এল অ’ এল (lol) — মনিষা কাকতি
সেইসময়ৰ কথা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ একেটা বিষয়কে মেজৰ বিষয় হিচাপে লৈ মই আৰু মোৰ বেষ্টী (Bestie) পুনৰ একেখন কলেজতে স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰিলো। কাজেই কলেজত আমি একো নতুনত্ব বিচাৰি পোৱা নাছিলো – একেই কলেজ, একেই শ্ৰেণীকোঠা, একেই কেন্টিন, একেই ল’ৰাজাক। কলেজৰ পৃথিৱীখন অকল আমাৰ দুয়োজনীৰ মাজতে সীমাৱদ্ধ হৈ আছিল। দুয়োজনী একেলগে আহোঁ, একেলগে খাওঁ, একেলগে ক্লাছ কৰোঁ, একেলগে থাকো, একেলগে লেকচাৰ মাৰো আৰু শেষত একেলগে কলেজৰপৰা ঘৰলৈ বুলি ওলাও। আমাৰ দৈনিক ৰুটিনখন ঠিক এনেকুৱাই আছিল সেইসময়ত। আগবঢ়াৰ
Read more