ফটাঢোল

ফটাকবি খেতি – নীলাঞ্জনা মহন্ত

ফটাকবি খেতি – (অ’ ফুল অ’ ফুল কবিতাটিৰ আধাৰত) ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ অ’ ঢোল অ’ ঢোল নাবাজ কিয়? ঢুলীয়াইযে চেও নিদিয়ে মইনো বাজিম কিয়? অ’ ঢুলীয়া অ’ ঢুলীয়া চেও নিদিয় কিয় নাচনীৰ যে খবৰেই নাই মইনো বজাম কিয়৷ অ’ নাচনী অ’ নাচনী খবৰ খাতি নাই কিয়? পপাই যে নঙলামুখত ৰৈ আছে মই বা ওলাই আহিম কিয়৷ অ’ পপা অ’ পপা আজি নঙলামুখত কিয়? হকাৰে যে পেপাৰ দিয়া নাই মইবা নৰ’ম কিয় অ’ হকাৰ অ’ হকাৰ পেপাৰ নিদিয়কিয়? হাততে মবাইলটো আছে নিউজ পঢ়ি

Read more

গুড নাইট – প্ৰতিভূ দত্ত

প্ৰত্যেক সন্ধিয়া শ্ৰীমান দত্তই অফিছৰ পৰা উভতিবৰ সময়ত মোবাইলৰ মেচেজ বক্সৰ এটা বিশেষ sms চাই লয়৷ তাত যদি লিখা থাকে ’rice’ বা ’dali’ বা ’m. oil’ শ্ৰীমান দত্তই বুজি পায় যে ঘৰ গৈ সোনকালে পাব লাগিব৷ নহ’লে চাউল বা দাইল বা মিঠাতেলৰ অভাবৰ বাবে ঘৰৰ চৰু বন্ধ অৱস্থাত থাকিব৷ আনহাতে যদি তাত লিখা থাকে ’biscuits’ বা ’tiffin karone kiba’ শ্ৰীমান দত্তই বুজি পায় যে সেইখিনি বস্তু পাছদিনা পুৱাৰ বাবে লাগিব৷ গতিকে আড্ডা মাৰি লাহে ধীৰে ঘৰলৈ উভতিলেও অসুবিধা নাথাকিব৷ এই

Read more

ফটাস্মৃতি – বিজয় মহন্ত

১) প্ৰতিজন মানুহৰ জীৱনত কিছু ৰসাল ঘটনা থাকে, যাৰ স্মৃতিয়ে আপোনাক আজীৱন হহুৱাই থাকে৷ আজি মই মোৰ ৰসাল স্মৃতি এটা আপোনালোকলৈ আগবঢ়াইছো৷ কলেজত পঢ়ি থকা দিনৰে কথা৷ গধূলি সময়খিনি কৰিবলৈ একো নাথাকে বাবে ওচৰৰে পান দোকান এখনত আড্ডা দি কটাও৷ মনটোত কিবা এটা সমাজখনৰ বাবে কৰাৰ তীব্ৰ হেঁপাহ৷ সেয়ে পান দোকানত বহি বহি যদি কেতিয়াবা গাৱৰ যুৱ সংঘৰ পৰা আঞ্চলিক ভিত্তিত যুৱ-সমাৰোহ পতাৰ কথা আলোচনা কৰি তাক সফল ৰূপ দিছো কেতিয়াবা কাৰ ঘৰৰ ছোৱালীজনী ধুনীয়া হৈছে তাকো আলোচনা কৰিছো৷ তেনেকৈ

Read more

বিক্ৰীৰ বাবে বৰুৱাৰ বৌদ্ধিক বিচাৰ – ভাস্কৰ জ্যোতি বৰুৱা

দৃশ্য এক : গানটো কি ফাল্টু! – ক্লায়েণ্ট এক৷ : হয়, সংস্কৃতিৰ পথাৰত এইবোৰ অপতৃণ – বৰুৱা৷ : প্ৰতিবাদ হ’ব লাগে৷ : হয় ছাৰ, যথাৰ্থ ভাবেই এফ বিত চৰ্চা হৈছে৷ : ঠিক কৈছে, ক’ত চাইন কৰিম৷ : ইয়াত ইয়াত ছাৰ৷ দৃশ্য দুই : ফেইচ বুকত এনে গানৰ আলোচনা হোৱাটো কিন্তু ভাল হোৱা নাই৷ কি কয় বৰুৱা? – ক্লায়েণ্ট দুই : হয় ছাৰ, নিগেটিভ পাব্লিছিটিহে পাব৷ কথাই পাতিব নালাগে এইবোৰৰ৷ দৃশ্য তিনি : গালেই যেনিবা কি মহাভাৰতখন অশুদ্ধ হ’লনো, কি কয়

Read more

মাহ লাইফ মাহ ৰুলজ্ -দেৱাংগ পল্লৱ শইকীয়া

টাউনৰ পৰা নাতিনীয়েকে আহি ককাকক দেউতাকে দিয়া নতুন স্মাৰ্টফোনটোত নেটপেক এটা ভৰাই ককাকৰ ফেচবুক একাউণ্ট এটা খুলি দিলে আৰু হোৱাটছএপটোও চালু কৰি দিলে! : এতিয়াৰে পৰা তুমি আমাৰ ফটোবোৰ চাই থাকিব পাৰিবা৷ এইটো পাপা চোৱা৷ ইয়াতে এনেকে এবাৰ চুই দিলে এনেকুৱা হ’ব আৰু ইয়াতে তুমি পাপালৈ, মোলৈ, মালৈ কিবা লিখিবা৷ ফটো কেনেকে দিয়ে শিকাম৷ এইয়া চোৱা মোৰ নম্বৰটোত এনেকে চুই দিলেই এনেকে ওলাব …! লিখা এতিয়া কিবা! ককাকে হোৱাটছএপত নাতিনীৰ ফটোৰ তলতে লিখি থোৱা ষ্টেটাছ দেখিলে! : এইটো কি লিখি

Read more

পেপে-কেলেকেলীৰ সংসাৰ – অমিতাভ মহন্ত

আজি ৰবিবাৰ। ৰমেন বাবুৰ আজি ছুটি। অলপ পলমকৈ উঠিব বুলি ভাবিছিল। পিছে  পুৱাই পুৱাই নোদোকা মহ কেইটাৰ উপদ্ৰবত সোনকালে উঠিবলৈ বাধ্য হ’ল। ফলস্বৰূপে ৰমেন বাবু এতিয়া আগফালৰ বাৰাণ্ডাৰ চোফাখনত বহি  দেওবৰীয়া সম্ভাৰখনত চকু ফুৰাই আছে। এইফালে ৰমেন বাবুৰ পৰিবাৰ স্মিতা দেওবৰীয়া স্পেচিয়েল ব্ৰেকফাষ্ট তৈয়াৰ কৰাত ব্যস্ত। কামৰ মাজে মাজে ল’ৰা-ছোৱালী দুটাক টোপনিৰ পৰা উঠিবলৈ চিঞৰি আছে। সেই দুটা এনেয়ে টোপনি মৰাত ভাল। তাতে আজি আকৌ ৰবিবাৰ। কেতিয়া উঠে ঠিক নাই। কেতিয়াবা সন্দেহেই হয় এই দুটা নিজৰেই সন্তান নে কুম্ভকৰ্ণৰ। সকলোৰে

Read more

এতিয়া ক’লৈ যাওঁ – বিকাশ শইকীয়া

কলিকতাত থকা পাঁচ বছৰৰো বেছি হ’ল৷ তাতে একেটা ঘৰতে আছো৷ প্ৰথমে আহি এটা কোঠাত পোন্ধৰ দিন৷ আন এটা কোঠাত দুমাহ আৰু এটা ফ্লেটত এমাহ থাকিছিলো৷ মালিকৰ যি হে জ্বালা চিকিউৰিতি মানি এৰি আহিব লগা হৈছিল৷ গতিকে মই থকা ঠাইখিনিৰ হাৱা পানী আৰু মানুহৰ বৰ্ণনা কৰিবলৈ পালে ধুনীয়া এটা কালাম ছাৰৰ ভাষণ হৈ পৰে৷ সহকৰ্মী দুজনমানে তেনে ভাষণ শুনিছেও৷ বেলেগ এখন ৰাজ্যৰ এগৰাকী সুন্দৰী নতুনকৈ আহি আমাৰ সহকৰ্মী হ’ল৷ বিবাহিত বা অবিবাহিত সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ “দাতা কৰ্ণ“ হৈ আছে৷ আমুকাৰণো

Read more

দশা – কৃষ্ণা বৰা ফুকন

ৰাতিপুৱা ব্ৰাছ ডাল লৈ এনেই ঘৰৰ কাষে কাষে আগফাল পিছফাল কৰাটো মোৰ পুৰণা অভ্যাস৷ শ্ৰী মতীয়ে গালি পাৰে বোলে “সেই ডাল কামুৰি,  কামুৰি মুখৰ ফেন সোপা অ’ত পিকাই, ত’ত পিকাই ঘূৰি ফুৰাতকৈ যদি টাবৰ ফুল কেইডালকে খুচৰি দিলাহেঁতেন, মই ততেই পালোহেঁতেন৷ অ’ সেইবোৰ নাই…পুলুং পালাং, পুলুং-পালাং কৰি খালি আগফাল পিছফাল৷ “ মই বেয়া নাপাওঁ৷ আজিকালি এনেও ৰাতিপুৱা ৰেডিঅ’ শুনাৰ অভ্যাসটো নাইকিয়াই হ’ল৷ সেয়ে শ্ৰী মতীৰ এইখিনি প্ৰভাতী পখীৰ কলৰৱ বুলি হজম কৰি থওঁ৷ দিনটোলৈ মানে ফ্ৰেছ ফিল এটা আহে৷ আজিও ব্ৰাছডাল

Read more

প্ৰফাইল বিচাৰ – সম্পাদনা আৰু সঙ্কলন- অভিজিত কলিতা

আগতে কোৱা গৈছিল- “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”; কিন্তু আজিকালি এই বাক্যটো – “আপোনাৰ ফেচবুক প্ৰফাইলেই আপোনাৰ পৰিচয়”- বুলি ক’লেহে যথোপোযুক্ত হব বুলি ভাৱ হয়। চৰিত্ৰ বিচাৰৰ এই নব্য-ধাৰাৰ লগত সংগতি ৰাখি এই ফটাঢোলৰ পৃষ্ঠপোষক সকলে কম্পিউটাৰ প্ৰগ্ৰেমৰ জৰিয়তে ফে’চবুক প্ৰফাইল বিশ্লেষণৰ বাবে প্ৰচেষ্টা চলাই আহিছে। যি কোনো ব্যক্তিৰ ফেচবুক প্ৰফাইলৰ লিংকটো এই ছফটৱেৰে পোৱাৰ লগে লগে – সেইজনাৰ ইতিবৃত্ব, চৰিত্ৰ, স্বভাৱ, বেকগ্ৰাউণ্ড আদি সকলো ফটফটীয়াকৈ ওলিয়াই পেলায়। এই ছফটৱেৰৰ সহায়ত বিশ্লেষণ কৰে কেইটামান প্ৰফাইল বিচাৰ এই শিতানত সন্বিৱিষ্ট কৰা হৈছে।

Read more
1 4 5 6 7