ফটাঢোল

বৰলাৰ বিলৈ– ব্ৰহ্মানন্দ পাটিৰি

বৰলা সকলৰ বহু অলিখিত কাহিনী থাকে, এবাৰ এজন মহান বৰলাই ছোৱালী এজনী চালে৷ দেখাত ধুনীয়া। পচন্দ হ’ল। ঘৰৰ মানুহৰো পচন্দ। ফোন নাম্বাৰ ল’লে। পুৰা ৰিচাৰ্জো ভৰাই ল’লে। ৰাতি : -“জান শুনিছানে?” -“কোৱা।” -“খবৰ এটা দিওঁ৷ তোমাক বহুত পছন্দ হৈছে, মোৰ বৰ ভাল লাগিছে। আমাৰ বিয়া হ’ব৷ তোমাৰ কেনে লাগিছে?” -“ওমমম বহুত ভাল লাগিছে।” -“আজিৰ পৰা তুমি মোৰ আশা, কল্পনা, পুজা, আৰতি৷” -“ওম তুমিও মোৰ যোগেশ, নৰেশ, যাদব, খগেন, নগেন। -“কি??” -“নহয় তোমাৰ দৰে ময়ো নাম অলপ ল’লো। মনে মনে থাকিলা

Read more

কক্ষচ্যুত– দিম্পল কলিতা

মই মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিলো ৷ পিছে মাৰ্কশ্বিটখনৰ পয়ালগা নম্বৰকেইটাৰ দৰে পঢ়াত ইমানো বেয়া নাছিলো ৷ মধ্যমীয়া ধৰণৰ ছাত্ৰ বুলিয়ে ক’ব পাৰে ৷ হওঁতে গাঁৱৰ আটাইতকৈ নামজ্বলা স্কুলখনৰে ছাত্ৰ আছিলোঁ মই ৷ স্কুলখনৰ দশম শ্ৰেণীত দুটা শাখা আছিল, ক আৰু খ ৷ খ শাখাৰ শীৰ্ষৰ দহজনৰ ভিতৰতে মোৰ ৰোল নং পৰিছিল ৷ নাজানো কি হ’ল পৰীক্ষাত…লিখি থৈ অহাৰ দৰে মাৰ্কশ্বিটখন নাহিল ৷ অঘাইতং আছিলো যদিও স্কুলৰ প্ৰায়ভাগ ছাৰ-বাইদেউৰ মৰমৰ আছিলো ৷ ফলাফলৰ খবৰটোৱে তেওঁলোককো নিৰাশ কৰিছিল ৷ ৰিজাল্টৰ খবৰটো

Read more

অপৰাধী –বৰ্ণালী ফুকন

ৱাঙ চাঙমাই মিতালীৰ ঠিক পিছফালৰ বেঞ্চখনতে সদায় বহে। মাকুমৰ এটা চীনা পৰিয়ালৰ ল’ৰা সি। সৰুৰে পৰা একেলগে পঢ়িছিল যদিও তাক চতুৰ্থ শ্ৰেণীত থাকোতেহে দেখা মনত পৰে তাইৰ । তেতিয়া মিতাহঁত হিজুগুৰিৰ পৰা স্কুল আহ-যাহ কৰে। মাকে পেঞ্চিল কলম কিনিবলৈ দিয়া পইচাৰে বায়েক আৰু তাই লগ হৈ চানা বৰফ খাই পেলায়। ক্লাছত যিহেতু ৱাঙে কলম পেঞ্চিল দিবই গতিকে কিহৰ চিন্তা । পইচা হাতত পৰিলেই মোক খা মোক খা কৰি থকা বৰফ কেইটালৈহে মনত পৰে। ৱাঙ ঐ ল তোৰ পেঞ্চিল-ৰবৰ, স্কুল ছুটি

Read more

ফাত্ৰাভাষ – জ্যোতিৰূপম দত্ত

(১) – সৌ ফালে চা চোন!! সেই ল’ৰাটো, দেখিছনে? বৰ ধনী ঘৰৰ ল’ৰা৷ – পিন্ধা-উৰাত তেনেকুৱা নালাগে অৱশ্যে৷ চিনি পাৱ নেকি? – নাপাওঁ৷ – তেনেহলে কেনেকৈ গম পালি? – তাৰ মুখৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে৷ – ধেই!! মুখৰ গোন্ধৰ লগত ধনী-দুখীয়াৰ কি সম্পৰ্ক? বুজি নাপালো৷ – তাৰ মুখৰ পৰা পিয়াজৰ গোন্ধ ওলাইছে! আজিৰ দিনত এনেদৰে সোপাসোপে পিয়াজ খাবলৈ ধনী মানুহ হবই লাগিব!! (২) – মিস্তিৰি! আউৰ কিতনাজন হে? – দুই জন৷ ৰামপ্ৰসাদে ইগিংতেৰে মোক বাৰাণ্ডাৰ বেঞ্চখনতে বহিবলৈ কলে৷ চেলুনখনৰ

Read more

ইপাৰৰ কবিতা–নৱজিৎ বৈশ্য

আপুনি কথাৰ সিপাৰে উৰুৱাই ভাবনাৰ কুকুহা ইপাৰে আমাক পৰুৱাই পায় আপুনি কথাৰ সিপাৰে থাকে ধৰা হ’ক আপুনি কবি আপুনি মানুহ যোগ পোহৰ অথবা, মানুহ বিয়োগ আন্ধাৰৰ দৰে কিবা এটা… আপোনাৰ কথাৰ পেনৰোজীয় চিৰি বগাই মানুহ কাহানিবা উঠিব পাৰেনে আপোনাৰ আকাশী বাৰন্দালৈ য’ত বহি কৃতবিদ্য সমালোচকে পান কৰে লা-ওপালা আতিথ্য কেতিয়াবা ভাবো মানুহৰ বাবে আপুনি নিৰ্মাণ নকৰে কিয় শিলৰ এলানি সৰল চিৰি কথাৰ ইনডেলিবল্ ৰেখা খোদাই কৰাবলৈ আপোনাৰতো কাহানিও শিলৰ অভাৱ হোৱা নাই (তথাপি ভগা নৌকাত পাৰ কৰা ৰাধাৰ কিমান ভাৰ…)

Read more

দেতা – অসীমা শইকীয়া দত্ত

সৰুৰে পৰা মোৰ নামটো বৰ ভাল পোৱা নাছিলো। সৰুতে যিয়েই সুধে সিয়েই কয় সীমা ডাল ক’ত থলি। এই নামৰ সীমা বিবাদ মোৰ দেউতাৰ লগত বহুত দিনলৈকে চলিলে কি নাম থলে মোৰ। নামৰ ক্ষেত্ৰত দেউতাই যি দিলে তাকে পিন্ধি ললো আমি। দাদাৰো নামৰ মাজত দেউতাৰ ভক্তিত এলপিৰ পৰা মেট্ৰিকৰ সময়লৈকে নাৰায়ণ শুই আছিল।পিছত সি নামৰ মাজত শুই থকা অনন্ত শয্যাৰ নাৰায়ণক জগাই উঠাই শুদা নামটো ৰাখিলে। অলপতে ঘৰলৈ গৈছিলো। ফেৰীতে পালো মাজু বাৰ লগৰ এজনী। নাম বহুবল্কী।মোৰ চেহেৰাৰ বাৰ লগত মিল

Read more

বুদ্ধত্ব-প্ৰাপ্তি – চয়ন বৰদলৈ

হায়াৰ ছেকেণ্ডাৰীলৈকে অসমীয়া বিষয়টো পাঠ্যক্ৰম হিচাপে পঢ়িছিলো৷ তাৰ পিছত পাঠ্যক্ৰম হিচাপে অসমীয়াৰ লগত যোগাযোগ নাই। নম্বৰৰ তুলনাৰে নহয়, অসমীয়াত ইমান বেছি গাধা নাছিলো। বেলেগবোৰতকৈ ভাল ভাল নম্বৰেই পাইছিলো (যদিও পৰীক্ষাত পোৱা নম্বৰ উপেক্ষণীয় বিষয়)। তাৰ পিছত ‘লাইন’ বেলেগ হ’ল। মোৰ লগৰ কিছুমান মূলসুঁতিতে থাকি গ’ল আৰু অধ্যৱসায় আৰু একাগ্ৰতাৰ জড়িয়তে এতিয়া অসমীয়া সাহিত্যৰ বিভিন্ন দিশত বিশ্লেষণাত্মক গৱেষণা কৰিছে। কোনো কোনোজনে গল্প লিখিছে, কোনোৱে কবিতা লিখিছে। মই আজিকালি পঢ়ুৱৈ। কিছুমানৰ কবিতা বুজোঁ, বেছিভাগৰে নুবুজোঁ। নুবুজোঁ মানে কিছুমানৰ কবিতা দেখিলে পেটতে হাত-ভৰি

Read more

গল্পৰ দৰেই– অভিজিৎ মেধি

(১) টিউচনৰ পৰা অৱশেষত বৰুৱাহঁতৰ ঘৰলৈ দ্বিতীয়খন স্কুটী আহিল। আগতে এখন স্কুটী থকা সময়ত বৰুৱাই সেইখন লৈ অফিচলৈ যায়, তাৰ পৰা সন্ধিয়া লৰা-ঢপৰাকৈ আহি উশাহ নসলোৱাকৈয়ে জীয়েক সুজাতাক টিউচনলৈ অনা-নিয়া কামবিধ কৰে। ইপিনে দিনটোত ইফালে-সিফালে পটকৈ ওলাই যাবলগীয়া হ’লে ঘৰৰ বাকী মানুহবোৰে ৰিক্সা বা অটোৰ ভৰসাত থাকে। কিন্তু এতিয়া দ্বিতীয়খন স্কুটী কিনাৰে পৰা আৰু হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা পুতেক কৌশিকে সেইখন চলাবলৈ শিকি লোৱাৰে পৰা বহুত সুবিধা হৈছে। নতুন স্কুটীখন অহাৰ পিছত সন্ধিয়া ভনীয়েক সুজাতাক টিউচনৰ পৰা অনা-নিয়াৰ দায়িত্বটোও কৌশিকৰ

Read more

উপদেশ–লিপিকা কৌশিক

উপদেশ বোলা বস্তুটো কেনে লাগে বাৰু আপোনালোকৰ? মানে এইভাগ কাৰোবাক দি হয়তো ভালেই লাগে, কিন্তু ল’বলগীয়া হ’লেহে কেতিয়াবা অলপ গাটো অলপ বেজবেজাই নেকি? গা-মন বেজবেজাই নিয়াব পৰা উপদেশবোৰক দিওঁতা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভিন্নভাগত ভগাব পাৰি। এই ধৰি লওক, আপুনি চ’ৰাঘৰত বহি বাতৰি কাকতত চকু ফুৰাই পুৱাৰ চাহকাপত চুমুক দিব লৈছে, আমেৰিকাৰ ছিৰিয়া আক্ৰমণৰ ওপৰত পৰিবাৰক কিবা এষাৰ কৈছে। ঠিক তেনেতে ঘৰ মচি থকাৰ পৰা আপোনাৰ বন কৰা মানুহজনীয়ে টেপেৰাই মাত দিব, -“এহ্ আমৰিকাই মাৰা-মাৰিয়ে কৰি ফুৰে, আকো নাজনে

Read more

বিত শগুণ- দিগন্ত বৰুৱা

“হোঁ, খা।” কাঁহৰ বাটিটোত অনা ফিকা চাহবাটি কাঠৰ সৰু টেবুলখনত থৈ মা ভিতৰলৈ সোমাই গ’ল। কালি দোকানৰপৰা কেইবা পেকেটো বিস্কুট অনাইছিলো। নুখুলিলে চাগৈ! আটকত লাগে। ভিতৰুৱা গাওঁ। হঠাৎ আলহী-দুলহী আহিলে চাহকাপৰ লগত নাকটো বচাবলৈ বিস্কুট দুখনমান লাগে। প্লেটত থকা গুৰ দুডোখৰৰ এডোখৰ লৈ কামোৰ এটা মাৰোতেই ভিতৰৰ পৰা পুনৰ মাৰ মাত ভাহি আহিল। -“পুখুৰীৰ পাৰৰ ডাঁৰদালতে ধুতি-গামোচা থৈ আহিছোঁ। সোনকালে গৈ গাটো তিয়াই আহিবি।” বাকী থকা চাহখিনি একে শোহাই শেষ কৰি বাটিটো লৈ পাছ চোতালত থকা বাচন ধোৱা ঠাই পালোগৈ।

Read more
1 4 5 6 7