৰ শুনি থকাৰ ফেজ এটা আহে৷ তাৰ মাজতে ঘটা ঘটনা এইটো৷ সময় চাৰিমান বাজিছে৷ মানুহ এজন আহিছে সোমাই৷ বাওঁহাতত এটা কাপোৰৰ টোপোলা৷ দেখাতেই গঞা ৰাইজৰ অনুষ্ঠান৷ সোঁহাতত থকা কাগজখন দেখি বুজিলো যে এইজনায়ো সমস্যা এভাগ লৈ আহিছে৷

Read more

উৰাবাতৰি – বিকাশ শইকীয়া

আকাশবাণী কেন্দ্ৰ, ফটা-ঢোল৷ -৩৩১.১ মিটাৰত এইয়া উৰা বাতৰি পঢ়িছোঁ যোগ-বিয়োগ শইকীয়াই৷ আজিৰ প্ৰধান বাতৰি সমূহ হ’ল… >>>> কালি ৰাতি জিলাৰ প্ৰধান অগ্নি নিবাৰ্পক বাহিনীৰ কাৰ্য্যালয়ৰ চৌহদত অগ্নি সংযোগ হৈ কেইবাখনো অগ্নিনিৰ্বাপক যান জুইত জাহ যায়৷ মাজৰাতি ফেইচবুক কৰি থকা স্থানীয় লোকে জুই দেখি হুৱা-দুৱা লগাই৷ লগে লগে বহু লোকৰ সমাগম হয় আৰু বহু চেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়৷ কিছুসংখ্যকে জুইৰ লগত চেল্ফী তুলি লগে লগে ফেইচবুকত আপল’ড কৰে৷ অগ্নি নিৰ্বাপক বাহিনীৰ মু্খ্য সচিবে ঘৰত ফেইচবুক কৰি থাকোঁতে ফেইচবুকৰ জৰিয়তে

Read more
1 17 18 19 20 21 42