ফটাঢোল

দাদাৰ কনফিদেন্স – বৈদুৰ্য বৰুৱা

কিছুমান সৰু কথা কেতিয়াবা জীৱনলৈ মনত ৰৈ যায়৷ কিছুমানে হয়তো এনেকুৱা কথাত একো ৰস নাপাব৷ সকলো লোকৰে ৰস স্বাদনৰ অনুভূতি বোৰ বেলেগ বেলেগ৷ আটাইতকৈ লাজ লাগি যোৱা কথাটো হ’ল ধৰক আপুনি কাৰোবাক এটা ৰস লগা কথা কৈ আছে; আপুনি নিশ্চিত যে আপোনাৰ এই কথাটোত ব্যক্তি গৰাকীয়ে বা কেইজনে ৰস পাবই৷ কিন্তু আপোনাৰ কথাও শেষ হ’ল শ্ৰোতাজনে আপোনালৈ প্ৰশ্নবোধক দৃষ্টি এটাৰে চাই সুধিলে “ তাৰ পাছত? “..! অথবা মিচিকিয়া হাঁহি এটা মাৰি থৈ দিলে! তেতিয়া আপোনাৰ লগে লগে অনুভৱ এটা অনুভৱ

Read more

ফটাঢোল- চিদানন্দ বৰা

ফটা-ঢোলৰ গৰজনিত মেদিনী কম্পমান উচাহতে হিঁয়াই নাচে জুৰি ঐক্যতান। সৰু বৰ মিলি সবে খজুঁৱতি মাৰে ছেগ পালেই সকলোৱে উভতি কামোৰে। কেনে যে বিচিত্ৰ এই ঢোলৰ চাপৰি ডেকা বুঢ়া নাচে সবে বাগৰি বাগৰি। আছে মহা ধুৰন্ধৰ ওজাৰো মহা ওজা লগতে নাচনী আছে বতাহতে উৰা। যন্ত্ৰৱৎ জীৱনৰ ই বিশল্যকৰণী জীৱনী শক্তি ই মহাসঞ্জিৱনী। হাঁহিতে বাজে বাঁহী অমিয়া সুৰত পৰাণ জুৰাই জীৱেমানৱী সঙ্গত। এধানি সুখতে যদি পাওঁ কিবা আন আৰু কিয় লাগে বাৰু আন-বান-সান(খিক)। সতীৰ্থ লাগে কিয় জীৱন পথত বুজিবলৈ বজোৱা ঢোল আমাৰ

Read more

’ফেক’-অলকেশ ভাগৱতী

কৰ্মব্যস্ততাৰ বাবে মোৰ এজন বন্ধুৰ ফেচবুক একাউণ্ট নাছিল৷ দুসপ্তাহমান আগতেহে একাউণ্ট খুলিছে৷ কালি সন্ধিয়া একেলগে বহি থাকোতে দুপেগমান খোৱাৰ পিছত সি লাজ লাজকৈ ক’লে – “ফেচবুক আচলতে ভালেই বস্তু বে৷ মই আগতেই খুলিব লাগিছিল৷ নতুন জগত এখনত সোমোৱা যেন লাগিছে৷ বহুত নতুন নতুন বন্ধু হৈছে৷ কিন্তু এটা কথা আচৰিত লাগিছে যে মোলৈ বহু অচিনাকি ছোৱালীয়ে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাই আছে৷ “ কথাষাৰ শুনি তালৈ পুতৌ উপজিল৷ বেচেৰা, নতুন নতুন সোমাইছে৷ ফেচবুকৰ জটিলতাবোৰ এতিয়াই বুজি পোৱা হোৱা নাই৷ নতুন পেগটো বাকী লৈ

Read more

যাজ্ঞবল্ক্য – ভূমিকম্প

আজি পুৰা দুইবছৰ হৈ গ’ল এইটো ঘটনাৰ৷ কিন্তু বিহাৰৰ বচৱৰীয়া (বানান বসৱৰিয়া) গাঁৱত মোক এতিয়াও বেওৰা বুলিয়েই জানে৷ জানে মানে ভালকৈ মনতো ৰাখিছে৷ ইয়াৰ পৰা গৈ থকা মানুহক খবৰো লয় “ৱ বেওৰা জিন্দা হ্যায় কে মৰ গয়া? “ মানুহে ভবা ধৰণৰ মই তাত খোৱাই নাছিলো কিন্তু তেউ নাম থাকি গ’ল৷ দুইবছৰ আগতেই এনেকুৱা সময়তে পাৰিবাৰিক বন্ধু পৰিয়াল এটাৰ বিয়া খাবলৈ গৈ সেইখন গাঁৱত ২০দিনমান কটাইছিলো৷ একেবাৰে ভিতৰুৱা ঠাই৷ নিয়ম নীতি বোৰো পৌৰাণিক৷ যিটো পৰিয়ালৰ আলহী হৈ গৈছিলো সেইটো পৰিয়াল জিলাখনৰ

Read more

আত্মা-নুসন্ধান- অভিজিত কলিতা

মানৱ সভ্যতাৰ আদিযুগৰে পৰা, কেতিয়াও মানুহৰ পিছ নেৰা এটা প্ৰশ্ন হ’ল- এই নিৰন্তৰ জন্ম মৃত্যুৰ ৰহ্স্য। ক’ৰ পৰা আহো আমি, কিয় আহো এই পৃথিৱীলৈ, মৃত্যু কি? কি আছে এই কুলিকাময় মৃত্যুৰ সিপাৰে? সঁচাকে কৰবাত আছেনে স্বৰ্গ, আছেনে নৰক? মৃত্যুৰ পাছত আমি আমাৰ পাপ খণ্ডাবলৈ সঁচাকৈয়ে বাৰে বাৰে বিভিন্ন ৰূপত ঘুৰি আহোনেকি? ইত্যাদি ইত্যদি। আৰু মানুহে জনা হোৱাৰ পৰাই এই প্ৰশ্নৰ উত্তৰ বিছাৰি আহিছে। কোনোবাই শাস্ত্ৰ পঢ়িছে, ধ্যান-তপস্যা কৰিছে, কোনোবাই বৈজ্ঞানিক উপায়েৰে পৰীক্ষা নিৰীক্ষা কৰিছে। পিছে কোনেও একেবাৰে খাটাংকৈ কথাটো কৈ

Read more

উচ্চাৰণ বিভ্ৰাট- মিতালী বৰ্মন

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷ মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত এতিয়ালৈ মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে শুভেচ্ছাৰ আদান-প্ৰদানো চলে৷ ২০১০ চনৰ নবেম্বৰ মাহৰ কথা৷ দীপাৱলীৰ বতৰ৷ ফোনটো অনবৰত বাজিয়েই আছে৷ দীপাৱলীৰ শুভেচ্ছা জনাবলৈ কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ দিছে ইত্যাদি ইত্যাদি৷ তেনেতে মেছেজ এটা আহিল ইন্দ্ৰজিতৰ পৰা৷ ইংৰাজী ভাষাত লিখা দীপাৱলীৰ শুভেচ্ছা-বাৰ্তা এটা৷ মেছেজটো পঢ়ি উঠি শেষত দেখিলোঁ, “উইথ ৰিগাৰ্ডচ—– বব্বী৷

Read more

লিমাৰিক – হেমেন ডেকা

১) বন্ধ-প্রদেশৰ আমি অতি আলসুৱা প্রজা খাই ভাল পাওঁ খাৰ-টেঙা আৰু বাঁহৰ গজা ৰসত মজি কীৰ্ত্তন গাওঁ নিজকে প্রায়ে পাহৰি যাওঁ আন্দোলন-ধৰ্মঘট কৰি হ’ব খোজো ৰাইজৰ ৰজা৷ ৷ ২) কাম আং বাং, কথা বেবেৰিবাং ঠোঙাৰ নিচাত সৰ্বস্ব খাস্তাং দেহাটো ভালুকৰ সাঙী দিনে-নিশাই আছে পাঙি চাকৰি কৰা আপী আনিব, খাটাং৷ ৷■■

Read more

ডিজিটেল ইণ্ডিয়া – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

(১) –কওকচোন বাৰু আপোনাৰ ই-মেইল আইডি টো, মই এবাৰ চেক কৰি কৰি চাঁও বিলখন কিয় নাপায় আপুনি৷ কেচ কাউণ্টাৰত বহি থকা ছোৱালীজনীয়ে কলে মানুহজনক৷ –আমাৰ ফালৰ পৰা ৰেগুলাৰ পঠিয়াই আছো আপোনাৰ বিল, মেইলবক্স ভৰ্তি নাথাকিলে সেইখন নোপোৱাৰ কথাই নাই৷ –মই সিগলা নাজনো, মই বিল প নাই আৰু বিল নেদাকে আপনালোকে মোৰ ফোনোৰ আউটগয়িং কাটছি৷ খঙত অতিষ্ঠ হৈ থকা মানুহজনে ক’লে৷ –মেইল আইডিটো এবাৰ কওকচোন কিবা ভুল হৈ থাকিব পাৰে, ছোৱালীজনীৰ কথাত মানুহজন অলপ ক্ষান্ত হোৱা যেন লাগিল৷ –লেখোক মোৰ মেল

Read more

লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১) সদায় চিন্তা কৰে লগ হৈ পত্নী আৰু পতি কেনেকৈনো ভাল কৰা যায় পুতেকৰ মতি গতি টেটুলৈকে মদ খায় হেৰুৱাবলৈ আৰু একো নাই ঘৈণীয়েককো হেৰুৱালে কৰি লটিঘটি৷ ৷ ২) চাকৰি বিচাৰোতেই মহানন্দৰ এক বয়স গ’ল বিয়াৰ কথা চিন্তা কৰিবলৈ তাৰ সময়েই নহ’ল ভুকুতে কল নপকে বুলি সিও জানে চাকৰি এটা লাগেই তাক যেনে তেনে নহ’লে তাৰ বাবে সংসাৰ পতাটোৱেই ডাঙৰ জঞ্জাল হ’ল৷ ৷ ৩) তিনিজনীকৈ চপাই লৈ বৰুৱাৰ সংসাৰত লাগিল কেণা তিনিওজনী তিনিটা পাৰ্টিৰ মেম্বাৰ বৰ বৰ নেতাৰ লগত লেনা

Read more

খতিয়ান – জ্যোতিৰূপম দত্ত

: হেৰা! শুনাচোন! সেলেঙি লগাই তামোলখন পাগুলি থাকোতেই পিছৰ পৰা চিনাকি মাত এটা শুনিলো৷ ৰত্ন খুড়া! হে প্ৰভু! আজি কাৰ মুখ চাই বাহিৰ ওলাইছিলো বাৰু? তথাপিও উপাই নাই, মাতষাৰ দিবই লাগিব৷ : অ’ অ’, খুড়াদেউ! ক’ৰ পৰা? বজাৰ কৰিলে নেকি? ৰত্ন খুড়াৰ হাতত প্ৰকাণ্ড বেগ এটা৷ : এইটো ধৰাচোন৷ মোক আজি ঘৰলৈ অলপ আগবঢ়াই দিব লাগিব৷ সিদিনালৈ মোৰ চাইকেলৰ কেৰিয়াৰত উঠি ফুৰা পেন্দুকণাটো আজি এশ চাব্বিছজনীয়া সভাখনৰ বিয়াগোম সদস্য হ’লগৈ৷ এয়াও মোৰ বাবে কম আনন্দৰ কথা নহয়৷ খুড়াই মৰাপাটৰ বজাৰ

Read more
1 3 4 5 6 7